কাহিনী ৭২
হিষ্কিয়া ৰজাক ঈশ্বৰৰ সহায়
এই মানুহজনে যিহোৱা ঈশ্বৰলৈ কিয় প্ৰাৰ্থনা কৰিছে, তুমি কʼব পাৰিবানে? তেওঁ বেদীৰ ওচৰত চিঠিবোৰ কিয় ৰাখিছে? প্ৰাৰ্থনা কৰি থকা মানুহজনৰ নাম হৈছে হিষ্কিয়া আৰু তেওঁ দক্ষিণত থকা ২ গোত্ৰৰ ৰজা। তেওঁ এক ডাঙৰ বিপদত পৰিছে। কিয় বাৰু?
অচূৰীয়া সৈন্যবাহিনীয়ে উত্তৰত থকা ১০ গোত্ৰক ইতিমধ্যে আক্ৰমণ কৰি ধ্বংস কৰিলে। ইস্ৰায়েলৰ ১০ গোত্ৰৰ লোকসকল বৰ দুষ্ট আছিল আৰু সেইবাবে যিহোৱা ঈশ্বৰে তেওঁলোকক বিনাশ হʼবলৈ দিলে। এতিয়া অচূৰীয়া সৈন্যবাহিনীয়ে ২ গোত্ৰৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ আহিছে।
অচূৰৰ ৰজাই হিষ্কিয়ালৈ কেইখনমান চিঠি পঠালে। এই চিঠিকেইখনেই ৰজা হিষ্কিয়াই ঈশ্বৰৰ আগত ৰাখিছে। এই চিঠিকেইখনত অচূৰৰ ৰজাই যিহোৱাক ঠাট্টা কৰিছে আৰু হিষ্কিয়া ৰজাক সমৰ্পণ কৰিবলৈ কৈছে। সেইবাবে হিষ্কিয়াই প্ৰাৰ্থনা কৰিছে: ‘হে ঈশ্বৰ যিহোৱা, তুমি অচূৰীয়া ৰজাৰ হাতৰপৰা আমাক উদ্ধাৰ কৰা। তেতিয়াহে পৃথিৱীৰ আটাই ৰাজ্যৰ লোকবিলাকে জানিব যে কেৱল তুমিয়েই সত্য ঈশ্বৰ।’ যিহোৱাই হিষ্কিয়াৰ প্ৰাৰ্থনাৰ উত্তৰ দিবনে?
হিষ্কিয়া এজন ভাল ৰজা হয়। তেওঁ ইস্ৰায়েলৰ ১০ গোত্ৰৰ দুষ্ট ৰজাসকলৰ দৰে নহয়। আনকি তেওঁ দেউতাক আহজৰ দৰেও নহয়। হিষ্কিয়াই যিহোৱাৰ সকলো নিয়ম পালন কৰে। হিষ্কিয়াই প্ৰাৰ্থনা কৰি শেষ কৰাৰ অলপ পাছতে, যিচয়াৰ এজন বাৰ্তাবাহকে যিহোৱাৰপৰা এই খবৰ লৈ আহিলে: ‘অচূৰীয়া ৰজাই যিৰূচালেমলৈ নাহিব। আনকি তেওঁৰ সৈন্যদলে যিৰূচালেমৰ কাষলৈও নাহিব। তেওঁলোকে ইয়ালৈ এপাত কাঁড়ো নামাৰিব।’
ছবিখনলৈ চোৱাচোন। এই মৃতদেহবোৰ কাৰ হয় তুমি কʼব পাৰিবানে? এই মৃতদেহবোৰ অচূৰীয়া সৈন্যৰ হয়। যিহোৱাই ৰজা হিষ্কিয়াৰ প্ৰাৰ্থনাৰ উত্তৰ দিলে। তেওঁ এজন স্বৰ্গদূতক পঠিয়ালে আৰু এই স্বৰ্গদূতজনে এৰাতিৰ ভিতৰত ১,৮৫,০০০ অচূৰীয়া সৈন্যক বধ কৰিলে। ইয়াকে দেখি অচূৰীয়া ৰজাই ঘৰলৈ উভতি গʼল।
ইস্ৰায়েলৰ ২ গোত্ৰৰ ৰাজ্য ৰক্ষা পৰিল আৰু কিছুসময়ৰ বাবে লোকসকলৰ মাজত শান্তি বিৰাজমান কৰিলে। হিষ্কিয়াৰ মৃত্যুৰ পাছত তেওঁৰ পুত্ৰ মনচি ৰজা হʼল। তেওঁ কিন্তু বৰ দুষ্ট আছিল। মনচিৰ পাছত তেওঁৰ পুত্ৰ আমোন ৰজা হয় আৰু আমোনেও দেউতাকৰ দৰে দুষ্ট আছিল। ইয়াৰ ফলত ২ গোত্ৰৰ ৰাজ্যত অপৰাধ আৰু হিংসা ভৰি পৰিল। ৰজা আমোনক তেওঁৰ দাসসকলে হত্যা কৰিলে। ইয়াৰ পাছত তেওঁৰ পুত্ৰ যোচিয়া ৰজা হʼল।
২ ৰাজাৱলি ১৮:১-৩৬; ১৯:১-৩৭; ২১:১-২৫.