ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ১০/০২ পৃষ্ঠা ৭
  • ঘোষণাসমূহ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঘোষণাসমূহ
  • ২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ১০/০২ পৃষ্ঠা ৭

ঘোষণাসমূহ

▪ উল্লেখ কৰা মাহৰ বাবে আলোচনী বিতৰণ। অক্টোবৰ: প্ৰহৰীবুৰুজ আৰু সচেতন! আলোচনীসমূহৰ বিতৰণ। যʼত পুনৰ সাক্ষাৎ কৰা হয়, সেই গৃহস্থক যিহোৱাৰ সাক্ষীসকলে গোটেই বিশ্বত ঐক্যতাবদ্ধৰূপে ঈশ্বৰৰ ইচ্ছাক সম্পূৰ্ণ কৰে নামৰ ব্ৰচাৰখন দিয়ক। প্ৰথমবাৰ সাক্ষাৎ কৰাৰ সময়ৰ পৰাই গৃহস্থক আমাৰ মণ্ডলীৰ সভাত উপস্থিত হʼবলৈ আমন্ত্ৰণ কৰক। নবেম্বৰ: ঈশ্বৰে আমাৰ পৰা কি বিচাৰে? বা জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায় বিতৰণ কৰিব পাৰে। যদি লোকসকলে ইতিমধ্যেই এই আলোচনীবোৰ লৈছে তেনেহʼলে মণ্ডলীত মজুত থকা যিকোনো পুৰণি সাহিত্য বা আলোচনী আগবঢ়াব পাৰে। ডিচেম্বৰ: সৰ্বশ্ৰেষ্ঠ মানৱ যিজন কেতিয়াবা জীৱিত আছিল। বিতৰণ কৰা বিকল্প সাহিত্যসমূহ হৈছে বাইবেল কাহিনীৰে ভৰা মোৰ কিতাপখন, বাইবেল—ঈশ্বৰৰ বাক্য নে মানুহৰ? বা আপুনি পৰমদেশীয় পৃথিৱীত অনন্ত কাল জীয়াই থাকিব পাৰে। যদি মণ্ডলীত এই বিকল্প সাহিত্যবোৰ নাই তেন্তে ওচৰত থকা আন মণ্ডলীত এই সাহিত্যবোৰ অধিকমাত্ৰত থাকিলে অনুগ্ৰহ কৰি আপোনালোকে সেই মণ্ডলীৰ পৰা সাহিত্যবোৰ বিচাৰিব পাৰে। জানুৱাৰী: মণ্ডলীৰ সঞ্চয়ত থকা ১৯২ পৃষ্ঠাৰ যিকোনো পুৰণি কিতাপ বিতৰণ কৰক। যদি মণ্ডলীৰ ষ্টকত এই সাহিত্যবোৰ নাই তেন্তে ওচৰত থকা আন মণ্ডলীত যদি এই সাহিত্যবোৰ অধিকমাত্ৰত আছে তেনেহʼলে অনুগ্ৰহ কৰি আপোনালোকে সেই মণ্ডলীৰ পৰা সাহিত্যবোৰ বিচাৰিব পাৰে। যদি মণ্ডলীবোৰত পুৰণি সাহিত্য উপলব্ধ নাই তেনেহʼলে মানৱজাতিৰ ঈশ্বৰ অম্বেষণ নামৰ কিতাপখ বিতৰণ কৰিব পাৰে।

▪ এই মাহৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ সৈতে “২০০৩ চনৰ বাবে ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুলৰ তালিকা” দিয়া হৈছে। সেই তালিকাখন ২০০৩ চনৰ ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুলৰ ভাষণসমূহৰ বাবে সংৰক্ষণ কৰা উচিত।

▪ জানুৱাৰী ১ তাৰিখৰ পৰা যদি মণ্ডলীৰ সভাৰ সময় সাল-সলনি কৰা হʼব, তেনেহʼলে মণ্ডলীৰ চেক্ৰেটাৰীয়ে সেই বিষয়ে আৰু হেণ্ডবিল আৱেদন কৰি (S-5) ফৰ্মখন ভৰ্ত্তি কৰি সংস্থালৈ প্ৰেৰণ কৰা আৱশ্যক। তদুপৰি যদি নতুন হেণ্ডবিলৰ আৱশ্যক হয়, তেনেহʼলে একেইখন ফৰ্মত ভৰ্ত্তি কৰি পঠিয়াব পাৰে। মনত ৰাখিবলগীয়া এই যে সেই ফৰ্মখন হেণ্ডবিল প্ৰাপ্তি কৰাৰ আঠ সপ্তাহৰ পূৰ্বেই পঠোৱা আৱশ্যক।

▪ সকলো মণ্ডলীলৈ ছেপ্টেম্বৰ ১, ২০০২ চনৰ সাহিত্য হিচাপ তালিকা (S-18) ফৰ্মখনৰ তিনিটাকৈ কপি জুলাই মাহৰ বিবৃতিৰ সৈতে পঠোৱা হৈছে। যি মণ্ডলীবোৰে এতিয়ালৈকে তেওঁলোকৰ হিচাপ তালিকাখন পঠোৱা নাই তেওঁলোকে কোনো পলম নকৰাকৈ সেই উক্ত ফৰ্মখন ভৰ্ত্তি কৰি সংস্থালৈ ঘূৰাই পঠোৱা আৱশ্যক। যি মণ্ডলীবোৰে “ৰাজ্য গৃহ আলোচনী বিভাগৰ” অন্তৰ্গত আছে, সেই ক্ষেত্ৰত মণ্ডলীসমূহৰ হৈ কৰ্ডিনেটিং মণ্ডলীয়ে হিচাপ তালিকাত ভৰ্ত্তি কৰি সংস্থালৈ প্ৰেৰণ কৰা উচিত।

▪ মণ্ডলীৰ চেক্ৰেটাৰী অৰ্থাৎ সচিবে মণ্ডলী ৰিপোৰ্ট (S-1) ফৰ্মসমূহ যিহোৱাচ্‌ উইটনেচেচ অৱ ইন্দিয়া নামৰ পত্ৰখনৰ শিৰোনামত ব্যৱহাৰ কৰা ঠিকনা আৰু যেতিয়া ফেক্স কৰা হয় তেতিয়া ফেক্সৰ বাবে কেৱল ০৮০-৮৪৬৮৪১৭ নম্বৰহে ব্যৱহাৰ কৰা আৱশ্যক।

▪ নতুন প্ৰকাশন উপলব্ধ:

এক সন্তুষ্টিপূৰ্ণ জীৱন কেনেকৈ লাভ কৰিব পাৰি ​—⁠কানাড়ী, তেলেগু

▪ নতুন ভিডিও কেছেট উপলব্ধ:

আমাৰ দিনৰ বাবে এক সাৱধানবাণীযুক্ত উদাহৰণ ​—⁠ইংৰাজী

▪ পুনৰ উপলব্ধ হোৱা প্ৰকাশনসমূহ:

সকলো মানুহৰ বাবে এখন কিতাপ ​—⁠নেপালী

“চোৱা, মই সকলোকে নতুন কৰোঁ” ​—⁠নেপালী

ঈশ্বৰে আমাৰ পৰা কি বিচাৰে? ​—⁠উৰ্দু

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক