ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb20 এপ্ৰিল পৃষ্ঠা ৭
  • ‘ইতৰ দেৱতাবোৰ দূৰ কৰা’

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ‘ইতৰ দেৱতাবোৰ দূৰ কৰা’
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
  • মিল থকা বিষয়
  • যাকোব আৰু এচৌৱে শান্তিৰে সমস্যাটো সমাধান কৰিলে
    বাইবেলৰ পৰা শিকোঁ আহা
  • যিহোৱাই আনন্দিত হোৱা মনোৰঞ্জন কৰক
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • স্বৰ্গদূত কোন হয় আৰু তেওঁলোকে কি কৰে?
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
mwb20 এপ্ৰিল পৃষ্ঠা ৭
এজন ব্যক্তিয়ে মায়াকৰ্ম্ম লগত জড়িত থকা অলংকাৰ পেলাই আছে।

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

‘ইতৰ দেৱতাবোৰ দূৰ কৰা’

যদিও যাকোবক আন দেৱতাক উপাসনা কৰাৰ বিষয়ে তেতিয়ালৈকে কোনো নিয়ম দিয়া নাছিল, তথাপিও যাকোবে জানিছিল যে যিহোৱা ঈশ্বৰে কেৱল তেওঁকহে উপাসনা কৰাটো বিচাৰে। (যাত্ৰা ২০:৩-৫) সেইবাবে, যেতিয়া তেওঁক যিহোৱাই বৈৎএললৈ যাবলৈ কৈছিল, তেতিয়া যাকোবে সকলোকে মূৰ্ত্তিবোৰৰপৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিলে। তাৰ পাছত যাকোবে মূৰ্ত্তি আৰু তাৰ লগত জড়িত থকা সকলো কাণৰ কুণ্ডলবোৰ নষ্ট কৰিলে। (আদি ৩৫:১-৪) নিসন্দেহ, যিহোৱাই যাকোবৰ এই কাৰ্য্যৰপৰা আনন্দিত হৈছিল।

যাকোবৰ দৰে আমিও কেনেকৈ কেৱল যিহোৱাকহে উপাসনা কৰিব পাৰোঁ? প্ৰথমে, আমি মূৰ্ত্তিপূজা আৰু মায়াকৰ্ম্মৰ লগত জড়িত থকা সকলো বস্তুবোৰৰপৰা আঁতৰি থকা উচিত। ইয়াৰ উপৰিও অলৌকিক কাৰ্য্য আৰু মনোৰঞ্জনৰ ক্ষেত্ৰতো আমি সাৱধান হোৱা উচিত। উদাহৰণস্বৰূপে, নিজকে সোধক: ‘মই মনোৰঞ্জনৰ কাৰণে অলৌকিক কাৰ্য্যৰ লগত জড়িত থকা কিতাপ বা চিনেমা ব্যৱহাৰ কৰোঁনে?’ মোৰ মনোৰঞ্জনত যাদুবিদ্যা, তন্ত্ৰ-মন্ত্ৰ বা ক্ষতিকাৰক ধেমালি জড়িত আছেনে? আমি যিহোৱাই ঘৃণা কৰা সকলো বস্তুবোৰৰপৰা আঁতৰি থকা উচিত।—গীত ৯৭:১০.

“চয়তানক প্ৰতিৰোধ কৰক” নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • এটি সৰু কেচুৱাই বিছনাত শুই আছে আৰু হাতত এটা তাবিজ বিন্ধীছে। পিছফালে কেচুৱাটিৰ মাতৃ, যি এগৰাকী বাইবেল বিদ্যাৰ্থী হয়, তাইক অধ্যয়ন কৰা দম্পত্তিৰ লগত কথা পাতি আছে।

    পেলিচা নামৰ বাইবেল বিদ্যাৰ্থীৰ জীৱনত কি সমস্যা আহিছিল?

  • এটা দম্পত্তি আৰু তেওঁৰ বাইবেল বিদ্যাৰ্থীয়ে দুজন প্ৰাচীনৰ সহায় লʼবলৈ লʼগ কৰিছে।

    আপুনি বা আপোনাৰ বিদ্যাৰ্থীয়ে মায়াকৰ্ম্মৰ লগত জড়িত থকা সমস্যাৰ সন্মুখীন হʼলে, প্ৰাচীনসকলৰ সহায় লোৱা কিয় প্ৰয়োজন?

  • বাইবেল বিদ্যাৰ্থীয়ে নিজৰ কেচুৱাৰ তাবিচ পাঘ ঘৰত জ্বলাই আছে।

    চয়তানক বিৰোধ কৰক আৰু ঈশ্বৰৰ কাষ চাপক।—যাকো ৪:৭, ৮

    যদি আমি যিহোৱাৰপৰা ৰক্ষা পাব বিচাৰোঁ, তেনেহʼলে আমি কিহৰপৰা আঁতৰি থকা উচিত?

  • পেলিচাই কি নিৰ্ণয় ললে?

  • আপুনি যʼত বাস কৰে, সেই ঠাইৰ দুষ্ট আত্মাৰ প্ৰভাৱৰপৰা ৰক্ষা পাবলৈ কিছুমান উপায় কি?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক