ঘোষণাসমূহ
▪ উল্লেখ কৰা মাহৰ বাবে প্ৰকাশনসমূহ বিতৰণ। অক্টোবৰ: প্ৰহৰীবুৰুজ আৰু সচেতন! আলোচনীৰ বিতৰণ কৰক। যʼত লোকসকলে আগ্ৰহকতা দেখুৱাই তেওঁলোকক বিচাৰে ব্ৰচাৰখন দিয়ক আৰু বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈ বিশেষ চেষ্টা কৰক। নবেম্বৰ: জ্ঞান কিতাপ আৰু বিচাৰে ব্ৰচাৰখন বিতৰণ কৰক। যিসকল গৃহস্থক এই প্ৰকাশনসমূহ ইতিমধ্যেই দিয়া হৈছে তেওঁলোকক ঈশ্বৰক উপাসনা নামৰ কিতপখন অথবা কোনো পুৰণি প্ৰকাশন আগবঢ়াব পাৰে। ডিচেম্বৰ: সৰ্বশ্ৰেষ্ঠ মানৱ যিজন কেতিয়াবা জীৱিত আছিল। বিতৰণ কৰা বিকল্প সাহিত্যসমূহ হৈছে বাইবেল কাহিনীৰে ভৰা মোৰ কিতাপখন, বাইবেল—ঈশ্বৰৰ বাক্য নে মানুহৰ? বা আপুনি পৰমদেশীয় পৃথিৱীত অনন্ত কাল জীয়াই থাকিব পাৰে। জানুৱাৰী: ১৯৮৮ চনৰ পূৰ্বে প্ৰকাশিত হোৱা যিকোনো কিতাপ যদি মণ্ডলীৰ ষ্টকত আছে তেন্তে বিতৰণ কৰক। যদি নাই তেন্তে পুৰণি আলোচনীসমূহ উপলব্ধ থকা ওচৰৰ কোনো মণ্ডলীৰ সৈতে যোগাযোগ কৰিব পাৰে। যিবোৰ মণ্ডলীত পুৰণি প্ৰকাশনসমূহ নাই তেওঁলোকে পৰিয়ালৰ সুখৰ ৰহস্য বা যুৱক-যুৱতীসকলে কৰা প্ৰশ্নৰ—ব্যৱহাৰিক উত্তৰ নামৰ কিতাপখন বিতৰণ কৰিব পাৰে।
▪ এই মাহৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ সৈতে “২০০৪ চনৰ বাবে ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুলৰ তালিকা” দিয়া হৈছে। সেই তালিকাখন ২০০৪ চনৰ ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুলৰ ভাষণসমূহৰ বাবে সংৰক্ষণ কৰা উচিত।
▪ জানুৱাৰী ১ তাৰিখৰ পৰা যদি মণ্ডলীৰ সভাৰ সময় সাল-সলনি কৰা হʼব, তেনেহʼলে মণ্ডলীৰ চেক্ৰেটাৰীয়ে সেই বিষয়ে আৰু হেণ্ডবিল আৱেদন কৰি (S-5) ফৰ্মখন ভৰ্ত্তি কৰি সংস্থালৈ প্ৰেৰণ কৰা আৱশ্যক। তদুপৰি যদি হেণ্ডবিলৰ আৱশ্যক হয়, তেনেহʼলে হেণ্ডবিল আৱেদন পত্ৰত (S-16) ভৰ্ত্তি কৰি পঠিয়াব পাৰে। মনত ৰাখিবলগীয়া এই যে সেই ফৰ্মখন হেণ্ডবিল প্ৰাপ্তি কৰাৰ আঠ সপ্তাহৰ পূৰ্বেই পঠোৱা আৱশ্যক।
▪ নবেম্বৰ ৮-৯ তাৰিখে আইজলত হʼবলগীয়া “ঈশ্বৰক মহিমা কৰা” জিলা অধিৱেশন ভৱনৰ ঠিকনা সলনি কৰা হʼল। সেই ঠিকনা হৈছে: Archives Conference Hall, Art and Culture Department, Near Basketball Court, Babutlang, Aizawl 796 001 Mizoram.
▪ বাঙ্গালোৰত নতুনকৈ স্থাপিত হোৱা শাখা কাৰ্য্যালয়ৰ উদ্ঘাটনৰ বাবে বেথেল পৰিয়ালৰ সকলো সদস্যই ব্যস্ত থাকিব। গতিকে ২০০৩ চনৰ নবেম্বৰ ৭ তাৰিখৰ পৰা ডিচেম্বৰ ২২ তাৰিখলৈকে পৰিভ্ৰমণকাৰীসকলক কাৰ্য্যালয় দেখুৱাবলৈ কোনো প্ৰকাৰৰ ব্যৱস্থা আয়োজন কৰা নহʼব।
▪ পুনৰ উপলব্ধ হোৱা প্ৰকাশনসমূহ:
আমাৰ সমস্যাসমূহ—সমাধান কৰাত কোনে আমাক সহায় কৰিব? —পাঞ্জাৱী, হিন্দী
যেতিয়া আপোনাৰ কোনো আপোনজনাৰ মৃত্যু হয় —কানাড়া, তেলেগু, মালায়ালম, হিন্দী
বাইবেলৰ পৰিচৰ্চ্চা কেনেকৈ আৰম্ভ আৰু একেৰাহে চলাই যাব পাৰি —পাঞ্জাৱী, হিন্দী