ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w23 ছেপ্টেম্বৰ পৃষ্ঠা ৮-১৩
  • কিশোৰ-কিশোৰীসকল, আপোনালোকে কেনেধৰণৰ জীৱন জীয়াই থকাটো বিচাৰে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • কিশোৰ-কিশোৰীসকল, আপোনালোকে কেনেধৰণৰ জীৱন জীয়াই থকাটো বিচাৰে?
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • ভাল বন্ধু পাতক
  • নম্ৰ হৈ থাকক
  • যিহোৱাৰ কাষ চাপি থাকক
  • কিশোৰ-কিশোৰীসকল, আপোনালোকে জীৱনত আনন্দিত থাকিব পাৰে
  • যোচিয়াৰ বন্ধু
    আপোনাৰ সন্তানক শিক্ষা দিয়ক
  • যিহোৱালৈ কিয় ভয় ৰাখিব লাগে?
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
  • যিহোৱাই আজ্ঞাকাৰীসকলক নিৰাপত্তা আৰু আশীৰ্ব্বাদ প্ৰদান কৰে
    ২০০২ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • ইস্ৰায়েলৰ অন্তিমজন ভাল ৰজা
    বাইবেলৰ কাহিনী
আৰু চাওক
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
w23 ছেপ্টেম্বৰ পৃষ্ঠা ৮-১৩

অধ্যয়নৰ লেখ ৩৮

কিশোৰ-কিশোৰীসকল, আপোনালোকে কেনেধৰণৰ জীৱন জীয়াই থকাটো বিচাৰে?

“প্ৰজ্ঞাই জীৱন ৰক্ষা কৰে।”—উপ. ৭:১২.

গীত ১৩৫ যিহোৱাই প্ৰেমেৰে কৰা অনুৰোধ “হে মোৰ বোপা জ্ঞানৱান হোৱা”

লেখৰ এক আভাসa

১. যোৱাচ, উজ্জিয়া আৰু যোচিয়াক হয়তো কি কৰিবলৈ কঠিন লাগিছিল?

কল্পনা কৰক, আপুনি কেৱল ১০-১২ বছৰ বয়সৰ হয় আৰু আপোনাক ঈশ্বৰৰ লোকসকলৰ ৰজা বনোৱা হৈছে। এতিয়া আপোনাৰ ওচৰত ইমান অধিকাৰ আছে, গতিকে আপুনি কি কৰিব? বাইবেলত এনে বহুতো ডেকাৰ বিষয়ে কোৱা হৈছে, যিসকলক বহুত কম বয়সতে যিহূদাৰ ৰজা বনোৱা হৈছিল। যেনে: যোৱাচৰ বয়স মাত্ৰ ৭ বছৰ, উজ্জিয়াৰ ১৬ বছৰ আৰু যোচিয়া কেৱল ৮ বছৰৰ আছিল। চিন্তা কৰকচোন, ইমান কম বয়সত ইমান ডাঙৰ দায়িত্ব পালন কৰিবলৈ তেওঁলোকৰ বাবে হয়তো কিমান কঠিন হৈছিল। কিন্তু যিহোৱা আৰু আন লোকসকলৰ সহায়ত তেওঁলোকে এই দায়িত্ব পূৰ কৰিলে আৰু জীৱনত বহুতো ভাল কাম কৰিব পাৰিলে।

২. আমি যোৱাচ, উজ্জিয়া আৰু যোচিয়াৰ উদাহৰণ কিয় ধ্যান দিয়া উচিত?

২ আমি ৰজা বা ৰাণী নহওঁ, কিন্তু এই তিনিজন ডেকাৰ পৰা আমি বহুতো কথা শিকিব পাৰোঁ? তেওঁলোকে কিছুমান ভাল আৰু কিছুমান বেয়া নিৰ্ণয় লৈছিল। তেওঁলোকৰ উদাহৰণৰ পৰা আমি শিকিম যে আমি কিয় ভাল বন্ধু বনোৱা, নম্ৰ হোৱা আৰু যিহোৱাৰ কাষ চাপি থকা উচিত।

ভাল বন্ধু পাতক

এখন দুকানৰ বাহিৰত এজনী অভিজ্ঞতা থকা ভনীয়ে এজনী যুৱতী ভনীক কাপোৰৰ বিষয়ে পৰামৰ্শ দি আছে। সেই দুকানত দুটা পুতলা আছে, এটাত সৰু স্কাৰ্ট আৰু আনটোত দীঘল স্কাৰ্ট আছে।

যদি আমি ভাল বন্ধু বনাওঁ আৰু তেওঁলোকৰ কথা শুনোঁ, তেনেহʼলে আমি যোৱাচৰ দৰে হʼব পাৰিম (অনুচ্ছেদ ৩, ৭ চাওক)d

৩. ৰজা যোৱাচে কেনেকৈ যিহোয়াদা মহাপুৰোহিতৰ সহায়ত ভাল নিৰ্ণয় লʼব পাৰিলে?

৩ যোৱাচৰ নিচিনা ভাল নিৰ্ণয় লওক। যোৱাচ সৰু থাকোঁতেই তেওঁৰ পিতৃৰ মৃত্যু হৈছিল। যিহোয়াদা মহাপুৰোহিতে তেওঁক নিজৰ লʼৰাৰ দৰেই চোৱা-চিতা কৰিলে আৰু তেওঁক যিহোৱাৰ বিষয়ে শিকালে। যোৱাচে বুদ্ধিৰে কাম কৰিলে আৰু যিহোয়াদাৰ ভাল পৰামৰ্শ মানিলে। তেওঁ যিহোৱাৰ সেৱা কৰিবলৈ নিৰ্ণয় লʼলে আৰু আনকো এইদৰে কৰিবলৈ সহায় কৰিলে। যোৱাচে যিহোৱাৰ মন্দিৰ মেৰামতি কৰাবলৈ ব্যৱস্থাও কৰিলে।—২ বং. ২৪:১, ২, ৪, ১৩, ১৪.

৪. যেতিয়া আমি যিহোৱাৰ আজ্ঞাবোৰক বহুমূলীয়া ৰত্ন বুলি ভাবোঁ আৰু সেইবোৰ পালন কৰোঁ, তেতিয়া আমাৰ কি লাভ হয়? (হিতোপদেশ ২:১; উপদেশক ৭:১২)

৪ যদি আপোনাৰ মা-দেউতা বা আন কোনোবাই আপোনাক যিহোৱাক প্ৰেম কৰিবলৈ আৰু তেওঁৰ মানদণ্ড অনুসৰি জীৱন-যাপন কৰিবলৈ শিকাই আছে, তেনেহʼলে এয়া ভাল কথা। (হিতোপদেশ ২:১b; উপদেশক ৭:১২ পঢ়ক।) পিতৃ-মাতৃয়ে নিজৰ লʼৰা-ছোৱালীক বিভিন্ন উপায়েৰে শিকাব পাৰে। মন কৰক, কাটয়াৰ দেউতাকে তাইক কেনেকৈ ভাল নিৰ্ণয় লʼবলৈ শিকালে। প্ৰতিদিনে তেওঁ কাটয়াক স্কুলত এৰিবলৈ যোৱাৰ সময়ত দৈনিক পাঠৰ বিষয়ে আলোচনা কৰিছিল। কাটয়াই কৈছে, “দেউতাৰ কথাৰ পৰা মই বহুত সহায় পালোঁ। গোটেই দিনত যিকোনো সমস্যা আহিলেও মই সেইবোৰ সন্মুখীন হʼবলৈ পাৰিছিলোঁ।” আপোনাৰ মা-দেউতাই বাইবেলৰ অনুসৰি আপোনাৰ বাবে যিবোৰ নিয়ম বনাইছে, তাৰ বাবে আপুনি যি কৰিব বিচাৰে, সেয়া কৰিব পৰা নাই বুলি আপোনাৰ অনুভৱ হয়নে? যদি হৈছে, তেতিয়াও আপুনি মা-দেউতাৰ কথা কেনেকৈ মানিব পাৰে? এনেষ্টেছীয়াই কয় যে তাইৰ মা-দেউতাই কোনো এটা নিয়ম কিয় বনাইছে তাৰ বিষয়ে তাইক বুজাইছিল। তাই কৈছে, “এইদৰে মই বুজি পালোঁ যে মোক সকলো সময়তে বাধা দিবলৈ মা-দেউতাই সেই নিয়মবোৰ বনোৱা নাছিল। তাৰ পৰিৱৰ্তে তেওঁলোকে মোক প্ৰেম কৰে আৰু মই সুৰক্ষিত হৈ থকাটো বিচাৰে। সেইবাবে, তেওঁলোকে এই নিয়মবোৰ বনাইছে।”

৫. আপুনি যি নিৰ্ণয় লʼব, সেয়া দেখি আপোনাৰ মা-দেউতা আৰু যিহোৱাই কেনে অনুভৱ কৰিব? (হিতোপদেশ ২২:৬; ২৩:১৫, ২৪, ২৫)

৫ আপোনাৰ মা-দেউতাই বাইবেলৰ পৰা আপোনাক যিবোৰ শিকাই বা পৰামৰ্শ দিয়ে, সেইবোৰ পালন কৰিলে হয়তো তেওঁলোকক বহুত ভাল লাগিব। আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে যিহোৱা আনন্দিত হʼব আৰু তেওঁৰ লগত আপোনাৰ সম্পৰ্ক আৰু মজবুত হʼব। (হিতোপদেশ ২২:৬; ২৩:১৫, ২৪, ২৫ পঢ়ক।) যোৱাচে সৰুতে ভাল নিৰ্ণয় লʼলে, তেওঁৰ দৰে আপুনিও ভাল নিৰ্ণয় লʼবলৈ চেষ্টা কৰিব পাৰে।

৬. যিহোয়াদৰ মৃত্যুৰ পাছত যোৱাচে কোন লোকসকলৰ কথা শুনিবলৈ ধৰিলে আৰু ইয়াৰ পৰিণাম কি হʼল? (২ বংশাৱলি ২৪:১৭, ১৮)

৬ যোৱাচৰ ভুল নিৰ্ণয়ৰ পৰা শিকক। যিহোয়াদাৰ মৃত্যুৰ পাছত যোৱাচে বেয়া লোকসকলৰ লগত বন্ধুত্ব কৰিবলৈ ধৰিলে। (২ বংশাৱলি ২৪:১৭, ১৮ পঢ়ক।) তেওঁ যিহূদাৰ অধ্যক্ষসকলৰ কথা শুনিবলৈ ধৰিলে, যিসকলে যিহোৱাক প্ৰেম কৰা নাছিল। তেওঁলোকে বহুত বেয়া বেয়া কাম কৰিছিল। আপুনি কি ভাবে যোৱাচে তেওঁলোকৰ পৰা আঁতৰি থকা উচিত নাছিলনে? (হিতো. ১:১০) কিন্তু যোৱাচে তেওঁলোকৰ কথা শুনিলে। পাছত যোৱাচৰ পেহীৰ লʼৰা জখৰিয়াই তেওঁক শুধৰণি কৰিবলৈ চেষ্টা কৰোঁতে যোৱাচে তেওঁক হত্যা কৰালে। (২ বং. ২৪:২০, ২১; মথি ২৩:৩৫) সঁচাকৈ, তেওঁ কিমান ডাঙৰ ভুল কৰিলে। যোৱাচে আৰম্ভণিতে ভাল কাম কৰিছিল, কিন্তু দুখৰ কথা যে আগলৈ গৈ তেওঁ মিছা উপাসনা কৰিবলৈ ধৰিলে আৰু এজন হত্যাকাৰী হʼল। অৱশেষত, তেওঁৰ সেৱকসকলেই তেওঁক মাৰি পেলালে। (২ বং. ২৪:২২-২৫) যোৱাচে সদায় যিহোৱাৰ কথা শুনা হʼলে আৰু যিহোৱাক প্ৰেম কৰা লোকসকলৰ লগত বন্ধুত্ব কৰা হʼলে তেওঁৰ জীৱন কিমান ভাল হʼলহেঁতেন! আপুনি যোৱাচৰ পৰা কি শিকিব পাৰে?

৭. আপুনি কোন লোকসকলৰ লগত বন্ধুত্ব কৰা উচিত? (ছবিখনো চাওক।)

৭ যোৱাচৰ ভুল নিৰ্ণয়ৰ পৰা আমি শিকোঁ যে আমি সেই লোকসকলৰ লগত বন্ধুত্ব কৰা উচিত, যিসকলে যিহোৱাক প্ৰেম কৰে আৰু তেওঁক আনন্দিত কৰিব বিচাৰে। এনে বন্ধুসকলে আমাক ভাল কাম কৰিবলৈ উৎসাহিত কৰিব। আমি কেৱল নিজৰ বয়সৰ লোকসকলৰ লগত বন্ধুত্ব কৰিব লাগে এনে নহয়। আমি নিজতকৈ সৰু বা ডাঙৰ লোকসকলৰ লগতো বন্ধুত্ব কৰিব পাৰোঁ। মনত আছেনে, যোৱাচৰ বন্ধু যিহোয়াদা তেওঁৰ পৰা কিমান ডাঙৰ আছিল। বন্ধুসকলৰ কথা আহিলে চিন্তা কৰক, ‘মোৰ বন্ধুসকলে যিহোৱাৰ ওপৰত বিশ্বাস বঢ়াবলৈ মোক সহায় কৰেনে? তেওঁলোকে মোক যিহোৱাৰ কথা মানিবলৈ উৎসাহিত কৰেনে? তেওঁলোকে যিহোৱা আৰু বাইবেলৰ সত্যতাৰ বিষয়ে কথা পাতেনে? তেওঁলোকে যিহোৱাৰ মানদণ্ড পালন কৰেনে? তেওঁলোকে মোক আনন্দিত কৰিবলৈ ভাল কথাবোৰ কয় নে মই ভুল কৰিলে শুধৰণিও কৰে?’ (হিতো. ২৭:৫, ৬, ১৭) গতিকে, যিহোৱাক প্ৰেম নকৰা বন্ধুসকলৰ লগত বন্ধুত্ব বজাই ৰখাৰ কোনো প্ৰয়োজন নাই। কিন্তু যিহোৱাক প্ৰেম কৰা বন্ধুসকলক কেতিয়াও নেৰিব। তেওঁলোকে সদায় আপোনাক সহায় কৰিব।—হিতো. ১৩:২০.

৮. যদি আমি চʼচিয়েল মিডিয়াৰ ব্যৱহাৰ কৰোঁ, তেনেহʼলে আমি কি কি কথা মনত ৰখা উচিত?

৮ চʼচিয়েল মিডিয়াৰ যোগেদি আমি নিজৰ পৰিয়াল আৰু বন্ধুসকলৰ লগত যোগাযোগ কৰোঁ। কিন্তু বহুতো লোকে আনক দেখুৱাবলৈ ইয়াৰ ব্যৱহাৰ কৰে। সেইবাবে, তেওঁলোকে কিবা কিনিলে বা কাম কৰিলে তাৰ ফটো বা ভিডিঅʼ চʼচিয়েল মিডিয়াত দিয়ে। যদি আপুনি চʼচিয়েল মিডিয়া ব্যৱহাৰ কৰে, তেনেহʼলে চিন্তা কৰক, ‘মই চʼচিয়েল মিডিয়াত যিবোৰ দিওঁ, সেয়া কিয় দিওঁ? ইয়াৰ পৰা আনক উৎসাহিত কৰিবলৈ নে আনক দেখুৱাবলৈ আৰু মোৰ প্ৰশংসা কৰাবলৈ এইদৰে কৰোঁ? আনক দেখি মই এইদৰে কৰোঁনে? মই তেওঁলোকৰ দৰে ভাবিবলৈ, কথা পাতিবলৈ আৰু কাম কৰিবলৈ ধৰিছোঁ নেকি?’ ভাই নেথন নʼৰ, যি প্ৰশাসন গোষ্ঠীৰ সদস্য আছিল, এটা ভাল পৰামৰ্শ দিছিল: “মানুহক আনন্দিত কৰিবলৈ কেতিয়াও চেষ্টা নকৰিব। এইদৰে কৰিলে কাকো আনন্দিত কৰিব নোৱাৰিব। যিহোৱাক আনন্দিত কৰক, তেতিয়া আপুনি সেই সকলোকে আনন্দিত কৰিব পাৰিব, যিসকলে যিহোৱাক প্ৰেম কৰে।”

নম্ৰ হৈ থাকক

৯. যিহোৱাৰ সহায়ত উজ্জিয়াই কি কৰিব পাৰিলে? (২ বংশাৱলি ২৬:১-৫)

৯ উজ্জিয়াৰ দৰে ভাল নিৰ্ণয় লওক। ডেকা কালত উজ্জিয়া নম্ৰ আছিল আৰু যিহোৱাৰ ভয় ৰাখিবলৈ শিকিছিল। তেওঁ ৬৮ বছৰলৈকে জীয়াই আছিল আৰু প্ৰায় গোটেই জীৱন যিহোৱাৰ আশীৰ্বাদ তেওঁৰ ওপৰত আছিল। (২ বংশাৱলি ২৬:১-৫ পঢ়ক।) তেওঁ বহুতো শত্ৰু ৰাষ্ট্ৰক পৰাজয় কৰিছিল আৰু যিৰূচালেমক সুৰক্ষিত কৰি ৰাখিবলৈ কিছুমান পদক্ষেপ লৈছিল। (২ বং. ২৬:৬-১৫) উজ্জিয়াই যিহোৱাৰ সহায়ত যিবোৰ কাম কৰিব পাৰিছিল, তাৰ কাৰণে তেওঁ হয়তো বহুত আনন্দিত হৈছিল।—উপ. ৩:১২, ১৩.

১০. উজ্জিয়াৰ লগত কি হʼল?

১০ উজ্জিয়াৰ ভুল নিৰ্ণয়ৰ পৰা শিকক। ৰজা হোৱাৰ বাবে উজ্জিয়াই সদায় আনক কি কৰিব লাগে বা নালাগে তাৰ বিষয়ে কৈছিল। ইয়াৰ বাবেই হয়তো তেওঁ ভাবিছিল যে তেওঁ যি বিচাৰে, তাকেই কৰিব পাৰে। এদিন তেওঁ যিহোৱাৰ মন্দিৰত সোমালে আৰু ৰজাসকলক কৰিবলৈ অনুমতি নিদিয়া কাম কৰিলে। (২ বং. ২৬:১৬-১৮) তেওঁ বেদীত ধূপ জ্বলাবলৈ চেষ্টা কৰিলে। অজৰিয়া মহাপুৰোহিতে তেওঁক বাধা দিবলৈ চেষ্টা কৰোঁতে উজ্জিয়াই তেওঁক খং কৰিলে। তেতিয়া যিহোৱাই তেওঁক শাস্তি দিলে আৰু তেওঁৰ কুষ্টৰোগ হʼল। (২ বং. ২৬:১৯-২১) দুখৰ বিষয় যে উজ্জিয়াই বিশ্বাসী হৈ যিহোৱাৰ সেৱা কৰাৰ যি ভাল নাম অৰ্জন কৰিছিল, সেয়া অলপ সময়ৰ ভিতৰতে শেষ হৈ গʼল। সঁচাকৈ, উজ্জিয়া সদায় নম্ৰ হৈ থকা হʼলে তেওঁৰ জীৱন কিমান ভাল হʼলহেঁতেন!

ছবি: ১. এখন চাৰ্কিট সন্মিলনত এজনী ভনীয়ে ষ্টেজলৈ যোৱাৰ আগতে প্ৰাৰ্থনা কৰি আছে। ২. এজন ভায়ে সেই ভনী আৰু আন এজনী ভনীৰ ইন্টাৰভিউ লৈ আছে। ৩. সন্মিলনৰ পাছত যেতিয়া ভাই-ভনীসকলে তাইৰ প্ৰশংসা কৰি আছে, তেতিয়া তাই সকলো প্ৰশংসা যিহোৱাক দি আছে।

আমি যি কৰোঁ, তাৰ বিষয়ে ফিতাহী মৰাৰ পৰিৱৰ্তে আমি যিহোৱাৰ প্ৰতি কৃতজ্ঞ হোৱা উচিত (অনুচ্ছেদ ১১ চাওক)e

১১. কি কথাৰ পৰা জানিব পাৰি যে আমি নম্ৰ হয় নে নহয়? (ছবিখনো চাওক।)

১১ উজ্জিয়া শক্তিশালী হোৱাৰ পাছত পাহৰি গʼল যে তেওঁৰ ওচৰত যিবোৰ আছে, সেই সকলো যিহোৱাই তেওঁক দিছে। আমি উজ্জিয়াৰ পৰা কি শিকিব পাৰোঁ? আমি মনত ৰখা উচিত যে আজি আমাৰ ওচৰত যিবোৰ আছে, সেই সকলো যিহোৱাইহে আমাক দিছে। সেইবাবে, আমি কিবা কাম কৰিব পাৰিলে ফিতাহী নামাৰি যিহোৱাৰ প্ৰতি কৃতজ্ঞ হোৱা উচিত।c (১ কৰি. ৪:৭) আমি নম্ৰ হোৱাৰ লগতে মনত ৰখা উচিত যে আমি অসিদ্ধ হয় আৰু আমাক শুধৰণি কৰিবলগীয়া হʼব পাৰে। এজন ৬০ বছৰৰ ওচৰা-ওচৰিৰ ভায়ে এইদৰে কৈছে, “মই শিকিলোঁ যে কোনোবাই কিবা কৈ দিলে মই তেওঁৰ কথা ধৰি ৰখা উচিত নহয়। মই সৰু-সুৰা ভুল কৰাৰ বাবে শুধৰণি কৰিলে মই বেয়া নাপাও আৰু শুধৰণি কৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰোঁ।” এটা কথাত কʼবলৈ গʼলে নম্ৰ হʼলে আৰু যিহোৱালৈ ভয় ৰাখিলে আমি প্ৰকৃত অৰ্থত আনন্দত থাকোঁ।—হিতো. ২২:৪.

যিহোৱাৰ কাষ চাপি থাকক

১২. ডেকা বয়সতে যোচিয়াই কেনেকৈ যিহোৱাক বিচাৰিবলৈ ধৰিলে? (২ বংশাৱলি ৩৪:১-৩)

১২ যোচিয়াৰ ভাল নিৰ্ণয়ৰ পৰা শিকক। ডেকা কালৰে পৰা যোচিয়াই যিহোৱাক বিচাৰিবলৈ ধৰিলে। তেওঁ যিহোৱাক আৰু ভালদৰে জানিবলৈ আৰু তেওঁৰ ইচ্ছা পূৰ কৰিব বিচাৰিছিল। কিন্তু তেওঁৰ বাবে এই সকলোবোৰ কৰাটো ইমান সহজ নাছিল। কিয়নো তেওঁৰ চাৰিওফালে মিছা উপাসনা কৰা লোকসকল আছিল আৰু তেওঁলোকক বাধা দিবলৈ বহুত সাহসৰ প্ৰয়োজন আছিল। তথাপি তেওঁ এইদৰেই কৰিলে। যোচিয়াৰ বয়স ২০ বছৰো হোৱা নাছিল, তথাপি তেওঁ গোটেই দেশৰ পৰা মিছা উপাসনা নাইকিয়া কৰিবলৈ চেষ্টা কৰিলে।—২ বংশাৱলি ৩৪:১-৩ পঢ়ক।

১৩. যেতিয়া আপুনি নিজৰ জীৱন যিহোৱালৈ সমৰ্পণ কৰে, তেতিয়া আপুনি প্ৰতিদিনে কি কৰিবলৈ চেষ্টা কৰিব?

১৩ যদিও আপুনি সৰু হৈ আছে, তথাপি যোচিয়াৰ দৰে হʼব পাৰে। কেনেকৈ বাৰু? আপুনি যিহোৱাৰ আৰু কাষ চাপিবলৈ, তেওঁক আৰু ভালদৰে জানিবলৈ আৰু তেওঁৰ কি কি গুণ আছে তাক জানিবলৈ চেষ্টা কৰিব পাৰে। তাৰ পাছত আপোনাক নিজৰ জীৱন যিহোৱালৈ সমৰ্পণ কৰিবলৈ মন যাব। নিজৰ জীৱন যিহোৱালৈ সমৰ্পণ কৰা লোকসকলে প্ৰতিদিনে কি কৰিবলৈ চেষ্টা কৰে? ভাই লূকে ১৪ বছৰতে বাপ্তিষ্মা লৈছিল। নিজৰ জীৱন যিহোৱালৈ সমৰ্পণ কৰাৰ সময়ত তেওঁ থিৰাং কৰিছিল যে “এতিয়াৰে পৰা মই নিজৰ জীৱনত যিহোৱাক প্ৰথম স্থান দিম আৰু তেওঁক আনন্দিত কৰিবলৈ চেষ্টা কৰিম।” (মাৰ্ক ১২:৩০) যদি আপোনাৰ এনেদৰে কৰিবলৈ মন যায়, তেনেহʼলে আপুনিও বহুতো আশীৰ্বাদ পাব।

১৪. উদাহৰণ দি বুজাওক যে কিছুমান ডেকাই কেনেকৈ ৰজা যোচিয়াৰ দৰে হʼবলৈ চেষ্টা কৰে?

১৪ কিশোৰ-কিশোৰীসকল, আজি আপোনালোকে কি কি সমস্যাৰ সন্মুখীন হʼবলগীয়া হয়? ১২ বছৰ বয়সত বাপ্তিষ্মা লোৱা জʼহানৰ উদাহৰণলৈ মন কৰক। তেওঁ কয় যে তেওঁৰ ক্লাচৰ লʼৰা-ছোৱালীৱে তেওঁক ইলেকট্ৰনিক চিগাৰেট খোৱাবলৈ চেষ্টা কৰে। তেওঁ কিয় তেওঁলোকক মানা কৰিব পাৰে? তেওঁ মনত ৰাখে যে ইলেকট্ৰনিক চিগাৰেট খালে তেওঁৰ স্বাস্থ্য বেয়া হʼব আৰু যিহোৱাৰ লগত থকা সম্পৰ্কও নাইকিয়া হʼব পাৰে। এতিয়া ১৪ বছৰ বয়সত বাপ্তিষ্মা লোৱা ৰেছেলৰ উদাহৰণলৈ মন কৰক। স্কুলত অহা সমস্যাবোৰ তাই কেনেকৈ সন্মুখীন হʼব পাৰে? তাই এইদৰে কৈছে, “মই এনে কথাবোৰৰ বিষয়ে ভাবিবলৈ চেষ্টা কৰোঁ, যাৰ সহায়ত যিহোৱা আৰু বাইবেলৰ ওপৰত মোৰ ধ্যান থাকে। যেনে, মই ইতিহাসৰ কোনো এটা কথা পঢ়িলে বাইবেলৰ ঘটনা বা ভৱিষ্যতবাণী মনত পেলাবলৈ চেষ্টা কৰোঁ। অথবা কোনোবাই মোৰ লগত কথা পাতিলে চিন্তা কৰোঁ যে তেওঁক কোনটো পদ দেখুৱাব পাৰোঁ।” আজি কিশোৰ-কিশোৰীসকলৰ ওচৰত যিবোৰ সমস্যা আহে, সেইবোৰ ৰজা যোচিয়াৰ দৰে নহʼবও পাৰে। কিন্তু আপোনালোকে তেওঁৰ দৰে বুদ্ধিমানেৰে কাম কৰিব পাৰে আৰু যিহোৱাৰ বিশ্বাসী হৈ থাকিব পাৰে। আজি আপুনি সমস্যাবোৰ সন্মুখীন হʼবলৈ শিকিলে আগলৈ গৈ আৰু বহুতো সমস্যা সন্মুখীন হʼব পাৰিব।

১৫. যোচিয়াই কিয় বিশ্বাসী হৈ যিহোৱাৰ সেৱা কৰিব পাৰিলে? (২ বংশাৱলি ৩৪:১৪, ১৮-২১)

১৫ যোচিয়া ডাঙৰ হোৱাৰ পাছত মন্দিৰৰ মেৰামতি কৰাবলৈ আৰম্ভ কৰিলে। সেই সময়ত “মোচিয়ে দিয়া যিহোৱাৰ ব্যৱস্থা-পুস্তকখন” পোৱা গʼল। সেই কিতাপ পঢ়ি শুনোৱাৰ সময়ত তাৰ কথাবোৰ তেওঁৰ হৃদয় স্পৰ্শ কৰিলে আৰু তেওঁ লগে লগে পদক্ষেপ লʼলে। (২ বংশাৱলি ৩৪:১৪, ১৮-২১ পঢ়ক।) আপুনি প্ৰতিদিনে বাইবেল পঢ়িব বিচাৰেনে? যদি আপুনি আগৰে পৰা পঢ়ি আছে, তেনেহʼলে আপোনাক পঢ়ি কেনেকুৱা লাগিছে? আপুনি সেই পদবোৰ কʼৰবাত লিখি ৰাখেনে, যাৰ পৰা আপুনি সহায় পাব পাৰে? ভাই লূকক ভাল লগা কথাবোৰ তেওঁ এখন ডাইৰিত লিখি ৰাখে। আপুনিও এইদৰে কৰিব বিচাৰেনে যাতে আপুনি সেই পদবোৰ আৰু তাত শিকা কথাবোৰ মনত ৰাখিব পাৰে। যিমানেই ভালদৰে আপুনি বাইবেলত লিখা কথাবোৰ বুজিব আৰু সেইবোৰক প্ৰেম কৰিব, সিমানেই আপুনি যিহোৱাৰ সেৱা কৰিব বিচাৰিব। তেতিয়া যোচিয়াৰ দৰে আপোনাকো ঈশ্বৰৰ বাক্যত লিখা কথাবোৰ মানিবলৈ মন যাব।

১৬. (ক) যোচিয়াই কিয় এটা ডাঙৰ ভুল কৰিলে? (খ) আমি তেওঁৰ পৰা কি শিকিব পাৰোঁ?

১৬ যোচিয়াৰ ভুল নিৰ্ণয়ৰ পৰা শিকক। তেওঁ ৩৯ বছৰ বয়সত এটা ডাঙৰ ভুল কৰিলে। তেওঁ যিহোৱাৰ পৰা পৰামৰ্শ নলৈ নিজৰ ওপৰত ভৰসা কৰিলে। (২ বং. ৩৫:২০-২৫) ইয়াৰ বাবে তেওঁ নিজৰ জীৱন হেৰুৱাবলগীয়া হʼল। ইয়াৰ পৰা আমি এটা গুৰুত্বপূৰ্ণ কথা শিকোঁ। আমি যিমানেই সময়ৰ পৰা বাইবেল অধ্যয়ন কৰি আছোঁ বা আমাৰ বয়স যিমানেই নহওক কিয় আমি সদায় যিহোৱাৰ চিন্তাধাৰা জানিবলৈ চেষ্টা কৰা উচিত। ইয়াৰ অৰ্থ হৈছে সঠিক পথ দেখুৱাবলৈ নিয়মীয়াকৈ যিহোৱালৈ প্ৰাৰ্থনা কৰা, তেওঁৰ বাক্য বাইবেল অধ্যয়ন কৰি থকা আৰু অভিজ্ঞতা থকা ভাই-ভনীসকলৰ পৰামৰ্শ লোৱা উচিত। এইদৰে কৰিলে আমি ডাঙৰ ভুল কৰাৰ পৰা বাচিব পাৰিম আৰু আনন্দত থাকিম।—যাকো. ১:২৫.

কিশোৰ-কিশোৰীসকল, আপোনালোকে জীৱনত আনন্দিত থাকিব পাৰে

১৭. যিহূদাৰ তিনিজন ৰজাৰ পৰা আমি কি কি গুৰুত্বপূৰ্ণ কথা শিকিব পাৰোঁ?

১৭ কিশোৰ-কিশোৰীসকলে জীৱনত বহুত কিছু কৰিব পাৰে। যোৱাচ, উজ্জিয়া আৰু যোচিয়াৰ উদাহৰণৰ পৰা জানিব পাৰি যে কিশোৰ-কিশোৰীসকলে ভাল নিৰ্ণয় লʼব পাৰে আৰু এনে জীৱন জীয়াই থাকিব পাৰে, যাৰ পৰা যিহোৱা আনন্দিত হয়। গতিকে, এই তিনিজন ডেকাৰ দৰে নিজৰ জীৱনত ভাল নিৰ্ণয় লওক। এয়া সঁচা যে তেওঁলোকে কিছুমান ভুল কৰিছিল, যাৰ বাবে তেওঁলোকে বহুত বেয়া পৰিণাম ভুগিবলগীয়া হʼল। কিন্তু আপুনি যাতে তেওঁলোকৰ দৰে ভুল নকৰে তাৰ প্ৰতি ধ্যান দিয়া উচিত। এইবোৰ কথা মনত ৰাখিলে আপুনি জীৱনত আনন্দিত হৈ থাকিব।

যুদ্ধত দায়ূদে কেটেপাৰে গলিয়াথক শিলগুটি মাৰিছে।

দায়ূদ সৰু হৈ থাকোঁতেই যিহোৱাৰ লগত বন্ধুত্ব কৰিছিল। ইয়াৰ বাবে যিহোৱা আনন্দিত হʼল আৰু তেৱোঁ আনন্দিত হৈ থাকিব পাৰিলে (অনুচ্ছেদ ১৮ চাওক)

১৮. আমি জীৱনত আনন্দিত হৈ থাকিব পাৰোঁ বুলি বাইবেলত কোৱা কোন লোকসকলৰ উদাহৰণৰ পৰা জানিব পাৰি? (ছবিখনো চাওক।)

১৮ বাইবেলত এনে আৰু বহুতো ডেকাৰ বিষয়ে কোৱা হৈছে, যিসকলে যিহোৱাৰ লগত বন্ধুত্ব কৰিছিল আৰু যিহোৱা তেওঁলোকৰ পৰা আনন্দিত আছিল। ইয়াৰ বাবে তেওঁলোকে জীৱনত আনন্দিত থাকিব পাৰিলে। তেওঁলোকৰ মাজত দায়ূদো এজন আছিল। সৰুৰে পৰা তেওঁ যিহোৱাৰ লগত বন্ধুত্ব কৰিলে আৰু আগলৈ গৈ তেওঁ যিহোৱাৰ লোকসকলৰ এজন ভাল ৰজা হʼল। তেওঁ বহুতো ভুল কৰিছিল, তথাপি যিহোৱাই তেওঁক নিজৰ এজন বিশ্বাসী সেৱক বুলি কʼলে। (১ ৰাজা. ৩:৬; ৯:৪, ৫; ১৪:৮) গতিকে আপুনি দায়ূদৰ জীৱন আৰু তেওঁ যিদৰে যিহোৱাৰ সেৱা কৰিলে তাৰ বিষয়ে অধ্যয়ন কৰক। তেতিয়া আপোনাকো বিশ্বাসী হৈ যিহোৱাৰ সেৱা কৰিবলৈ মন যাব। অথবা আপুনি মাৰ্ক বা তীমথিয়ৰ বিষয়ে অধ্যয়ন কৰিব পাৰে। তেওঁলোকেও কম বয়সত যিহোৱাৰ সেৱা আৰম্ভ কৰিলে আৰু বিশ্বাসী হৈ তেওঁৰ সেৱা কৰি থাকিল। ইয়াৰ পৰা যিহোৱা আনন্দিত হʼল আৰু তেওঁলোকেও।

১৯. আপুনি কেনেধৰণৰ জীৱন জীয়াই থাকিব পাৰে?

১৯ আজি আপুনি যি কৰে আৰু যি নিৰ্ণয় লয়, তাৰ ওপৰত নিৰ্ভৰ কৰিব যে আগলৈ গৈ আপোনাৰ জীৱন কেনেকুৱা হʼব। গতিকে যিহোৱাৰ ওপৰত ভৰসা কৰক, নিজৰ ওপৰত নহয়। (হিতো. ২০:২৪) তেতিয়া তেওঁ আপোনাক সঠিক নিৰ্ণয় লʼবলৈ সহায় কৰিব। তাৰ পাছত আপুনি আনন্দিত থাকিব আৰু এটা ভাল জীৱন জীয়াই থাকিব পাৰিব। মনত ৰাখক, আপুনি যিহোৱাৰ সেৱাত যি কৰে, তাক তেওঁ বহুত মূল্যাংকন কৰে। গতিকে গোটেই জীৱন যিহোৱাৰ সেৱা কৰাতকৈ ভাল কাম আৰু কিবা হʼব পাৰেনে?

তলত দিয়া লোকসকলৰ পৰা আপুনি কি শিকিব পাৰে?

  • ৰজা যোৱাচ।

  • ৰজা উজ্জিয়া।

  • ৰজা যোচিয়া।

গীত ১৪৪ পুৰস্কাৰৰ ওপৰত দৃষ্টি ৰাখা

a কিশোৰ-কিশোৰীসকল যিহোৱাই ভালদৰে জানে যে বহু বাৰ আপোনাৰ ওচৰত এনে পৰিস্থিতি আহিব পাৰে, যেতিয়া হয়তো সঠিক কাম কৰিবলৈ আপোনাক কঠিন লাগিব পাৰে। এনে পৰিস্থিতিত আপুনি কেনেকৈ সঠিক নিৰ্ণয় লʼব পাৰে যাতে আপুনি যিহোৱাক আনন্দিত কৰিব পাৰে আৰু তেওঁৰ লগত থকা বন্ধুত্বও বজাই ৰাখিব পাৰে? এই লেখত আমি এনে তিনিজন ডেকাৰ উদাহৰণলৈ মন কৰিম, যিসকলে আগলৈ গৈ যিহূদাৰ ৰজা হʼল। মন কৰক, তেওঁলোকৰ নিৰ্ণয়ৰ পৰা আমি কি শিকিব পাৰোঁ?

b হিতোপদেশ ২:১, NW: “হে মোৰ বোপা, যদি তুমি মোৰ কথাবোৰ পালন কৰা, মোৰ আজ্ঞাবোৰ বহুমূলীয়া ৰত্নৰ দৰে চম্ভালি ৰাখা,”

c jw.org-ত “চʼচিয়েল মিডিয়াত বহুতো ফʼলʼৱাৰ আৰু লাইক থকাটোৱে সকলো নে?” নামৰ লেখখনৰ “অভিযোগ আৰু ফিতাহী মৰা” নামৰ বক্সখন পঢ়ক।

d ছবিৰ বিষয়ে: এজনী ভনীয়ে আন এজনী যুৱতী ভনীক পৰামৰ্শ দি আছে।

e ছবিৰ বিষয়ে: এজনী ভনী যাৰ সন্মিলনত এটা সৰু ভাগ আছে, তাই যিহোৱাৰ পৰা সহায় বিচাৰি আছে আৰু তেওঁৰ প্ৰতি কৃতজ্ঞ হৈছে।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক