ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুলৰ মৌখিক পুনৰ নিৰীক্ষণ
তলত দিয়া প্ৰশ্নসমূহ ২০০৪ চনৰ এপ্ৰিল মাহৰ ২৬ তাৰিখে আৰম্ভ হʼবলগীয়া ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুলত মৌখিকভাৱে আলোচনা কৰা হʼব। স্কুল অধ্যক্ষজনে এই পুনৰ নিৰীক্ষণটো ৩০ মিনিটত সমাপ্তি কৰিব। ইয়াত দিয়া প্ৰশ্নসমূহ ২০০৪ চনৰ মাৰ্চ ১ তাৰিখৰ পৰা লৈ এপ্ৰিল ২৬ তাৰিখৰ নিযুক্তিসমূহৰ বিষয়বস্তুৰ ওপৰত আধাৰিত। [টোকা: যি প্ৰশ্নসমূহৰ পিছত কোনো উদ্ধৃতি দিয়া নাই, সেইবোৰ বিষয়ত আপুনি নিজেই অনুসন্ধান কৰি উত্তৰ দিয়া আৱশ্যক।—পৰিচৰ্য্যা স্কুল, কিতাপৰ ৩৬-৭ পৃ. চাওক।]
বক্তৃতাৰ বৈশিষ্ট্য
১. আমি হস্তলিখিত লিখনিৰ পৰা পঢ়াৰ পৰিৱৰ্তে কিয় এটা পৰিলেখৰ ভাষণ দিয়া উচিত? [be ১৬৬ পৃ. ৩ অনু.]
২. প্ৰচাৰ কাৰ্য্যত কʼবলগীয়া বিষয়টোৰ বাবে তৈয়াৰী কৰাৰ সময়ত কেনেকৈ আমি আমাৰ মানসিক পৰিলেখত ভাৱধাৰাবোৰ সংগঠিত কৰিব পাৰোঁ? [be ১৬৭ পৃ. ৩ অনু.]
৩. পাঁচনিৰ কৰ্ম্ম ১৩:১৬-৪১ পদ আৰু পাঁচনিৰ কৰ্ম্ম ১৭:২, ৩ পদটো ব্যৱহাৰ কৰি বৰ্ণনা কৰক যে পৌলে কেনেকৈ ‘যীচুৱে যে সেই খ্ৰীষ্ট তাক যুক্তিসঙ্গতভাৱে প্ৰমাণ কৰিলে।’ (পাঁচনিৰ কৰ্ম্ম ৯:২২) [be ১৭০ পৃ. ২ অনু.]
৪. প্ৰত্যুৎপন্নতাৰে ভাষণ দিয়াৰ কিছুমান লাভ কি? [be ১৭৫ পৃ. ১-৪ অনু.]
৫. প্ৰত্যুৎপন্নতাৰে ভাষণ দিয়াৰ সময়ত কেনে বিপদ উৎপন্ন হʼব পাৰে আৰু কিহে আমাক সেইবোৰৰ পৰা ৰক্ষা কৰিব? [be ১৭৫ পৃ. ৫ অনু.–১৭৬ পৃ. ৩ অনু.]
ভাষণ নং ১
৬. আদিপুস্তক ৩২:২৪-৩২ পদৰ বৃতান্তৰ অনুসাৰে ৯৭ বছৰীয়া যাকোবে যিহোৱাৰ পৰা আশীৰ্ব্বাদ পাবলৈ কি কৰিলে আৰু আমি ইয়াৰ পৰা কি শিকিব পাৰোঁ? [w02 ৮/১ ২৯-৩১ পৃ.]
৭. “সুবুদ্ধি” কি আৰু কেনেকৈ ই আমাক ভাৰসাম্য নেহেৰুৱা আৰু অনাৱশ্যকীয়ভাৱে আঘাত নকৰাৰৰ পৰা ৰক্ষা কৰে? (হিতো. ১:৩-৬) [w02 ৮/১৫ ২১-২২ পৃ.]
৮. এজন ৰাজহুৱা ভাষণ দিয়া বক্তাই কেনেকৈ নিজৰ ভাষণ শাস্ত্ৰীয় পদসমূহৰ আধাৰ কৰি তৈয়াৰী কৰিব পাৰে? [be ৫২ পৃ. ৬ অনু.–৫৩ পৃ. ৫ অনু.]
৯. এটা পৰিলেখৰ ভাষণক ৰসালজনক শাস্ত্ৰীয় আলোচনালৈ সলনি কৰিবলৈ এজন বক্তাই কেনে নিৰ্ণয় লোৱা উচিত? [be ৫৪ পৃ. ২-৪ অনু.]
১০. অৰণ্যত যিহোৱা ঈশ্বৰে ইস্ৰায়েলসকলৰ বাবে সপ্তাহৰ পিছত সপ্তাহ, মাহৰ পিছত মাহ ধৰি কিয় মান্নাৰ যোগান ধৰিছিল আৰু আমি ইয়াৰ পৰা কি শিকিব পাৰোঁ? (দ্বিতী. ৮:১৬) [w02 ৯/১ ৩০ পৃ. ৩-৪ অনু.]
সপ্তাহিক বাইবেল পাঠ
১১. আদিপুস্তক ৩৭:১২-১৭ পদত বৰ্ণনা কৰা বৃতান্তটোত আমি যোচেফৰ চৰিত্ৰ আৰু যীচুৰ মাজত কেনে একে সমান্তৰালতা দেখিবলৈ পাওঁ? [w87 ৫/১ ১২ পৃ. ১২ অনু.]
১২. আদিপুস্তক ৪২:২৫-৩৫ পদত উল্লেখ কৰা বিৱৰণীয়ে কেনেকৈ যোচেফ আৰু যীচুৱে দেখুৱা সহানুভূতিৰ মাজত তুলনা কৰিছে? [w87 ৫/১ ১৮ পৃ. ১০ অনু; ১৯ পৃ. ১৭ অনু.]
১৩. আজিৰ সময়ত বিশ্বাসী বুদ্ধিমান দাসবৰ্গই কৰা প্ৰবন্ধক যোচেফে শস্য বিতৰণ কৰাৰ সৈতে কেনেকৈ তুলনা কৰিব পাৰি? (আদি. ৪৭:২১-২৫)
১৪. “মই যি আছোঁ, সেয়েই আছোঁ” বুলি কৈ যিহোৱা ঈশ্বৰে নিজৰ নামৰ বিষয়ে কি প্ৰকাশ কৰিছে? (যাত্ৰা. ৩:১৪-১৫)
১৫. যাত্ৰাপুস্তক ১৬:২, ৩ পদত কেনে ধৰণৰ আপত্তিত দুটা সাধাৰণ বিপদ দেখিবলৈ পোৱা গৈছিল? [w93 ৩/১৫ ২০-২১ পৃ.]