প্ৰশ্ন বক্স
▪ যেতিয়া চিঠিৰ যোগেদি সাক্ষী দিয়া হয় তেতিয়া কিয় সতৰ্কতা অৱলম্বন কৰা আৱশ্যক?
চিঠিৰ যোগেদি শুভবাৰ্ত্তা প্ৰচাৰ কৰাটো হৈছে এটা দীৰ্ঘ সময়লৈকে চলা পদ্ধতি। বৰ্তমানে এই পৃথিৱীত হোৱা ঘটনাবোৰৰ বাবে লোকসকলে কোনো অচিনাকি লোকসকলৰ পৰা পোৱা চিঠি পঢ়িবলৈ ভয়াভিত হয়। অজ্ঞাত ব্যক্তি বা ঠিকনাবিহীন, বিশেষকৈ ডাঙৰ আখৰত হাতে লিখা চিঠিৰ প্ৰতি সন্দেহ প্ৰকাশ কৰে। গৃহস্থই তেনে চিঠি নপঢ়াকৈ নষ্ট কৰিব পাৰে। তেনে নহʼবলৈ আপুনি কি কৰিব পাৰে?
যদি সম্ভৱ হয় চিঠি আৰু এনভেলপ উভয়কে লিখিবলৈ টাইপৰাইটাৰ ব্যৱহাৰ কৰক। এনভেলখনত “বাসভৱনৰ” পৰিৱৰ্তে গৃহস্থজনৰ ব্যক্তিগত নাম লিখা উচিত। ইয়াৰ উপৰিও চিঠিখনত উভটি অহা ঠিকনা লিখা আৱশ্যক। যদি আপোনাৰ ব্যক্তিগত ঠিকনা লিখাটো ব্যৱহাৰিক নহয়, তেনেহʼলে আপোনাৰ নাম আৰু ৰাজ্যগৃহৰ ঠিকনা লিখক। অস্বাভাৱিকভাৱে চিঠি পঠোৱাটো উচিত নহয়। কেতিয়াও শাখা কাৰ্য্যালয়ৰ ঠিকনা ব্যৱহাৰ কৰি চিঠি নপঠিয়াব।—নবেম্বৰ ১৯৯৬ চনৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼত দিয়া প্ৰশ্ন বক্স চাওক।
ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুল শিক্ষাৰ পৰা লাভবান হোৱা পাঠ্যপুস্তকখনৰ ৭১-৩ পৃষ্ঠাত আপুনি আদৰ্শৰূপী চিঠি আৰু অধিক পৰামৰ্শ পাব। এই নিৰ্দেশনাই আপোনাক কাৰ্য্যকাৰীৰূপে চিঠি ব্যৱহাৰ কৰি আনক শুভবাৰ্ত্তাৰ বিষয়ে জনাবলৈ সহায় কৰিব।