২০০৩ চনৰ বাবে ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুলৰ তালিকা
পৰামৰ্শসমূহ
২০০৩ চনত ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুল পৰিচালনা কৰাৰ সময়ত তলত দিয়া অনুসাৰে কৰা হʼব।
মূল বিষয়বস্তু: কাৰ্য্য-নিযুক্তিৰ বাবে প্ৰহৰীবুৰুজ [w], পবিত্ৰ বাইবেল, ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুল শিক্ষাৰ পৰা লাভবান হোৱা (ইংৰাজী) [be], “গোটেই শাস্ত্ৰ ঈশ্বৰ-নিশ্বাসিত আৰু লাভজনক” (১৯৯০ চনৰ সংস্কৰণ, ইংৰাজী) [si], আৰু ৰীজনিং ফ্ৰম দ্যা স্ক্ৰিপশ্বাৰ (১৯৮৯ চনৰ সংস্কৰণ, ইংৰাজী) [rs], জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায় [kl] আৰু পৰিয়ালৰ সুখৰ ৰহস্য [fy] ব্যৱহাৰ কৰা হʼব।
যʼত ৰীজনিং ফ্ৰম দ্যা স্ক্ৰিপশ্বাৰ কিতাপখন উপলব্ধ নাই, তাৰ বাবে অতিৰিক্ত উদ্ধৃতিৰ উল্লেখ কৰা হৈছে।
গীত আৰু প্ৰাৰ্থনা দ্বাৰা সময়মতে স্কুল আৰম্ভ কৰা আৱশ্যক, তাৰ পিছত সকলোকে আদৰণি জনাই তলত দিয়া ধৰণে পৰিচালনা কৰক:
বক্তৃতাৰ বৈশিষ্ট্য: ৫ মিনিট। স্কুল অধ্যক্ষ, অতিৰিক্ত পৰামৰ্শদাতা বা আন উপযুক্ত প্ৰাচীনে পৰিচৰ্য্যা স্কুল পাঠ্যপুথিৰ পৰা বক্তৃতাৰ গুণ নামৰ অংশটো পৰিচালনা কৰে। (যদি মণ্ডলীত সীমিত সংখ্যক প্ৰাচীন আছে তেনেহʼলে এজন উপযুক্ত সহায়ক সেৱকে এই ভাগটো পৰিচালনা কৰিব পাৰে।) ভাষণ নিযুক্তি কৰা পৃষ্ঠাত যদি কোনো বক্স আছে তেনেহʼলে সেইবোৰক আলোচনাত সন্মিলিত কৰা আৱশ্যক। তাত উল্লেখ কৰা অনুশীলনীবোৰক বাতিল কৰা প্ৰয়োজন। প্ৰাথমিকৰূপে এইবোৰ ব্যক্তিগত ব্যৱহাৰ আৰু আছুতীয়াকৈ পৰামৰ্শ দিয়াৰ সময়ত ব্যৱহাৰ কৰা হয়।
ভাষণ নং ১: ১০ মিনিট। এই ভাগটোক এজন প্ৰাচীন বা এজন সহায়ক সেৱকে প্ৰহৰীবুৰুজ, ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুল শিক্ষাৰ পৰা লাভবান হোৱা বা “গোটেই শাস্ত্ৰ ঈশ্বৰ-নিশ্বাসিত আৰু লাভজনক” কিতাপৰ ওপৰত আধাৰিত কৰি ভাষণ দিয়ে। এই ভাষণ উপদেশমূলক ভাষণৰূপে ১০ মিনিট সময়ত দিয়া আৱশ্যক। ভাষণত কোনো মৌখিক পুনৰ নিৰীক্ষণ কৰা প্ৰয়োজন নাই। ভাষণত সকলোবোৰ বিষয় বিতংকৈ বৰ্ণনা কৰাৰ পৰিৱৰ্তে তাত উল্লেখ কৰা ব্যৱহাৰিক বিষয়বোৰক প্ৰয়োগ কৰিলেহে মণ্ডলীয়ে বেছি লাভবান হʼব। উল্লেখ কৰা বিষয়বস্তুক ব্যৱহাৰ কৰা উচিত। ইয়াৰ উপৰিও যি ভায়ে এই ভাষণ দিয়ে তেওঁ নিৰ্দ্ধাৰিত সময়ৰ ভিতৰত ভাষণ শেষ কৰা আৱশ্যক। আৱশ্যকীয় অনুসাৰে এই ভাষণ দিয়া ভাইজনক আছুতীয়াকৈ পৰামৰ্শ দিব পাৰে।
বাইবেল পাঠৰ আলোকপাত কৰা: ১০ মিনিট। এই ভাষণৰ প্ৰথম ছয় মিনিট সময় এজন উপযুক্ত প্ৰাচীন বা সহায়ক সেৱকে স্থানীয়ভাৱে প্ৰযোজ্য হোৱা বিষয়বোৰক উল্লেখ কৰা উচিত। যিহেতু ২ নং ভাষণৰ বক্তাজনে পঢ়া বাইবেল পাঠৰ পৰা কোনো মন্তব্য নিদিব, সেয়েহে তেওঁ হয়তো সেই সপ্তাহটোৰ বাইবেল পাঠৰ কোনো অংশৰ ওপৰত মন্তব্য দিব পাৰে। এনে কৰোঁতে নিযুক্তি পাঠৰ কেৱল সাৰাংশ দিয়াটোৱেই যথেষ্ট নহয়। এই ভাষণৰ মূল লক্ষ্য হৈছে শ্ৰোতাসকলক বাইবেল পাঠত থকা সংবাদসমূহক কেনেকৈ আৰু কিয় মূল্যৱান তাক উপলব্ধি কৰাত সহায় কৰা। সেয়েহে বক্তাই চমূকৈ মন্তব্য দি (৩০ চেকেণ্ড বা তাতকৈ কম) শ্ৰোতাসকলক ভাগ লʼবলৈ আমন্ত্ৰণ কৰি এই দুটা প্ৰশ্ন সোধে: “আপোনালোকে নিজৰ জীৱন বা প্ৰচাৰ কাৰ্য্যত ব্যৱহাৰ কৰিবলৈ এই সপ্তাহৰ বাইবেল পাঠৰ পৰা কি শিকিব পাৰিলে?” আৰু “যিহোৱাৰ প্ৰতি থকা বিশ্বাস দৃঢ় আৰু তেওঁৰ প্ৰতি মূল্যাঙ্কন বৃদ্ধি কৰাত কিহে আপোনাক শক্তিশালী কৰি তুলিলে?” তাৰ পিছত স্কুল অধ্যক্ষজনে দ্বিতীয় ক্লাচ ৰুমত ভাগ লোৱা বক্তাসকলক আন ৰুমলৈ যাবলৈ অনুৰোধ কৰে।
ভাষণ নং ২: ৪ মিনিট। এই ভাগটো পাঠ কৰিবলৈ এজন ভাইক নিযুক্তি কৰা হয়। সাধাৰণতে সেই পাঠ বাইবেলৰ পৰা পঢ়া হয়। মাহত এবাৰকৈ এই নিযুক্তিটোত প্ৰহৰীবুৰুজ আলোচনীখনৰ বিষয়বস্তু ব্যৱহাৰ কৰা হʼব। বিদ্যাৰ্থীজনে এই ভাগটোত কোনো পৰিচয় বা উপসংহাৰ নিদিয়াকৈ পাঠ কৰা উচিত। প্ৰত্যেক সপ্তাহে এই ভাষণৰ পাঠ কৰা পৰিমাণ একেই নহʼবও পাৰে, তথাপিও ইয়াৰ বাবে চাৰি মিনিট বা তাতকৈ কম সময় লোৱা উচিত। স্কুল অধ্যক্ষই এই ভাষণৰ বিষয়বস্তুক ভালকৈ নিৰীক্ষণ কৰি বয়স আৰু পাৰ্গতালিৰ অনুসাৰে বিদ্যাৰ্থীসকলক নিযুক্ত কৰা আৱশ্যক। স্কুল অধ্যক্ষই বিশেষকৈ বিদ্যাৰ্থীজনৰ স্পষ্টকৈ পাঠ কৰা, সঠিক অৰ্থত গুৰুত্বভাৰ দিয়া, প্ৰয়োজন অনুসাৰে সুৰ উচ্চ বা নিম্ন কৰা, পাঠ কৰোঁতে যতি বা দাঢ়ি, কমা আদি চিহ্নত যথাৰূপে ৰোৱা আৰু ভাষণৰ স্বাভাৱিকতাৰ ওপৰত মনোনিবেশ কৰিব।
ভাষণ নং ৩: ৫ মিনিট। এই ভাষণৰ বাবে কোনো এগৰাকী ভনীক নিযুক্তি কৰা হয়। এই ভাষণৰ বিদ্যাৰ্থীজনে নিৰ্বাচিত কৰা কোনো পটভূমি বা আমাৰ পৰিচৰ্য্যা পাঠ্যপুথিখনৰ ৮২ পৃষ্ঠাৰ ওপৰত আধাৰিত কৰি কোনো উপযুক্ত পটভূমি নিৰ্দ্ধাৰিত কৰা হʼব। বিদ্যাৰ্থীজনে নিযুক্তি ভাষণৰ বিষয়বস্তুক ব্যৱহাৰ কৰি তাক স্থানীয় প্ৰচাৰ এলেকাৰ বাবে ব্যৱহাৰিক আৰু সত্যসদৃশ্যতা কৰা উচিত। যেতিয়া ভাষণৰ বিষয়ৰ বাবে তথ্যৰ মূল উৎস উদ্ধৃত কৰা নাথাকে তেতিয়া বিদ্যাৰ্থীজনে বিশ্বাসী বুদ্ধিমান দাস বৰ্গই প্ৰবন্ধ কৰা আলোচনীসমূহৰ পৰা নিজেই ভাষণৰ বিষয়বস্তু অনুসন্ধান কৰা আৱশ্যক। নতুন বিদ্যাৰ্থীসকলক তেনেবোৰ ভাষণৰ বাবে নিযুক্তি কৰা আৱশ্যক যিবোৰ ভাষণৰ বিষয়বস্তুৰ উৎস উদ্ধৃত কৰা থাকে। স্কুল অধ্যক্ষজনে বিশেষকৈ বিদ্যাৰ্থীজনে কিদৰে ভাষণৰ বিষয়বস্তুক বিকাশিত কৰিছে আৰু ভনীগৰাকীয়ে প্ৰস্তুত কৰা মূল বিষয়বোৰক গৃহস্থক বুজাবলৈ কেনেকৈ শাস্ত্ৰীয় পদসমূহৰ যুক্তি দাঙি ধৰিছে তাৰ ওপৰত মনোযোগ দিব। এই ভাষণত নিযুক্তি কৰা বিদ্যাৰ্থীজনে অৱশ্যে পঢ়িবলৈ জনা আৱশ্যক। স্কুল অধ্যক্ষজনে বিদ্যাৰ্থীজনৰ বাবে এজন সহায়কাৰীৰ নিযুক্তি কৰিব।
ভাষণ নং ৪: ৫ মিনিট। এই ভাষণৰ বিদ্যাৰ্থীজনে নিজেই নিযুক্তি ভাষণৰ বিষয়বস্তুক বিকাশিত কৰা উচিত। যেতিয়া ভাষণৰ বিষয়বস্তুত কোনো উদ্ধৃত দিয়া নাথাকে তেতিয়া বিদ্যাৰ্থীজনে ভাষণৰ বাবে নিজেই বিশ্বাসী বুদ্ধিমান দাস বৰ্গই প্ৰবন্ধ কৰা আলোচনীসমূহৰ পৰা অনুসন্ধান কৰা উচিত। যেতিয়া এই ভাষণত কোনো ভাইক নিযুক্তি দিয়া হয় তেতিয়া তেওঁ ৰাজ্যগৃহৰ শ্ৰোতাসকলৰ বিষয়ে মনত ৰাখি এই ভাগটোক এটা ভাষণৰূপে প্ৰস্তুত কৰিব। নতুবা স্কুল অধ্যক্ষজনে বক্তৃতাৰ কোনো এক বিশেষ গুণত কাৰ্য্য কৰিবলৈ পৰামৰ্শ দিব পাৰে। এই ভাষণত ভাগ লোৱা ভাইজনে তেওঁৰ বিষয়বস্তুক প্ৰচাৰ কাৰ্য্যক পৃষ্ঠভূমি হিচাবে ৰাখি প্ৰস্তুত কৰিব পাৰে। এই ভাষণৰ বাবে যেতিয়া কোনো ভনীক নিযুক্তি দিয়া হয় তেতিয়া ভাষণ সদায়ে ৩ নং ভাষণৰ পৰিলেখৰ দৰে প্ৰস্তুত কৰা উচিত। অনুগ্ৰহ কৰি মনত ৰাখক যে তৰা চিহ্ন থকা বিষয়বোৰক কেৱল ভাইসকলক প্ৰস্তুত কৰিবলৈ নিযুক্তি কৰা উচিত।
নিৰ্দ্ধাৰিত সময়: কোনো ভাষণ বা পৰামৰ্শ দিয়াৰ বাবে অতিৰিক্ত সময় লোৱা উচিত নহয়। ২ নং ভাষণৰ পৰা ৪ নং ভাষণৰ লৈকে বক্তাই যদি অতিৰিক্ত সময় লয়, তেনেহʼলে সাৱধানে তাক সমাপ্ত কৰা উচিত। যদি ১ নং ভাষণ আৰু বাইবেলৰ আলোকপাত কৰা বক্তাজনে অতিৰিক্ত সময় লয়, তেন্তে তেওঁক অকলশৰীয়াকৈ পৰামৰ্শ দিয়া উচিত। সকলো বক্তা আৰু বিদ্যাৰ্থীয়ে নিযুক্তি সময়ৰ প্ৰতি মনত ৰখা উচিত। গীত আৰু প্ৰাৰ্থনাৰ বাহিৰে সম্পূৰ্ণ কাৰ্য্যক্ৰম ৪৫ মিনিটতত সমাপ্তি হোৱা আৱশ্যক।
পৰামৰ্শদান: ১ মিনিট। স্কুল অধ্যক্ষজনে প্ৰত্যেকজন বিদাৰ্থীৰ ভাষণৰ শেষত তেওঁৰ ভাষণৰ বাবে কৃতজ্ঞতা যাপন কৰি কিছুমান সঠিক দৃষ্টভঙ্গী দাঙি ধৰা প্ৰয়োজন। তাৰ বাবে স্কুল অধ্যক্ষজনে ১ মিনিটতকৈ অধিক সময় লোৱা উচিত নহয়। পৰামৰ্শ প্ৰদান কৰোঁতে কেৱল “অতি উত্তম” বা “চাবাইচ” বুলি কোৱাটোৱেই তেওঁৰ লক্ষ্য হোৱা উচিত নহয়। বৰঞ্চ, তেওঁ বিদ্যাৰ্থীজনৰ ভাষণটোক কিহে অতি কাৰ্য্যকাৰী কৰিলে তাৰ নিৰ্দ্দিষ্ট কিছুমান যুক্তি দাঙি ধৰা উচিত। প্ৰত্যেকজন বিদ্যাৰ্থীৰ আৱশ্যকতাৰ অনুসাৰে অকলশৰীয়াকৈ বা আন এটা সময়ত অতিৰিক্ত বিকাশমূলক পৰামৰ্শ দিয়া প্ৰয়োজন।
সহযোগী পৰামৰ্শদাতা: প্ৰাচীন গোষ্ঠীয়ে স্কুল অধ্যক্ষৰ অতিৰিক্ত আন এজন উপযুক্ত ভাইক নিযুক্তিবোৰক চোৱা-চিতা কৰিবলৈ সহযোগী পৰামৰ্শদাতা হিচাপে নিৰ্ব্বাচিত কৰে। তেওঁৰ দায়িত্ব হৈছে ১ নং ভাষণ আৰু বাইবেল আলোকপাত কৰা ভাইক অকলশৰীয়াকৈ পৰামৰ্শ প্ৰদান কৰা। ইয়াৰ অৰ্থ এইটো নহয় যে তেওঁ প্ৰত্যেকটো ভাষণৰ পিছত সঙ্গী প্ৰাচীন বা সহায়ক সেৱকক পৰামৰ্শ প্ৰদান কৰা। এই ব্যৱস্থা ২০০৩ চনৰ পৰা কাৰ্য্যকাৰী হʼব আৰু পিছলৈ সম্ভৱতঃ সাল-সলনিও হʼব পাৰে।
পৰামৰ্শ ফৰ্ম: পাঠ্যপুস্তকত দিয়া আছে।
মৌখিক পুনৰ নিৰীক্ষণ: ৩০ মিনিট। প্ৰত্যেক দুমাহত স্কুল অধ্যক্ষই এটা মৌখিক পুনৰ নিৰীক্ষণ পৰিচালিত কৰিব। সেইটো উপৰৰ পৰিলেখত দিয়া অনুসাৰে বক্তাৰ গুণ আৰু বাইবেল আলোকপাতৰ পৰা বিবেচনা কৰা হʼব। সেই মৌখিক পুনৰ নিৰীক্ষণৰ বিষয়বস্তু হৈ যোৱা পূৰ্বৱৰ্তী দুমাহ আৰু চলিত মাহৰ ভাষণৰ ওপৰত আধাৰিত কৰি পৰিচালিত কৰা হʼব।
তালিকা
জানু. ৬ বাইবেল পাঠ: মথি ১-৬ গীত ৯১
বক্তৃতাৰ বৈশিষ্ট্য: ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুললৈ সকলোকে আদৰণি জনাওক (be পৃ. ৫ অনু. ১–পৃ. ৮ অনু. ১)
ভাষণ নং ১: ঈশ্বৰৰ বাক্যত আনন্দিত হওক (be পৃ. ৯ অনু. ১-৫)
ভাষণ নং ২: মথি ৪:১-২২
ভাষণ নং ৩: শেষ কালৰ চিহ্নসমূহে প্ৰকৃত খ্ৰীষ্টানসকলক কেনেকৈ প্ৰভাৱিত কৰে?(rs পৃ. ২৩৮ অনু. ২-৩; kl অধ্যায় ১১ অনু. ৩, ৪, ১৭)
ভাষণ নং ৪: বৰ্তমান সময়ত যীচুৱে কি কৰি আছে?
জানু. ১৩ বাইবেল পাঠ: মথি ৭-১১ গীত ৪০
বক্তৃতাৰ বৈশিষ্ট্য: নিতৌ বাইবেল পঢ়ক (be পৃ. ১০ অনু. ১-পৃ ১২ অনু. ৪)
ভাষণ নং ১: “এনেকৈ লৰ মাৰিবা” (w০১ ১/১ পৃ. ২৮-৩১)
ভাষণ নং ২: মথি ৯:৯-৩১
ভাষণ নং ৩: আমি কিয় আনক প্ৰচাৰ কৰোঁ
ভাষণ নং ৪: যিহোৱাৰ সাক্ষীসকলে ১৯১৪ চনৰ পৰা শেষকাল আৰম্ভ হʼল বুলি কিয় কয়? (rs পৃ. ২৩৯ অনু. ২–পৃ. ২৪০ অনু. ১; kl অধ্যায় ১১ অনু. ২, ৫-১৪, ১৬)
জানু. ২০ বাইবেল পাঠ: মথি ১২-১৫ গীত ১৩৩
বক্তৃতাৰ বৈশিষ্ট্য: সঠিককৈ পাঠ কৰা (be পৃ. ৮৩ অনু. ১-৫)
ভাষণ নং ১: আপুনি নিৰুৎসাহ কৰা বিষয়বোৰক সমাধান কৰিব পাৰে! (w০১ ২/১ পৃ. ২০-৩)
ভাষণ নং ২: মথি ১৩:১-২৩
ভাষণ নং ৩: বৰ্তমান জগতৰ ৰীতি-ব্যৱস্থাৰ ধ্বংসত কোনোবাই ৰক্ষা পাব নে? (rs পৃ. ২৪০ অনু. ২-৫; kl অধ্যায় ১৯ অনু. ৬, ১০)
ভাষণ নং ৪: ঈশ্বৰৰ প্ৰবণতা পৰিৱৰ্তনশীল নে?
জানু. ২৭ বাইবেল পাঠ: মথি ১৬-২১ গীত ১২৯
বক্তৃতাৰ বৈশিষ্ট্য: কিদৰে সঠিকভাৱে পাঠ কৰিব পাৰি (be পৃ. ৮৪ অনু. ১–পৃ. ৮৫ অনু. ৩)
ভাষণ নং ১: সময়ৰ ধৰ্ম হৈছে ক্ষণস্থায়ী (si পৃ. ২৭৮-৯ অনু. ১-৬)
ভাষণ নং ২: w০১-AE ১/১ পৃ. ২৮ অনু. ২০-২৪
ভাষণ নং ৩: কিহে এই জগতখনলৈ ঐক্যতা আনিব পাৰে?
ভাষণ নং ৪: ধ্বংস কৰাৰ পূৰ্বেই ঈশ্বৰে দুষ্টতাক কিয় অধিক সময় অনুমতি দিছে? (rs পৃ. ২৪১ অনু. ১-৩; kl অধ্যায় ৮ অনু. ৮-১১, ১৪, ১৫ )
ফেব্ৰু. ৩ বাইবেল পাঠ: মথি ২২-২৫ গীত ১৩৯
বক্তৃতাৰ বৈশিষ্ট্য: বাক্যবোৰক স্পষ্টকৈ কোৱা (be পৃ. ৮৬ অনু. ১-৬)
ভাষণ নং ১: “আপুনি কিদৰে শুনে তাৰ প্ৰতি মনোযোগ দিয়ক” (be পৃ. ১৩ অনু. ১–পৃ. ১৪ অনু. ৫)
ভাষণ নং ২: মথি ২২:১৫-৪০
ভাষণ নং ৩: আমি কেনেকৈ জানিব পাৰোঁ যে বাইবেলত উল্লেখ কৰা চিহ্নসমূহ আমি বাস কৰা সময়ছোৱাৰ সৈতে খাপ খায়? (rs পৃ. ২৪১ অনু. ৫–পৃ. ২৪২ অনু. ২; kl অধ্যায় ১১ অনু. ১, ২, ১৬ আৰু ১০২ পৃষ্ঠাত দিয়া বক্স)
ভাষণ নং ৪: প্ৰকৃততে বিশ্বাসী আৰু বুদ্ধিমান দাসসকল কোন?
ফেব্ৰু. ১০ বাইবেল পাঠ: মথি ২৬-২৮ গীত ২৭
বক্তৃতাৰ বৈশিষ্ট্য: কিদৰে স্পষ্টকৈ কʼব পাৰি (be পৃ. ৮৭ অনু. ১–পৃ. ৮৮ অনু. ৩)
ভাষণ নং ১: প্ৰকৃত আনন্দ কেনেকৈ প্ৰাপ্ত কৰিব পাৰি (w০১-AE ৩/১ পৃ. ৪-৭)
ভাষণ নং ২: মথি ২৬:৬-৩০
ভাষণ নং ৩: মই কিয় নিচাযুক্ত দ্ৰব্যৰ সেৱন নকৰোঁ
ভাষণ নং. ৪: মানৱ জীৱনৰ উদ্দেশ্য কি? (rs পৃ. ২৪৩ অনু. ৩–পৃ. ২৪৪ অনু. ৪; kl অধ্যায় ১ অনু. ২, ৮-১০)
ফেব্ৰু. ১৭ বাইবেল পাঠ: মাৰ্ক ১-৪ গীত ১৩৭
বক্তৃতাৰ বৈশিষ্ট্য: সঠিক উচ্চাৰণ—বিবেচনা কৰিবলগীয়া কাৰণসমূহ (be পৃ. ৮৯ অনু. ১–পৃ. ৯০ অনু. ২)
ভাষণ নং ১: বাইবেলীয় সময়ৰ নিৰ্দ্দেশকসমূহ (si পৃ. ২৭৯-৮০ অনু. ৭-১৩)
ভাষণ নং ২: w০১-AE ২/১ পৃ. ৩০ অনু. ১০-১৪
ভাষণ নং ৩: মানৱজাতিক অলপ সময়ৰ বাবে জীয়াই থাকিবলৈ অনুমতি দি মৃত্যু বৰণ কৰিবলৈ সৃষ্টি কৰা হৈছিল নে? (rs পৃ. ২৪৫ অনু. ১-৩; kl অধ্যায় ১ অনু. ৬, ৭, ৯)
ভাষণ নং ৪: জুৱা খেলাটো কিয় অনুচিত
ফেব্ৰু. ২৪ বাইবেল পাঠ: মাৰ্ক ৫-৮ গীত ৭২
বক্তৃতাৰ বৈশিষ্ট্য: সঠিক উচ্চাৰণ কৰাত উন্নতি হোৱাৰ পদ্ধতি (be পৃ. ৯০ অনু. ৩–পৃ. ৯২)
মৌখিক পুনৰ নিৰীক্ষণ
মাৰ্চ ৩ বাইবেল পাঠ: মাৰ্ক ৯-১২ গীত ১৯৫
বক্তৃতাৰ বৈশিষ্ট্য: বাকপটুতাৰে ভাষণ প্ৰস্তুত কৰা (be পৃ. ৯৩ অনু. ১–পৃ. ৯৪ অনু. ৩)
ভাষণ নং ১: আলোচনা, সন্মিলন আৰু অধিৱেশনসমূহত প্ৰস্তুত কৰা ভাষণক মনোযোগেৰে শুনা (be পৃ. ১৫ অনু. ১–পৃ. ১৬ অনু. ৫)
ভাষণ নং ২: মাৰ্ক ১০:১-২২
ভাষণ নং ৩: আমি কেনেকৈ ঈশ্বৰৰ দ্বাৰা শক্তিশালী হʼব পাৰোঁ
ভাষণ নং ৪: আমাৰ অনন্ত কাল জীয়াই থকাৰ আশা কিহৰ ওপৰত নিৰ্ভৰশীল? (rs পৃ. ২৪৬ অনু. ৫-২; kl অধ্যায় ৭ অনু. ১৭-২০)
মাৰ্চ ১০ বাইবেল পাঠ: মাৰ্ক ১৩-১৬ গীত ১৮৭
বক্তৃতাৰ বৈশিষ্ট্য: বাকপটুতাক কেনেকৈ উন্নত কৰিব পাৰি (be পৃ. ৯৪ অনু. ৪–পৃ. ৯৬ অনু. ৩, ৯৫ পৃষ্ঠাত দিয়া বক্সটো সন্মিলিত নকৰিব)
ভাষণ নং ১: আধ্যাত্মিক পৰমদেশ কি? (w০১ ৩/১ পৃ. ৮-১১)
ভাষণ নং ২: মাৰ্ক ১৩:১-২৩
ভাষণ নং ৩: ভৱিষ্যত জীৱনৰ প্ৰতি থকা আশা কেনেকৈ বাস্তৱিক হʼব? (rs পৃ. ২৪৬ অনু. ৮–পৃ. ২৪৭ অনু. ১; kl অধ্যায় ৯ অনু. ১৫-১৮)
ভাষণ নং ৪: ঈশ্বৰে কোনো মানৱ যুদ্ধত এটা জাতি বা লোকসমূহৰ পক্ষ লয়নে?
মাৰ্চ ১৭ বাইবেল পাঠ: লূক ১-৩ গীত ১৩
বক্তৃতাৰ বৈশিষ্ট্য: খোকোজা নলগাকৈ ভাষণ দিয়াত সফলতা লাভ কৰা (be পৃ. ৯৫, বক্স)
ভাষণ নং ১: “যি মানুহে প্ৰজ্ঞা পায়, তেওঁ ধন্য” (w০১ ৩/১৫ পৃ. ২৫-৮)
ভাষণ নং ২: লূক ৩:১-২২
ভাষণ নং ৩: যীচুক উপাসনা কৰোটো উচিত নে?
ভাষণ নং ৪: aআইনসঙ্গতভাৱে বিবাহ কৰাটো গুৰুত্বপূৰ্ণ নে? (rs পৃ. ২৪৮ অনু. ২–পৃ. ২৪৯ অনু. ২; kl অধ্যায় ১৩ অনু. ১১)
মাৰ্চ ২৪ বাইবেল পাঠ: লূক ৪-৬ গীত ১৫৬
বক্তৃতাৰ বৈশিষ্ট্য: ভাবধাৰা সলনিৰ অৰ্থে বিৰাম চিহ্নত বিৰতি লোৱা (be পৃ. ৯৭ অনু. ১–পৃ. ৯৮ অনু. ৫)
ভাষণ নং ১: আপোনাক ভুল বুজা হৈছেনে? (w০১-AE ৪/১ পৃ. ২৬-২৯)
ভাষণ নং ২: লূক ৬:১-২৩
ভাষণ নং ৩: স্মৰণীয় পৰ্ব্বৰ অভিপ্ৰায় কি? (rs পৃ. ২৬৬ অনু. ১–পৃ. ২৬৭ অনু. ১; kl অধ্যায় ১৩ অনু. ১৮)
ভাষণ নং ৪: খ্ৰীষ্টানসকলে ঈশ্বৰৰ দ্বাৰা উদ্ধাৰৰ আশা কৰিব পাৰেনে?
মাৰ্চ ৩১ বাইবেল পাঠ: লূক ৭-৯ গীত ৪৭
বক্তৃতাৰ বৈশিষ্ট্য: গুৰুত্ব আৰোপ কৰা আৰু শুনাৰ বাবে বিৰতি লোৱা (be পৃ. ৯৯অনু. ১–পৃ. ১০০ অনু. ৪)
ভাষণ নং ১ “ঈশ্বৰলৈ ভয় ৰাখা, আৰু তেওঁৰ আজ্ঞাবিলাক পালন কৰা” (be পৃ. ২৭২ অনু. ১–পৃ. ২৭৫ অনু. ৩)
ভাষণ নং ২: w০১-AE ৩/১ পৃ. ৩১ অনু. ১৭-২০
ভাষণ নং ৩: বাইবেলখনৰ আচল লিখকজন যে ঈশ্বৰ তাক আমি নজেই কেনেকৈ জানিব পাৰোঁ
ভাষণ নং ৪: স্মৰণীয় পৰ্বৰ প্ৰতীক চিহ্নই কি চিত্ৰিত কৰে? (rs পৃ. ২৬৭অনু. ২-৩; kl অধ্যায় ১৩ অনু. ১৮)
এপ্ৰি. ৭ বাইবেল পাঠ: লূক ১০-১২ গীত ৬৮
বক্তৃতাৰ বৈশিষ্ট্য: সঠিক ভাবধাৰাত জোৰ দিয়া (be পৃ. ১০১ অনু. ১–পৃ. ১০২ অনু. ৩)
ভাষণ নং ১: “যীচুৰ সাক্ষ্য ধাৰণ কৰা” (be পৃ. ২৭৫ অনু. ৪–পৃ. ২৭৮ অনু. ৪)
ভাষণ নং ২: লূক ১০:১-২২
ভাষণ নং ৩: কোনসকলে প্ৰভুৰ ভোজত অংশগ্ৰহণ কৰে? (rs পৃ. ২৬৭ অনু. ৫–পৃ. ২৬৮ অনু. ১)
ভাষণ নং ৪: সৰ্ব্বপ্ৰথম বিবাহখনত কেনেবোৰ নিয়ম জড়িত আছিল? (rs p. ২৪৯ অনু. ৩-৪; fy অধ্যায় ১৬ অনু. ১)
এপ্ৰি. ১৪ বাইবেল পাঠ: লূক ১৩-১৭ গীত ২০৮
বক্তৃতাৰ বৈশিষ্ট্য: ভাবধাৰাত জোৰ দি কোৱাত উন্নত কৰা (be পৃ. ১০২ অনু. ৪–পৃ. ১০৪ অনু. ৪)
ভাষণ নং ১ “ৰাজ্যৰ এই শুভবাৰ্ত্তা” (be পৃ. ২৭৯ অনু. ১–পৃ. ২৮১ অনু. ৪)
ভাষণ নং ২: লূক ১৫:১১-৩২
ভাষণ নং ৩: ভূত-পিশাচৰ প্ৰভাৱৰ পৰা আমি কেনেকৈ নিজকে ৰক্ষা কৰিব পাৰোঁ
ভাষণ নং ৪: কেতিয়া আৰু কিমানবাৰ স্মৰণীয় পৰ্ব উৎযাপন কৰা উচিত? (rs পৃ. ২৬৯ অনু. ১-২; kl অধ্যায় ১৩ অনু. ১৮)
এপ্ৰি. ২১ বাইবেল পাঠ: লূক ১৮-২১ গীত ২৩
বক্তৃতাৰ বৈশিষ্ট্য: মূল বিচাৰধাৰাক উল্লেখ কৰা (be পৃ. ১০৫ অনু. ১–পৃ. ১০৬ অনু. ২)
ভাষণ নং ১: যিহোৱাই বুদ্ধিমান আৰু প্ৰেমময়ৰূপে প্ৰবন্ধ কৰা ঋতু (si পৃ. ২৮০ অনু. ১৪-১৭)
ভাষণ নং ২: w০১-AE ৪/১ পৃ. ৬ অনু. ১৯-২২
ভাষণ নং ৩: পুনৰুত্থান হোৱা আশাই আমাৰ জীৱনত কেনে প্ৰভাৱ পেলাই
ভাষণ নং ৪: bবহু বিবাহ কৰা কাৰ্য্য বাইবেল শিক্ষাৰ বিপৰীত নে? (rs পৃ. ২৫০ অনু. ১–পৃ. ২৫১ অনু. ২; fy পৃ. ১৭ অনু. ২; kl অধ্যায় ১৩ অনু. ১৩)
এপ্ৰি. ২৮ বাইবেল পাঠ: লূক ২২-২৪ গীত ২১৮
বক্তৃতাৰ বৈশিষ্ট্য: শ্ৰোতাসকলে শুনিব পৰাকৈ ধ্বনিৰ উচ্চতা (be পৃ. ১০৭ অনু. ১–পৃ. ১০৮ অনু. ৪)
মৌখিক পুনৰ নিৰীক্ষণ
মে’ ৫ বাইবেল পাঠ: যোহন ১-৪ গীত ৩১
বক্তৃতাৰ বৈশিষ্ট্য: কেনেকৈ আপুনি নিজৰ ধ্বনিৰ উচ্চতাক উন্নত কৰিব (be পৃ. ১০৮ অনু. ৫–পৃ. ১১০ অনু. ২)
ভাষণ নং ১: আপুনি নিজৰ স্মৰণ শক্তি বৃদ্ধি কৰিব পাৰে (be পৃ. ১৭ অনু. ১–পৃ. ১৯ অনু. ১)
ভাষণ নং ২: যোহন ২:১-২৫
ভাষণ নং ৩: সুৰা পান কৰাটো ঈশ্বৰৰ ব্যৱস্থাৰ বিপৰীত নে?
ভাষণ নং ৪: cবৈবাহিক ব্যক্তিসকল পৃথক হোৱাৰ সম্পৰ্কে ঈশ্বৰীয় দৃষ্টিভঙ্গী কি? (rs পৃ. ২৫১ অনু. ৩; fy অধ্যায় ১৩ অনু. ১৭-২০)
মে’ ১২ বাইবেল পাঠ: যোহন ৫-৭ গীত ১৫০
বক্তৃতাৰ বৈশিষ্ট্য: কণ্ঠ ধ্বনি উচ্চ-নিম্ন কৰা—আপোনাৰ কণ্ঠ ধ্বনি সংশোধন কৰক (be পৃ. ১১১ অনু. ১–পৃ. ১১২ অনু. ২)
ভাষণ নং ১: যেনেকুৱা পৰিৱেশতে ডাঙৰ-দীঘল নহওক কিয় আপুনি সফলতা লাভ কৰিব পাৰে (w০১ ৪/১৫ পৃ. ২৫-৮)
ভাষণ নং ২: যোহন ৫:১-২৪
ভাষণ নং ৩: ভাগ্য নিৰ্দ্ধাৰণ কৰা উপদেশাৱলীবোৰ কিয় অযুক্তিসঙ্গত
ভাষণ নং ৪: dবিবাহ বিচ্ছেদ আৰু পুনৰ বিবাহ কৰাৰ সম্বন্ধে বাইবেলৰ দৃষ্টিভঙ্গী কি? (rs পৃ. ২৫২ অনু. ১-৪; fy অধ্যায় ২ অনু. ৪ আৰু অধ্যায় ১৩ অনু. ১৪-১৬)
মে’ ১৯ বাইবেল পাঠ: যোহন ৮-১১ গীত ১০২
বক্তৃতাৰ বৈশিষ্ট্য: কণ্ঠ ধ্বনি উচ্চ-নিম্ন কৰা—আপোনাৰ কথা কোৱা গতি সংশোধন কৰক (be পৃ. ১১২ অনু. ৩-৬)
ভাষণ নং ১: ‘বুদ্ধিমান হোৱাৰ দ্বাৰা আমাৰ আয়ুস বৃদ্ধি হʼব’ (w০১ ৫/১৫ পৃ. ২৮-৩১)
ভাষণ নং ২: যোহন ১০:১৬-৪২
ভাষণ নং ৩: প্ৰাচীন সময়ত ঈশ্বৰে কিয় ককায়েক-ভনীয়েকৰ মাজত বিবাহ কৰিবলৈ অনুমতি দিছিল (rs পৃ. ২৫২ অনু. ৫–পৃ. ২৫৩ অনু. ১)
ভাষণ নং ৪: মানসিক চাপৰ পৰা কেনেকৈ ৰেহাই পাব পাৰি
মে’ ২৬ বাইবেল পাঠ: যোহন ১২-১৬ গীত ২৪
বক্তৃতাৰ বৈশিষ্ট্য: কণ্ঠ ধ্বনি উচ্চ-নিম্ন কৰা—আপোনাৰ কথা কোৱা গতিত পাৰ্থক্যতা আনা (be পৃ. ১১৩ অনু. ১–পৃ. ১১৪ অনু. ৩)
ভাষণ নং ১: সেই বছৰটো আৰু পবিত্ৰ শাস্ত্ৰ (si পৃ. ২৮০-২ অনু. ১৮-২৩)
ভাষণ নং ২: w০১-AE ৫/১ পৃ. ১৩ অনু. ৪-৭
ভাষণ নং ৩: ‘এই জগতৰ নোহোৱা’ অৰ্থ কি?
ভাষণ নং ৪: কিহে এখন বিবাহক সফল কৰি তুলাত সহায় কৰে? (rs পৃ. ২৫৩ অনু. ২-৫; fy অধ্যায় ৩)
জুন ২ বাইবেল পাঠ: যোহন ১৭-২১ গীত ১৯৮
বক্তৃতাৰ বৈশিষ্ট্য: অনুভূতিৰে ভাষণ দিয়া (be পৃ. ১১৫ অনু. ১–পৃ. ১১৬ অনু. ৪)
ভাষণ নং ১: আমাক স্মৰণ কৰাই দিয়াৰ বাবে আদায় কৰা পবিত্ৰ আত্মাৰ ভূমিকা (be পৃ. ১৯ অনু. ২–পৃ. ২০ অনু. ৩)
ভাষণ নং ২: যোহন ২০:১-২৩
ভাষণ নং ৩: কিহে এখন বিবাহক সফল কৰি তুলাত সহায় কৰে? (rs পৃ. ২৫৪ অনু. ১-৪; kl অধ্যায় ১৫)
ভাষণ নং ৪: সংগঠিত হোৱা ধৰ্ম্মৰ আৱশ্যকনে?
জুন ৯ বাইবেল পাঠ: পাঁচনিৰ কৰ্ম্ম ১-৪ গীত ৯২
বক্তৃতাৰ বৈশিষ্ট্য: বিষয়বস্তুৰ অনুসাৰে সঠিকভাৱে উৎসাহী হোৱা (be পৃ. ১১৬ অনু. ৫–পৃ. ১১৭ অনু. ৪)
ভাষণ নং ১: যিহোৱাৰ প্ৰতি ৰখা ভাৰসা দৃঢ় কৰা (w০১ ৬/১ পৃ. ৭-১০)
ভাষণ নং ২: পাঁচনিৰ কৰ্ম্ম ৪:১-২২
ভাষণ নং ৩: বাইবেলত বৰ্ণনা কৰা মৰিয়মৰ বৃতান্তটোৰ পৰা আমি কি শিকিব পাৰোঁ? (rs পৃ. ২৫৪ অনু. ৫–পৃ. ২৫৫ অনু. ২; kl অধ্যায় ৪ অনু. ১৫)
ভাষণ নং ৪: আমি যি পদ্ধতিৰে ঈশ্বৰক উপাসনা কৰোঁ, তাৰ প্ৰতি তেওঁ আগ্ৰহী নে?
জুন ১৬ বাইবেল পাঠ: পাঁচনিৰ কৰ্ম্ম ৫-৭ গীত ২
বক্তৃতাৰ বৈশিষ্ট্য: ভাষণত আবেগিক তীব্ৰতা প্ৰকাশ কৰা (be পৃ. ১১৮ অনু. ১–পৃ. ১১৯ অনু. ৫)
ভাষণ নং ১: প্ৰায়শ্চিত্তই আৰোগ্যতালৈ পৰিচালিত কৰে (w০১ ৬/১ পৃ. ২৮-৩১)
ভাষণ নং ২: পাঁচনিৰ কৰ্ম্ম ৭:১-২২
ভাষণ নং ৩: যিহোৱাৰ সাক্ষীসকল আন ধৰ্ম্মবোৰৰ পৰা কেনেকৈ পৃথক
ভাষণ নং ৪: যেতিয়া মৰিয়মে যীচুক জন্ম দিছিল তেতিয়া তাই বাস্তৱতে কুমাৰী আছিল নে? (rs পৃ. ২৫৫ অনু. ৩-৪; kl পৃ. ৩৭ আৰু পৃ. ৪০ অনু. ১৫)
জুন ২৩ বাইবেল পাঠ: পাঁচনিৰ কৰ্ম্ম ৮-১০ গীত ১১৬
বক্তৃতাৰ বৈশিষ্ট্য: প্ৰবণতা প্ৰকাশ কৰা (be পৃ. ১১৯ অনু. ৬–পৃ. ১২০ অনু. ৫)
ভাষণ নং ১: আপদৰ সময়ছোৱাত অনাথ আৰু বিধৱাসকলক চোৱাচিতা কৰা (w০১ ৬/১৫ পৃ. ৯-১২)
ভাষণ নং ২: w০১-AE ৬/১ পৃ. ২০ অনু. ১–পৃ. ২১ অনু. ৫
ভাষণ নং ৩: মৰিয়মে চিৰকুমাৰী হৈ জীৱন নিৰ্বাহ কৰিছিল নে? (rs পৃ. ২৫৫ অনু. ৫–পৃ. ২৫৬ অনু. ২; kl অধ্যায় ৪ অনু. ১৫)
ভাষণ নং ৪: eআধ্যাত্মিক বৃদ্ধিৰ বাবে সভাত কিয় উপস্থিত হোৱা আৱশ্যক
জুন ৩০ বাইবেল পাঠ: পাঁচনিৰ কৰ্ম্ম ১১-১৪ গীত ১৬৭
বক্তৃতাৰ বৈশিষ্ট্য: ভাষণত ভঙ্গিমা আৰু মুখমণ্ডলৰ অভিব্যক্তিৰ গুৰুত্বতা (be পৃ. ১২১ অনু. ১-৪)
মৌখিক পুনৰ নিৰীক্ষণ
জুলা. ৭ বাইবেল পাঠ: পাঁচনিৰ কৰ্ম্ম ১৫-১৭ গীত ৩৮
বক্তৃতাৰ বৈশিষ্ট্য: ভাষণত ভঙ্গিমা আৰু মুখমণ্ডলৰ অভিব্যক্তিৰ ব্যৱহাৰ (be পৃ. ১২২ অনু. ১–পৃ. ১২৩ অনু. ২)
ভাষণ নং ১: নিজেই পাঠ কৰাটো কিয় প্ৰয়োজন? (be পৃ. ২১ অনু. ১–পৃ. ২৩ অনু. ৩)
ভাষণ নং ২: পাঁচনিৰ কৰ্ম্ম ১৫:১-২১
ভাষণ নং ৩: আমি কেনেকৈ যিহোৱাৰ আধিপত্যক সমৰ্থন কৰিম
ভাষণ নং ৪: মৰিয়ম ঈশ্বৰৰ মাতৃ আছিলনে? (rs পৃ. ২৫৬ অনু. ৩–পৃ. ২৫৭ অনু. ২; kl অধ্যায় ৪ অনু. ১৩, ১৫)
জুলা. ১৪ বাইবেল পাঠ: পাঁচনিৰ কৰ্ম্ম ১৮-২১ গীত ৩২
বক্তৃতাৰ বৈশিষ্ট্য: পৰিচৰ্য্যাত দৃষ্টি সংযোগ কৰা (be পৃ. ১২৪ অনু. ১–পৃ. ১২৫ অনু. ৪)
ভাষণ নং ১: সন্দেহবাদক আপোনাৰ বিশ্বাসক নষ্ট কৰিবলৈ অনুমতি নিদিব (w০১ ৭/১ পৃ. ১৮-২১)
ভাষণ নং ২: পাঁচনিৰ কৰ্ম্ম ১৯:১-২২
ভাষণ নং ৩: fমৰিয়মে পাপবিহীনভাৱে যীচুক গৰ্ভধাৰণ কৰিছিলনে? (rs পৃ. ২৫৭ অনু. ৩–পৃ. ২৫৮ অনু. ১; kl অধ্যায় ৬ অনু. ১২, ১৩)
ভাষণ নং ৪: ‘প্ৰথমে তেওঁৰ ৰাজ্য বিচাৰা’ অৰ্থ কি?
জুলা. ২১ বাইবেল পাঠ: পাঁচনিৰ কৰ্ম্ম ২২-২৫ গীত ২২২
বক্তৃতাৰ বৈশিষ্ট্য: এটা ভাষণ দিয়াৰ সময়ত দৃষ্টি সংযোগ (be পৃ. ১২৫ অনু. ৫–পৃ. ১২৭ অনু. ১)
ভাষণ নং ১: সঁচাকৈ আপুনি এজন সহনশীল ব্যক্তিনে? (w০১-AE ৭/১ পৃ. ২৯-৩১)
ভাষণ নং ২: পাঁচনিৰ কৰ্ম্ম ২৪:১-২৩
ভাষণ নং ৩: চয়তান এজন বাস্তৱিক ব্যক্তিনে?
ভাষণ নং ৪: gমৰিয়মে তেওঁৰ সৰ্ব্বশৰীৰৰ সৈতে স্বৰ্গাৰোহন কৰিলেনে? (rs পৃ. ২৫৮ অনু. ২-৩; kl অধ্যায় ৯ অনু. ১৯)
জুলা. ২৮ বাইবেল পাঠ: পাঁচনিৰ কৰ্ম্ম ২৬-২৮ গীত ১৪
বক্তৃতাৰ বৈশিষ্ট্য: প্ৰচাৰ কাৰ্য্যত স্বাভাৱিকতা প্ৰকাশ কৰা (be পৃ. ১২৮ অনু. ১–পৃ. ১২৯ অনু. ১)
ভাষণ নং ১: কোনো শূন্য বছৰ নাই (si পৃ. ২৮২ অনু. ২৪-৬)
ভাষণ নং ২: w০১-AE ৭/১ পৃ. ১৪ অনু. ৫-৮
ভাষণ নং ৩: মৰিয়মক মধ্যস্থ হিচাবে লৈ প্ৰাৰ্থনা কৰা উচিত নে? (rs পৃ. ২৫৮ অনু. ৪–পৃ. ২৫৯ অনু. ১; kl অধ্যায় ১৬ অনু. ৯)
ভাষণ নং ৪: উপহাৰ হিচাবে পোৱা জীৱনটোৰ প্ৰতি আমি কেনেকৈ সন্মান দেখুৱাব পাৰোঁ?
আগ. ৪ বাইবেল পাঠ: ৰোমীয়া ১-৪ গীত ১০৬
বক্তৃতাৰ বৈশিষ্ট্য: মঞ্চত দিয়া ভাষণত স্বাভাৱিকতা প্ৰকাশ কৰা (be পৃ. ১২৯ অনু. ২–পৃ. ১৩০ অনু. ১)
ভাষণ নং ১: আপুনি কেনেকৈ নিজেই পাঠ কৰিব (be পৃ. ২৩ অনু. ৪–পৃ. ২৬ অনু. ৫)
ভাষণ নং ২: ৰোমীয়া ২:১-২৪
ভাষণ নং ৩: আপুনি পূৰ্বেই কেতিয়াবা জীৱিত আছিল নে?
ভাষণ নং ৪: প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলে মৰিয়মক বিশেষভাৱে সন্মান কৰিছিল নে? (rs পৃ. ২৫৯ অনু. ৩–পৃ. ২৬০ অনু. ৩)
আগ. ১১ বাইবেল পাঠ: ৰোমীয়া ৫-৮ গীত ১৭৯
বক্তৃতাৰ বৈশিষ্ট্য: ৰাজহুৱাভাৱে পাঠ কৰাৰ সময়ত স্বাভাৱিকতা প্ৰকাশ কৰা (be পৃ. ১৩০ অনু. ২-৪)
ভাষণ নং ১: ‘ধাৰ্ম্মীকসকলৰ বাবে আশীৰ্ব্বাদ’ (w০১ ৭/১৫ পৃ. ২৪-৭)
ভাষণ নং ২: ৰোমীয়া ৫:৬-২১
ভাষণ নং ৩: hআপুনি কুমাৰী মৰিয়মক বিশ্বাস কৰেনে? (rs পৃ. ২৬০ অনু. ৪–পৃ. ২৬১ অনু. ২; kl পৃ. ৩৭ অনু. ১ আৰু পৃ. ৪০ অনু. ১৫)
ভাষণ নং ৪: আপুনি পুনৰ্জন্ম বিশ্বাস কৰা উচিতনে?
আগ. ১৮ বাইবেল পাঠ: ৰোমীয়া ৯-১২ গীত ২০৬
বক্তৃতাৰ বৈশিষ্ট্য: ব্যক্তিগত শুদ্ধতাই শুভবাৰ্ত্তাক সুশোভিত কৰি তুলে (be পৃ. ১৩১ অনু. ১-৩)
ভাষণ নং ১: আপোনাৰ মঙ্গলৰ অৰ্থে কাৰ্য্য কৰিবলৈ ভাল অভ্যাস কৰক (w০১ ৮/১ পৃ. ১৯-২২)
ভাষণ নং ২: w০১-AE ৮/১ পৃ. ২৬ অনু. ১০-১৩
ভাষণ নং ৩: কোনো মানুহে বাইবেলখন সাল-সলনি কৰিব পাৰেনে?
ভাষণ নং ৪: দ্ৰাক্ষাৰস আৰু পিঠা খ্ৰীষ্টৰ শৰীৰলৈ পৰিৱৰ্তন হয়নে? (rs পৃ. ২৬২ অনু. ১-পৃ. ২৬৩ অনু. ২; kl অধ্যায় ১৩ অনু. ১৮)
আগ. ২৫ বাইবেল পাঠ: ৰোমীয়া ১৩-১৬ গীত ৪৩
বক্তৃতাৰ বৈশিষ্ট্য: শালীনতা আৰু সুবিবেচনাই কেনেকৈ এজনক সাজ-পোছাক পৰিধানত প্ৰভাৱিত কৰে (be পৃ. ১৩১ অনু. ৪–পৃ. ১৩২ অনু. ৩)
মৌখিক পুনৰ নিৰীক্ষণ
ছেপ্টে. ১ বাইবেল পাঠ: ১ কৰিন্থীয়া ১-৯ গীত ৪৮
বক্তৃতাৰ বৈশিষ্ট্য: পৰিপাটিকৈ সাজ-পোছাক পৰিধান কৰাক মূল্যাঙ্কন কৰা (be পৃ. ১৩২ অনু. ৪–পৃ. ১৩৩ অনু. ১)
ভাষণ নং ১: কেনেকৈ অধ্যয়ন কৰা আৱশ্যক (be পৃ. ২৭ অনু. ১−পৃ. ৩১ অনু. ২)
ভাষণ নং ২: ১ কৰিন্থীয়া ৩:১-২৩
ভাষণ নং ৩: যোহন ৬:৫৩-৫৭ পদৰ অৰ্থ কি? (rs পৃ. ২৬৩ অনু. ৩-৪; kl অধ্যায় ১৩ অনু. ২২)
ভাষণ নং ৪: দৰিদ্ৰতাৰ বাবে চুৰি কৰাটো যুক্তিসঙ্গত নে?
ছেপ্টে. ৮ বাইবেল পাঠ: ১ কৰিন্থীয়া ১০-১৬ গীত ১২৩
বক্তৃতাৰ বৈশিষ্ট্য: উত্তম ব্যক্তিগত পৰিধানৰ বাবে আনে আওবাটে পৰিচালিত নহয় (be পৃ. ১৩৩ অনু. ২-৪)
ভাষণ নং ১: আপোনাৰ উন্নতিৰ বাটত অহা প্ৰতিবন্ধকবোৰত সফলতা লাভ কৰক! (w০১ ৮/১ পৃ. ২৮-৩০)
ভাষণ নং ২: ১ কৰিন্থীয়া ১২:১-২৬
ভাষণ নং ৩: ঈশ্বৰে কিয় বেয়া পৰিস্থিতিবোৰ হʼবলৈ অনুমতি দিছে?
ভাষণ নং ৪: যীচুৱে মাচ অৰ্থাৎ আনুষ্ঠানিক উপাসনাৰ স্থাপনা কৰিছিল নে? (rs পৃ. ২৬৪ অনু. ১–পৃ. ২৬৫ অনু. ৫; kl অধ্যায় ১৩ অনু. ১৮)
ছেপ্টে. ১৫ বাইবেল পাঠ: ২ কৰিন্থীয়া ১-৭ গীত ১৬
বক্তৃতাৰ বৈশিষ্ট্য: উত্তম ভাবভঙ্গী আৰু পৰিপাটিকৈ সাজু হোৱা (be পৃ. ১৩৩ অনু. ৫–পৃ. ১৩৪ অনু. ৪)
ভাষণ নং ১: আপোনাৰ ডেকা অৱস্থাক সফল কৰক (w০১ ৮/১৫ পৃ. ৪-৭)
ভাষণ নং ২: ২ কৰিন্থীয়া ৬:১-৭:১
ভাষণ নং ৩: স্থানীয় অধিকাৰীৰ প্ৰতি এজন খ্ৰীষ্টান ব্যক্তিৰ দৃষ্টিভঙ্গী (rs পৃ. ২৭০ অনু. ১-৩; kl অধ্যায় ১৪ অনু. ৭-১০)
ভাষণ নং ৪: এই পৃথিৱীত হোৱা প্ৰদূষণৰ প্ৰতি ঈশ্বৰে চিন্তা কৰেনে?
ছেপ্টে. ২২ বাইবেল পাঠ: ২ কৰিন্থীয়া ৮-১৩ গীত ২০৭
বক্তৃতাৰ বৈশিষ্ট্য: কেনেকৈ কথা কোৱা ব্যগ্ৰতাক হ্ৰাস কৰিব পাৰে (be পৃ. ১৩৫ অনু. ১–পৃ. ১৩৭ অনু. ২)
ভাষণ নং ১: আপুনি কেনেকৈ উত্তম নিৰ্ণয় লʼব পাৰে (w০১ ৯/১ পৃ. ২৭-৩০)
ভাষণ নং ২: ২ কৰিন্থীয়া ৮:১-২১
ভাষণ নং ৩: মৃত্যুৰ পিছত জীৱনৰ অস্তিত্ব থাকেনে?
ভাষণ নং ৪: শাৰীৰিক ভোগবিলাসৰ প্ৰতি এজন প্ৰকৃত খ্ৰীষ্টানৰ দৃষ্টিভঙ্গীৰ সম্বন্ধে থকা শাস্ত্ৰীয় পদসমূহ (rs পৃ. ২৭১ অনু. ১-৪)
ছেপ্টে. ২৯ বাইবেল পাঠ: গালাতীয়া ১-৬ গীত ১৬৩
বক্তৃতাৰ বৈশিষ্ট্য: কেনেকৈ ভাৰসাম্য লাভ কৰিব পাৰি (be পৃ. ১৩৭ অনু. ৩–পৃ. ১৩৮ অনু. ৫)
ভাষণ নং ১: সেই গুৰুত্বপূৰ্ণ তাৰিখবোৰ অধিক মূল্যবান (si পৃ. ২৮২-৩ অনু. ২৭-৩০)
ভাষণ নং ২: w০১-AE ৯/১ পৃ. ১৫ অনু. ৮–পৃ. ১৬ অনু. ১১
ভাষণ নং ৩: কেনে অৱস্থাত ঈশ্বৰে ইস্ৰায়েলসকলক যুদ্ধত লিপ্ত হʼবলৈ অনুমতি দিছিল? (rs পৃ. ২৭১ অনু. ৫–পৃ. ২৭৩ অনু. ১)
ভাষণ নং ৪: ঈশ্বৰৰ ৰাজ্যই যে শাসন আৰম্ভ কৰিলে তাক আমি কেনেকৈ জনিব পাৰিছোঁ
অক্টো. ৬ বাইবেল পাঠ: ইফিচীয়া ১-৬ গীত ৯৯
বক্তৃতাৰ বৈশিষ্ট্য: কণ্ঠধ্বনিক বিস্তাৰিত কৰাৰ গুৰুত্বতা (be পৃ. ১৩৯ অনু. ১–পৃ. ১৪০ অনু. ১)
ভাষণ নং ১: অধ্যয়নে আশীৰ্ব্বাদ কঢ়িয়াই আনে (be পৃ. ৩১ অনু. ৩–পৃ. ৩২ অনু. ৪)
ভাষণ নং ২: ইফিচীয়া ২:১-২২
ভাষণ নং ৩: ঈশ্বৰত বিশ্বাস কৰাটো যুক্তিসঙ্গত
ভাষণ নং ৪: ৰাজনীতিৰ সৈতে জড়িত থকা বিষয়বোৰত ঈশ্বৰীয় সিদ্ধান্ত ধাৰণ কৰিবলৈ এজন খ্ৰীষ্টান ব্যক্তিক কোনবোৰ শাস্ত্ৰীয় পদে প্ৰভাৱিত কৰে? (rs পৃ. ২৭৩ অনু. ২–পৃ. ২৭৪ অনু. ১; kl অধ্যায় ৫ অনু. ১৬ আৰু অধ্যায় ১৩ অনু. ১৪)
অক্টো. ১৩ বাইবেল পাঠ: ফিলিপীয়া ১-কলচিয়া ৪ গীত ১০৫
বক্তৃতাৰ বৈশিষ্ট্য: সঠিকৰূপে মাইক্ৰফোন ব্যৱহাৰ কৰক (be পৃ. ১৪০ অনু. ২–পৃ. ১৪২ অনু. ১)
ভাষণ নং ১: ‘ন্যায়পৰায়ণতাৰ পথত’ চলা (w০১ ৯/১৫ পৃ. ২৪-৮)
ভাষণ নং ২: ফিলিপীয়া ২:১-২৪
ভাষণ নং ৩: দেশভক্তিমূলক উৎসৱবোৰৰ সৈতে জড়িত থকা বিষয়বোৰত ঈশ্বৰীয় সিদ্ধান্ত ধাৰণ কৰিবলৈ এজন খ্ৰীষ্টান ব্যক্তিক কোনবোৰ শাস্ত্ৰীয় পদে প্ৰভাৱিত কৰে? (rs পৃ. ২৭৪ অনু. ২–পৃ. ২৭৫ অনু. ৩; kl অধ্যায় ৫ অনু. ১৬ আৰু অধ্যায় ১৩ অনু. ১৪)
ভাষণ নং ৪: যিহোৱা ঈশ্বৰে আজিৰ সময়ত আমি কি কৰাটো বিচাৰে
অক্টো. ২০ বাইবেল পাঠ: ১ থিচলনীকীয়া ১-২ থিচলনীকীয়া ৩ গীত ১৪৫
বক্তৃতাৰ বৈশিষ্ট্য: উত্তৰ দিওঁতে বাইবেল ব্যৱহাৰ কৰক (be পৃ. ১৪৩ অনু. ১-৩)
ভাষণ নং ১: সময়ৰ প্ৰতি যিহোৱাৰ দৃষ্টিভঙ্গী (si পৃ. ২৮৩-৪ অনু. ৩১-৩)
ভাষণ নং ২: w০১-AE ১০/১ পৃ. ২৯ অনু. ৬–পৃ. ৩০ অনু. ৯
ভাষণ নং ৩: কোনসকল স্বৰ্গলৈ যায়?
ভাষণ নং ৪: খ্ৰীষ্টানসকলে নিৰপেক্ষতা বজাই ৰখাৰ অৰ্থ এইটো নে যে তেওঁলোকে চুবুৰীয়াৰ কল্যাণৰ অৰ্থে আগ্ৰহী নহয়? (rs পৃ. ২৭৬ অনু. ১; kl অধ্যায় ৫ অনু. ১৯ আৰু অধ্যায় ১১ অনু. ১৪)
অক্টো. ২৭ বাইবেল পাঠ: ১ তীমথিয় ১-২ তীমথিয় ৪ গীত ৪৬
বক্তৃতাৰ বৈশিষ্ট্য: বাইবেলখন ব্যৱহাৰ কৰাত কেনেকৈ উন্নতি কৰিব পাৰি (be পৃ. ১৪৪ অনু. ১-৪)
মৌখিক পুনৰ নিৰীক্ষণ
নবে. ৩ বাইবেল পাঠ: তীত ১-ফিলীমন গীত ৩০
বক্তৃতাৰ বৈশিষ্ট্য: বাইবেলখন ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰা (be পৃ. ১৪৫-৬)
ভাষণ নং ১: বাইবেলখনৰ সৈতে কেনেকৈ অনুসন্ধান কৰিব পাৰি (be পৃ. ৩৩ অনু. ১–পৃ. ৩৫ অনু. ২)
ভাষণ নং ২: ফিলীমন ১-২৫
ভাষণ নং ৩: পাপবিহীন জীৱন-যাপন কৰাটো আমনিদায়ক নে?
ভাষণ নং ৪: নিউ ৱৰ্ল্ড ট্ৰান্চলেশ্ব্যান্ বাইবেলখনৰ গ্ৰীক অংশত কিয় যিহোৱাৰ নাম ব্যৱহাৰ কৰা হৈছে? (rs পৃ. ২৭৮ অনু. ১-৩; kl অধ্যায় ৩ অনু. ১২, ১৩)
নবে. ১০ বাইবেল পাঠ: ইব্ৰী ১-৮ গীত ১৪৯
বক্তৃতাৰ বৈশিষ্ট্য: প্ৰভাৱকাৰীৰূপে শাস্ত্ৰীয় পদসমূহ ব্যৱহাৰ কৰাৰ গুৰুত্বতা (be পৃ. ১৪৭ অনু. ১–পৃ. ১৪৮ অনু. ২)
ভাষণ নং ১: হানোক এই দুষ্ট জগতত থকাৰ স্বত্ত্বেও ঈশ্বৰৰ ইচ্ছাৰ অনুসাৰে চলিছিল (w০১-AE ৯/১ পৃ. ২৯-৩১)
ভাষণ নং ২: ইব্ৰী ২:১-১৮
ভাষণ নং ৩: i‘আপোনাৰ ওচৰত নিজা বাইবেল আছে’ বুলি কোৱা লোকসকলক প্ৰত্যুত্তৰ দিয়ক (rs পৃ. ২৭৯ অনু. ১-৪; kl অধ্যায় ২)
ভাষণ নং ৪: পুনৰুত্থান হোৱা লোকবিলাকক তেওঁবিলাকৰ কৰ্ম্মৰ অনুসাৰে কেনেকৈ ন্যায়-বিচাৰ কৰা হʼব?
নবে. ১৭ বাইবেল পাঠ: ইব্ৰী ৯-১৩ গীত ১৪৪
বক্তৃতাৰ বৈশিষ্ট্য: বাইবেল পদসমূহৰ পৰিচয় দিবলৈ সঠিক মন্তব্যৰ নিৰ্ব্বাচিত কৰক (be পৃ. ১৪৮ অনু. ৩–পৃ. ১৪৯ অনু. ২)
ভাষণ নং ১: বিশ্বস্ততা বজাই ৰখাৰ অৰ্থ কি? (w০১ ১০/১ পৃ. ২০-৩)
ভাষণ নং ২: ইব্ৰী ৯:১১-২৮
ভাষণ নং ৩: ঈশ্বৰে সৃষ্টি কৰা স্বৰ্গীয় প্ৰাণীবোৰ সংগঠিত নে? (rs পৃ. ২৮০ অনু. ২-৩; kl অধ্যায় ৩ অনু. ১৫)
ভাষণ নং ৪: ঈশ্বৰীয় ব্যৱস্থাৰ অনুসাৰে জীৱন-যাপন কৰাটো কিয় লাভজনক
নবে. ২৪ বাইবেল পাঠ: যাকোব ১-৫ গীত ৮৮
বক্তৃতাৰ বৈশিষ্ট্য: সঠিক গুৰুত্ব আৰোপণত অনুভূতি জড়িত আছে (be পৃ. ১৫০ অনু. ১-২)
ভাষণ নং ১: সময়ৰ ধাৰাত ঘটা ঘটনাসমূহক মনোযোগেৰে নিৰীক্ষণ কৰা (si পৃ. ২৮৪-৫ অনু. ১-৪)
ভাষণ নং ২: w০১-AE ১১/১ পৃ. ১২ অনু. ১৫–পৃ. ১৩ অনু. ১৯
ভাষণ নং ৩: শিষ্টতাৰ মূল্য
ভাষণ নং ৪: প্ৰাচীন সময়ত ঈশ্বৰে পৃথিৱীত থকা তেওঁৰ সেৱকসকলক কেনেকৈ নিৰ্দ্দেশনা প্ৰদান কৰিছিল? (rs পৃ. ২৮১ অনু. ১-২; kl অধ্যায় ১৭ অনু. ৬, ১৬,১৭)
ডিচে. ১: বাইবেল পাঠ: ১ পিতৰ ১-২ পিতৰ ৩ গীত ৫৪
বক্তৃতাৰ বৈশিষ্ট্য: সঠিক বাক্যত জোৰ দি উল্লেখ কৰক (be পৃ. ১৫০ অনু. ৩–পৃ. ১৫১ অনু. ২)
ভাষণ নং ১: উপলব্ধ থকা আন আন সাধনীবোৰৰ পৰা অনুসন্ধান কৰিবলৈ শিকক (be পৃ. ৩৫ অনু. ৩–পৃ. ৩৮ অনু. ৪)
ভাষণ নং ২: ১ পিতৰ ১:১-১৬
ভাষণ নং ৩: বাইবেলে প্ৰকাশ কৰিছেনে যে প্ৰকৃত খ্ৰীষ্টানসকলক সংগঠিত কৰা হʼব? (rs পৃ. ২৮২ অনু. ১-৪; kl অধ্যায় ১৪ অনু. ১৯-২৩)
ভাষণ নং ৪: খ্ৰীষ্টই দিয়া মুক্তিপণ বলিদানে কেনেকৈ আমাৰ জীৱনত প্ৰভাৱিত কৰে
ডিচে. ৮ বাইবেল পাঠ: ১ যোহন ১-যিহূদা গীত ২২
বক্তৃতাৰ বৈশিষ্ট্য: গুৰুত্ব দি উল্লেখ কৰাৰ পদ্ধতি (be পৃ. ১৫১ অনু. ৩–পৃ. ১৫২ অনু. ৫)
ভাষণ নং ১: আপোনাৰ বিবেকক ৰক্ষা কৰক (w০১-AE ১১/১ পৃ. ৪-৭)
ভাষণ নং ২: ১ যোহন ৩:১-১৮
ভাষণ নং ৩: মহিলাবিলাকক অপব্যৱহাৰ কৰাৰ বাবে বাইবেল কিয় দায়ী নহয়
ভাষণ নং ৪: ঈশ্বৰৰ বিশ্বাসী সেৱকসকলে খ্ৰীষ্টীয় জগতৰ গীৰ্জাৰ মাজত সাধাৰণভাৱে সিঁচৰিত নে? (rs পৃ. ২৮৩ অনু. ১-৩; kl অধ্যায় ১৭ অনু. ৩, ৪, ৬-৮, ১৫-২০)
ডিচে. ১৫ বাইবেল পাঠ: প্ৰকাশিত বাক্য ১-৬ গীত ২১৯
বক্তৃতাৰ বৈশিষ্ট্য: উপযুক্তভাৱে শাস্ত্ৰীয় পদসমূহৰ ব্যৱহাৰ (be পৃ. ১৫৩ অনু. ১–পৃ. ১৫৪ অনু. ৩)
ভাষণ নং ১: বিশ্বাসৰ গুণে নোহে জগতখনক দোষী সাব্যস্ত কৰিলে (w০১-AE ১১/১ পৃ. ৩০-৩২)
ভাষণ নং ২: প্ৰকাশিত বাক্য ২:১-১৭
ভাষণ নং ৩: যিহোৱাৰ দৃশ্যমান সংগঠনক কেনেকৈ চিনাক্ত কৰিব পাৰি? (rs পৃ. ২৮৩ অনু. ৪–পৃ. ২৮৪ অনু. ২; kl অধ্যায় ৫ অনু. ১৬-২২)
ভাষণ নং ৪: বৰদিন কিয় খ্ৰীষ্টানসকলৰ বাবে নহয়
ডিচে. ২২ বাইবেল পাঠ: প্ৰকাশিত বাক্য ৭-১৪ গীত ৬
বক্তৃতাৰ বৈশিষ্ট্য: বাইবেল পদসমূহৰ ব্যৱহাৰক স্পষ্টিকৰণ কৰক (be পৃ. ১৫৪ অনু. ৪–পৃ. ১৫৫ অনু. ৪)
ভাষণ নং ১: আপুনি আধ্যাত্মিক হৃদয় ৰোগৰ পৰা ৰক্ষা পাব পাৰে (w০১ ১২/১ পৃ. ৯-১৩)
ভাষণ নং ২: w০১-AE ১২/১ পৃ. ২৬ অনু. ১০–পৃ. ২৭ অনু. ১৩ (ফুটনোটতো সন্মিলিত কৰক)
ভাষণ নং ৩: সমকক্ষৰ হেঁচাক কেনেকৈ প্ৰতিৰোধ কৰিব
ভাষণ নং ৪: আমি কেনেকৈ যিহোৱাৰ সংগঠনৰ প্ৰতি সন্মান দেখুৱাব পাৰোঁ? (rs পৃ. ২৮৪ অনু. ৩-৭; kl অধ্যায় ১৪ অনু. ১৯-২৩)
ডিচে. ২৯ বাইবেল পাঠ: প্ৰকাশিত বাক্য ১৫-২২ গীত ৬০
বক্তৃতাৰ বৈশিষ্ট্য: শাস্ত্ৰীয় পদসমূহৰ পৰা যুক্তি দেখুৱাউক (be পৃ. ১৫৫ অনু. ৫–পৃ. ১৫৬ অনু. ৫)
মৌখিক পুনৰ নিৰীক্ষণ
[Footnotes]
a কেৱল ভাইসকলক নিযুক্তি দিয়ক।
b কেৱল ভাইসকলক নিযুক্তি দিয়ক।
c কেৱল ভাইসকলক নিযুক্তি দিয়ক।
d কেৱল ভাইসকলক নিযুক্তি দিয়ক।
e কেৱল ভাইসকলক নিযুক্তি দিয়ক।
f যদি সময়ে অনুমতি দিয়ে তেনেহʼলে ভাষণত প্ৰস্তুত কৰা বিষয়টো কেনেকৈ স্থানীয় প্ৰচাৰ এলেকাত উত্থাপন হোৱা প্ৰশ্নৰ সঠিক উত্তৰ আৰু প্ৰমাণ, আন আন বিষয়বোৰৰ আৱশ্যকতা অনুসাৰে সন্তুষ্টিজনক প্ৰত্যুত্তৰ দিব পাৰি তাৰ বিষয়ে বিবেচনা কৰক।
g যদি সময়ে অনুমতি দিয়ে তেনেহʼলে ভাষণত প্ৰস্তুত কৰা বিষয়টো কেনেকৈ স্থানীয় প্ৰচাৰ এলেকাত উত্থাপন হোৱা প্ৰশ্নৰ সঠিক উত্তৰ আৰু প্ৰমাণ, আন আন বিষয়বোৰৰ আৱশ্যকতা অনুসাৰে সন্তুষ্টিজনক প্ৰত্যুত্তৰ দিব পাৰি তাৰ বিষয়ে বিবেচনা কৰক।
h যদি সময়ে অনুমতি দিয়ে তেনেহʼলে ভাষণত প্ৰস্তুত কৰা বিষয়টো কেনেকৈ স্থানীয় প্ৰচাৰ এলেকাত উত্থাপন হোৱা প্ৰশ্নৰ সঠিক উত্তৰ আৰু প্ৰমাণ, আন আন বিষয়বোৰৰ আৱশ্যকতা অনুসাৰে সন্তুষ্টিজনক প্ৰত্যুত্তৰ দিব পাৰি তাৰ বিষয়ে বিবেচনা কৰক।
i যদি সময়ে অনুমতি দিয়ে তেনেহʼলে ভাষণত প্ৰস্তুত কৰা বিষয়টো কেনেকৈ স্থানীয় প্ৰচাৰ এলেকাত উত্থাপন হোৱা প্ৰশ্নৰ সঠিক উত্তৰ আৰু প্ৰমাণ, আন আন বিষয়বোৰৰ আৱশ্যকতা অনুসাৰে সন্তুষ্টিজনক প্ৰত্যুত্তৰ দিব পাৰি তাৰ বিষয়ে বিবেচনা কৰক।