ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ২/০২ পৃষ্ঠা ২
  • পৰিচৰ্য্যা সভাৰ তালিকা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • পৰিচৰ্য্যা সভাৰ তালিকা
  • ২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • উপশীৰ্ষক
  • ফেব্ৰুৱাৰী ১১ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
  • ফেব্ৰুৱাৰী ১৮ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
  • ফেব্ৰুৱাৰী ২৫ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
  • মাৰ্চ ৪ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ
২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ২/০২ পৃষ্ঠা ২

পৰিচৰ্য্যা সভাৰ তালিকা

ফেব্ৰুৱাৰী ১১ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ৬

১২ মি: স্থানীয় ঘোষণাসমূহ। আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ পৰা নিৰ্বাচিত ঘোষণাসমূহ। ফেব্ৰুৱাৰী ২৫ তাৰিখে হʼবলগীয়া পৰিচৰ্য্যা সভাৰ আলোচনাৰ বাবে সাজু হৈ আহিবলৈ সকলোকে আদিপুস্তক ৬:⁠১ পৰা ৯:⁠১৯  লৈকে পদসমূহ পঢ়িবলৈ আৰু নোহ​—⁠ঈশ্বৰৰ অনুসাৰে চলিছিল নামৰ ভিডিঅখন চাবলৈ উৎসাহিত কৰক।

২০ মি: “সম্পূৰ্ণৰূপে ঈশ্বৰৰ বাক্য প্ৰচাৰ কৰা।”a (১-১৩ অনুচ্ছেদ) এই ভাগটো প্ৰিজাইডিং ওভাৰচিয়াৰে পৰিচালনা কৰে। মাৰ্চ আৰু তাৰ পাছৰ মাহবোৰত আমি কি কৰিবলৈ লক্ষ্য ৰাখিছোঁ, এই সম্পৰ্কে এক উৎসাহজনক ভাষণ প্ৰস্তুত কৰে। সকলোৱে যিমান পাৰে মাৰ্চ মাহৰ পৰিচৰ্য্যা কাৰ্য্যত ভাগ লʼবলৈ এই অন্তপত্ৰখনত দিয়া ব্যৱহাৰিক তালিকা অনুসাৰে তাৰ সৈতে দিয়া কেলেণ্ডাৰখন ব্যৱহাৰ কৰা উচিত। যিসকলে সেই মাহত সহযোগী অগ্ৰগামী সেৱা কৰিব পাৰে তেওঁলোকক উৎসাহিত কৰক। যেতিয়া ৭-৮ অনুচ্ছেদ আলোচনা কৰা হয়, তেতিয়া যোৱা বছৰৰ স্মৰণীয় পৰ্বৰ সময়ছোৱাত অগ্ৰগামী সেৱা কৰা ভাই-ভনীসকলক তেওঁলোকে পোৱা আশীৰ্ব্বাদৰ বিষয়ে কʼবলৈ উৎসাহিত কৰক। ঘোষণা কৰি কওঁক যে যিসকলে সহযোগী অগ্ৰগামী সেৱা কৰিব বিচাৰে, তেওঁলোকক এই সভাৰ পাছত আৱেদন পত্ৰ দিয়া হʼব।

১৩ মি: “আপুনি আলোচনীসমূহৰ বিষয়ে কি কʼব।” প্ৰচাৰকসকলক সোধক যে আমাৰ ৰাজ্য পৰিচৰ্য্যাʼত দিয়া পৰামৰ্শক ব্যৱহাৰ কৰি তেওঁলোকে এই কঠিন পৰিস্থিতিত হোৱা জটিল ঘটনাসমূহৰ সৈতে আলোচনীখনৰ বিষয়সমূহক কেনেকৈ প্ৰস্তুত কৰিব পাৰিছে। কিছুমানে বাইবেলৰ দ্বাৰা লোকসমূহৰ উৎকণ্ঠিত প্ৰশ্নৰ উত্তৰ দিয়াৰ যোগেদি তেওঁলোকক সহায় কৰি কেনে অভিজ্ঞতা প্ৰাপ্ত কৰিছে? ফেব্ৰুৱাৰী ১ প্ৰহৰীবুৰুজ ব্যৱহাৰ কৰি ভালকৈ তৈয়াৰ কৰা দুটা উপস্থাপন প্ৰস্তুত কৰক।

গীত ৪৯ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

ফেব্ৰুৱাৰী ১৮ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ৯৫

১০ মি: স্থানীয় ঘোষণাসমূহ। হিচাপ-লেখ ৰিপৰ্ট।

১০ মি: “নিজৰ ওচৰত সাঁচি ৰাখিবা” নামৰ বক্সটোৰ পৰা শ্ৰোতাসকলৰ সৈতে আলোচনা কৰক আৰু বিশ্বব্যাপী কাৰ্য্যৰ বাবে উদাৰভাৱে আগবঢ়োৱা সহায়ৰ বাবে মণ্ডলীক প্ৰশংসা কৰক।

২৫ মি: “সম্পূৰ্ণৰূপে ঈশ্বৰৰ বাক্য প্ৰচাৰ কৰা।”b (১৪-২৩ অনুচ্ছেদ) এই ভাগটোক সেৱা ওভাৰচিয়াৰে পৰিচালনা কৰে। মাৰ্চ মাহত প্ৰচাৰ কাৰ্য্যক বৃদ্ধি কৰিবলৈ স্থানীয়ভাৱে বনোৱা তালিকাখনক পুনৰবিচাৰ কৰক। গোটেই মাহটোত সেৱা সভাৰ বাবে তৈয়াৰ কৰা আঁচনিৰ পৰিলেখ দিয়ক। নিষ্ক্ৰিয় ব্যক্তিক পুনৰ সক্ৰিয় আৰু লʼৰা-ছোৱালী, বাইবেল বিদ্যাৰ্থীসকলক বাপ্তিষ্মা নোলোৱা প্ৰচাৰকৰ বাবে উপযুক্ত কৰাৰ বিষয়ে ধ্যান কেন্দ্ৰিত কৰক। যিসকলে মাৰ্চ মাহত সহযোগী অগ্ৰগামী সেৱা কৰিবলৈ আৱেদন পত্ৰত চহী কৰিলে, তেওঁলোকৰ নাম ঘোষণা কৰক আৰু তেওঁলোকৰ সৈতে সহযোগ কৰাৰ বিষয়ে প্ৰাৰ্থনাপূৰ্বক বিবেচনা কৰিবলৈ আন ভাই-ভনীক উৎসাহিত কৰক।

গীত ১৪৩ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

ফেব্ৰুৱাৰী ২৫ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ১৭৪

১৫ মি: স্থানীয় ঘোষণাসমূহ। ফেব্ৰুৱাৰী ১ প্ৰহৰীবুৰুজ ব্যৱহাৰ কৰি চমুকৈ দুটা উপস্থাপন প্ৰস্তুত কৰক। সকলো প্ৰচাৰকক ফেব্ৰুৱাৰী মাহৰ পৰিচৰ্য্যা কাৰ্য্যৰ ৰিপৰ্ট দিবলৈ সোঁৱৰাই দিয়ক।

১৫ মি: “ভিডিঅখনৰ চলচিত্ৰই এক প্ৰভাৱকাৰী সাক্ষী দিয়ে।” শ্ৰোতাসকলৰ সৈতে আলোচনা কৰক। পৰিচৰ্য্যা সভাত এতিয়ালৈকে আমি আঠখন ভিডিঅ চলচিত্ৰৰ বিষয়ে আলোচনা কৰিলোঁ। চমুকৈ আলোচনা কৰাৰ পিছত এই প্ৰবন্ধটোত দিয়া উদাহৰণ ব্যৱহাৰ কৰি প্ৰকাশকসকলক প্ৰশ্ন সোধক যে আনক সেই ভিডিঅবোৰৰ চলচিত্ৰ দেখুৱাত তেওঁলোকে কেনেকৈ সফলতা লাভ কৰিছে।

১৫ মি: “নোহ​—⁠ঈশ্বৰৰ অনুসাৰে চলিছিল নামৰ ভিডিঅখনৰ পৰা সকলোৱে শিকিব পাৰে।” পোনপটীয়াকৈ শ্ৰোতাসকলৰ সৈতে নোহ ভিডিঅখনৰ সম্পৰ্কে বক্সত দাঙি ধৰা প্ৰশ্নসমূহ আলোচনা কৰক। এপ্ৰিল মাহত আমি যুৱক যুৱতীসকলে সোধে​—⁠মই কেনেকৈ প্ৰকৃত বন্ধু বনাব পাৰোঁ? নামৰ আন এখন ভিডিঅৰ চলচিত্ৰ প্ৰদৰ্শন কৰিম।

গীত ২১৫ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

মাৰ্চ ৪ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহ

গীত ২০৭

৫ মি: স্থানীয় ঘোষণাসমূহ।

১২ মি: “এই পৃথিৱীত সকলোতকৈ সুখী ব্যক্তিসকল।”c অক্টোবৰ ১৫, ১৯৯৭ চনৰ প্ৰহৰীবুৰুজ আলোচনীৰ ৬ পৃষ্ঠাত দিয়া “সুখী হোৱাৰ পদক্ষেপ” নামৰ প্ৰবন্ধটো চমুকৈ আলোচনা কৰক।

১২ মি: অধ্যয়নৰ বাবে জ্ঞান কিতাপখন ব্যৱহাৰ কৰক। মাৰ্চ মাহত বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈ আমি সকলোৱে চেষ্টা কৰা আৱশ্যক। আগষ্ট ১৯৯৮ চনৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ ৪ পৃষ্ঠাৰ ৮ অনুচ্ছেদত দিয়া অভিজ্ঞতাসমূহ বৰ্ণনা কৰক। যদি কোনোবাই অলপতে জ্ঞান কিতাপখন ব্যৱহাৰ কৰি গৃহ বাইবেল অধ্যয়ন আৰম্ভ কৰিলে, তেনেহʼলে তেওঁক বৰ্ণনা কৰিবলৈ কওঁক যে তেওঁ কেনেকৈ সেই অধ্যয়ন আৰম্ভ কৰিলে। জানুৱাৰী ২০০২ চনৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ অন্তপত্ৰত গৃহস্থক জ্ঞান কিতাপখন দিবলৈ দিয়া পৰামৰ্শৰ বিষয়ে সকলোকে সোঁৱৰাই দিয়ক। ৬ পৃষ্ঠাত দিয়া অন্তপত্ৰখনৰ পৰা “পোনপটীয়াকৈ শুভবাৰ্ত্তা প্ৰস্তুত কৰক” নামৰ প্ৰবন্ধটোক ব্যৱহাৰ কৰক।

১৬ মি: “একেৰাহে কিয় প্ৰচাৰ কৰা আৱশ্যক?”d সমাপ্তিত এজন বা দুজন প্ৰচাৰকৰ সাক্ষাৎকাৰ গ্ৰহণ কৰক যিসকলে বহু সময়ৰ পৰা একেৰাহে প্ৰচাৰ কৰি আছে। তেওঁলোকক একেৰাহে প্ৰচাৰ কাৰ্য্য কৰি পোৱা লাভসমূহৰ বিষয়ে কʼবলৈ উৎসাহিত কৰক।

গীত ২২৩ আৰু সমাপ্তিৰ প্ৰাৰ্থনা।

[Footnotes]

a এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰৰ দ্বাৰা আলোচনা কৰক।

b এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰৰ দ্বাৰা আলোচনা কৰক।

c এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰৰ দ্বাৰা আলোচনা কৰক।

d এক মিনিটতকৈ কম সময়ৰ ভিতৰত বিষয়টোৰ পৰিচয় দি প্ৰশ্ন আৰু উত্তৰৰ দ্বাৰা আলোচনা কৰক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক