ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • yc পাঠ ৪ পৃষ্ঠা ১০-১১
  • তাই নিজৰ পিতৃ আৰু যিহোৱা ঈশ্বৰক সুখী কৰিছিল

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • তাই নিজৰ পিতৃ আৰু যিহোৱা ঈশ্বৰক সুখী কৰিছিল
  • আপোনাৰ সন্তানক শিক্ষা দিয়ক
  • মিল থকা বিষয়
  • যিপ্তহৰ প্ৰতিশ্ৰুতি
    বাইবেলৰ কাহিনী
  • যিপ্তহৰ প্ৰতিজ্ঞা
    বাইবেলৰ পৰা শিকোঁ আহা
  • যিহোৱাৰ লগত যিপ্তহৰ মজবুত সম্পৰ্ক আছিল
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • যিহোৱাৰ বিশ্বাসী সেৱকে নিজৰ প্ৰতিজ্ঞা পূৰ কৰে
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
আপোনাৰ সন্তানক শিক্ষা দিয়ক
yc পাঠ ৪ পৃষ্ঠা ১০-১১
যিতহই নিজৰ জীয়েকক যিহোৱা ঈশ্বৰৰ বিষয়ে শিক্ষা দিবলৈ বহুত সময় দিছিল।

৪

তাই নিজৰ পিতৃ আৰু যিহোৱা ঈশ্বৰক সুখী কৰিছিল

ইসায়েলীসকলৰ বিৰুদ্ধে শত্ৰুবিলাকে যুদ্ধ কৰাৰ সময়ত যিতহই যিহোৱা ঈশ্বৰলৈ পাৰ্থনা কৰিছ

যিপ্তহে যিহোৱা ঈশ্বৰক কি প্ৰতিজ্ঞা কৰিছে?

যিতহই যুদ্ধৰপৰা উভতি আহিছ আৰু ঘৰৰপৰা ওলাই অহা জীয়েকক সাবটি ধৰিছ

যিপ্তহৰ জীয়েকৰ বাবে যদিও সহজ নাছিল, তথাপি তাই পিতৃৰ প্ৰতিজ্ঞা অনুসৰি কৰিছিল

তুমি ছবিখনত ছোৱালীজনীক দেখিছানে?— তাই যিপ্তহৰ জীয়েক। বাইবেলত যদিও তাইৰ নাম উল্লেখ নাই, কিন্তু আমি জানোঁ যে তাই নিজৰ পিতৃ আৰু যিহোৱা ঈশ্বৰক সুখী কৰিছিল। আহাঁ, আমি তেওঁলোকৰ বিষয়ে কিছু কথা শিকোঁ।

যিপ্তহ এজন ভাল মানুহ আছিল। তেওঁ নিজৰ ছোৱালীক যিহোৱা ঈশ্বৰৰ বিষয়ে শিক্ষা দিবলৈ বহুত সময় দিছিল। তেওঁ এজন ভাল সেনাপতি আৰু বীৰ পুৰুষ আছিল। সেইবাবে শত্ৰুবিলাকৰ বিৰুদ্ধে যুদ্ধত নেতৃত্ব লʼবলৈ ইস্ৰায়েলীসকলে তেওঁক অনুৰোধ কৰিছিল।

যুদ্ধত জয়ী হʼবলৈ যিপ্তহে যিহোৱা ঈশ্বৰক প্ৰাৰ্থনা কৰিলে। যিপ্তহে প্ৰতিজ্ঞা কৰিলে যে যদি তেওঁ যুদ্ধত জয়ী হয়, তেনেহʼলে উভতি অহাৰ সময়ত যিজনে ঘৰৰপৰা প্ৰথমে ওলাব, সেইজনক তেওঁ যিহোৱা ঈশ্বৰলৈ আগবঢ়াব। সেই ব্যক্তিজন ঈশ্বৰৰ ঘৰত থাকিব আৰু গোটেই জীৱন তাতে কাম কৰিব। ঈশ্বৰৰ ঘৰ হৈছে এনে এখন ঠাই, যʼত পুৰণি সময়ত লোকসকলে ঈশ্বৰক উপাসনা কৰিবলৈ গৈছিল। যিপ্তহে যুদ্ধত জয়ী হʼল! তুমি জানানে, তেওঁ উভতি আহোঁতে ঘৰৰপৰা প্ৰথমে কোনে ওলাই আহিছিল?—

যিপ্তহৰ জীয়েক ওলাই আহিছিল। তাই হৈছে তেওঁৰ একমাত্ৰ সন্তান আৰু তাই এতিয়া পিতৃৰ ঘৰৰপৰা দূৰলৈ গুচি যাব। এই কথাই তেওঁক বেজাৰ কৰিছিল। কিন্তু যিপ্তহে ঈশ্বৰক কৰা প্ৰতিজ্ঞাৰ কথাও পাহৰা নাছিল। সেই সময়তে, যিপ্তহৰ জীয়েকে এইদৰে কৈছিল: ‘হে মোৰ পিতৃ, তুমি যিহোৱাৰ উদ্দেশ্যে যি প্ৰতিজ্ঞা কৰিলা, সেই অনুসৰি কৰা।’

যিতহৰ জীয়েকে ঈশ্বৰৰ ঘৰৰ বাবে খৰি গোটাইছ; তাইৰ বাধৱীকেইজনীয়ে তাইক দেখা কৰিবলৈ আহিছ

বান্ধৱীসকলে প্ৰতিবছৰে যিপ্তহৰ জীয়েকক দেখা কৰিবলৈ গৈছিল

যিপ্তহৰ জীয়েকেও বেজাৰ কৰিছিল। ঈশ্বৰৰ ঘৰত সেৱা কৰাৰ বাবে তাই বিবাহ আৰু নিজৰ সন্তানৰ মাতৃ হʼব নোৱাৰিব। কিন্তু তাই পিতৃয়ে কৰা প্ৰতিজ্ঞা পূৰ কৰিবলৈ আৰু যিহোৱা ঈশ্বৰৰ মনক আনন্দিত কৰিবলৈ বিচাৰিছিল। বিবাহ আৰু সন্তানৰ মাতৃ হোৱাতকৈ পিতৃৰ প্ৰতিজ্ঞা আৰু ঈশ্বৰৰ মনক আনন্দিত কৰাটো তাইৰ বাবে বেছি গুৰুত্বপূৰ্ণ আছিল। সেইবাবে, যিপ্তহৰ জীয়েকে পিতৃৰ ঘৰ ত্যাগ কৰি গোটেই জীৱন ঈশ্বৰৰ ঘৰত কাম কৰিবলৈ গুচি গৈছিল।

যিপ্তহৰ জীয়েকে যি কৰিলে, তাৰ বাবে তাইৰ পিতৃ আৰু যিহোৱা ঈশ্বৰ সুখী হʼলনে? তুমি কি ভাবা?— নিশ্চয় সুখী হʼল। যদি তুমি পিতৃ-মাতৃৰ কথা শুনা আৰু যিহোৱা ঈশ্বৰক ভালপোৱা, তেনেহʼলে তুমিও যিপ্তহৰ জীয়েকৰ দৰে হʼব পাৰিবা। তুমিও তোমাৰ পিতৃ-মাতৃ আৰু যিহোৱা ঈশ্বৰক সুখী কৰিব পাৰিবা।

তোমাৰ বাইবেলৰপৰা পঢ়া

  • দ্বিতীয় বিবৰণ ৬:৪-৬

  • বিচাৰকৰ্ত্তাবিলাক ১১:৩০-৪০

  • ১ কৰিন্থীয়া ৭:৩২-৩৪

প্ৰশ্ন:

  • যিপ্তহ কোন আছিল? তেওঁ কি প্ৰতিজ্ঞা কৰিছিল?

  • পিতৃয়ে কৰা প্ৰতিজ্ঞাক পূৰ কৰিবলৈ যিপ্তহৰ জীয়েকৰ বাবে কিয় কঠিন আছিল?

  • যিপ্তহৰ জীয়েকে কি বিষয়ক বেছি গুৰুত্ব দিছিল?

  • তুমি কেনেকৈ যিপ্তহৰ জীয়েকৰ দৰে হʼব পাৰিবা?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক