কাহিনী ৫০
দুগৰাকী সাহসী তিৰোতা
ইস্ৰায়েলী লোকসকলে যেতিয়া বিপদত পৰে, তেতিয়া তেওঁলোকে সহায়ৰ বাবে যিহোৱালৈ প্ৰাৰ্থনা কৰে। দয়ালু ঈশ্বৰ যিহোৱাই তেওঁলোকক সহায় কৰিবলৈ সাহসী নায়কসকলক নিযুক্ত কৰে। বাইবেলত এই নায়কসকলক বিচাৰক বুলি কোৱা হৈছে। ইস্ৰায়েলীসকলৰ প্ৰথম বিচাৰক হৈছে যিহোচূৱা আৰু তেওঁৰ পাছত হোৱা কেইজনমান বিচাৰকৰ নাম হৈছে অৎনীয়েল, এহূদ আৰু চম্গৰ। দবোৰা আৰু যায়েল নামৰ দুগৰাকী তিৰোতায়ো বিপদৰ সময়ত ইস্ৰায়েলীসকলক সহায় কৰিছিল।
দবোৰা এগৰাকী ভাববাদিনী আছিল। হʼবলগীয়া ঘটনাবোৰৰ বিষয়ে যিহোৱা ঈশ্বৰে আগতীয়াকৈ তাইক জনাইছিল আৰু তাই সেইবোৰ লোকসকলক কৈছিল। দবোৰা এগৰাকী বিচাৰকো আছিল। তাই পৰ্ব্বতীয়া অঞ্চলত থকা এটা বিশেষ খেজুৰ গছৰ তলত বহি লোকসকলৰ সমস্যাবোৰ সমাধান কৰিছিল।
সেইসময়ত কনান দেশৰ ৰজা আছিল যাবীন। তেওঁৰ ৯০০ যুদ্ধ ৰথ আছিল। এই ৰজাজনৰ সৈন্যদল ইমানেই শক্তিশালী আছিল যে তেওঁলোকে বহুতো ইস্ৰায়েলীক যাবীনৰ দাস হʼবলৈ বাধ্য কৰিছিল। ৰজা যাবীনৰ সৈন্যদলৰ সেনাপতি হৈছে চীচৰা।
এদিনাখন ভাববাদিনী দবোৰাই, বাৰাক নামৰ বিচাৰকজনক মাতি অনালে আৰু তেওঁক কʼলে: ‘ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই আজ্ঞা কৰিছে: “দহ হাজাৰ লোকক লগত লৈ তাবোৰ পৰ্ব্বতলৈ চাপি যোৱা। মই চীচৰাক তোমাৰ গুৰিলৈ চপাম। মই তোমাক তেওঁ আৰু তেওঁৰ সৈন্যৰ ওপৰত জয়ী কৰিম।” ’
তেতিয়া বাৰাকে দবোৰাক কʼলে: ‘তুমি যদি মোৰ লগত যোৱা তেনেহʼলেহে মই যাম।’ দবোৰাই বাৰাকৰ লগত যাবলৈ মান্তি হʼল, কিন্তু তাই বাৰাকক কʼলে: ‘এই যুদ্ধত তোমাৰ প্ৰশংসা নহʼব। কিয়নো যিহোৱাই চীচৰাক এজনী তিৰোতাৰ হাতত দিব।’ দবোৰাই কোৱাৰ দৰেই সকলো ঘটনা ঘটিল।
চীচৰাৰ সৈন্যবিলাকৰ লগত যুদ্ধ কৰিবলৈ বাৰাকে তাবোৰ পৰ্ব্বতৰপৰা নামি আহিল। সেই ঠাইত হঠাতে যিহোৱাই এক বানপানীৰ সৃষ্টি কৰিলে আৰু বহুতো শত্ৰু সৈন্য ইয়াত ডুব গʼল। কিন্তু চীচৰা নিজৰ ৰথৰপৰা নামি পলাল।
কিছুসময়ৰ পাছত চীচৰা যায়েল নামৰ এগৰাকী তিৰোতাৰ তম্বুলৈ আহিল। তাই চীচৰাক ভিতৰলৈ মাতি আনিলে আৰু অলপ গাখীৰ খাবলৈ দিলে। গাখীৰ খোৱাৰ পাছত চীচৰা গভীৰ টোপনিত গʼল। ইয়াৰ পাছত যায়েলে তম্বুৰ খুঁটি এটা লৈ চীচৰাৰ মূৰত সেইডাল সাতুৰিৰে পুতিলে। কিছুসময়ৰ পাছত বাৰাক সেই ঠাইত উপস্থিত হয় আৰু যায়েলে তেওঁক চীচৰাৰ মৃতদেহটো দেখুৱালে। দবোৰাৰ বাক্য কেনেকৈ ফলিয়ালে তাক তুমি দেখিলানে?
অৱশেষত ৰজা যাবীনৰো মৃত্যু হয় আৰু অলপ সময়ৰ বাবে ইস্ৰায়েলীসকলৰ মাজত শান্তি আছিল।
বিচাৰকৰ্ত্তাবিলাক ২:১৪-২২; ৪:১-২৪; ৫:১-৩১.