কাহিনী ১৮
হাৰণলৈ যাকোবৰ যাত্ৰা
যাকোবে কাৰ লগত কথা পাতিছে কʼব পাৰিবানে? কেইবাদিনো যাত্ৰা কৰাৰ পাছত যাকোবে এই লোকসকলক এটা নাদৰ পাৰত লগ পালে। তেওঁলোক ভেড়াৰখীয়া হয়। যাকোবে তেওঁলোকক সুধিলে: ‘তোমালোক কʼৰ মানুহ?’
তেওঁলোকে উত্তৰ দিলে: ‘আমি হাৰণৰ মানুহ।’
‘তোমালোকে লাবনক চিনি পোৱানে?’ যাকোবে তেওঁলোকক সুধিলে।
ভেড়াৰখীয়াকেইজনে কʼলে: ‘হয়, আমি চিনি পাওঁ। সৌৱা চোৱা, তেওঁৰ জীয়েক ৰাহেলে ভেড়াবোৰ লৈ আহিছে।’ ছবিখনত তোমালোকে ৰাহেলক দেখিবলৈ পাইছানে?
ৰাহেলক ভেড়াবোৰৰ লগত আহি থকা দেখি, যাকোবে নাদৰ মুখৰপৰা শিলচটা আঁতৰাই ভেড়াবোৰক পানী খাবলৈ দিলে। ইয়াৰ পাছত যাকোবে তেওঁলোকৰ প্ৰথা অনুসৰি ৰাহেলক চুমা খালে আৰু নিজৰ পৰিচয় দিলে। সম্বন্ধীয় লোকক লগ পাই ৰাহেল বৰ আনন্দিত হʼল। তাই ঘৰলৈ দৌৰি গৈ দেউতাকক সকলো কথা বৰ্ণনা কৰিলে।
লাবনেও যাকোবৰ বিষয়ে শুনি আনন্দিত হʼল আৰু যাকোবক নিজৰ ঘৰত থাকিবলৈ দিলে। কিছুদিনৰ পাছত, যাকোবে লাবনক জনালে যে তেওঁ ৰাহেলক বিয়া কৰিব বিচাৰে। এই কথা শুনি লাবন বৰ আনন্দিত হʼল। লাবনে কিন্তু ৰাহেলৰ বিনিময়ত যাকোবক সাত বছৰ তেওঁৰ ঘৰত কাম কৰিবলৈ কʼলে। যাকোবে এই প্ৰস্তাৱ মান্তি হʼল আৰু লাবনৰ ঘৰত সাত বছৰ কাম কৰিলে। ইয়ে দেখুৱাই যে যাকোবে ৰাহেলক কিমান ভাল পায়। কিন্তু বিয়াৰ সময়ত কি হʼল, তোমালোকে জানানে?
ৰাহেলৰ পৰিৱৰ্তে লাবনে নিজৰ ডাঙৰ ছোৱালীজনীকহে যাকোবলৈ বিয়া দিলে। যাকোবে কিন্তু ৰাহেলৰ বাবে আৰু সাত বছৰ কাম কৰিবলৈ মান্তি হʼল। সাত বছৰৰ অন্তত লাবনে ৰাহেলক যাকোবলৈ বিয়া দিলে। সেই সময়ছোৱাত ঈশ্বৰে পুৰুষসকলক এগৰাকীতকৈ বেছি তিৰোতাক বিয়া কৰিবলৈ অনুমতি দিছিল। কিন্তু বৰ্তমান সময়ত এনে নহয়। বাইবেলে আজ্ঞা দিছে যে এজন পুৰুষে মাত্ৰ এগৰাকী তিৰোতাকহে বিয়া কৰিব লাগে।
আদিপুস্তক ২৯:১-৩০.