কাহিনী ২০
দীনা সমস্যাত পৰিল
ছবিখনত দেখুৱাৰ দৰে দীনাই কাক লগ ধৰিবলৈ আহিছে কʼব পাৰিবানে? কনানত থকা কিছুমান স্থানীয় ছোৱালীক দেখা কৰিবলৈ আহিছে। তাই এনেকৈ ঘৰৰপৰা ওলাই যোৱাৰ বাবে দেউতাকে ভাল পাবনে? অব্ৰাহাম আৰু ইচ্হাকে কনানৰ ছোৱালীবিলাকৰ বিষয়ে কি কৈছিল, তাৰ বিষয়ে তোমাৰ মনত আছেনে?
ইচ্হাকে কনান দেশৰ ছোৱালীক বিয়া কৰাটো অব্ৰাহামে বিচাৰিছিলনে? তেওঁ কেতিয়াও বিচৰা নাছিল। ইচ্হাক আৰু ৰিবেকাই নিজৰ পুত্ৰ যাকোবৰ বিয়া কনানৰ কোনো ছোৱালীৰ লগত হোৱাটো বিচাৰিছিল নেকি? তেওঁলোকেও বিচৰা নাছিল। তেওঁলোকে এনে কৰাৰ কাৰণ কি বাৰু?
কিয়নো কনানৰ লোকসকলে মিছা দেৱতাবোৰক উপাসনা কৰিছিল। অসৎ চৰিত্ৰৰ হোৱাৰ বাবে তেওঁলোকৰ লগত বিয়া-বাৰু কৰাটো দূৰৈৰ কথা, তেওঁলোকৰ লগত বন্ধুত্ব কৰাটোও ভাল নহʼব। গতিকে আমি কʼব পাৰোঁ যে দীনাই কনানৰ ছোৱালীবোৰক লগ কৰিবলৈ যোৱাৰ বাবে যাকোবে নিশ্চয় ভাল নাপাব।
এই ছোৱালীবিলাকৰ লগত বন্ধুত্ব কৰাৰ বাবে দীনাই এক ডাঙৰ বিপদত পৰিল। দীনাক একেথৰে চাই থকা সেই মানুহজনক ছবিখনত দেখিছানে? তেওঁৰ নাম হৈছে চিখিম। এদিনাখন কনানৰ ছোৱালীবিলাকক লগ ধৰিবলৈ যাওঁতে, চিখিমে দীনাক জোৰ কৰি তাইৰ লগত শয়ন কৰিলে। চিখিমে যি কৰিছিল সেইয়া ভাল কাম নাছিল। কিয়নো বিবাহিতা পুৰুষ আৰু তিৰোতাইহে কেৱল একেলগে শয়ন কৰিব পাৰে। চিখিমৰ এই বেয়া কামৰ বাবে বহুত সমস্যাৰ সৃষ্টি হʼল।
যেতিয়া দীনাৰ ককায়েকবিলাকে এই বিষয়ে শুনিবলৈ পালে, তেওঁলোকৰ বৰ খং উঠিল। চিমিয়োন আৰু লেবীৰ ইমানেই খং উঠিল যে তেওঁলোকে হাতত খোলা তৰোৱাল লৈ, চিখিমে থকা নগৰখনত আক্ৰমণ কৰিলে। চিমিয়োন, লেবী আৰু তেওঁলোকৰ আন ভাইবিলাকে চিখিম আৰু সেই নগৰত থকা সকলো পুৰুষক হত্যা কৰিলে। নিজৰ পুত্ৰকেইজনে এনে কৰাৰ বাবে যাকোবৰ মনত বৰ আঘাত লাগিছিল আৰু খঙো উঠিছিল।
এই সকলো সমস্যা কেনেকৈ আৰম্ভ হʼল বাৰু? ঈশ্বৰৰ আজ্ঞা নমনা লোকসকলৰ লগত দীনাই বন্ধুত্ব কৰাৰ বাবে এইবোৰ হʼবলৈ পালে। ঈশ্বৰৰ আজ্ঞা নমনা লোকসকলৰ লগত আমাৰ বন্ধুত্ব কৰাটো উচিত হʼবনে? নিশ্চয় নহʼব।
আদিপুস্তক ৩৪:১-৩১.