পাঠ ৩২
নেতৃত্ব লোৱা নতুন ব্যক্তি আৰু দুগৰাকী সাহসী তিৰোতা
যিহোচূৱাই বহু বছৰলৈকে যিহোৱাৰ লোকসকলৰ নেতৃত্ব লৈছিল। তাৰ পাছত ১১০ বছৰ বয়সত তেওঁৰ মৃত্যু হʼল। যিহোচূৱাই যেতিয়ালৈকে জীয়াই আছিল, তেতিয়ালৈকে ইস্ৰায়েলীসকলে যিহোৱাৰ উপাসনা কৰিছিল। কিন্তু তেওঁৰ মৃত্যুৰ পাছত ইস্ৰায়েলীসকলে কনানীয়া লোকসকলৰ দৰে মূৰ্তিপূজা কৰিবলৈ ধৰিলে। ইস্ৰায়েলীসকলে যিহোৱাৰ কথা শুনিবলৈ এৰি দিলে। সেইবাবে, যিহোৱাই তেওঁলোকক কনানৰ ৰজা যাবীনৰ হাতত এৰি দিলে আৰু তেওঁলোকৰ জীৱন কষ্টকৰ হৈ পৰিল। তেতিয়া তেওঁলোকে যিহোৱালৈ সহায় বিচাৰি মিনতি কৰিলে। যিহোৱাই তেওঁলোকৰ মিনতি শুনি তেওঁলোকৰ নেতৃত্ব লʼবলৈ এজন নতুন ব্যক্তিক বাছনি কৰিলে আৰু তেওঁৰ নাম আছিল বাৰাক। তেওঁ ইস্ৰায়েলীসকলক যিহোৱাৰ ওচৰলৈ উভতি আহিবলৈ সহায় কৰিলে।
দবোৰা নামৰ এগৰাকী ভৱিষ্যবক্তাই বাৰাকক মাতিলে। তেওঁ বাৰাকক যিহোৱাৰ এই খবৰ দিলে, ‘তুমি ১০ হাজাৰ মানুহক লৈ কীচোন নদীৰ ওচৰলৈ যোৱা আৰু যাবীনৰ সেনাৰ লগত যুদ্ধ কৰা। তাত তুমি যাবীনৰ সেনাপতি চীচৰাক হৰুৱাবা।’ বাৰাকে দবোৰাক কʼলে, ‘আপুনি যদি মোৰ লগত যায়, তেনেহʼলে মই তালৈ যাম।’ দবোৰাই কʼলে, ‘মই তোমাৰ লগত যাম। কিন্তু এয়া মনত থোৱা যে তোমাৰ হাতেৰে চীচৰাৰ মৃত্যু নহʼব। যিহোৱাই কৈছে যে এগৰাকী তিৰোতাই তেওঁক মাৰি পেলাব।’
বাৰাকে দবোৰা আৰু তেওঁৰ সেনাবিলাকৰ লগত তাবোৰ পাহাৰলৈ গʼল যাতে তেওঁলোকে যুদ্ধৰ কাৰণে তৈয়াৰী কৰিব পাৰে। চীচৰাই এই খবৰ শুনাৰ লগে লগে নিজৰ যুদ্ধৰ ৰথ আৰু সেনাক সমতল ঠাইত একগোট কৰিলে। দবোৰাই বাৰাকক কʼলে, ‘আজি যিহোৱাই তোমাক জিকাব।’ বাৰাক আৰু তেওঁৰ ১০ হাজাৰ মানুহে পাহাৰৰ পৰা তললৈ নামি গʼল যাতে তেওঁলোকে চীচৰাৰ ডাঙৰ সেনাৰ লগত যুদ্ধ কৰিব পাৰে।
তাৰ পাছত যিহোৱাই কীচোন নদীত বানপানী আনিলে। সেইবাবে, চীচৰাৰ যুদ্ধৰ ৰথ বোকাত ফচি গʼল। তেওঁ যুদ্ধৰ ৰথ এৰি তাৰ পৰা পলাই গʼল। বাৰাক আৰু তাৰ সেনাবিলাকে চীচৰাৰ সেনাবিলাকক হৰুৱালে! কিন্তু চীচৰাই তাৰ পৰা পলাই গʼল। তেওঁ যায়েল নামৰ এগৰাকী তিৰোতাৰ তম্বুত গৈ লুকাই থাকিল। যায়েলে তেওঁক খাবলৈ গাখীৰ দিলে আৰু গাত লʼবলৈ কম্বল দিলে। চীচৰাই বহুত ভাগৰি গৈছিল, সেইবাবে তেওঁ শুই গʼল। যায়েলে মনে মনে গৈ তম্বুত লগোৱা এডাল গজাল তেওঁৰ মূৰত মাৰি দিলে আৰু তেওঁ মৰি গʼল।
বাৰাকে চীচৰাক বিচাৰি বিচাৰি তম্বুৰ ওচৰলৈ আহিলে। যায়েলে বাহিৰলৈ আহি কʼলে, ‘আপুনি মোৰ লগত ভিতৰলৈ আহক। যিজন মানুহক আপুনি বিচাৰি আছে, তেওঁ ইয়াতে আছে।’ যেতিয়া বাৰাকে ভিতৰলৈ গʼল, তেতিয়া তেওঁ চীচৰাক মৰি থকা পালে। দবোৰা আৰু বাৰাকে যিহোৱাৰ প্ৰশংসাত গীত গাবলৈ ধৰিলে। কিয়নো যিহোৱাই ইস্ৰায়েলীসকলক নিজৰ শত্ৰুসকলক হৰুৱাবলৈ সহায় কৰিলে। ইয়াৰ পাছত ৪০ বছৰলৈকে শান্তি হৈ থাকিল।
“শুভবাৰ্ত্তা প্ৰচাৰ কৰোঁতা তিৰোতাবিলাক মহাবাহিনী।”—গীতমালা ৬৮:১১