ঘোষণাসমূহ
▪ উল্লেখ কৰা মাহৰ বাবে আলোচনী বিতৰণ। মে: প্ৰহৰীবুৰুজ আৰু সচেতন! আলোচনী আগবঢ়াওক। যিসকল আগ্ৰহী, তেওঁলোকক পুনৰ সাক্ষাৎ কৰি তেওঁলোকৰ সৈতে আলোচনী প্ৰবাহ আৰম্ভ কৰক। বিচাৰে ব্ৰচাৰখন দি বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈ বিশেষ চেষ্টা কৰক। জুন: ঈশ্বৰে আমাৰ পৰা কি বিচাৰে? বা জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায় কিতাপখন বিতৰণ কৰিব পাৰে। যদি লোকসকলে ইতিমধ্যেই এই আলোচনীবোৰ লৈছে তেনেহʼলে তেওঁলোকক মণ্ডলীত উপলব্ধ থকা এখন উপযুক্ত ব্ৰচাৰ আগবঢ়াওক। জুলাই আৰু আগষ্ট: তলত দিয়া ৩২ পৃষ্ঠাৰ যিকোনো ব্ৰচাৰ ব্যৱহাৰ কৰিব পাৰে: বাস্তৱতে ঈশ্বৰে আমাৰ বাবে চিন্তা কৰেনে?, পৃথিবীত অনন্ত জীৱনৰ আনন্দ লওঁক!, “চোৱা, মই সকলোকে নতুন কৰোঁ,” আপুনি ত্ৰিমূৰ্ত্তিক বিশ্বাস কৰা উচিত নে?, যি চৰকাৰে পৰমদেশ আনিব, যেতিয়া আমাৰ মৃত্যু হয় তেতিয়া আমালৈ কি ঘটে?, জীৱনৰ উদ্দেশ্য কি—আপুনি ইয়াক কেনেকৈ বিচাৰি পাব? আৰু যেতিয়া কোনো আপোনজনাৰ মৃত্যু হয়। তদুপৰি, যʼত উপযুক্ত তাত এই ব্ৰচাৰসমূহো দিব পাৰে, সকলোৰ বাবে এখন পুস্তক, আমাৰ সমস্যাসমূহ—কোনে ইয়াৰ সমাধান কৰিব?, মৃতবিলাকৰ আত্মা—তেওঁলোকে আমাক সহায় কৰেনে অথবা হানি কৰে? তেওঁলোক বাস্তৱতে অস্তিত্বত আছেনে? আৰু কেতিয়াবা এখন যুদ্ধ বিহীন সংসাৰ সম্ভৱ হʼবনে?
▪ পৰিচালক অধ্যক্ষ বা তেওঁ নিযুক্ত কৰা কোনো ভায়ে মাৰ্চ ১ তাৰিখ বা যিমান সোনকালে সম্ভৱ হয় মণ্ডলীৰ হিচাপ-নিকাচ পৰীক্ষা কৰা উচিত। যেতিয়া ইয়াক কৰা হয় তেতিয়া পৰৱৰ্তী লেখ ৰিপৰ্ট পঢ়াৰ পিছত সেই বিষয়ে ঘোষণা কৰক।
▪ অনুগ্ৰহ কৰি লক্ষ্য কৰক যে শাখা কাৰ্য্যালয়ৰ স্থানান্তৰৰ সময়ত কৰা আলোচনীসমূহৰ নিৱেদনৰ সাল-সলনিৰ সম্পৰ্কে মাৰ্চ ২০০২ চনৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ ঘোষণাসমূহত উল্লেখ কৰা হৈছিল। ভাৰতৰ শাখা কাৰ্য্যালয়, ২০০২ চনৰ মে মাহ বা তাৰ পিছৰ মাহত লোনাভেলাৰ পৰা বাঙ্গালোৰৰ নতুন কাৰ্য্যালয়লৈ স্থানান্তৰিত হোৱাৰ বাবে মণ্ডলীসমূহলৈ সাহিত্য আৰু আলোচনী প্ৰেৰণ কৰিব নোৱাৰিব। যিহেতু বহুতো মণ্ডলীত যথেষ্ট মাত্ৰাত সাহিত্য আৰু পুৰণি আলোচনীসমূহ জমা থকা দেখা গৈছে। গতিকে সেই সময়ছোৱাত সাহিত্য আৰু আলোচনী বিভাগত সংগ্ৰহ থকা আলোচনীবোৰ বিতৰণ কৰিবলৈ প্ৰচাৰৰ এক বিশেষ অভিযান আয়োজন কৰিবলৈ প্ৰাচীনসকলক অনুৰোধ কৰা হʼল।
▪ যেনেকৈ পূৰ্বতে ঘোষণা কৰা হৈছিল যে ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুল শিক্ষাৰ পৰা লাভবান হোৱা, নামৰ পাঠ্যপুস্তকখন ২০০২ চনৰ শেষ ভাগত ইংৰাজী, কানাড়ি, তামিল, তেলেগু, মালয়ালাম আৰু হিন্দী ভাষাত উপলব্ধ কৰা হʼল। কিন্তু যি মণ্ডলীসমূহে এতিয়ালৈকে এই পাঠ্যপুস্তকখন বিচাৰি আৱেদন কৰা নাই, তেওঁলোকে বিশেষ আৱেদন পত্ৰ ব্যৱহাৰ কৰি বছেৰেকীয়া সাহিত্য আৰু পৰিচৰ্য্যা পাঠ্যপুস্তকখনৰ বাবে কোনো পলম নকৰাকৈ আৱেদন পঠোৱা আৱশ্যক। যেতিয়ালৈকে সেইবোৰ মণ্ডলীসমূহলৈ পঠোৱা নহয়, সেইবোৰ মণ্ডলীৰ পেকিং তালিকাত “স্থগিত” বুলি ৰখা হʼব।