ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • my কাহিনী ১৯
  • যাকোবৰ পৰিয়াল

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যাকোবৰ পৰিয়াল
  • বাইবেলৰ কাহিনী
  • মিল থকা বিষয়
  • হাৰণলৈ যাকোবৰ যাত্ৰা
    বাইবেলৰ কাহিনী
বাইবেলৰ কাহিনী
my কাহিনী ১৯
যাকোব আৰু তেওঁৰ পুত্ৰসকল

কাহিনী ১৯

যাকোবৰ পৰিয়াল

ছবিখনত থকা পৰিয়ালটোলৈ লক্ষ্য কৰাচোন। তেওঁলোক হৈছে যাকোবৰ ১২জন পুত্ৰ। যাকোবৰ কেইবাজনী ছোৱালীও আছিল। তোমালোকে এই লʼৰাকেইজনৰ নাম জানানে? আহাঁ আমি তেওঁলোকৰ নামবোৰ জানিবলৈ চেষ্টা কৰোঁ।

ৰূবেণ, চিমিয়োন, লেবী আৰু যিহূদাক যাকোবৰ পত্নী লেয়াই জন্ম দিয়ে। ৰাহেলৰ কোনো সন্তান নথকাৰ বাবে তাই বৰ দুখিত হৈছিল। সেইবাবে নিজৰ দাসী বিল্‌হাক ৰাহেলে যাকোবলৈ বিয়া দিলে আৰু কালক্ৰমে বিল্‌হাই দুটা পুত্ৰৰ জন্ম দিয়ে। তেওঁলোকৰ নাম হৈছে দান আৰু নপ্তালী। ইয়াকে দেখি লেয়াই নিজৰ দাসী জিল্পাক যাকোবলৈ বিয়া দিলে। জিল্পাই যাকোবলৈ দুটা পুত্ৰৰ জন্ম দিয়ে আৰু তেওঁলোকৰ নাম হৈছে গাদ আৰু আচেৰ। পাছলৈ লেয়াই ইচাখৰ আৰু জবূলূন নামৰ দুটা পুত্ৰৰ জন্ম দিয়ে।

এসময়ত ৰাহেলেও এটা পুত্ৰ সন্তানৰ জন্ম দিয়ে আৰু তাৰ নাম যোচেফ ৰাখিলে। সময় অতিবাহিত হোৱাৰ লগে লগে যোচেফ এজন বিখ্যাত ব্যক্তি হৈ পৰিল। পাছলৈ আমি এই যোচেফৰ বিষয়ে আৰু বহু কথা শিকিবলৈ পাম। লাবনৰ লগত থকাৰ সময়ছোৱাত, যাকোবৰ ১১জন পুত্ৰৰ জন্ম হৈছিল।

যাকোবৰ কেইবাজনীও ছোৱালী আছিল। কিন্তু বাইবেলত মাত্ৰ এজনী ছোৱালীৰ নামহে উল্লেখ আছে। তাইৰ নাম হৈছে দীনা।

এতিয়া যাকোবে লাবনৰ ঠাই ত্যাগ কৰি, নিজৰ ঘৰ কনান দেশলৈ ঘূৰি যাবলৈ থিৰাং কৰিলে। যাকোবে পৰিয়ালৰ সকলো লোকক আৰু জীৱ-জন্তুবোৰক লগত লৈ নিজৰ দেশলৈ যাত্ৰা আৰম্ভ কৰিলে।

কনানত কিছুদিন থকাৰ পাছত ৰাহেলে আৰু এটা পুত্ৰৰ জন্ম দিয়ে। তেওঁলোকে আন এক ঠাইলৈ যাত্ৰা কৰোঁতে এই পুত্ৰৰ জন্ম হয়। দুখৰ কথা যে প্ৰসৱ বেদনাৰ বাবে ৰাহেলৰ মৃত্যু ঘটে। কিন্তু নৱজাত শিশুটি সুস্থ আছিল আৰু যাকোবে তাৰ নাম বিন্যামীন ৰাখিলে।

আমি মনত ৰখা উচিত যে যাকোবৰ এই ১২জন পুত্ৰৰপৰা গোটেই ইস্ৰায়েল জাতিৰ জন্ম হয়। মন কৰিবলগীয়া কথা যে ইস্ৰায়েলৰ ১২ গোত্ৰৰ নাম যাকোবৰ ১০জন লʼৰা আৰু যোচেফৰ ২জন লʼৰাৰপৰা আহিছে। ইচ্‌হাক এতিয়াও জীয়াই আছিল আৰু যাকোবৰ সন্তানবিলাকক দেখি তেওঁ নিশ্চয় আনন্দিত হৈছিল। কিন্তু যাকোবৰ ছোৱালী দীনাৰ কি হʼল? আহাঁ আমি ইয়াৰ উত্তৰ বিচাৰি চাওঁ।

আদিপুস্তক ২৯:৩২-৩৫; ৩০:১-২৬; ৩৫:১৬-১৯; ৩৭:৩৫.

অধ্যয়নৰ বাবে প্ৰশ্নসমূহ

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক