পৰিচৰ্য্যা সভাৰ তালিকা
মে’ ১৪ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ২১১
৬ মি: স্থানীয় ঘোষণাসমূহ। আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ পৰা নিৰ্বাচিত ঘোষণাসমূহ।
৯ মি: “ভৱিষ্যতৰ বাবে আপোনাৰ আধ্যাত্মিক লক্ষ্যসমূহ কি?” এজন প্ৰাচীন বা সহায়ক সেৱকে আমাৰ পৰিচৰ্য্যা নামৰ কিতাখনৰ ১১৬-১১৮ পৃষ্ঠাত উল্লেখ কৰা কিছুমান ব্যৱহাৰিক বিষয় আলোচনা কৰে। তেওঁলোকে আলোচনা কৰি কয় যে এই বিষয়সমূহে কেনেকৈ এজন কিশোৰ প্ৰচাৰক, এহাল বিবাহিত দম্পতী আৰু এজন অৱসৰ হʼবলগীয়া ভাইয়ে তেওঁলোকৰ প্ৰচাৰকাৰ্য্যক বৃদ্ধি কৰাত সহায় কৰিব পাৰে।
১০ মি: প্ৰশ্ন বক্স। এজন প্ৰাচীনৰ দ্বাৰা ভাষণ।
২০ মি: “দস্তুৰমতে সভাত উপস্থিত হয়নে?”a সভাবোৰৰ প্ৰতি মুল্যাঙ্কণ দেখুৱা আৰু সেইবোৰত উপস্থিত হোৱাৰ পৰা বিৰত থকাৰ দুস্তুৰৰ পৰা আঁতৰি থাকিবলৈ আগ্ৰহ কৰি উল্লেখ কৰক। যিজন ভাইয়ে এই বিষয়টোক প্ৰস্তুত কৰে, তেওঁ মধ্যৱৰ্তী সপ্তাহত স্থানীয় মণ্ডলীয়ে সভাত উপস্থিতি হোৱাৰ বিষয়ো যেন দাঙি ধৰে।
গীত ৯৩ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
মে’ ২১ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ৩১
১০ মি: স্থানীয় ঘোষণাসমূহ। হিচাপ-লেখ ৰিপৰ্ট।
১৭ মি: “আপোনাৰ ৰাজ্যগৃহক আপুনি আদৰ কৰেনে?”b এজন প্ৰাচীনে এই ভাগটোক প্ৰস্তুত কৰি এই লেখটোত দিয়া পৰামৰ্শবোৰক স্থানীয় মণ্ডলীয়ে কেনেকৈ ব্যৱহাৰ কৰিব পাৰে তাৰ বিষয়ে জোৰ দি কওঁক। তদুপৰি তেওঁ গুৰুত্ব দি বুজাই দিয়ে যে ৰাজ্যগৃহক পৰিষ্কাৰ আৰু আকৰ্ষণীয় কৰি তুলাতো কিয় আমাৰ সকলোৰে কৰ্তব্য হোৱা উচিত। ৰাজ্যগৃহক উত্তম অৱস্থাত আৰু পৰিষ্কাৰ-পৰিছন্নতা ৰাখিবলৈ স্থানীয়ৰূপে কৰা ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰক। ১৯৯৯ চনৰ নবেম্বৰ মাহৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ প্ৰশ্ন বক্স চাওঁক।
১৮ মি: “উদাৰ মনেৰে কৰা দানে আনন্দ কঢ়িয়াই আনে।” নবেম্বৰ ১, ২০০০ চনৰ প্ৰহৰীদুৰ্গ ২৮-৩১ পৃষ্ঠাৰ ওপৰত আধাৰিত কৰি এজন প্ৰাচীনে ভাষণ প্ৰস্তুত কৰে। তেওঁ বৰ্ণনা কৰি বুজাই দিয়ে যে কেনেকৈ উদাৰ মনেৰে দান কৰা মনোবৃত্তিয়ে আশীৰ্ব্বাদ কঢ়িয়াই আনে। (হিতো. ১১:২৪ক) বিশ্বব্যাপী কাৰ্য্যৰ বাবে মণ্ডলীয়ে উদাৰ মনেৰে দান কৰাৰ কাৰণে প্ৰশংসা কৰক।
গীত ১২ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
মে’ ২৮ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ৫৮
১৩ মি: স্থানীয় ঘোষণাসমূহ। সকলোকে মে’ মাহৰ প্ৰচাৰ কাৰ্য্যৰ ৰিপৰ্ট দিবলৈ সোঁৱৰাই দিয়ক। “গ্ৰাহকতা নৱীকৰণ কৰা পদ্ধতিক সৰলীকৰণ কৰা হʼল,” লেখটোক সমালোচনা কৰক। যিসকল গৃহস্থই আলোচনীৰ গ্ৰাহকতা শেষ হোৱাৰ পাছতো আলোচনী পঢ়িবলৈ ইচ্ছা কৰে, তেনে গৃহস্থসকলৰ সৈতে আলোচনী প্ৰৱাহ আৰম্ভ কৰিবলৈ প্ৰত্যেক প্ৰচাৰকক উৎসাহিত কৰক।
১৫ মি: স্থানীয় আৱশ্যকতাসমূহ।
১৭ মি: “কিয়নো ঈশ্বৰৰ বাক্য . . . কাৰ্য্য-সাধক।”c আগতীয়াকৈ ভালকৈ তৈয়াৰ কৰা দুটা প্ৰদৰ্শন প্ৰস্তুত কৰি ঈশ্বৰৰ বাক্যৰ প্ৰতি ধ্যান কেন্দ্ৰিত কৰক।
গীত ৭৯ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
জুন ৪ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
গীত ১০০
১২ মি: স্থানীয় ঘোষণাসমূহ আৰু প্ৰচাৰ কাৰ্য্যত পোৱা অনুভৱবোৰ বিষয়ে কবলৈ আমন্ত্ৰণ কৰক।
১৫ মি: “সম্পূৰ্ণ হৃদয়েৰে শস্য গোটোৱা কাৰ্য্যত ভাগ লওঁক”d ৪ অনুচ্ছেদটো আলোচনা কৰা সময়ত, চেপ্তেম্বৰ ১৫, ১৯৯৬ চনৰ প্ৰহৰীদুৰ্গ, ১৯ পৃষ্ঠাৰ ১০ অনুচ্ছেদত উল্লেখ কৰা কেনেকৈ কিছুমান ভাই-ভনীয়ে তেওঁলোকৰ প্ৰচাৰ কাৰ্য্যক বৃদ্ধি কৰিছে, এই বিষয়ে দাঙি ধৰক।
১৮ মি: “এই এলেকাত আমি বহু বাৰ প্ৰচাৰ কৰিছোঁ!”e এই ভাগটো সেৱা অধক্ষ্যই পৰিচলনা কৰে। (মণ্ডলীয়ে বাৰে বাৰে প্ৰচাৰ কাৰ্য্য কৰা এলেকাৰ বিষয়ে এপ্ৰিল ১৯৯৮ চনৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼত দিয়া “আলোচনীসমূহে ঈশ্বৰৰ ৰাজ্যৰ ঘোষণা কৰে,” নামৰ বিষয়টোক পুনৰনিৰীক্ষণ কৰক।) বাৰে বাৰে প্ৰচাৰ কৰা স্থানীয় এলেকাবিলাকত কাৰ্য্যকাৰী কৰি তুলিবলৈ কি কৰিব পাৰি এই বিষয়ে আলোচনা কৰক। ১৯৯৭ চনৰ বাৰ্ষিক পুস্তক, ২০৪ পৃষ্ঠা আৰু ফেব্ৰুৱাৰী ১৫, ১৯৯৬ চনৰ প্ৰহৰীদুৰ্গ ২৬ পৃষ্ঠাত দিয়া কিছুমান অভিজ্ঞতাক দাঙি ধৰক। যিবিলাক ঘৰত গৃহস্থক লগ পোৱা নাযায় সেই ঘৰবোৰক হাউচ টু হাউচ ৰেকৰ্ড পত্ৰত টোকি ৰাখিবলৈ আৰু পুনৰ সাক্ষাৎ কৰাৰ গুৰুত্বতাৰ ওপৰত জোৰ দি বুজাই দিয়ক।
গীত ১৪২ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।
[Footnotes]
a এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰৰ দ্বাৰা আলোচনা কৰক।
b এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰৰ দ্বাৰা আলোচনা কৰক।
c এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰৰ দ্বাৰা আলোচনা কৰক।
d এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰৰ দ্বাৰা আলোচনা কৰক।
e এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰৰ দ্বাৰা আলোচনা কৰক।