ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ১০/০৩ পৃষ্ঠা ৩-৬
  • ২০০৪ চনৰ বাবে ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুলৰ তালিকা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ২০০৪ চনৰ বাবে ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুলৰ তালিকা
  • ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ১০/০৩ পৃষ্ঠা ৩-৬

২০০৪ চনৰ বাবে ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুলৰ তালিকা

পৰামৰ্শসমূহ

২০০৪ চনত ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুল পৰিচালনা কৰাৰ সময়ত তলত দিয়া অনুসাৰে কৰা হʼব।

মূল বিষয়বস্তু: কাৰ্য্য-নিযুক্তিৰ বাবে প্ৰহৰীবুৰুজ [w], পবিত্ৰ বাইবেল, ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুল শিক্ষাৰ পৰা লাভবান হোৱা (ইংৰাজী) [be], “গোটেই শাস্ত্ৰ ঈশ্বৰ-নিশ্বাসিত আৰু লাভজনক” (১৯৯০ চনৰ সংস্কৰণ, ইংৰাজী) [si], কথোপকথন আৰু শিক্ষা দিয়া আপোনাৰ দক্ষতাক কেনেকৈ উন্নত কৰিব [ht] আৰু ৰীজনিং ফ্ৰম দ্যা স্ক্ৰিপশ্বাৰ (১৯৮৯ চনৰ সংস্কৰণ, ইংৰাজী) [rs] ব্যৱহাৰ কৰা হʼব।

যʼত ৰীজনিং ফ্ৰম দ্যা স্ক্ৰিপশ্বাৰ কিতাপখন উপলব্ধ নাই, তাৰ বাবে অতিৰিক্ত উদ্ধৃতিৰ উল্লেখ কৰা হৈছে।

গীত আৰু প্ৰাৰ্থনা দ্বাৰা সময়মতে স্কুল আৰম্ভ কৰা আৱশ্যক, তাৰ পিছত সকলোকে আদৰণি জনাই তলত দিয়া ধৰণে পৰিচালনা কৰক:

বক্তৃতাৰ বৈশিষ্ট্য: ৫ মিনিট। স্কুল অধ্যক্ষ, অতিৰিক্ত পৰামৰ্শদাতা বা আন উপযুক্ত প্ৰাচীনে পৰিচৰ্য্যা স্কুল পাঠ্যপুথিৰ পৰা বক্তৃতাৰ গুণ নামৰ অংশটো পৰিচালনা কৰে। (যদি মণ্ডলীত সীমিত সংখ্যক প্ৰাচীন আছে তেনেহʼলে এজন উপযুক্ত সহায়ক সেৱকে এই ভাগটো পৰিচালনা কৰিব পাৰে।) ভাষণ নিযুক্তি কৰা পৃষ্ঠাত যদি কোনো বক্স আছে তেনেহʼলে সেইবোৰক আলোচনাত সন্মিলিত কৰা আৱশ্যক। তাত উল্লেখ কৰা অনুশীলনীবোৰক বাতিল কৰা প্ৰয়োজন। প্ৰাথমিকৰূপে এইবোৰ ব্যক্তিগত ব্যৱহাৰ আৰু আছুতীয়াকৈ পৰামৰ্শ দিয়াৰ সময়ত ব্যৱহাৰ কৰা হয়।

ভাষণ নং ১: ১০ মিনিট। এই ভাগটোক এজন প্ৰাচীন বা এজন সহায়ক সেৱকে প্ৰহৰীবুৰুজ, ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুল শিক্ষাৰ পৰা লাভৱান হোৱা বা “গোটেই শাস্ত্ৰ ঈশ্বৰ-নিশ্বাসিত আৰু লাভজনক” কিতাপৰ ওপৰত আধাৰিত কৰি ভাষণ দিয়ে। এই ভাষণ উপদেশমূলক ভাষণৰূপে ১০ মিনিট সময়ত দিয়া আৱশ্যক। ভাষণত কোনো মৌখিক পুনৰ নিৰীক্ষণ কৰা প্ৰয়োজন নাই। ভাষণত সকলোবোৰ বিষয় বিতংকৈ বৰ্ণনা কৰাৰ পৰিৱৰ্তে তাত উল্লেখ কৰা ব্যৱহাৰিক বিষয়বোৰক প্ৰয়োগ কৰিলেহে মণ্ডলীয়ে বেছি লাভৱান হʼব। উল্লেখ কৰা বিষয়বস্তুক ব্যৱহাৰ কৰা উচিত। ইয়াৰ উপৰিও যি ভায়ে এই ভাষণ দিয়ে তেওঁ নিৰ্দ্ধাৰিত সময়ৰ ভিতৰত ভাষণ শেষ কৰা আৱশ্যক। আৱশ্যকীয় অনুসাৰে এই ভাষণ দিয়া ভাইজনক আছুতীয়াকৈ পৰামৰ্শ দিব পাৰে।

বাইবেল পাঠৰ আলোকপাত: ১০ মিনিট। এই ভাষণৰ প্ৰথম ছয় মিনিট সময় এজন উপযুক্ত প্ৰাচীন বা সহায়ক সেৱকে স্থানীয়ভাৱে প্ৰযোজ্য হোৱা বিষয়বোৰক উল্লেখ কৰা উচিত। যিহেতু ২ নং ভাষণৰ বক্তাজনে পঢ়া বাইবেল পাঠৰ পৰা কোনো মন্তব্য নিদিব, সেয়েহে তেওঁ হয়তো সেই সপ্তাহটোৰ বাইবেল পাঠৰ কোনো অংশৰ ওপৰত মন্তব্য দিব পাৰে। এনে কৰোঁতে নিযুক্তি পাঠৰ কেৱল সাৰাংশ দিয়াটোৱেই যথেষ্ট নহয়। এই ভাষণৰ মূল লক্ষ্য হৈছে শ্ৰোতাসকলক বাইবেল পাঠত থকা সংবাদসমূহক কেনেকৈ আৰু কিয় মূল্যৱান তাক উপলব্ধি কৰাত সহায় কৰা। আলোকপাতৰ বাবে দিয়া বাইবেল পাঠৰ পৰা কেনেকৈ লাভৱান হʼল সেই বিষয়ে চমূকৈ (৩০ চেকেণ্ড বা তাতকৈ কম সময়ৰ ভিতৰত) মন্তব্য দিবলৈ বক্তাই শ্ৰোতাসকলক আমন্ত্ৰণ কৰে। তাৰ পিছত স্কুল অধ্যক্ষজনে দ্বিতীয় ক্লাচ ৰুমত ভাগ লোৱা বিদ্যাৰ্থীসকলক আন ৰুমলৈ যাবলৈ অনুৰোধ কৰে।

ভাষণ নং ২: ৪ মিনিট। এই ভাগটো পাঠ কৰিবলৈ এজন ভাইক নিযুক্তি কৰা হয়। সাধাৰণতে সেই পাঠ বাইবেলৰ পৰা পঢ়া হয়। মাহত এবাৰকৈ এই নিযুক্তিটোত প্ৰহৰীবুৰুজ আলোচনীখনৰ বিষয়বস্তু ব্যৱহাৰ কৰা হʼব। বিদ্যাৰ্থীজনে এই ভাগটোত কোনো পৰিচয় বা উপসংহাৰ নিদিয়াকৈ পাঠ কৰা উচিত। প্ৰত্যেক সপ্তাহে এই ভাষণৰ পাঠ কৰা পৰিমাণ একেই নহʼবও পাৰে, তথাপিও ইয়াৰ বাবে চাৰি মিনিট বা তাতকৈ কম সময় লোৱা উচিত। স্কুল অধ্যক্ষই এই ভাষণৰ বিষয়বস্তুক ভালকৈ নিৰীক্ষণ কৰি বয়স আৰু পাৰ্গতালিৰ অনুসাৰে বিদ্যাৰ্থীসকলক নিযুক্ত কৰা আৱশ্যক। স্কুল অধ্যক্ষই বিশেষকৈ বিদ্যাৰ্থীজনে স্পষ্টকৈ পাঠ কৰা, সঠিক অৰ্থত গুৰুত্ব দিয়া, প্ৰয়োজন অনুসাৰে সুৰ উচ্চ বা নিম্ন কৰা, পাঠ কৰোঁতে যতি বা দাঢ়ি, কমা আদি চিহ্নত বিৰতি লোৱা আৰু ভাষণৰ স্বাভাৱিকতাৰ ওপৰত মনোনিবেশ কৰিব।

ভাষণ নং ৩: ৫ মিনিট। এই ভাষণৰ বাবে কোনো এগৰাকী ভনীক নিযুক্তি কৰা হয়। এই ভাষণৰ বিদ্যাৰ্থীজনে নিৰ্বাচিত কৰা কোনো পটভূমি বা আমাৰ পৰিচৰ্য্যা পাঠ্যপুথিখনৰ ৮২ পৃষ্ঠাৰ ওপৰত আধাৰিত কৰি কোনো উপযুক্ত পটভূমি নিৰ্দ্ধাৰিত কৰা হʼব। বিদ্যাৰ্থীজনে নিযুক্তি ভাষণৰ বিষয়বস্তুক ব্যৱহাৰ কৰি তাক স্থানীয় প্ৰচাৰ এলেকাৰ বাবে ব্যৱহাৰিক আৰু সত্যসদৃশ্যতা কৰা উচিত। যেতিয়া ভাষণৰ বিষয়ৰ বাবে তথ্যৰ মূল উৎস উদ্ধৃতি কৰা নাথাকে তেতিয়া বিদ্যাৰ্থীজনে বিশ্বাসী বুদ্ধিমান দাস বৰ্গই প্ৰবন্ধ কৰা আলোচনীসমূহৰ পৰা নিজেই ভাষণৰ বিষয়বস্তু অনুসন্ধান কৰা আৱশ্যক। নতুন বিদ্যাৰ্থীসকলক তেনেবোৰ ভাষণৰ বাবে নিযুক্তি কৰা আৱশ্যক যিবোৰ ভাষণৰ বিষয়বস্তুৰ উৎস উদ্ধৃতি কৰা থাকে। স্কুল অধ্যক্ষজনে বিশেষকৈ বিদ্যাৰ্থীজনে কিদৰে ভাষণৰ বিষয়বস্তুক বিকাশিত কৰিছে আৰু ভনীগৰাকীয়ে প্ৰস্তুত কৰা মূল বিষয়বোৰক গৃহস্থক বুজাবলৈ কেনেকৈ শাস্ত্ৰীয় পদসমূহৰ যুক্তি দাঙি ধৰিছে তাৰ ওপৰত মনোযোগ দিব। এই ভাষণত নিযুক্তি কৰা বিদ্যাৰ্থীজনে অৱশ্যে পঢ়িবলৈ জনা আৱশ্যক। স্কুল অধ্যক্ষজনে বিদ্যাৰ্থীজনৰ বাবে এজন সহায়কাৰীৰ নিযুক্তি কৰিব।

ভাষণ নং ৪: ৫ মিনিট। এই ভাষণৰ বিদ্যাৰ্থীজনে নিজেই নিযুক্তি ভাষণৰ বিষয়বস্তুক বিকাশিত কৰা উচিত। যেতিয়া ভাষণৰ বিষয়বস্তুত কোনো উদ্ধৃতি দিয়া নাথাকে তেতিয়া বিদ্যাৰ্থীজনে ভাষণৰ বাবে নিজেই বিশ্বাসী বুদ্ধিমান দাস বৰ্গই প্ৰবন্ধ কৰা আলোচনীসমূহৰ পৰা অনুসন্ধান কৰা উচিত। যেতিয়া এই ভাষণত কোনো ভাইক নিযুক্তি দিয়া হয় তেতিয়া তেওঁ ৰাজ্যগৃহৰ শ্ৰোতাসকলৰ বিষয়ে মনত ৰাখি এই ভাগটোক এটা ভাষণৰূপে প্ৰস্তুত কৰিব। নতুবা স্কুল অধ্যক্ষজনে বক্তৃতাৰ কোনো এক বিশেষ গুণত কাৰ্য্য কৰিবলৈ পৰামৰ্শ দিব পাৰে। এই ভাষণত ভাগ লোৱা ভাইজনে তেওঁৰ বিষয়বস্তুক প্ৰচাৰ কাৰ্য্যক পৃষ্ঠভূমি হিচাবে ৰাখি প্ৰস্তুত কৰিব পাৰে। এই ভাষণৰ বাবে যেতিয়া কোনো ভনীক নিযুক্তি দিয়া হয় তেতিয়া ভাষণ সদায়ে ৩ নং ভাষণৰ পৰিলেখৰ দৰে প্ৰস্তুত কৰা উচিত। অনুগ্ৰহ কৰি মনত ৰাখক যে তৰা চিহ্ন থকা বিষয়বোৰক কেৱল ভাইসকলক প্ৰস্তুত কৰিবলৈ নিযুক্তি কৰা উচিত।

নিৰ্দ্ধাৰিত সময়: কোনো ভাষণ বা পৰামৰ্শ দিয়াৰ বাবে অতিৰিক্ত সময় লোৱা উচিত নহয়। ২ নং ভাষণৰ পৰা ৪ নং ভাষণৰ বাবে নিযুক্ত কৰা বিদ্যাৰ্থীসকলে যদি অতিৰিক্ত সময় লয়, তেনেহʼলে সাৱধানে তাক সমাপ্ত কৰা উচিত। যদি ১ নং ভাষণ আৰু বাইবেলৰ আলোকপাত কৰা বক্তাজনে অতিৰিক্ত সময় লয়, তেন্তে তেওঁক অকলশৰীয়াকৈ পৰামৰ্শ দিয়া উচিত। সকলো বক্তা আৰু বিদ্যাৰ্থীয়ে নিযুক্তি সময়ৰ প্ৰতি মনত ৰাখা উচিত। গীত আৰু প্ৰাৰ্থনাৰ বাহিৰে সম্পূৰ্ণ কাৰ্য্যক্ৰম ৪৫ মিনিটতত সমাপ্তি হোৱা আৱশ্যক।

পৰামৰ্শদান: ১ মিনিট। স্কুল অধ্যক্ষজনে প্ৰত্যেকজন বিদ্যাৰ্থীৰ ভাষণৰ শেষত তেওঁৰ ভাষণৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰি কিছুমান সঠিক দৃষ্টিভঙ্গী দাঙি ধৰা প্ৰয়োজন। তাৰ বাবে স্কুল অধ্যক্ষজনে ১ মিনিটতকৈ অধিক সময় লোৱা উচিত নহয়। পৰামৰ্শ প্ৰদান কৰোঁতে কেৱল “অতি উত্তম” বা “চাবাইচ” বুলি কোৱাটোৱেই তেওঁৰ লক্ষ্য হোৱা উচিত নহয়। বৰঞ্চ, তেওঁ বিদ্যাৰ্থীজনৰ ভাষণটোক কিহে অতি কাৰ্য্যকাৰী কৰিলে তাৰ নিৰ্দ্দিষ্ট কিছুমান যুক্তি দাঙি ধৰা উচিত। প্ৰত্যেকজন বিদ্যাৰ্থীৰ আৱশ্যকতাৰ অনুসাৰে অকলশৰীয়াকৈ বা আন এটা সময়ত অতিৰিক্ত বিকাশমূলক পৰামৰ্শ দিয়া প্ৰয়োজন।

সহযোগী পৰামৰ্শদাতা: প্ৰাচীন গোষ্ঠীয়ে স্কুল অধ্যক্ষৰ অতিৰিক্ত আন এজন উপযুক্ত ভাইক নিযুক্তিবোৰক চোৱা-চিতা কৰিবলৈ সহযোগী পৰামৰ্শদাতা হিচাপে নিৰ্ব্বাচিত কৰে। তেওঁৰ দায়িত্ব হৈছে ১ নং ভাষণ আৰু বাইবেল আলোকপাত কৰা ভাইক অকলশৰীয়াকৈ পৰামৰ্শ প্ৰদান কৰা। ইয়াৰ অৰ্থ এইটো নহয় যে তেওঁ প্ৰত্যেকটো ভাষণৰ পিছত সঙ্গী প্ৰাচীন বা সহায়ক সেৱকক পৰামৰ্শ প্ৰদান কৰা। এই ব্যৱস্থা ২০০৪ চনৰ পৰা কাৰ্য্যকাৰী হʼব আৰু পিছলৈ সম্ভৱতঃ সাল-সলনিও হʼব পাৰে।

পৰামৰ্শ ফৰ্ম: পাঠ্যপুস্তকত দিয়া আছে।

মৌখিক পুনৰ নিৰীক্ষণ: ৩০ মিনিট। প্ৰত্যেক দুমাহত স্কুল অধ্যক্ষই এটা মৌখিক পুনৰ নিৰীক্ষণ পৰিচালিত কৰিব। ইয়াক উপৰৰ পৰিলেখত দিয়া অনুসাৰে বক্তাৰ গুণ আৰু বাইবেল আলোকপাতৰ পৰা বিবেচনা কৰা হʼব। সেই মৌখিক পুনৰ নিৰীক্ষণৰ বিষয়বস্তু হৈ যোৱা পূৰ্বৱৰ্তী দুমাহ আৰু চলিত মাহৰ ভাষণৰ ওপৰত আধাৰিত কৰি পৰিচালিত কৰা হʼব।

তালিকা

জানুৱাৰী ৫ বাইবেল পাঠ: আদিপুস্তক ১-৫ গীত ১৫৪

বক্তৃতাৰ বৈশিষ্ট্য: ব্যৱহাৰিক গুৰুত্বতাবোৰক স্পষ্টিকৰণ কৰা (be ১৫৭ পৃ. ১ অনু.–১৫৮ পৃ. ১ অনু.)

১ নং: এটা পৰিলেখ তৈয়াৰ কৰা (be ৩৯-৪২ পৃ.)

২ নং: আদিপুস্তক ২:⁠৭-২৫

৩ নং: “নতুন নিয়ম” বা “পুৰণি নিয়ম” উক্তিটো ভৱিষ্যতে আহিবলগীয়া পৰম দেশীয় পৃথিৱীক নিৰ্দ্দেশিত কৰিছেনে? (rs ২৮৫ পৃ. ১-৩ অনু.)

৪ নং: aকৰ্তব্যচ্যুত হৈ পাপ কৰাৰ বিষয়ে বাইবেলৰ পৰা আমি কেনে আৰ্হি শিকিব পাৰোঁ

জানুৱাৰী ১২ বাইবেল পাঠ: আদিপুস্তক ৬-১০ গীত ২১৫

বক্তৃতাৰ বৈশিষ্ট্য: বিষয়বস্তুৰ ব্যৱহাৰিক প্ৰয়োগ (be ১৫৮ পৃ. ২-৪ অনু.)

১ নং: শুদ্ধতা​—⁠প্ৰকৃততে ইয়াৰ অৰ্থ কি? (w০২-AE ২/১ ৪-৭ পৃ.)

২ নং: আদিপুস্তক ৮:⁠১-​১৭

৩ নং: মিছা কোৱাটো কিয় হানিকাৰক

৪ নং: লূক ২৩:⁠৪৩ পদটোত উল্লেখ কৰা পৰমদেশ উক্তিটো স্বৰ্গ বা পৰলোকৰ ভাগ হʼব নোৱাৰে (rs ২৮৬ পৃ. ১ অনু.-২৮৭ পৃ. ১ অনু.)

জানুৱাৰী ১৯ বাইবেল পাঠ: আদিপুস্তক ১১-১৬ গীত ২১৮

বক্তৃতাৰ বৈশিষ্ট্য: আনক বিষয়টো বুজিবলৈ সহায় কৰক (be ১৫৯ পৃ. ১-৪ অনু.)

১ নং: ঈশ্বৰীয় সিদ্ধান্তসমূহৰ পৰা আপুনি লাভৱান হʼব পাৰে (w০২ ২/১৫ ৪-৭ পৃ.)

২ নং: আদিপুস্তক ১৩:⁠১-​১৮

৩ নং: লূক ২৩:⁠৪৩ পদত উল্লেখ কৰা পৰমদেশৰ উক্তিটোৱে পৃথিৱীখনৰ বিষয়ে কি নিৰ্দ্দেশিত কৰিছে? (rs ২৮৭ পৃ. ২ অনু.–২৮৮ পৃ. ২ অনু.)

৪ নং: যিহোৱাৰ সাক্ষীসকলে কিয় আনক তেওঁলোকৰ বিশ্বাস বিদিত কৰে

জানুৱাৰী ২৬ বাইবেল পাঠ: আদিপুস্তক ১৭-২০ গীত ১০৬

বক্তৃতাৰ বৈশিষ্ট্য: শব্দসমূহৰ বাছনি (be ১৬০ পৃ. ১-৩ অনু.)

১ নং: দয়া আৰু কৰুণাই হৈছে সমঅনুভূতিৰ প্ৰমুখ কাৰণ (w০২ ৪/১৫ ২৪-৭ পৃ.)

২ নং: w০২-AE ১০-১১ পৃ ৯-১১ অনু.

৩ নং: লূক ১৩:⁠২৪ পদত লিপিবদ্ধ কৰা যীচুৰ বাক্যশাৰীৰ অৰ্থ কি

৪ নং: আমাৰ কোনো এজনে কেনেকৈ প্ৰকৃত জ্ঞান আৰু প্ৰজ্ঞা লাভ কৰিব পাৰে? (rs ২৮৮ পৃ. ৩ অনু.–২৮৯ পৃ. ২ অনু.)

ফেব্ৰুৱাৰী ২ বাইবেল পাঠ: আদিপুস্তক ২১-২৪ গীত ৬৪

বক্তৃতাৰ বৈশিষ্ট্য: সৰল ভাষা সহজে বুজিব পাৰি (be ১৬১ পৃ. ১-৪ অনু.)

১ নং: বিদ্যাৰ্থীয়ে ঈশ্বৰ শাসিত স্কুলৰ বাবে নিজৰ ভাষণ তৈয়াৰ কৰে (be ৪৩ পৃ. ১ অনু.–৪৪ পৃ. ৩ অনু.)

২ নং: আদিপুস্তক ২১:⁠১-​২১

৩ নং: মানৱীয় দৰ্শনশাস্ত্ৰৰ আৰম্ভণ কি? (rs ২৮৯ পৃ. ৩ অনু.–২৯০ পৃ. ২ অনু.)

৪ নং: bবিবাহৰ পূৰ্বেই কৰা বিবাহ চুক্তিক কিয় গম্ভীৰতাৰে লোৱা উচিত

ফেব্ৰুৱাৰী ৯ বাইবেল পাঠ: আদিপুস্তক ২৫-২৮ গীত ৯

বক্তৃতাৰ বৈশিষ্ট্য: অভিব্যক্তিত যথাৰ্থতা আৰু ভিন্নতা থকা (be ১৬১ পৃ. ৫ অনু.–১৬২ পৃ. ৪ অনু.)

১ নং: বিষয় আৰু পটভূমিৰ সামঞ্জস্যত ভাষণ তৈয়াৰ কৰা (be ৪৪ পৃ. ৪ অনু.–৪৬ পৃ. ২ অনু.)

২ নং: আদিপুস্তক ২৮:⁠১-​১৫

৩ নং: কষ্টদায়ক জগতখনত শান্তি কেনেকৈ পাব পাৰি

৪ নং: মানৱীয় দৰ্শনশাস্ত্ৰৰ পৰিৱৰ্তে যীচুৰ শিক্ষাদানক অধ্যয়ন কৰাৰ বিষয়ে বিবেচনা কৰাটো কিয় স্পষ্টকৈ প্ৰমাণিত হৈছে? (rs ২৯০ পৃ. ৩ অনু.–২৯১ পৃ. ৩ অনু.)

ফেব্ৰুৱাৰী ১৬ বাইবেল পাঠ: আদিপুস্তক ২৯-৩১ গীত ১৬০

বক্তৃতাৰ বৈশিষ্ট্য: কাৰ্য্যকাৰিতা, অনুভূতিপূৰ্ণ আৰু জীৱন্ত কৰি তুলা বাক্যসমূহ (be ১৬৩ পৃ. ১ অনু.–১৬৪ পৃ. ২ অনু.)

১ নং: ধাৰ্ম্মিকসকলক অখণ্ডতাই পৰিচালিত কৰে (w০২ ৫/১৫ ২৪-৭ পৃ.)

২ নং: w০২-AE ২/১ ৯ পৃ. ৬-১০ অনু.

৩ নং: ঈশ্বৰে কোনসকলৰ প্ৰাৰ্থনা শুনিবলৈ আগ্ৰহী (rs ২৯২ পৃ. ১ অনু.–২৯৩ পৃ. ২ অনু.)

৪ নং: খ্ৰীষ্টানসকলৰ বাবে সুগুণ বজাই ৰাখাটো কিয় অতি গুৰুত্বপূৰ্ণ

ফেব্ৰুৱাৰী ২৩ বাইবেল পাঠ: আদিপুস্তক ৩২-৩৫ গীত ১

বক্তৃতাৰ বৈশিষ্ট্য: ব্যাকৰণৰ সৈতে সামঞ্জস্য ৰাখি ভাষণ প্ৰস্তুত কৰা (be ১৬৪ পৃ. ৩ অনু.–১৬৫ পৃ. ১ অনু.)

মৌখিক পুনৰ নিৰীক্ষণ

মাৰ্চ ১ বাইবেল পাঠ: আদিপুস্তক ৩৬-৩৯ গীত ৪৯

বক্তৃতাৰ বৈশিষ্ট্য: পৰিলেখৰ ব্যৱহাৰ (ht-AE ৪৪-৫ পৃ. ১০-১৯ অনু.)

১ নং: মণ্ডলীৰ বাবে ভাষণ তৈয়াৰ কৰা (be ৪৭ পৃ. ১ অনু.–৪৯ পৃ. ১ অনু.)

২ নং: আদিপুস্তক ৩৭:⁠১২-​২৮

৩ নং: আমাৰ বিশ্বাস কিয় সহনশীলতাৰ সৈতে সংযোগ হোৱা উচিত?

৪ নং: cএজন ব্যক্তিয়ে কৰা কেনে প্ৰাৰ্থনাক ঈশ্বৰে অগ্ৰাহ্য কৰে? (rs ২৯৩ পৃ. ৩ অনু.–২৯৪ পৃ. ৩ অনু.)

মাৰ্চ ৮ বাইবেল পাঠ: আদিপুস্তক ৪০-৪২ গীত ২০৫

বক্তৃতাৰ বৈশিষ্ট্য: আপোনাৰ বিচাৰধাৰাক সংগঠিত কৰা (be ১৬৭ পৃ. ৩ অনু.–১৬৮ পৃ. ২ অনু.)

১ নং: সেৱা সভা আৰু আন সভাৰ ভাষণসমূহ তৈয়াৰ কৰা (be ৪৯ পৃ. ২ অনু.–৫১ পৃ. ২ অনু.)

২ নং: আদিপুস্তক ৪২:⁠১-​২০

৩ নং: যিহোৱাৰ সৈতে কেনেকৈ নিবিড় সম্পৰ্ক স্থাপন কৰিব পাৰি

৪ নং: dপ্ৰাৰ্থনাত উল্লেখ কৰা উপযুক্ত বিষয়বোৰ কি কি? (rs ২৯৪ পৃ. ৪ অনু.–২৯৫ পৃ. ৩ অনু.)

মাৰ্চ ১৫ বাইবেল পাঠ: আদিপুস্তক ৪৩-৪৬ গীত ৬৭

বক্তৃতাৰ বৈশিষ্ট্য: আপোনাৰ ভাষণৰ পৰিলেখ সৰলভাৱে প্ৰস্তুত কৰক (be ১৬৮ পৃ. ৩ অনু.–১৬৯ পৃ. ৫ অনু.)

১ নং: যিহোৱা ঈশ্বৰে কেতিয়া কঠোৰ পৰিশ্ৰমেৰে কৰা কাৰ্য্যত আশীৰ্ব্বাদ দিয়ে? (w০২ ৮/১ ২৯-৩১ পৃ.)

২ নং: আদিপুস্তক ৪৩:⁠১-​১৮

৩ নং: eযেতিয়া কোনোবাই কয় যে, ‘মোৰ সৈতে প্ৰথমে প্ৰাৰ্থনা কৰক তাৰ পিছত আপোনাৰ বাৰ্ত্তাৰ বিষয়ে কওক’ (rs ২৯৫ পৃ. ৪-৫ অনু.)

৪ নং: অযথাৰ্থ ধনেৰে কেনেকৈ বন্ধুত্ব স্থাপন কৰিব পাৰি?

মাৰ্চ ২২ বাইবেল পাঠ: আদিপুস্তক ৪৭-৫০ গীত ১৮৭

বক্তৃতাৰ বৈশিষ্ট্য: সুসংগতৰূপে বিষয়বস্তুক বিকাশ কৰা (ht-AE ৫৪-৫ পৃ. ৯-১৫ অনু.)

১ নং: যিহোৱা ঈশ্বৰে কিয় হেবলে কৰা বলিদান গ্ৰহণ কৰিলে আৰু কয়িনৰ অগ্ৰাহ্য কৰিলে? (w০২ ৮/১ ২৮ পৃ.)

২ নং: আদিপুস্তক ৪৭:⁠১-​১৭

৩ নং: ভৱিষ্যতে পূৰ্ণ হʼবলগীয়া বাইবেল বৰ্ণিত কিছুমান উল্লেখযোগ্য ভৱিষ্যতবাণী কি কি? (rs ২৯৬ পৃ. ২ অনু.–২৯৭ পৃ. ৩ অনু.)

৪ নং: যিহোৱালৈ ভয় ৰাখাটো কিয় জ্ঞানৰ আৰম্ভণ বুলি কʼব পাৰি

মাৰ্চ ২৯ বাইবেল পাঠ: যাত্ৰাপুস্তক ১-৬ গীত ৫২

বক্তৃতাৰ বৈশিষ্ট্য: যুক্তিসঙ্গতৰূপে ভাষণ প্ৰস্তুত কৰা (be ১৭১ পৃ. ৩ অনু.–১৭২ পৃ. ৫ অনু.)

১ নং: বিবেচনা শক্তিয়ে আপোনাক কেনেকৈ ৰক্ষা কৰিব পাৰে (w০২ ৮/১৫ ২১-৪ পৃ.)

২ নং: w০২-AE ২/১ ২৪-২৫ পৃ. ৭-১১ অনু.

৩ নং: অহঙ্কাৰৰ প্ৰতি যিহোৱাৰ দৃষ্টিভঙ্গী কি

৪ নং: বাইবেলত উল্লেখ কৰা ভৱিষ্যতবাণীৰ প্ৰতি প্ৰকৃত খ্ৰীষ্টানসকলে কিয় গভীৰভাৱে আগ্ৰহী হোৱা উচিত? (rs ২৯৭ পৃ. ৪-৮ অনু.)

এপ্ৰিল ৫ বাইবেল পাঠ: যাত্ৰাপুস্তক ৭-১০ গীত ৬১

বক্তৃতাৰ বৈশিষ্ট্য: কেৱল যুক্তিসঙ্গত বিষয়বস্তুৰ ব্যৱহাৰ কৰা (be ১৭৩ পৃ. ১-৪ অনু.)

১ নং: ৰাজহুৱা ভাষণৰ বাবে তৈয়াৰ কৰা (be ৫২ পৃ. ১ অনু.–৫৪ পৃ. ১ অনু.)

২ নং: যাত্ৰাপুস্তক ৮:⁠১-​১৯

৩ নং: যেতিয়া কোনোবাই কয় যে, ‘আপুনি ভৱিষ্যতবাণীসমূহত অধিক গুৰুত্ব দিয়ে’ (rs ২৯৮ পৃ. ১-২ অনু.)

৪ নং: আশাক কিয় “প্ৰাণৰ লঙ্গৰৰ” সৈতে তুলনা কৰা হয়

এপ্ৰিল ১২ বাইবেল পাঠ: যাত্ৰাপুস্তক ১১-১৪ গীত ৮৭

বক্তৃতাৰ বৈশিষ্ট্য: প্ৰত্যুৎপন্নতাৰে ভাষণ দিয়া (be ১৭৪ পৃ. ১ অনু.–১৭৫ পৃ. ৪ অনু.)

১ নং: বক্তাৰ সিদ্ধান্ত (be ৫৪ পৃ. ২-৪ অনু.; ৫৫ পৃষ্ঠাত দিয়া বক্স)

২ নং: যাত্ৰাপুস্তক ১২:⁠১-​১৬

৩ নং: আমি কিয় যিহোৱাৰ অনুযোগ গ্ৰহণ কৰা উচিত?

৪ নং: মৃত্যুৰ পিছত আত্মাৰ বিচাৰ হয় বুলি দিয়া শিক্ষা কিহৰ ওপৰত আধাৰিত? (rs ২৯৯ পৃ. ১-৬ অনু.)

এপ্ৰিল ১৯ বাইবেল পাঠ: যাত্ৰাপুস্তক ১৫-১৮ গীত ১৭১

বক্তৃতাৰ বৈশিষ্ট্য: প্ৰত্যুৎপন্নতাৰে ভাষণ দিয়াৰ সময়ত সাৱধানতা অৱলম্বন কৰা বিষয়সমূহ (be ১৭৫ পৃ. ৫ অনু.–১৭৭ পৃ. ১ অনু.)

১ নং: তাড়নাৰ প্ৰতি আমি কেনে দৃষ্টিভঙ্গী ৰাখা উচিত? (w০২ ৯/১ ২৯-৩১ পৃ.)

২ নং: w০২-AE ৩/১ ১৫-১৬ ৮-১১ অনু.

৩ নং: মৃত্যুৰ পিছতো এজন ব্যক্তিয়ে তেওঁ কৰা পাপৰ বাবে শাস্তি পাবলগীয়া হয়নে? (rs ৩০০ পৃ. ২-৬ অনু.)

৪ নং: fবিবাহ কিয় এক আজীৱন বন্ধন হোৱা উচিত

এপ্ৰিল ২৬ বাইবেল পাঠ: যাত্ৰাপুস্তক ১৯-২২ গীত ৫৯

বক্তৃতাৰ বৈশিষ্ট্য: যেতিয়া বৰ্ণনাৰ আৱশ্যক হয় (be ১৭৭ পৃ. ২ অনু. ১৭৮ পৃ. ২ অনু.)

মৌখিক পুনৰ নিৰীক্ষণ

মে’ ৩ বাইবেল পাঠ: যাত্ৰাপুস্তক ২৩-২৬ গীত ১৩

বক্তৃতাৰ বৈশিষ্ট্য: কথোপকথনৰ উপযোগী আচাৰ-ব্যৱহাৰ (be ১৭৯-৮০ পৃ.)

১ নং: এজন শিক্ষকৰ দৰে পাৰগতা বিকাশ কৰা (be ৫৬ পৃ. ১ অনু. ৫৭ পৃ. ২ অনু.)

২ নং: যাত্ৰাপুস্তক ২৩:⁠১-​১৭

৩ নং: বেয়া অভ্যসবোৰৰ ওপৰত জয়ী হʼবলৈ যিহোৱা ঈশ্বৰে কেনেকৈ সহায় কৰিব পাৰে?

৪ নং: মানৱে কেনেকৈ ভিন্ন প্ৰকাৰৰ জাতিলৈ বিভক্ত হʼল? (rs ৩০১ পৃ. ১-৪ অনু.)

মে’ ১০ বাইবেল পাঠ: যাত্ৰাপুস্তক ২৭-২৯ গীত ২৮

বক্তৃতাৰ বৈশিষ্ট্য: কণ্ঠস্বৰৰ গুণগত বৈশিষ্ট্য (be ১৮১ পৃ. ১-৪ অনু.)

১ নং: ‘প্ৰভেদ কৰা’ (be ৫৭ পৃ. ৩ অনু.–৫৮ পৃ. ২ অনু.)

২ নং: যাত্ৰাপুস্তক ২৮:⁠২৯-​৪৩

৩ নং: যদি সেই সময়ত এটা পৰিয়াল আছিল তেতিয়াহʼলে কয়িনে তেওঁৰ পত্নীক কʼৰ পৰা পালে? (rs ৩০১ পৃ. ৫ অনু.–৩০২ পৃ. ১ অনু.)

৪ নং: জাতিগত পক্ষপাত কৰাটো কিয় অনুচিত

মে’ ১৭ বাইবেল পাঠ: যাত্ৰাপুস্তক ৩০-​৩৩ গীত ৯৩

বক্তৃতাৰ বৈশিষ্ট্য: আপোনাৰ শ্ৰাস-প্ৰশ্বাস সঠিককৈ নিয়ন্ত্ৰণ কৰা (be ১৮১ পৃ. ৫ অনু.–১৮৪ পৃ. ১ অনু.; ১৮২ পৃ. বক্স)

১ নং: শ্ৰোতাসকলক বিবেচনা কৰি চাবলৈ উৎসাহিত কৰক (be ৫৮ পৃ. ৩ অনু.–৫৯ পৃ. ৩ অনু.)

২ নং: যাত্ৰাপুস্তক ৩০:⁠১-২১

৩ নং: কিয় মৃদুশীল হোৱা উচিত?

৪ নং: বিভিন্ন জাতিগত চৰিত্ৰৰ কেনে বৰ্ণনাসমূহ পাব পাৰি? (rs ৩০২ পৃ. ২ অনু.–​৩০৩ পৃ. ২ অনু.)

মে’ ২৪ বাইবেল পাঠ: যাত্ৰাপুস্তক ৩৪-​৩৭ গীত ৮৬

বক্তৃতাৰ বৈশিষ্ট্য: পেশীবোৰৰ উত্তেজনা হ্ৰাস কৰা (be ১৮৪ পৃ. ২ অনু.–১৮৫ পৃ. ৩ অনু.; ১৮৪ পৃ. বক্স)

১ নং: ব্যৱহাৰিকতা প্ৰকাশ কৰা আৰু উত্তম আৰ্হি ৰাখা (be ৬০ পৃ. ১ অনু.–৬১ পৃ. ৩ অনু.)

২ নং: যাত্ৰাপুস্তক ৩৬:⁠১-​১৮

৩ নং: সমস্ত মানৱজাতি ঈশ্বৰৰ সন্তান হয়নে? (rs ৩০৩ পৃ. ৩ অনু.–৩০৪ পৃ. ৪ অনু.)

৪ নং: অলপ কথাত বিশ্বাসী হোৱা আৱশ্যকনে?

মে’ ৩১ বাইবেল পাঠ: যাত্ৰাপুস্তক ৩৮-​৪০ গীত ২০২

বক্তৃতাৰ বৈশিষ্ট্য: আন ব্যক্তিৰ প্ৰতি আগ্ৰহকতা প্ৰকাশ কৰা (be ১৮৬ পৃ. ১-৪ অনু.)

১ নং: কথোপকথনৰ কলাক কেনেকৈ উন্নত কৰিব পাৰি (be ৬২ পৃ. ১ অনু.–৬৪ পৃ. ১ অনু.)

২ নং: w০২-AE ৫/১ ১৮ পৃ. ৩-৬ অনু.

৩ নং: ১ যোহন ৩:⁠১৯, ২০ পদত উল্লেখ কৰা বিষয়বস্তুৱে কেনেকৈ এজন ব্যক্তিক শান্ত্বনা প্ৰদান কৰিব পাৰে?

৪ নং: সকলো জাতিৰ লোকে ভাই-ভনীৰ দৰে কেতিয়াবা একত্ৰিত হʼব পাৰিবনে? (rs ৩০৪ পৃ. ৫ অনু.–৩০৫ পৃ. ৩ অনু.)

জুন ৭ বাইবেল পাঠ: লেবীয়া পুস্তক ১-৫ গীত ১২৩

বক্তৃতাৰ বৈশিষ্ট্য: মনোযোগেৰে শুনা (be ১৮৭ পৃ. ১-৫ অনু.)

১ নং: কথোপকথন কেনেকৈ একেৰাহে চলাই যাব পাৰি (be ৬৪ পৃ. ২ অনু.–৬৫ পৃ. ৪ অনু.)

২ নং: লেবীয়া পুস্তক ৩:⁠১-​১৭

৩ নং: শ্বহীদ হোৱা আন ব্যক্তিসকলতকৈ যীচুৰ মৃত্যু কিয় ভিন্ন? (rs ৩০৬ পৃ. ১-৪ অনু.)

৪ নং: যাদুমন্ত্ৰ বিষয়ে অলপ-অচৰপকৈ হʼলেও চৰ্চা কৰাটো কিয় অনুচিত?

জুন ১৪ বাইবেল পাঠ: লেবীয়া পুস্তক ৬-৯ গীত ১২১

বক্তৃতাৰ বৈশিষ্ট্য: আনক উন্নতি কৰিবলৈ সহায় কৰা (be ১৮৭ পৃ. ৬ অনু.–১৮৮ পৃ. ৩ অনু.)

১ নং: প্ৰশ্নকৰোঁতাৰ দৃষ্টিভঙ্গীক বিচক্ষণ কৰা (be ৬৬ পৃ. ১ অনু.–৬৮ পৃ. ১ অনু.)

২ নং: লেবীয়া পুস্তক ৭:⁠১-​১৯

৩ নং: যি বেয়া তাক ঘৃণা কৰিবলৈ আমি কেনেকৈ শিকিব পাৰোঁ?

৪ নং: কিয় তেনে ধৰণে মুক্তিপণ প্ৰদান কৰাৰ আৱশ্যকতা আছিল? (rs ৩০৬ পৃ. ৬ অনু.–​৩০৭ পৃ. ২ অনু.)

জুন ২১ বাইবেল পাঠ: লেবীয়া পুস্তক ১০-১৩ গীত ১৮৩

বক্তৃতাৰ বৈশিষ্ট্য: ব্যৱহাৰিক সাহায্য আগবঢ়োৱা (be ১৮৮ পৃ. ৪ অনু.–১৮৯ পৃ. ৪ অনু.)

১ নং: আপুনি কেনেদৰে উত্তৰ দিয়া উচিত সেই বিষয়ে জ্ঞাত হোৱা (be ৬৮ পৃ. ২ অনু.–৭০ পৃ. ৩ অনু.)

২ নং: লেবীয়া পুস্তক ১১:⁠১-​২৫

৩ নং: যিসকলে আজ্ঞা পালন কৰিব কেৱল তেওঁলোকেহে অনন্তজীৱন পাব বুলি স্পষ্টকৈ কিয় ঈশ্বৰে নিজৰ ৰায় প্ৰদান নকৰিলে? (rs ৩০৭ পৃ. ৩ অনু.–৩০৮ পৃ. ১ অনু.)

৪ নং: প্ৰবঞ্চনাৰ প্ৰতি যিহোৱাই কেনে দৃষ্টিভঙ্গী ৰাখে

জুন ২৮ বাইবেল পাঠ: লেবীয়া পুস্তক ১৪-১৬ গীত ২১৬

বক্তৃতাৰ বৈশিষ্ট্য: আনক সন্মান কৰা (be ১৯০ পৃ. ১-৪ অনু.)

মৌখিক পুনৰ নিৰীক্ষণ

জুলাই ৫ বাইবেল পাঠ: লেবীয়া পুস্তক ১৭-২০ গীত ৫৪

বক্তৃতাৰ বৈশিষ্ট্য: সন্মানপূৰ্বক স্বীকৃতি লাভ কৰা (be ১৯১ পৃ. ১ অনু.–১৯২ পৃ. ১ অনু.)

১ নং: পত্ৰৰ দ্বাৰা যোগাযোগ (be ৭১ পৃ. ১-৩ অনু.)

২ নং: লেবীয়া পুস্তক ১৭:⁠১-​১৬

৩ নং: যিহোৱাৰ সংগঠনত ভাৰসা কৰা

৪ নং: যীচুৰ বলিদান প্ৰাথমিকতে কোনসকলত কি উদ্দেশ্যৰে প্ৰযোজ্য হয়? (rs ৩০৮ পৃ. ২-৩ অনু.)

জুলাই ১২ বাইবেল পাঠ: লেবীয়া পুস্তক ১৭-২০ গীত ১৩৮

বক্তৃতাৰ বৈশিষ্ট্য: সন্মানপূৰ্ব্বক ভাষণ দিয়া (be ১৯২ পৃ. ২ অনু.–১৯৩ পৃ. ২ অনু.)

১ নং: অগ্ৰগতি অৰ্থাৎ উন্নতিশীল হওক (be ৭৪ পৃ. ১ অনু.–৭৫ পৃ. ৩ অনু.)

২ নং: লেবীয়া পুস্তক ২২:⁠১-​১৬

৩ নং: আমাৰ সময়ত আন কোনসকলে যীচুৰ মুক্তিপণ বলিদানৰ পৰা লাভৱান হৈছে? (rs ৩০৯ পৃ. ১-৩ অনু.)

৪ নং: যিহোৱা ইহুদীসকলৰ জনজাতীয় ঈশ্বৰ আছিলনে?

জুলাই ১৯ বাইবেল পাঠ: লেবীয়া পুস্তক ২৫-২৭ গীত ৭

বক্তৃতাৰ বৈশিষ্ট্য: সম্পূৰ্ণ নিশ্চয়তাৰে প্ৰকাশ কৰা (be ১৯৪ পৃ. ১ অনু.–১৯৫ পৃ. ২ অনু.)

১ নং: আপোনাৰ উপহাৰক ব্যৱহাৰ কৰক (be ৭৫ পৃ. ৪ অনু.–৭৭ পৃ. ২ অনু.)

২ নং: লেবীয়া পুস্তক ২৫:⁠১-​১৯

৩ নং: সন্ত্ৰাসবাদৰ কেনেকৈ অন্ত পৰিব

৪ নং: যীচুৰ মুক্তিপণ বলিদানৰ ফলস্বৰূপে ভৱিষ্যতে আমি কেনে আশীৰ্ব্বাদসমূহৰ ভাগী হʼম (rs ৩১০ পৃ. ১-৪ অনু.)

জুলাই ২৬ বাইবেল পাঠ: গণনা পুস্তক ১-৩ গীত ৩০

বক্তৃতাৰ বৈশিষ্ট্য: নিশ্চয়তা কেনেকৈ প্ৰকাশ কৰা হয় (be ১৯৫ পৃ. ৩ অনু.–১৯৬ পৃ. ৪ অনু.)

১ নং: প্ৰকৃত খ্ৰীষ্টানসকল ঈৰ্ষান্বিত হোৱা উচিতনে? (w০২ ১০/১৫ ২৮-৩১ পৃ.)

২ নং: w০২-AE ৬/১ ২৬-২৭ পৃ. ৬-৯ অনু.

৩ নং: যীচুৰ মুক্তিপণ বলিদানৰ পৰা লাভৱান হʼবলৈ আমি কি কৰা আৱশ্যক? (rs ৩১০ পৃ. ৫ অনু.–​৩১১ পৃ. ৩ অনু.)

৪ নং: আপোনজনাৰ মৃত্যুত শোক প্ৰকাশ কৰাটো অশাস্ত্ৰীয়নে?

আগষ্ট ২ বাইবেল পাঠ: গণনা পুস্তক ৪-৬ গীত ১২৮

বক্তৃতাৰ বৈশিষ্ট্য: যদিও কৌশলপূৰ্ণ কিন্তু দৃঢ় হোৱা (be ১৯৭ পৃ. ১-৩ অনু.)

১ নং: যিহোৱাৰ সম্মুখত আমাৰ দিন গণিবলৈ সাজু হোৱা (w০২ ১১/১৫ ২০-৩ পৃ.)

২ নং: গণনা পুস্তক ৬:⁠১-​১৭

৩ নং: এজনে আনজনক ঘৃণা নকৰিবলৈ বাইবেলে কেনেকৈ লোকসকলক সহায় কৰে

৪ নং: যীচুৰ মুক্তিপণ বলিদানে আমাক কেনেদৰে প্ৰভাৱিত কৰা উচিত আৰু আমি কেনেকৈ ইয়াক নিজৰ জীৱনত প্ৰয়োগ কৰিব পাৰোঁ? (rs ৩১১ পৃ. ৪-৬ অনু.)

আগষ্ট ৯ বাইবেল পাঠ: গণনা পুস্তক ৭-৯ গীত ৩৫

বক্তৃতাৰ বৈশিষ্ট্য: প্ৰচাৰ কৰোঁতে সতৰ্কতা অৱলম্বন কৰা (be ১৯৭ পৃ. ৪ অনু.–১৯৮ পৃ. ৫ অনু.)

১ নং: এক শ্ৰেণীবিহীন সমাজ প্ৰকৃততে সম্ভৱনে? (w০২-AE ১/১ ৪-৭ পৃ.)

২ নং: গণনা পুস্তক ৮:⁠১-​১৯

৩ নং: খ্ৰীষ্টানসকলক উদ্দেশ্য কৰি “প্ৰভুৰ লগ লবলৈ” বুলি পাঁচনি পৌলে কোৱা কথাশাৰীত কিহৰ বিষয়ে আলোচনা কৰা হৈছিল? (rs ৩১২ পৃ. ১-২ অনু.)

৪ নং: খ্ৰীষ্টৰ বিৰোধী কোন?

আগষ্ট ১৬ বাইবেল পাঠ: গণনা পুস্তক ১০-১৩ গীত ২০৩

বক্তৃতাৰ বৈশিষ্ট্য: উপযুক্ত সময়ত সঠিক বাক্য (be ১৯৯ পৃ. ১-৪ অনু.)

১ নং: যিহোৱাত ভাৰসা কৰক​—⁠একমাত্ৰ তেৱেঁই হৈছে প্ৰকৃত ঈশ্বৰ (w০২ ১/১৫ ৫-৭ পৃ.)

২ নং: গণনা পুস্তক ১২:⁠১-​১৬

৩ নং: ঈশ্বৰৰ প্ৰতিশোধ তেওঁৰ প্ৰেমৰ সুসামঞ্জস্যতনে?

৪ নং: যীচু খ্ৰীষ্ট এটুকুৰা মেঘৰ উপৰত অহা আৰু তেওঁৰ বিশ্বাসী খ্ৰীষ্টান অনুগামীসকলক স্বৰ্গলৈ তুলি নিয়াক জগতৰ সকলোৱে দেখা পাবনে? (rs ৩১৩ পৃ. ১-৩ অনু.)

আগষ্ট ২৩ বাইবেল পাঠ: গণনা পুস্তক ১৪-১৬ গীত ২০৭

বক্তৃতাৰ বৈশিষ্ট্য: পৰিয়াল আৰু আনসকলৰ প্ৰতি সংবেদনশীল হোৱা (be ২০০ পৃ. ১-৪ অনু.)

১ নং: ভিন্ন মনোবৃত্তি বিকাশিত কৰা ভায়েক-ককায়েক (w০২-AE ১/১ ৩০-২ পৃ.)

২ নং: w০২-AE ৭/১ ৩০-৩১ পৃ. ১৫-১৯ অনু.

৩ নং: খ্ৰীষ্টানসকলক তেওঁলোকৰ মাংসিক শৰীৰৰ সৈতে স্বৰ্গলৈ নিয়াটো সম্ভৱনে? (rs ৩১৪ পৃ. ১-২ অনু.)

৪ নং: gমাৰ-পিট, কটা-মৰা আদি হিংসাত্মক কাৰ্য্যৰে ভৰি থকা ভিডিঅ গেমচ্‌ কিয় প্ৰকৃত খ্ৰীষ্টানসকলৰ বাবে উপযুক্ত নহয়

আগষ্ট ৩০ বাইবেল পাঠ: গণনা পুস্তক ১৭-২১ গীত ১৫০

বক্তৃতাৰ বৈশিষ্ট্য: উন্নতিসাধক আৰু যথাৰ্থ (be ২০২ পৃ. ১ অনু.–২০৩ পৃ. ২ অনু.)

মৌখিক পুনৰ নিৰীক্ষণ

ছেপ্টেম্বৰ ৬ বাইবেল পাঠ: গণনা পুস্তক ২২-২৫ গীত ২২

বক্তৃতাৰ বৈশিষ্ট্য: যথাৰ্থ কণ্ঠস্বৰ ব্যৱহাৰ (be ২০৩ পৃ. ৩ অনু.–২০৪ পৃ. ১ অনু.)

১ নং: নোহৰ সময়ৰ জগতখন কিয় ধ্বংস হʼল? (w০২ ৩/১ ৫-৭ পৃ.)

২ নং: গণনা পুস্তক ২২:⁠১-​১৯

৩ নং: বিশ্বাসী খ্ৰীষ্টান ব্যক্তিসকলক মৃত্যু নোহোৱাকৈ স্বৰ্গলৈ নিয়া হʼবনে? (rs ৩১৪ পৃ. ৩ অনু.–৩১৫ পৃ. ২ অনু.)

৪ নং: hখ্ৰীষ্টান পিতৃ-মাতৃয়ে তেওঁলোকৰ লʼৰা-ছোৱালীক কোনো এটা বিষয়ে কিয় স্পষ্টকৈ বুজাই দিয়া উচিত

ছেপ্টেম্বৰ ১৩ বাইবেল পাঠ: গণনা পুস্তক ২৬-২৯ গীত ৭১

বক্তৃতাৰ বৈশিষ্ট্য: যেতিয়া বিশ্বাসী সঙ্গী ভাই-ভনীৰ সৈতে কথাবতৰা পাতা হয় (be ২০৪ পৃ. ২ অনু.–২০৫ পৃ. ৪ অনু.)

১ নং: বিকলাঙ্গতাৰ কেনেকৈ অন্ত হʼব (w০২ ৫/১ ৪-৭ পৃ.)

২ নং: গণনা পুস্তক ২৯:⁠১-​১৯

৩ নং: মহা-ক্লেশৰ সময়ত প্ৰকৃত খ্ৰীষ্টানসকলে কেনেধৰণৰ নিৰাপত্তা পোৱাৰ আশা আছে? (rs ৩১৫ পৃ. ৩ অনু.–৩৬১ পৃ. ৩ অনু.

৪ নং: যীচু খ্ৰীষ্টৰ দ্বাৰা ঈশ্বৰে কৰা প্ৰতিজ্ঞাসমূহ কেনেকৈ পূৰ্ণ হʼব?

ছেপ্টেম্বৰ ২০ বাইবেল পাঠ: গণনা পুস্তক ৩০-৩২ গীত ৫১

বক্তৃতাৰ বৈশিষ্ট্য: গুৰুত্বতাৰ বাবে পুনৰুক্তি (ht-AE ৩৩ পৃ. ১-৩ অনু.)

১ নং: ধাৰ্ম্মিকতা প্ৰকাশ কৰি ঈশ্বৰৰ প্ৰেমপূৰ্বক দয়া লাভ কৰা (w০২ ৭/১৫ ২৮-৩১ পৃ.)

২ নং: গণনা পুস্তক ৩০:⁠১-​১৬

৩ নং: যীচুৰ সৈতে থাকিবলৈ কিয় কিছুমান খ্ৰীষ্টান ব্যক্তিক স্বৰ্গলৈ নিয়া হʼল? (rs ৩১৬ পৃ. ৫-৮ অনু.)

৪ নং: iঅশ্লীল সাহিত্য, বোলছবি আদি চোৱাৰ পৰা কিয় আঁতৰি থকা উচিত

ছেপ্টেম্বৰ ২৭ বাইবেল পাঠ: গণনা পুস্তক ৩৩-৩৬ গীত ১০০

বক্তৃতাৰ বৈশিষ্ট্য: প্ৰচাৰ কাৰ্য্য আৰু ভাষণত পুনৰুক্তি কৰা (be ২০৭ পৃ. ১ অনু.–২০৮ পৃ. ৪ অনু.)

১ নং: প্ৰকৃত ধাৰ্মিক ব্যক্তিসকলে আপোনাক কেনেকৈ সহায় কৰিব পাৰে? (w০২ ৯/১৫ ৪-৭ পৃ.)

২ নং: w০২-AE ৮/১ ১৭-১৮ পৃ. ১৫-১৯ অনু.

৩ নং: j‘খ্ৰীষ্টানসকলে গৈ ৰক্ষা পাবলৈ এনে এক স্থান আছে বুলি আপুনি বিশ্বাস কৰেনে?’ (rs ৩১৬ পৃ. ৯ অনু.–৩১৭ পৃ. ২ অনু.)

৪ নং: আমি ৰোমাঞ্চিত কৰি তুলা কাৰ্য্যত ভাগ লোৱাৰ পৰা আঁতৰি থকা উচিত

অক্টোবৰ ৪ বাইবেল পাঠ: দ্বিতীয় বিবৰণ ১-৩ গীত ১৯১

বক্তৃতাৰ বৈশিষ্ট্য: বিষয়বস্তুৰ বিকাশিত কৰা (be ২০৯ পৃ. ১-৩ অনু.)

১ নং: ঈশ্বৰৰ যথাৰ্থ জ্ঞানৰ পৰা শান্ত্বনা (w০২-AE ১০/১ ৫-৭ পৃ.)

২ নং: দ্বিতীয় বিবৰণ ১:⁠১-​১৮

৩ নং: সত্যক নিজৰ আপোন কৰি লোৱাৰ অৰ্থ কি

৪ নং: সম্পূৰ্ণকৈ এখন নতুন ঠাইৰ সৈতে পৰিচিত হৈ আচৰিত অনুভৱ কৰাটোৱে প্ৰমাণ কৰেনে যে পুনৰ্জন্মগ্ৰহণ কৰা বিষয়টো হৈছে এটা বাস্তৱিক? (rs ৩১৭ পৃ. ৩ অনু.–৩১৯ পৃ. ১ অনু.)

অক্টোবৰ ১১ বাইবেল পাঠ: দ্বিতীয় বিবৰণ ৪-৬ গীত ১৮১

বক্তৃতাৰ বৈশিষ্ট্য: এটা সঠিক বিষয়ৰ ব্যৱহাৰ (be ২১০ পৃ. ১ অনু.–২১১ পৃ. ১ অনু.; ২১১ পৃ., বক্স)

১ নং: সা.যু.পূ. ৫৩৭ চনৰ পৰা সা.যু.পূ. ৯৯৭ চনলৈ উভটাই গণনা কৰা (si ২৮৫ পৃ. ৫-৭ অনু.)

২ নং: দ্বিতীয় বিবৰণ ৪:⁠১-​১৪

৩ নং: যোহন ৯:⁠১, ২ পদত উল্লেখ কৰা বৃতান্তই কিয় পুনৰ্জন্মগ্ৰহণ কৰা বিষয়ক সমৰ্থন নকৰে? (rs ৩১৯ পৃ. ২ অনু.–৩২০ পৃ. ২ অনু.)

৪ নং: ‘মাংসৰ ভাবত’ কি জড়িত আছে?

অক্টোবৰ ১৮ বাইবেল পাঠ: দ্বিতীয় বিবৰণ ৭-১০ গীত ৭৮

বক্তৃতাৰ বৈশিষ্ট্য: মুখ্য বিষয়সমূহক স্পষ্টকৈ প্ৰকাশ কৰা (ht-AE ৩৯ পৃ. ৯-১৩ অনু.)

১ নং: সা.যু.পূ. ৯৯৭ চনৰ পৰা সা.যু.পূ. ২৩৭০ চনলৈ উভটাই গণনা কৰা (si ২৮৫-৬ পৃ. ৮-১১ অনু.)

২ নং: w০২-AE ৮/১ ২৪-২৫ পৃ. ৩-৬ অনু.

৩ নং: পুনৰ্জন্মগ্ৰহণ আৰু বাইবেলে প্ৰদান কৰা আশাৰ মাজত কিমান বিশাল ভিন্নতা আছে? (rs ২৩০ পৃ. ৩-৪ অনু.)

৪ নং: kধৰ্ম্মত্যাগীসকলৰ প্ৰতি যিহোৱাই কেনে দৃষ্টি ৰাখে

অক্টোবৰ ২৫ বাইবেল পাঠ: দ্বিতীয় বিবৰণ ১১-১৩ গীত ৫৭

বক্তৃতাৰ বৈশিষ্ট্য: অত্যাধিক মুখ্য বিষয় থকা আৱশ্যক নহয় (ht-AE ৪০-৪১ পৃ. ১৪-১৭ অনু.)

মৌখিক পুনৰ নিৰীক্ষণ

নবেম্বৰ ১ বাইবেল পাঠ: দ্বিতীয় বিবৰণ ১৪-১৮ গীত ২৬

বক্তৃতাৰ বৈশিষ্ট্য: আগ্ৰহম্বিত কৰি তুলা পাতনিসমূহ (ht-AE ১৭-১৮ পৃ. ১-৭ অনু.)

১ নং: সা.যু.পূ. ২৩৭০ চনৰ পৰা সা.যু.পূ. ৪০২৬ চনলৈ উভটাই গণনা কৰা (si ২৮৬-৭ পৃ. ১২-১৫ অনু.)

২ নং: দ্বিতীয় বিবৰণ ১৪:⁠১-​২৩

৩ নং: lযেতিয়া কোনোবাই কয় যে, ‘মই পুনৰ্জন্মগ্ৰহণত বিশ্বাস কৰোঁ’ (rs ৩২১ পৃ. ১-৩ অনু.)

৪ নং: প্ৰকৃত খ্ৰীষ্টানসকলে কিয় সৰলভাৱে জীৱন-যাপন কৰা উচিত

নবেম্বৰ ৮ বাইবেল পাঠ: দ্বিতীয় বিবৰণ ১৯-২২ গীত ১৮২

বক্তৃতাৰ বৈশিষ্ট্য: প্ৰচাৰ ক্ষেত্ৰত লগ পোৱা লোকসকলক আগ্ৰহী কৰি তুলা (be ২১৭ পৃ. ১-৪ অনু.)

১ নং: পৃথিৱীত যীচুৰ জীৱন-যাপন (si ২৯১ পৃ. ১৬-১৭ অনু.)

২ নং: দ্বিতীয় বিবৰণ ২১:⁠১-​১৭

৩ নং: আজি জগতখনত কিয় অধিক ধৰ্ম্ম দেখিবলৈ পোৱা যায়? (rs ৩২২ পৃ. ১ অনু.–৩২৩ পৃ. ২ অনু.)

৪ নং: বাইবেলত পোৱা উদাহৰণসমূহে আমাক নিৰুৎসাহৰ সৈতে সম্মুখীন হʼবলৈ কেনেকৈ সহায় কৰে?

নবেম্বৰ ১৫ বাইবেল পাঠ: দ্বিতীয় বিবৰণ ২৩-২৭ গীত ১৬২

বক্তৃতাৰ বৈশিষ্ট্য: পাতনিতে আপোনাৰ বিষয়ক চিনাক্ত কৰা (be ২১৭ পৃ. ৫ অনু.–২১৯ পৃ. ৩ অনু.)

১ নং: যীচুৰ পৰিচৰ্য্যা সময়ৰ বৈশিষ্ট্যতা (si ২৯১ পৃ. ১৮-১৯ অনু.)

২ নং: দ্বিতীয় বিবৰণ ২৪:⁠১-​১৬

৩ নং: ঈশ্বৰৰ সমৰ্থন থকাসকলক কেনেকৈ চিনাক্ত কৰিব পাৰি

৪ নং: সকলো ধৰ্ম্মই উত্তম বুলি কোৱা কথাষাৰ সঁচানে? (rs ৩২৩ পৃ. ৩-৫ অনু.)

নবেম্বৰ ২২ বাইবেল পাঠ: দ্বিতীয় বিবৰণ ২৮-৩১ গীত ৩২

বক্তৃতাৰ বৈশিষ্ট্য: ব্যৱহাৰিক সমাপ্তি (be ২২০ পৃ. ১-৩ অনু.)

১ নং: পাঁচনি সকলে থকা সময়ছোৱাৰ বছৰবোৰ গণনা কৰা (si ২৯১-২ পৃ. ২০-৩ অনু.)

২ নং: দ্বিতীয় বিবৰণ ২৯:⁠১-​১৮

৩ নং: এজনে নিজৰ মাক-দেউতাকে পালন কৰা ধৰ্ম্মক ত্যাগ কৰাটো উচিতনে? (rs ৩২৪ পৃ. ১-৩ অনু.)

৪ নং: প্ৰকৃত খ্ৰীষ্টানসকল কিয় নম্ৰ হোৱা উচিত

নবেম্বৰ ২৯ বাইবেল পাঠ: দ্বিতীয় বিবৰণ ৩২-৩৪ গীত ৪১

বক্তৃতাৰ বৈশিষ্ট্য: মনত ৰাখিবলগীয়া বিষয়বোৰ (be ২২০ পৃ. ৪ অনু.–২২১ পৃ. ৪ অনু.)

১ নং: পৌলৰ দ্বিতীয় মিছনাৰী যাত্ৰা (si ২৯২ পৃ. ২৪-৫ অনু.)

২ নং: w০২-AE ১০/১ ২৩ পৃ. ১০-১৩ অনু.

৩ নং: ঈশ্বৰৰ নাম নিৰ্দোষ প্ৰতিপন্ন কৰা পথসমূহ

৪ নং: আন্তঃধৰ্ম্মীয় সম্পৰ্কে বাইবেলীয় দৃষ্টিভঙ্গী কি? (rs ৩২৫ পৃ. ১ অনু.–৩২৬ পৃ. ১ অনু.)

ডিচেম্বৰ ৬ বাইবেল পাঠ: যিহোচূৱা ১-৫ গীত ৪০

বক্তৃতাৰ বৈশিষ্ট্য: প্ৰচাৰ কাৰ্য্যত (be ২২১ পৃ. ৫ অনু.–২২২ পৃ. ৬ অনু.)

১ নং: পৌলৰ তৃতীয় মিছনাৰী যাত্ৰা আৰু সা.যু. ৫৬-১০০ চনলৈ তেওঁৰ জীৱনৰ শেষৰ সময়ছোৱা (si ২৯৩ পৃ. ২৬-৩০ অনু.)

২ নং: যিহোচূৱা ৪:⁠১-​১৪

৩ নং: এটা ধৰ্ম্মীয় সংগঠনৰ ভাগ হোৱাটো আৱশ্যকনে? (rs ৩২৬ পৃ. ২ অনু.–৩২৭ পৃ. ২ অনু.)

৪ নং: বৰদিন প্ৰকৃত খ্ৰীষ্টানসকলৰ উৎসৱ হয়নে?

ডিচেম্বৰ ১৩ বাইবেল পাঠ: যিহোচূৱা ৬-৮ গীত ২১৩

বক্তৃতাৰ বৈশিষ্ট্য: সঠিক বিবৃতি দাঙি ধৰা (be ২২৩ পৃ. ১-৫ অনু.)

১ নং: ক্ষমা হৈছে শান্তি বজাই ৰখাৰ এটা মাপকাঠী (w০২ ১১/১ ৪-৭ পৃ.)

২ নং: যিহোচূৱা ৬:⁠১০-​২৩

৩ নং: ঘৰে-ঘৰে কিয় একেৰাহে প্ৰচাৰ কৰা আৱশ্যক?

৪ নং: এজন সঙ্গী মানুহক প্ৰেম কৰাটো বাস্তৱতে এটা লেখত লʼবলগীয়া বিষয়নে? (rs ৩২৭ পৃ. ৪ অনু.)

ডিচেম্বৰ ২০ বাইবেল পাঠ: যিহোচূৱা ৯-১১ গীত ১৩৫

বক্তৃতাৰ বৈশিষ্ট্য: ‘বিশ্বাসযোগ্য বাক্যত দৃঢ়ভাৱে আসক্ত হোৱা’ (be ২২৪ পৃ. ১-৪ অনু.)

১ নং: আপোনাৰ হাত সবল কৰক (w০২-AE ১২/১ ৩০-১ পৃ.)

২ নং: w০২-AE ১১/১ ১৮-১৯ পৃ. ১৯-২৩ অনু.

৩ নং: ঈশ্বৰৰ সৈতে ব্যক্তিগত সম্পৰ্ক বজাই ৰাখাটো বাস্তৱতে এটা গুৰুত্বপূৰ্ণ বিষয় হয়নে? (rs ৩২৭ পৃ. ৫ অনু.–৩২৮ পৃ. ১ অনু.)

৪ নং: aশান্তিপ্ৰিয় হোৱাৰ অৰ্থ কি

ডিচেম্বৰ ২৭ বাইবেল পাঠ: যিহোচূৱা ১২-১৫ গীত ২১০

বক্তৃতাৰ বৈশিষ্ট্য: বৃত্তান্তৰ যথাৰ্থতা পৰীক্ষা কৰা (be ২২৫ পৃ. ১-৩ অনু.)

মৌখিক পুনৰ নিৰীক্ষণ

[Footnotes]

a কেৱল ভাইসকলক নিযুক্তি দিয়ক।

b কেৱল ভাইসকলক নিযুক্তি দিয়ক।

c কেৱল ভাইসকলক নিযুক্তি দিয়ক।

d কেৱল ভাইসকলক নিযুক্তি দিয়ক।

e কেৱল ভাইসকলক নিযুক্তি দিয়ক।

f কেৱল ভাইসকলক নিযুক্তি দিয়ক।

g কেৱল ভাইসকলক নিযুক্তি দিয়ক।

h কেৱল ভাইসকলক নিযুক্তি দিয়ক।

i কেৱল ভাইসকলক নিযুক্তি দিয়ক।

j কেৱল ভাইসকলক নিযুক্তি দিয়ক।

k যদি সময়ে অনুমতি দিয়ে তেনেহʼলে ভাষণত প্ৰস্তুত কৰা বিষয়টো কেনেকৈ স্থানীয় প্ৰচাৰ এলেকাত উত্থাপন হোৱা প্ৰশ্নৰ সঠিক উত্তৰ আৰু প্ৰমাণ, আন আন বিষয়বোৰৰ আৱশ্যকতা অনুসাৰে সন্তুষ্টিজনক প্ৰত্যুত্তৰ দিব পাৰি তাৰ বিষয়ে বিবেচনা কৰক।

l যদি সময়ে অনুমতি দিয়ে তেনেহʼলে ভাষণত প্ৰস্তুত কৰা বিষয়টো কেনেকৈ স্থানীয় প্ৰচাৰ এলেকাত উত্থাপন হোৱা প্ৰশ্নৰ সঠিক উত্তৰ আৰু প্ৰমাণ, আন আন বিষয়বোৰৰ আৱশ্যকতা অনুসাৰে সন্তুষ্টিজনক প্ৰত্যুত্তৰ দিব পাৰি তাৰ বিষয়ে বিবেচনা কৰক।

a যদি সময়ে অনুমতি দিয়ে তেনেহʼলে ভাষণত প্ৰস্তুত কৰা বিষয়টো কেনেকৈ স্থানীয় প্ৰচাৰ এলেকাত উত্থাপন হোৱা প্ৰশ্নৰ সঠিক উত্তৰ আৰু প্ৰমাণ, আন আন বিষয়বোৰৰ আৱশ্যকতা অনুসাৰে সন্তুষ্টিজনক প্ৰত্যুত্তৰ দিব পাৰি তাৰ বিষয়ে বিবেচনা কৰক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক