ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৩/০১ পৃষ্ঠা ২
  • পৰিচৰ্য্যা সভাৰ তালিকা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • পৰিচৰ্য্যা সভাৰ তালিকা
  • ২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • উপশীৰ্ষক
  • মাৰ্চ ১২ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
  • মাৰ্চ ১৯ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
  • মাৰ্চ ২৬ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
  • এপ্ৰিল ২ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৩/০১ পৃষ্ঠা ২

পৰিচৰ্য্যা সভাৰ তালিকা

মাৰ্চ ১২ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ১১২

১০ মি: স্থানীয় ঘোষণাসমূহ। আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ পৰা নিৰ্বাচিত ঘোষণাসমূহ।

১৫ মি: স্থানীয় আৱশ্যকসমূহ।

২০ মি: “এপ্ৰিল মাহ​—⁠‘কঠোৰ পৰিশ্ৰম আৰু যত্ন’ কৰাৰ সময়।” (১-​১৩ অনুচ্ছেদ) প্ৰিজাইডিং ওভাৰচিয়াৰে এই ভাগটো প্ৰস্তুত কৰিব। এপ্ৰিল মাহত আমি যি সম্পন্ন কৰিব বিচাৰিছোঁ তাৰ বিষয়ে এক উৎসাহপূৰ্ণ আলোচনা। এপ্ৰিল মাহত মণ্ডলীৰ প্ৰত্যেকজন ভাই-ভনীক প্ৰচাৰ কাৰ্য্যত পূৰ্ণৰূপে ভাগ লবলৈ উৎসাহিত কৰক।

গীত ১৪৭ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

মাৰ্চ ১৯ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ১৬৬

৮ মি: স্থানীয় ঘোষণাসমূহ। হিচাপ-লেখ ৰিপৰ্ট।

১৭ মি: ২০০১ চনৰ বাৰ্ষিক পুস্তক নামৰ কিতাপখনক ভালদৰে প্ৰয়োগ কৰক। ভাষণ আৰু শ্ৰোতাসকলৰ সৈতে আলোচনা। ৩১ পৃষ্ঠাত দিয়া “২০০০ চনৰ সৰ্ব্বমূঠ সংখ্যা” বিষয়টোক পুনৰ আলোচনা কৰক। ৩-৫ পৃষ্ঠাত দিয়া “প্ৰশাসন গোষ্ঠীৰ পৰা পত্ৰ” বিষয়ে আলোচনা কৰক। শ্ৰোতাসকলক সোধক যে এই নতুন বাৰ্ষিক পুস্তকʼৰ কোনটো ৰিপৰ্ট বা অনুভৱে তেওঁলোকক বিশেষকৈ উৎসাহিত কৰিছে আৰু লগতে তেওঁলোকৰ বিশ্বাসকো শক্তিশালী কৰিছে। গোটেই বিশ্বত থকা বেথেল পৰিয়ালৰ সদস্যই গোটেই বছৰটোত বাৰ্ষিক পুস্তক পঢ়াৰ দৰে পৰিয়ালৰ সকলোকে একেলগে মিলি পঢ়িবলৈ উৎসাহিত কৰক। এই কিতাপখনৰ পৰা তেওঁলোকে কি শিকিলে এই বিষয়ে জানিবলৈ ২৫৫ পৃষ্ঠাত দিয়া প্ৰশ্নসমূহক পুনৰ বিবেচনা কৰক। শ্ৰোতাসকলৰ পৰা পৰামৰ্শ বিচাৰক যে আমি বাইবেল বিদ্যাৰ্থীসকলক আন্তৰিকতাৰে যিহোৱাৰ সংগঠনৰ প্ৰতি মূল্যাঙ্কন বৃদ্ধি কৰিবলৈ আৰু সংগঠনৰ সদস্য হʼবলৈ বাৰ্ষিক পুস্তকখনক কিদৰে ব্যৱহাৰ কৰিব পাৰোঁ।

২০ মি: “এপ্ৰিল মাহ​—⁠‘কঠোৰ পৰিশ্ৰম আৰু যত্ন’ কৰাৰ সময়।” (১৪-​৩০ অনুচ্ছেদ) সেৱা ওভাৰচিয়াৰে এই ভাগটো প্ৰস্তুত কৰে। লেখটোৰ পৰা প্ৰশ্ন-উত্তৰ ভাগৰ পৰা কিছুমান প্ৰশ্নক বাঁছনি কৰি এটা ভাষণ প্ৰস্তুত কৰক। সকলোৱে এনেধৰণৰ আঁচনি তৈয়াৰ কৰা উচিত যিটো তেওঁলোকৰ বাবে ব্যৱহাৰিক আৰু যাৰ দ্বাৰা তেওঁলোকে এপ্ৰিল মাহত পূৰ্ণৰূপে প্ৰচাৰ কাৰ্য্যত ভাগ লʼব পাৰে। সেই মাহত ক্ষেত্ৰ সেৱাৰ সভাৰ বাবে যি তালিকাৰ প্ৰৱন্ধ কৰা হৈছে তাৰ সম্পূৰ্ণকৈ পৰিলেখ দিয়ক। যিসকলে সহযোগী অগ্ৰগামী সেৱা কৰিব পাৰে তেওঁলোকক উৎসাহিত কৰক আৰু সভাৰ পাছত আৱেদন-পত্ৰ ভৰ্ত্তি কৰিবলৈ নিৱেদন কৰক।

গীত ১৮৮ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

মাৰ্চ ২৬ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ২০৪

১০ মি: স্থানীয় ঘোষণাসমূহ। বৰ্ণনা কৰক যে এপ্ৰিল মাহৰ বাবে সহযোগী অগ্ৰগামী কৰিবলৈ আৱেদন-পত্ৰ জমা দিয়াৰ সময় এতিয়াও পলম হোৱা নাই। প্ৰতিদিন শাস্ত্ৰবচনৰ পৰীক্ষা কৰক​—⁠২০০১ পুস্তিকাখনত দিয়া পৰিলেখৰ অনুসৰি এপ্ৰিল ৩-৮ তাৰিখৰ বাবে দিয়া স্মৰণীয় পৰ্বৰ বাইবেল পাঠৰ তালিকাক অনুকৰণ কৰিবলৈ সকলোকে উৎসাহিত কৰক। স্মৰণীয় পৰ্বৰ দিনা প্ৰহৰীদুৰ্গ অধ্যয়ন কৰা নহব, সেই অধ্যয়ন কেতিয়া কৰা হʼব তাৰ বিষয়ে ঘোষণা কৰক। দেওবাৰ, এপ্ৰিল ১ তাৰিখে এক বিশেষ জনভাষণ দিয়া হʼব। এই ৰাজহুৱা ভাষণৰ বিষয় হৈছে, “কোনবিলাক লোকে উদ্ধাৰ পাব?” সেই দিনা প্ৰচাৰ কাৰ্য্যত ভাগ লʼবলৈ সকলোকে উৎসাহিত কৰক যাতে এপ্ৰিল মাহটোত এক ভাল আৰম্ভণি কৰিব পৰা যায়।

২০ মি: “আঁহক আমি যিহোৱা আৰু তেওঁৰ পুত্ৰক সন্মান কৰোঁহঁক।” এজন প্ৰাচীনে শাস্ত্ৰ আধাৰিত এক উৎসাজনক ভাষণ প্ৰস্তুত কৰক। এপ্ৰিল মাহত হʼবলগা বিশেষ প্ৰচাৰ কাৰ্য্যত সম্পূৰ্ণৰূপে ভাগ লʼবলৈ আৰু লোকসকলক স্মৰণীয় পৰ্বত আমন্ত্ৰণ জনাবলৈ সম্পূৰ্ণ চেষ্টা কৰিবলৈ সকলোকে উৎসাহিত কৰক।

১৫ মি: আলোচনী বিতৰণ কৰিবৰ বাবে প্ৰস্তুত কৰক। আমি এপ্ৰিল মাহত প্ৰহৰীদুৰ্গ আৰু সচেতন! নামৰ আলোচনী আগবঢ়াম। অক্টোবৰ ১৯৯৬ চনৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ ৮ পৃষ্ঠাৰ ৩ আৰু ১০ অনুচ্ছেদটোক পুনৰ আলোচনা কৰক। চলিত আলোচনীবোৰৰ উপস্থাপন তৈয়াৰী কৰিবলৈ এই বিষয়বোৰক মনত ৰাখক: (১) এটা বিশেষ লেখ লওঁক, (২) গৃহস্থৰ সৈতে কথা-বতৰা হʼবলৈ সঠিক বিষয় বাঁছনি কৰক, (৩) আগ্ৰহী কৰি তুলিবলৈ এটা প্ৰশ্ন সোধক, আৰু (৪) এটা উপযুক্ত শাস্ত্ৰ পদ কওঁক যিয়ে প্ৰত্যেক চলিত আলোচনীৰ প্ৰস্তুতিক আকৰ্ষণীয় কৰি তুলিব পাৰে। আগ্ৰহ দেখুৱা লোকসকলৰ সৈতে বিচাৰে ব্ৰচাৰ বা জ্ঞান কিতাপখনৰ পৰা বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈ চেষ্টা কৰক। শেষত, আমি প্ৰথম বাৰৰ বাবে লগ পোৱা ব্যক্তিৰ সৈতে এই পদ্ধতিক কেনেদৰে ব্যৱহাৰ কৰিব পাৰোঁ তাৰ বিষয়ে ভালদৰে তৈয়াৰ কৰা এটা প্ৰদৰ্শন দেখুৱাওঁক।

গীত ২০৭ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

এপ্ৰিল ২ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ২২০

৯ মি: স্থানীয় ঘোষণাসমূহ। সকলোকে মাৰ্চ মাহৰ প্ৰচাৰ কাৰ্য্যৰ ৰিপৰ্ট দিবলৈ সোঁৱৰাই দিয়ক। “স্মৰণীয় পৰ্বৰ বিষয়ে সোঁৱৰাই দিয়া হʼল।” লেখটো পুনৰ আলোচনা কৰক।

১৮ মি: “প্ৰেমে আমাক প্ৰচাৰ কৰিবলৈ প্ৰেৰণা দিয়ে।”a এই লেখত উল্লেখ কৰা শাস্ত্ৰীয় পদসমূহৰ ওপৰত জোৰ দিয়ক। ইনচাইট্‌ খন্ড ২, ৬৭৩ পৃষ্ঠাৰ ১ অনুচ্ছেদ থকা বিশেষ বিষয়বোৰকো আলোচনাত সন্মিলিত কৰক। বহু বছৰ ধৰি প্ৰচাৰ কাৰ্য্যত ভাগ লোৱা এজন প্ৰচাৰকক কʼবলৈ কওঁক যে এই কাৰ্য্যত লাগি থাকিবলৈ ঈশ্বৰৰ প্ৰতি থকা প্ৰেমে তেওঁক কেনেকৈ প্ৰেৰণা দিলে। এপ্ৰিল আৰু আন মাহবোৰতো একেৰাহে প্ৰচাৰ কাৰ্য্যত ভাগ লʼবলৈ সকলো প্ৰচাৰকক আগ্ৰহী কৰক।

১৮ মি: “সভাবোৰত উপস্থিত হʼবলৈ আনক সহায় কৰক।”b আমি বাইবেল বিদ্যাৰ্থীসকলক সংগঠনলৈ কেনেকৈ ইচ্ছুক কৰি তুলিব পাৰোঁ, এই বিষয়ে জুন ১৯৯৯ চনৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ অন্তপত্ৰখনৰ ১৪-১৬ অনুচ্ছেদত পৰাৰ্মশ দিয়া হৈছে। বিচাৰে ব্ৰচাৰৰ (পাঠ ৫, ৭ অনুচ্ছেদ) আৰু জ্ঞান কিতাপৰ (৫ অধ্যায়, ২ অনুচ্ছেদ) ব্যৱহাৰ কৰি বাইবেল বিদ্যাৰ্থীসকলক সভাবোৰত উপস্থিত হʼবলৈ কেনেকৈ আমন্ত্ৰণ কৰিব পাৰি, তাৰ বিষয়ে কওঁক। এজন যোগ্য প্ৰচাৰকে নিজৰ বিদ্যাৰ্থীক সভাবোৰত উপস্থিত হোৱা মূল্যৰ বিষয়ে প্ৰেমেৰে বুজাই তাৰ বিষয়ে ভালদৰে তৈয়াৰ কৰা এটা প্ৰদৰ্শন প্ৰস্তুত কৰক।

গীত ৪৭ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

[Footnotes]

a এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰৰ দ্বাৰা আলোচনা কৰক।

b এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰৰ দ্বাৰা আলোচনা কৰক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক