ঘোষণাসমূহ
▪ উল্লেখ কৰা মাহৰ বাবে প্ৰকাশনসমূহ বিতৰণ। এপ্ৰিল আৰু মে’: প্ৰহৰীবুৰুজ আৰু সচেতন! আলোচনী বিতৰণ কৰক। যেতিয়া পুনৰ সাক্ষাৎ কৰা হয় তেতিয়া লোকসকলক স্মৰণীয় পৰ্ব্ব বা সংস্থাই ব্যৱস্থা কৰা আন উপলক্ষ্যবোৰত উপস্থিত হʼবলৈ আমন্ত্ৰণ কৰক। একমাত্ৰ সত্য ঈশ্বৰক উপাসনা কৰা নামৰ কিতাপখন বিতৰণ কৰিবলৈ মনোযোগ দিয়ক। বিশেষকৈ জ্ঞান কিতাপ বা বিচাৰে ব্ৰচাৰখন অধ্যয়ন কৰা লোকসকলৰ সৈতে এটা গৃহ বাইবেল অধ্যয়ন পৰিচালনা কৰিবলৈ সকলো প্ৰকাৰে প্ৰচেষ্টা কৰক। জুন: মহান শিক্ষকজনৰ পৰা শিক্ষা লাভ কৰা কিতাপখন বিতৰণ। যদি গৃহস্থই কয় যে তেওঁলোকৰ কোনো লʼৰা-ছোৱালী নাই, তেনেহʼলে তেওঁলোকক বিচাৰে ব্ৰচাৰখন দিব পাৰে। যেতিয়া ব্ৰচাৰখন দিয়া হয় তেতিয়া বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈ লক্ষ্য ৰাখা উচিত। জুলাই আৰু আগষ্ট: আমাৰ ৰাজ্য পৰিচৰ্য্যাʼত উল্লেখ কৰা উপলব্ধ থকা ব্ৰচাৰসমূহ।
▪ শাখা কাৰ্য্যালয়সমূহৰ সৈতে প্ৰিজাইডিং অভাৰচিয়াৰ আৰু চেক্ৰেটাৰীসকলৰ ঠিকনা, ফোন নম্বৰ আৰু কোড নম্বৰৰ শেহতীয়া তালিকা বজাই ৰাখা আৱশ্যক হৈছে। যদি ঠিকনা বা পিন নম্বৰ সলনি হৈছে, তেতিয়াহʼলে মণ্ডলীৰ সেৱা সমিটিয়ে প্ৰিজাইডিং অভাৰচিয়াৰ/চেক্ৰেটাৰীৰ শেহতীয়া ঠিকনা আৰু পিন নম্বৰ (S-29) ফ্ৰমখনত লিখি অতি শীঘ্ৰেই শাখা কাৰ্য্যালয়লৈ পঠোৱা উচিত। প্ৰেৰণ কৰা এই শেহতীয়া সংবাদত টেলিফোন নম্বৰ আৰু অঞ্চলটোৰ কোড নম্বৰো পঠোৱা উচিত।
▪ মণ্ডলীৰ চেক্ৰেটাৰীৰ ওচৰত যথেষ্টমাত্ৰাত নিয়মিত অগ্ৰগামী আৱদেন পত্ৰ (S-205) আৰু সহযোগী অগ্ৰগামী সেৱাৰ আৱেদন পত্ৰ (S-205b) ৰাখা আৱশ্যক। এই পত্ৰসমূহৰ বাবে সাহিত্য অনুৰোধ পত্ৰ (S-14) যোগেদি আৱেদন কৰিব পাৰে। অন্ততঃ এবছৰৰ বাবে এই আৱেদন পত্ৰসমূহ থকা আৱশ্যক। নিয়মিত অগ্ৰগামী সেৱাৰ বাবে আৱেদন কৰা পত্ৰসমূহ বাপ্তিষ্মা লোৱাৰ তাৰিখৰ সৈতে সম্পূৰ্ণকৈ ভৰ্তি কৰা হৈছে নে নাই তাক নিৰীক্ষণ কৰি নিশ্চিত কৰা আৱশ্যক।
▪ অনুগ্ৰহ কৰি সাহিত্য আৱেদন ফৰ্মত (S-14) উল্লেখ কৰা বছেৰেকীয়া সকলো ফৰ্ম আৱশ্যক হোৱা অনুসাৰে নিৱেদন কৰি যেন সংস্থালৈ পঠিয়াই। এই সংক্ৰান্তত পৃথকে সাহিত্য নিৱেদন কৰাৰ প্ৰয়োজন নাই; তাৰ পৰিৱৰ্তে এপ্ৰিল মাহত আৱেদন কৰিবলগীয়া সাহিত্য আৱেদনৰ সৈতে একেলগে নিৱেদন কৰিব পাৰে। এই বিষয়ে অধিককৈ জানিবলৈ অনুগ্ৰহ কৰি ৱাচ্ছটাৱাৰ লিট্ৰেশ্বাৰ ৰিকুৱেষ্ট্ গাইড অন্তৰ্গত “ইয়াৰলী কেলেণ্ডাৰ অৱ লিট্ৰেশ্বাৰ আইটেম” চতুৰ্থ দফা, ১ পৃষ্ঠাত চাওক।
▪ নতুন প্ৰকাশন উপলব্ধ: যিহোৱালৈ স্তুতি গীত গোৱা (সৰু আকাৰত) —তামিল
দানিয়েলৰ ভৱিষ্যতবাণী প্ৰতি মনোযোগ দিয়ক! —উৰ্দু
যিহোৱাৰ সাক্ষীসকল—তেওঁলোক কোন? তেওঁলোকে কি বিশ্বাস কৰে? (ব্ৰচাৰ) —উৰ্দু
ভুগী থকা দুখ-কষ্টৰ কেতিয়াবা অন্ত হবনে? (ট্ৰেক্ট নং ৭৫) —অসমীয়া, কানাড়া, তামিল, তেলেগু, মাৰাঠী, মিজো, মালায়ালম আৰু হিন্দী
▪ পুনৰ উপলব্ধ হোৱা প্ৰকাশনসমূহ: ৰীজনিং ফ্ৰম দ্য স্ক্ৰিপশ্বাৰ —তামিল