ঘোষণাসমূহ
▪ উল্লেখ কৰা তাৰিখৰ বাবে প্ৰকাশনসমূহ বিতৰণ। এপ্ৰিল ১-১৭: গৃহস্থক প্ৰহৰীবুৰুজ আৰু সচেতন! আলোচনীৰ দুয়োখন কপি দিয়ক। স্মৰণীয় দিৱস আৰু/বা আন ঈশ্বৰশাসিত উপলক্ষ্যবোৰত আগ্ৰহী লোকবিলাকে যদিও উপস্থিত হৈছিল, কিন্তু নিয়মীয়াকৈ মণ্ডলীৰ সৈতে সঙ্গতি কৰা নাই তেনে ব্যক্তিসকলক ঈশ্বৰক উপাসনা নামৰ কিতাপখন প্ৰদান কৰক। বিশেষকৈ যিসকলে বিচাৰে ব্ৰচাৰ আৰু জ্ঞান কিতাপৰ ইতিমধ্যেই অধ্যয়ন কৰিলে তেওঁলোকৰ সৈতে গৃহ বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈ লক্ষ্য ৰাখা উচিত। এপ্ৰিল ১৮-মে’ ১৫: পৰ দি থাকক! নামৰ ব্ৰচাৰখন বিতৰণ কৰাৰ এক বিশেষ অভিযান। মে’ ১৬-৩১: গৃহস্থক প্ৰহৰীবুৰুজ আৰু সচেতন! আলোচনীৰ দুয়োখন কপি দিয়ক। স্মৰণীয় দিৱস আৰু/বা আন ঈশ্বৰশাসিত উপলক্ষ্যবোৰত আগ্ৰহী লোকবিলাকে যদিও উপস্থিত হৈছিল, কিন্তু নিয়মীয়াকৈ মণ্ডলীৰ সৈতে সঙ্গতি কৰা নাই তেনে ব্যক্তিসকলক ঈশ্বৰক উপাসনা নামৰ কিতাপখন প্ৰদান কৰক। বিশেষকৈ যিসকলে বিচাৰে ব্ৰচাৰ আৰু জ্ঞান কিতাপৰ ইতিমধ্যেই অধ্যয়ন কৰিলে, তেওঁলোকৰ সৈতে গৃহ বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈ লক্ষ্য ৰাখা উচিত। জুন: মহান শিক্ষকজনৰ পৰা শিক্ষা লাভ কৰা নামৰ কিতাপখন বিতৰণ কৰক; যদি গৃহস্থই তেওঁলোকৰ কোনো লʼৰা-ছোৱালী নাই বুলি কয়, তেন্তে তেওঁলোকক বিচাৰে ব্ৰচাৰখন দি বাইবেল অধ্যয়ন কৰিবলৈ চেষ্টা কৰক। জুলাই আৰু আগষ্ট: ৩২ পৃষ্ঠাৰ যি কোনো ব্ৰচাৰ ব্যৱহাৰ কৰিব পাৰে: বাস্তৱতে ঈশ্বৰে আমাৰ বাবে চিন্তা কৰেনে?, পৃথিবীত অনন্ত কাল জীৱনৰ আনন্দ লওঁক!, “চোৱা, মই সকলোকে নতুন কৰোঁ,” আপুনি ত্ৰিমূৰ্ত্তি বিশ্বাস কৰা উচিত নে?, সেই চৰকাৰ যি পৰমদেশ আনিব, যেতিয়া আমাৰ মৃত্যু হয় তেতিয়া আমালৈ কি ঘটে?, জীৱনৰ উদ্দেশ্য কি—আপুনি ইয়াক কেনেকৈ বিচাৰি পাব? আৰু যেতিয়া আপোনাৰ কোনো আপোনজনাৰ মৃত্যু হয়।
▪ শাখা কাৰ্য্যালয়সমূহৰ সৈতে প্ৰিজাইডিং অভাৰচিয়াৰ আৰু চেক্ৰেটাৰীসকলৰ ঠিকনা, ফোন নম্বৰ আৰু কোড নম্বৰৰ শেহতীয়া তালিকা বজাই ৰাখা আৱশ্যক হৈছে। যদি ঠিকনা বা পিন নম্বৰ সলনি হৈছে, তেতিয়াহʼলে মণ্ডলীৰ সেৱা সমিটিয়ে প্ৰিজাইডিং অভাৰচিয়াৰ/চেক্ৰেটাৰীৰ শেহতীয়া ঠিকনা আৰু পিন নম্বৰ (S-29) ফ্ৰমখনত লিখি অতি শীঘ্ৰেই শাখা কাৰ্য্যালয়লৈ পঠোৱা উচিত। প্ৰেৰণ কৰা এই শেহতীয়া সংবাদত টেলিফোন নম্বৰ আৰু অঞ্চলটোৰ কোড নম্বৰো পঠোৱা উচিত।
▪ মণ্ডলীৰ চেক্ৰেটাৰীৰ ওচৰত যথেষ্টমাত্ৰাত নিয়মিত অগ্ৰগামী আৱেদন পত্ৰ (S-205) আৰু সহযোগী অগ্ৰগামী সেৱাৰ আৱেদন পত্ৰ (S-205b) ৰাখা আৱশ্যক। এই পত্ৰসমূহৰ বাবে সাহিত্য অনুৰোধ পত্ৰ (S-14) যোগেদি আৱেদন কৰিব পাৰে। অন্ততঃ এবছৰৰ বাবে এই আৱেদন পত্ৰসমূহ উপলব্ধ থকা উচিত। নিয়মিত অগ্ৰগামী সেৱাৰ বাবে আৱেদন কৰা পত্ৰসমূহ বাপ্তিষ্মা লোৱাৰ তাৰিখৰ সৈতে সম্পূৰ্ণকৈ ভৰ্তি কৰা হৈছে নে নাই তাক নিৰীক্ষণ কৰি নিশ্চিত কৰা আৱশ্যক।
▪ বাঙ্গালোৰত (ইংৰাজী) ২০০৫ চনৰ আগষ্ট ২৬-২৮ তাৰিখে হʼবলগীয়া জিলা অধিৱেশনত শুনাত অক্ষম লোকৰ বাবে সংকেতিক ভাষাৰ ব্যৱস্থা কৰা হৈছে।
▪ অনুগ্ৰহ কৰি সাহিত্য নিৱেদন পত্ৰত দিয়া ফৰ্মবোৰ গোটেই বছৰৰ বাবে এপ্ৰিল মাহৰ সাহিত্য অনুৰোধৰ সৈতে (S-14) ফৰ্মখনৰ দ্বাৰা পঠিয়াওক। কেৱল এই ফৰ্মবোৰ বিচাৰি বেলেগে অনুৰোধ কৰা আৱশ্যক নাই; ইয়াৰ পৰিৱৰ্তে এই নিৱেদন এপ্ৰিল মাহৰ সাহিত্য অনুৰোধৰ সৈতে পঠোৱা আৱশ্যক। অধিক জানিবলৈ অনুগ্ৰহ কৰি সাহিত্য অনুৰোধ নিৰ্দেশিকাৰ ১ পৃষ্ঠাৰ চতুৰ্থ অংশটো চাওক।
▪ এপ্ৰিল মাহৰ আৰম্ভণীৰ লগে লগে ২০০৫ চনৰ জিলা অধিৱেশনৰ বেজ কাৰ্ডবোৰ মণ্ডলীসমূহলৈ সাহিত্যবোৰৰ সৈতে পঠোৱা হʼব। যদি মণ্ডলীৰ সৈতে কোনো আন ভাষা সমূহে সহযোগ কৰা নাই, তেন্তে বেজ কাৰ্ড বিচাৰি আৱেদন কৰাৰ কোনো আৱশ্যক নাই। প্ৰত্যেকখন মণ্ডলীৰ প্ৰকাশকসকলৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰি এটা পেকেটত ২৫ টাকৈ বেজ কাৰ্ড পঠোৱা হʼব। যদি মণ্ডলীসমূহক অতিৰিক্ত কাৰ্ডৰ আৱশ্যক তেন্তে সেইবোৰ সাহিত্য অনুৰোধ ফৰ্ম (S-14) দ্বাৰা অনুৰোধ জনাব পাৰে। যিবোৰ মণ্ডলীৰ বেজ কাৰ্ডৰ প্লাষ্টিক হল্ডাৰৰ আৱশ্যক, তেন্তে সেই বিষয়েও অনুৰোধ কৰা উচিত।
▪ পুনৰ উপলব্ধ হোৱা প্ৰকাশনসমূহ:
আলোচনাৰ বাবে বাইবেলৰ বিষয় (সংশোধিত)—কানাড়া
কুৰুক্ষেত্ৰৰ পৰা হৰমাগিদোনলৈ—আৰু আপোনাৰ উত্তৰজীৱি—কানাড়া, গুজৰাটী, তামিল, তেলেগু, বাংলা, মালায়ালম, মাৰাঠী, হিন্দী