ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৪/০৫ পৃষ্ঠা ৭
  • ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুলৰ মৌখিক পুনৰ নিৰীক্ষণ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুলৰ মৌখিক পুনৰ নিৰীক্ষণ
  • ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৪/০৫ পৃষ্ঠা ৭

ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুলৰ মৌখিক পুনৰ নিৰীক্ষণ

তলত দিয়া প্ৰশ্নসমূহ ২০০৫ চনৰ এপ্ৰিল মাহৰ ২৫ তাৰিখে আৰম্ভ হʼবলগীয়া ঈশ্বৰশাসিত পৰিচৰ্য্যা স্কুলত মৌখিকভাৱে আলোচনা কৰা হʼব। স্কুল অধ্যক্ষজনে এই পুনৰ নিৰীক্ষণটো ৩০ মিনিটত সমাপ্তি কৰিব। ইয়াত দিয়া প্ৰশ্নসমূহ ২০০৫ চনৰ মাৰ্চ ৭ তাৰিখৰ পৰা লৈ এপ্ৰিল ২৫ তাৰিখৰ নিযুক্তিসমূহৰ বিষয়বস্তুৰ ওপৰত আধাৰিত। [টোকা: যি প্ৰশ্নসমূহৰ পিছত কোনো উদ্ধৃতি দিয়া নাই, সেইবোৰ বিষয়ত আপুনি নিজেই অনুসন্ধান কৰি উত্তৰ দিয়া আৱশ্যক।​—⁠পৰিচৰ্য্যা স্কুল, কিতাপৰ ৩৬-৩৭ পৃ. চাওক।]

বক্তৃতাৰ বৈশিষ্ট্য

১. এটা ভাষণ প্ৰস্তুতি কৰাৰ সময়ত আমি কেনেকৈ উত্তমৰূপে নিযুক্ত বিষয়বস্তুক ব্যৱহাৰ কৰিব পাৰোঁ আৰু কিয় তেনে কৰাটো গুৰুত্বপূৰ্ণ? [be ২৩৪ পৃ. ১-৩ অনু., বক্সবোৰ]

২. এটা ভাষণত নিযুক্তি বিষয়বস্তুৰ কিমান পৰিমাণে সন্মিলিত কৰা উচিত? [be ২৩৪ পৃ. ৪ অনু.–২৩৫ পৃ. ১ অনু.]

৩. প্ৰচাৰ কাৰ্য্যত লগ পোৱা লোকসকলক কথোপকথনৰ বাবে উৎসাহিত কৰিবলৈ আমি কেনে ধৰণৰ প্ৰশ্নসমূহৰ ব্যৱহাৰ কৰিব পাৰোঁ? (পাঁচ. ৮:⁠৩০) [be ২৩৬ পৃ. ২-৫ অনু.]

৪. বাইবেল অধ্যয়ন কৰা বিদ্যাৰ্থীসকলে তেওঁলোকৰ “যুক্তিসঙ্গত” কাৰণবোৰ প্ৰযোজ্য কৰিবলৈ আমি কেনেকৈ প্ৰশ্নবোৰ ব্যৱহাৰ কৰিব পাৰোঁ? (ৰোমী. ১২:⁠১) [be ২৩৮ পৃ. ১ অনু.]

৫. ৰোমীয়া ৮:⁠৩১, ৩২; যিচয়া ১৪:⁠২৭ পদত উল্লেখ কৰা প্ৰশ্নবোৰে কেনেদৰে প্ৰভাৱিত কৰে? [be ২৩৯ পৃ. ১-২ অনু.]

ভাষণ নং ১

৬. শিষ্য বনোৱা কাৰ্য্যত আমি কেনেকৈ ‘যীচু খ্ৰীষ্টক ভিত্তিমূল’ হিচাপে লʼব পাৰোঁ? (১ কৰি. ৩:⁠১১) [be ২৭৮ পৃ. ১-২ অনু.]

৭. যিহেতু যিহোৱা ঈশ্বৰে ১৯১৪ চনত যীচুক শাসনৰ বাবে সম্পূৰ্ণ অধিকাৰ প্ৰদান কৰিলে, এতেকে আমি “তোমাৰ ৰাজ্য হওক” বুলি প্ৰাৰ্থনা কৰা আমাৰ অভিপ্ৰায় কি? (মথি ৬:⁠৯, ১০) [be ২৭৯ পৃ. ৪ অনু.]

৮. সকলো প্ৰকৃত খ্ৰীষ্টানে কিয় পঢ়া দক্ষতাৰ প্ৰতি আগ্ৰহী হোৱা উচিত আৰু এই সম্পৰ্কে যীচুৱে কেনে আৰ্হি প্ৰস্তুত কৰিলে? [w03 ৩/১৫ ১০ পৃ. ৫ অনু; ১২ পৃ. ২ অনু.]

৯. যোচিয়া আৰু যীচুৰ আৰ্হিয়ে ডেকা ব্যক্তিসকলক আধ্যাত্মিকভাৱে অগ্ৰগতি কৰিবলৈ কেনেকৈ সহায় কৰিব পাৰে? [w03-AE ৪/১ ৮ পৃ. ৩-৪ অনু.; ১০ পৃ. ৩ অনু.]

১০. আমি কিয় ঈশ্বৰক ভাৰসা কৰিব পাৰোঁ? (হিতো. ৩:⁠৫, ৬) [w03 ১১/১ ৪ পৃ. ৬-৭ অনু.]

সপ্তাহিক বাইবেল পাঠ

১১. ইস্ৰায়েলৰ উপৰত কোনো ৰজা নোহোৱাৰ স্বত্ত্বেও হান্নাই কিয় “তেওঁৰ ৰজাক বল দিব” বুলি প্ৰাৰ্থনা কৰিছিল? (১ চমূ. ২:⁠১০)

১২. ইস্ৰায়েলসকলৰ মাজত ঈশ্বৰৰ নিয়ম-চন্দুক থকাৰ স্বত্ত্বেও যুদ্ধত পৰাজয় হʼবলগীয়া হৈছিল আৰু ইয়াৰ পৰা আমি কি শিকিব পাৰোঁ? (১ চমূ. ৪:⁠৩, ৪, ১০)

১৩. প্ৰথম বংশাৱলি ২:⁠১৩-১৫ পদত দায়ূদক যিচয়ৰ সপ্তম পুত্ৰ বুলি উল্লেখ কৰিছে, কিন্তু ১ চমূৱেল ১৬:⁠১০, ১১ পদত দায়ূদক কিয় অষ্টম পুত্ৰ বুলি নিৰ্দ্দেশিত কৰিছে? শাস্ত্ৰত উল্লেখ কৰা হৈছে যে যিচয়ৰ “আঠোটা পুতেক” আছিল। (১ চমূ. ১৭:⁠১২)

১৪. চৌলক কেনে “দুষ্ট আত্মাই” ব্যাকুল কৰিছিল? (১ চমূ. ১৬:⁠১৪)

১৫. অয়িন-দোৰত “চমূৱেলৰ” ৰূপ ধাৰণ কৰি আত্মা মাধ্যমে কৰা পূৰ্ব্বানুমান সঁচা আছিলনে? (১ চমূ. ২৮:⁠১৬-​১৯)

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক