ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • my কাহিনী ৫৩
  • যিপ্তহৰ প্ৰতিশ্ৰুতি

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যিপ্তহৰ প্ৰতিশ্ৰুতি
  • বাইবেলৰ কাহিনী
  • মিল থকা বিষয়
  • তাই নিজৰ পিতৃ আৰু যিহোৱা ঈশ্বৰক সুখী কৰিছিল
    আপোনাৰ সন্তানক শিক্ষা দিয়ক
  • যিপ্তহৰ প্ৰতিজ্ঞা
    বাইবেলৰ পৰা শিকোঁ আহা
  • যিহোৱাৰ লগত যিপ্তহৰ মজবুত সম্পৰ্ক আছিল
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • যিহোৱাৰ বিশ্বাসী সেৱকে নিজৰ প্ৰতিজ্ঞা পূৰ কৰে
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
বাইবেলৰ কাহিনী
my কাহিনী ৫৩
যিতহৰ জীয়েকে খুঞ্জুৰী বজাই, দেউতাকক আদৰিবলৈ বাহিৰলৈ ওলাই আহিছ

কাহিনী ৫৩

যিপ্তহৰ প্ৰতিশ্ৰুতি

প্ৰতিশ্ৰুতি দি তাক পূৰ কৰিবলৈ তোমাৰ কেতিয়াবা অসুবিধা হয় নেকি? ছবিখনত দেখুৱা এই ব্যক্তিজনে এনে এটা প্ৰতিশ্ৰুতি দিছিল, যাক পূৰ কৰিবলৈ তেওঁৰ অসুবিধা হৈছিল। ইয়াৰ বাবে তেওঁ বৰ দুখিত। এই ব্যক্তিজনৰ নাম হৈছে যিপ্তহ আৰু তেওঁ ইস্ৰায়েলৰ এজন বিচাৰক হয়।

যিপ্তহৰ সময়ত ইস্ৰায়েলীসকলে যিহোৱাক উপাসনা কৰিবলৈ এৰি দিছিল আৰু তেওঁলোকে বেয়া কামবোৰত লিপ্ত হৈছিল। সেইবাবে যিহোৱাই তেওঁলোকৰ ওপৰত অত্যাচাৰ কৰিবলৈ অম্মোনীয়াবিলাকক অনুমতি দিয়ে। অম্মোনীয়াবিলাকৰপৰা উদ্ধাৰ পাবলৈ ইস্ৰায়েলীসকলে যিহোৱালৈ প্ৰাৰ্থনা কৰিলে: ‘আমি আপোনাৰ বিৰুদ্ধে পাপ কৰিলো। অনুগ্ৰহ কৰি আমাক উদ্ধাৰ কৰক।’

ইস্ৰায়েলীসকলে নিজৰ বেয়া কাৰ্য্যবোৰৰ বাবে অনুতাপ কৰিলে আৰু যিহোৱাক উপাসনা কৰিবলৈ আৰম্ভ কৰিলে। তেওঁলোকৰ অনুতাপ দেখি যিহোৱাই ইস্ৰায়েলীসকলক আকৌ সহায় কৰিলে।

দুষ্ট অম্মোনীয়াবিলাকৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ লোকসকলে যিপ্তহক নিৰ্ব্বাচন কৰিলে। এই যুদ্ধত জয়ী হʼবলৈ যিপ্তহে যিহোৱাৰ সহায় বিচাৰে। তেওঁ যিহোৱাক প্ৰতিশ্ৰুতি কৰিলে: ‘যদি তুমি অম্মোনৰ সন্তানবিলাকক মোৰ হাতত সমৰ্পণ কৰা, তেনেহʼলে মই যুদ্ধৰপৰা উভতি অহাৰ সময়ত, মোক আগবঢ়াই নিবলৈ মোৰ ঘৰৰপৰা প্ৰথমে যিয়ে ওলাব, সি নিশ্চয় তোমাৰ হʼব।’

যিতহক আদৰিবলৈ পথমে তেওঁৰ জীয়েক ওলাই অহাৰ বাবে বেজাৰ কৰিছ

অম্মোনীয়াবিলাকৰ লগত হোৱা যুদ্ধত জয়ী হʼবলৈ যিহোৱাই যিপ্তহক সহায় কৰে। যুদ্ধৰ পাছত যেতিয়া যিপ্তহ ঘৰলৈ উভতি আহে, তেতিয়া তেওঁক আদৰণি জনাবলৈ ঘৰৰপৰা কোনে প্ৰথমে ওলাই আহিছিল তুমি জানানে? তেওঁৰ একমাত্ৰ ছোৱালী। নিজৰ ছোৱালীজনীক দেখি যিপ্তহে বেজাৰ মনেৰে কʼলে: ‘হায় হায়, মোৰ পোনা। তুমি মোক বৰ দুখত পেলালা। কিয়নো মই যিহোৱাক প্ৰতিশ্ৰুতি দিলো, তাক আৰু লৰাব নোৱাৰোঁ।’

দেউতাকৰ প্ৰতিশ্ৰুতিৰ বিষয়ে জানিব পাৰি যিপ্তহৰ ছোৱালীজনীক প্ৰথমতে বৰ বেয়া লাগিছিল। কিয়নো এই প্ৰতিশ্ৰুতি পূৰ কৰাৰ অৰ্থ হৈছে নিজৰ পিতৃ আৰু বান্ধবীবিলাকক এৰি যোৱা। কিন্তু আনন্দৰ কথা যে তাই গোটেই জীৱন যিহোৱাৰ গৃহত থাকিব পাৰিব। সেইবাবে তাই দেউতাকক কʼলে: ‘হে মোৰ পিতৃ, তুমি যিহোৱাৰ উদ্দেশে যি প্ৰতিশ্ৰুতি কৰিলা, সেই অনুসৰি মোলৈ কৰা।’

যিপ্তহৰ প্ৰতিশ্ৰুতি অনুসৰি তেওঁৰ ছোৱালীজনী চীলো নামৰ ঠাইখনলৈ গʼল আৰু তাত তাই যিহোৱাৰ গৃহত সেৱা কৰিবলৈ ধৰিলে। প্ৰতিবছৰে ইস্ৰায়েলৰ ছোৱালীবিলাকে তালৈ যায়। তেওঁলোকে তাত যিপ্তহৰ ছোৱালীৰ লগত চাৰিদিন সময় কটায় আৰু আনন্দ-ফুৰ্তি কৰে। যিহোৱাৰ গৃহত সেৱা কৰাৰ বাবে ইস্ৰায়েলৰ লোকসকলে তাইক বৰ ভাল পাইছিল।

বিচাৰকৰ্ত্তাবিলাক ১০:৬-১৮; ১১:১-৪০.

অধ্যয়নৰ বাবে প্ৰশ্নসমূহ

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক