পাঠ ৫৫
যিহোৱাৰ স্বৰ্গদূতে হিষ্কিয়াক বচালে
অচূৰীয়াবিলাকে দহ গোষ্ঠী ইস্ৰায়েল ৰাজ্যক দখল কৰি লৈছিল। তাৰ পাছত অচূৰৰ ৰজা চনহেৰীবে দুই গোষ্ঠী ৰাজ্য যিহূদাক দখল কৰিব বিচাৰিছিল। তেওঁ এখন এখন কৰি যিহূদাৰ সকলো চহৰ দখল কৰিব ধৰিলে। সকলোতকৈ বেছি তেওঁ যিৰূচালেমক নিজৰ অধীন কৰিব বিচাৰিছিল। কিন্তু তেওঁ জনা নাছিল যে যিহোৱাই সেই চহৰক বচাই আছে।
যিহূদাৰ ৰজা হিষ্কিয়াই চনহেৰীবক বহুতো টকা-পইচা দিলে যাতে তেওঁ যিৰূচালেমক আক্ৰমণ নকৰে। কিন্তু চনহেৰীবে টকা-পইচা লোৱাৰ পাছতো নিজৰ শক্তিশালী সৈন্যক যিৰূচালেম আক্ৰমণ কৰিবলৈ পঠিয়ালে। অচূৰীয়া সৈন্য লাহে লাহে কাষ চাপি আহিছিল, সেইবাবে চহৰৰ লোকসকলে বহুত ভয় খাইছিল। কিন্তু হিষ্কিয়াই তেওঁলোকক কʼলে, ‘ভয় নকৰিবা। যদিও অচূৰীয়াসকলে শক্তিশালী হয়, কিন্তু যিহোৱাই আমাক তেওঁলোকতকৈ বেছি শক্তিশালী বনাব।’
চনহেৰীবে নিজৰ মানুহ ৰবচাকিক যিৰূচালেমলৈ পঠালে যাতে তেওঁ লোকসকলক ঠাট্টা কৰিব পাৰে। ৰবচাকিয়ে চহৰৰ বাহিৰত থিয় হৈ চিঞৰি চিঞৰি কʼবলৈ ধৰিলে, ‘যিহোৱাই তোমালোকক সহায় কৰিব নোৱাৰে। তোমালোকে হিষ্কিয়াৰ কথাত নাহিবা। এনে কোনো ঈশ্বৰ নাই, যিজনে তোমালোকক আমাৰ হাতৰ পৰা বচাব পাৰে।’
হিষ্কিয়াই কি কৰিব লাগে, এই বিষয়ে যিহোৱাক সুধিলে। যিহোৱাই তেওঁক কʼলে, ‘ৰবচাকিয়ে যি কʼলে তালৈ ভয় নকৰিবা। চনহেৰীবে যিৰূচালেমক দখল কৰিব নোৱাৰিব।’ তাৰ পাছত চনহেৰীবৰ পৰা হিষ্কিয়াই কিছুমান চিঠি পালে। তাত লিখা আছিল, ‘তোমালোকে হাৰ মানি লোৱা। যিহোৱাই তোমালোকক বচাব নোৱাৰে।’ হিষ্কিয়াই প্ৰাৰ্থনা কৰিলে, হে যিহোৱা, দয়া কৰি আমাক বচোৱা যাতে লোকসকলে জানিব পাৰে যে তুমিয়ে সত্য ঈশ্বৰ হোৱা। যিহোৱাই তেওঁক কʼলে, ‘অচূৰৰ ৰজা যিৰূচালেমলৈ আহিব নোৱাৰিব। কিয়নো মই নিজৰ চহৰক বচাম।’
চনহেৰীবৰ সম্পূৰ্ণ বিশ্বাস আছিল যে অতি সোনকালে যিৰূচালেম তেওঁৰ অধীনত হৈ যাব। কিন্তু এদিনাখন ৰাতি যিহোৱাই নিজৰ এজন স্বৰ্গদূতক সেই চহৰৰ বাহিৰলৈ পঠালে, যʼত অচূৰীয়া সৈনিকবিলাকে তম্বু পাতি আছিল। সেই স্বৰ্গদূতজনে ১,৮৫,০০০ জন সৈনিকক মাৰি পেলালে! চনহেৰীবৰ সকলোতকৈ শক্তিশালী সৈনিকক মাৰি পেলোৱা হʼল। এতিয়া তেওঁৰ ওচৰত একো উপায় নাছিল, তেওঁ হাৰি ঘৰলৈ গুচি যায়। যিহোৱাই যিদৰে প্ৰতিজ্ঞা কৰিছিল, তেওঁ হিষ্কিয়া আৰু যিৰূচালেমক বচালে। যিৰূচালেমত থকা হʼলে তুমি যিহোৱাৰ ওপৰত ভৰসা কৰিলাহেঁতেন নে?
“যিহোৱাৰ দূতে তেওঁলৈ ভয় ৰাখোঁতাবিলাকৰ চাৰিওফালে ছাউনি পাতে, আৰু তেওঁবিলাকক উদ্ধাৰ কৰে।”—গীতমালা ৩৪:৭