ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • my কাহিনী ৯৭
  • ৰজাৰ দৰে যীচুৰ প্ৰৱেশ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ৰজাৰ দৰে যীচুৰ প্ৰৱেশ
  • বাইবেলৰ কাহিনী
  • মিল থকা বিষয়
  • বেমাৰী লোকক সুস্থ কৰা
    বাইবেলৰ কাহিনী
  • কথা কোৱা গাধ
    বাইবেলৰ কাহিনী
  • জৈতুন পৰ্ব্বতত
    বাইবেলৰ কাহিনী
  • “সময় আহিল”
    ২০০০ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
আৰু চাওক
বাইবেলৰ কাহিনী
my কাহিনী ৯৭
যীচুৱে এটা গাধত উঠি আহিছ আৰু লোকসকলে খেজুৰ পাত জোকাৰি তেওঁক আদৰণি জনাইছ

কাহিনী ৯৭

ৰজাৰ দৰে যীচুৰ প্ৰৱেশ

দুজন অন্ধ ভিক্ষাৰীক সুস্থ কৰাৰ পাছত, যীচু যিৰূচালেমৰ ওচৰত থকা এখন সৰু গাঁৱলৈ আহিল। যীচুয়ে তেওঁৰ দুজন শিষ্যক কʼলে: ‘তোমালোকে ওচৰৰ গাঁৱখনলৈ যোৱা আৰু তাত বান্ধি থোৱা গাধ পোৱালি এটা পাবা। তাক লৈ আনাগৈ।’

শিষ্যকেইজনে গাধটো অনাত, যীচুয়ে তাৰ ওপৰত বহি যিৰূচালেম নগৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিলে। নগৰৰ কাষ চপাৰ লগে লগে এটা ডাঙৰ ভিৰে তেওঁক আগুৰি ধৰে। বহুতোলোকে নিজৰ চোলা খুলি যীচু অহাৰ পথত পাৰি দিয়ে আৰু কিছুমানে খেজুৰ গছৰ ডাল কাটি পথত পাৰে। ইয়াৰ পাছত সকলোৱে একেলগে জয়ধ্বনি কৰিবলৈ ধৰিলে: ‘যিজন যিহোৱাৰ নামেৰে আহিছে, তেওঁ ধন্য।’

প্ৰাচীন সময়ত ইস্ৰায়েলত নতুনকৈ হোৱা ৰজাবিলাকে গাধত উঠি যিৰূচালেম নগৰলৈ আহিছিল। ঠিক সেইদৰে যীচুয়েও এটা গাধত উঠি যিৰূচালেমলৈ আহিছে। এই লোকসকলে নিজৰ কাৰ্য্যৰ দ্বাৰা দেখুৱাইছে যে তেওঁলোকেও যীচুক নিজৰ ৰজা হিচাপে বিচাৰে। কিন্তু সকলো লোকে যীচুয়ে ৰজা হোৱাটো বিচৰা নাই। যীচুয়ে মন্দিৰৰ ভিতৰত সোমোৱাৰ পাছত কি ঘটনা ঘটিল, তালৈ ধ্যান দিলে এই কথা আমি বুজিব পাৰিম।

মন্দিৰত প্ৰৱেশ কৰাৰ লগে লগে যীচুয়ে অন্ধ আৰু খোৰা লোকসকলক সুস্থ কৰিবলৈ ধৰে। যীচুৰ এই আচৰিত কাৰ্য্যবোৰ দেখি সৰু সৰু লʼৰা-ছোৱালীবিলাকে তেওঁক স্তুতি কৰিবলৈ ধৰিলে। ইয়াকে শুনি পুৰোহিতবিলাকৰ বৰ খং উঠিল। তেওঁলোকে যীচুক কʼলে: ‘ইহঁতে কি কৈছে তুমি শুনিছানে?

যীচুয়ে উত্তৰ দিলে: ‘হয়, মই শুনিছোঁ। ঈশ্বৰে শিশু আৰু কেঁচুৱাবিলাকৰ মুখৰপৰাও স্তুতি কৰাব বুলি তোমালোকে শাস্ত্ৰত পঢ়া নাইনে?’ সৰু সৰু লʼৰা-ছোৱালীবিলাকে যীচুক স্তুতি কৰিয়েই থাকিল।

আমিও সেই সৰু সৰু লʼৰা-ছোৱালীবিলাকৰ দৰে হোৱা উচিত, নহয়নে বাৰু? কিছুমান লোকে আমাক ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে ঘোষণা কৰাত বাধা দিব পাৰে। কিন্তু যীচুয়ে ভৱিষ্যতে কৰিবলগীয়া সকলো আচৰিত কাৰ্য্যৰ বিষয়ে আমি সদায় ঘোষণা কৰি থাকিম।

পৃথিৱীত থাকোঁতে যীচুয়ে ৰজা হিচাপে শাসন কৰাৰ সেইয়া উচিত সময় নাছিল। যীচুয়ে কেতিয়া ৰজা হিচাপে শাসন কৰিব? ইয়াৰ বিষয়ে যীচুৰ পাঁচনিবিলাকে জানিব বিচাৰিছিল। পৰৱৰ্তী অধ্যায়ত আমি ইয়াৰ বিষয়ে শিকিবলৈ পাম।

মথি ২১:১-১৭; যোহন ১২:১২-১৬.

অধ্যয়নৰ বাবে প্ৰশ্নসমূহ

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক