ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • my কাহিনী ৪২
  • কথা কোৱা গাধ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • কথা কোৱা গাধ
  • বাইবেলৰ কাহিনী
  • মিল থকা বিষয়
  • বিলিয়মৰ গাধজনীয়ে কথা পাতে
    বাইবেলৰ পৰা শিকোঁ আহা
  • ৰজাৰ দৰে যীচুৰ প্ৰৱেশ
    বাইবেলৰ কাহিনী
  • গণনা পুস্তক কিতাপৰ আলোকপাত
    ২০০৪ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
বাইবেলৰ কাহিনী
my কাহিনী ৪২
স্বৰ্গদূতে ৰাতা আগ ভেঁটি ধৰাৰ বাবে গাধই বিলিয়মৰ লগত কথা হৈছ

কাহিনী ৪২

কথা কোৱা গাধ

গাধই কথা কোৱা তুমি কেতিয়াবা শুনিছানে? উত্তৰত হয়তো তুমি কʼবা: ‘ই কেতিয়াও হʼব নোৱাৰে, জন্তুৱে কথা কোৱাটো অসম্ভৱ।’ কিন্তু বাইবেলে এনে এটা গাধৰ বিষয়ে বৰ্ণনা কৰিছে যিয়ে কথা কৈছিল। ই কেনেকৈ সম্ভৱ হʼল বাৰু? আহাঁ ইয়াৰ উত্তৰ আমি বিচাৰি চাওঁ।

ইস্ৰায়েলীসকল এতিয়া কনান দেশৰ দুৱাৰডলিত। মোৱাবৰ ৰজাজনৰ নাম হৈছে বালাক আৰু তেওঁ ইস্ৰায়েলীসকলক বৰ ভয় কৰে। ইস্ৰায়েলীসকলক শাও দিবলৈ মোৱাবৰ ৰজাজনে, বিলিয়ম নামৰ এজন ধূৰ্ত মানুহক মতাই আনিলে। ইয়াৰ বাবে বিলিয়মক বহুতো ধন-সম্পত্তি দিব বুলি বালাকে প্ৰতিশ্ৰুতি দিলে। গতিকে বিলিয়মে নিজৰ গাধত উঠি বালাকক দেখা কৰিবলৈ যাত্ৰা আৰম্ভ কৰিলে।

বিলিয়মে ইস্ৰায়েলীসকলক শাও দিয়াটো যিহোৱা ঈশ্বৰে বিচৰা নাছিল। সেইবাবে ঈশ্বৰে বিলিয়মক বাধা দিবলৈ এটা স্বৰ্গদূতক পঠিয়ালে আৰু তেওঁৰ হাতত এখন খোলা তৰোৱাল আছিল। বিলিয়মে স্বৰ্গদূতজনক দেখা নাছিল, কিন্তু তেওঁৰ গাধজনীয়ে দেখিছিল। গাধই স্বৰ্গদূতজনক দেখি আনফালে যাবলৈ চেষ্টা কৰিলে। বহু চেষ্টা কৰাৰ পাছতো যেতিয়া একো নহʼল, তেতিয়া গাধজনীয়ে ৰাস্তাতে বহি পৰিল। ইয়াকে দেখি বিলিয়মৰ বৰ খং উঠিল আৰু তেওঁ গাধজনীক লাঠিৰে কোবাবলৈ ধৰিলে।

তেতিয়া যিহোৱাই গাধক কথা কʼবলৈ শক্তি দিলে। গাধই বিলিয়মক কʼলে: ‘মই তোমাক কি কৰিলো যে তুমি মোক কোবাইছা?’

বিলিয়মে গাধজনীক কʼলে: ‘তই মোক অমান্য কৰিছ। মোৰ হাতত তৰোৱাল থকা হʼলে মই এতিয়াই তোক বধ কৰিলোহেঁতেন।’

গাধই বিলিয়মক উত্তৰ দিলে: ‘মই জানো কেতিয়াবা তোমালৈ এনে ব্যৱহাৰ কৰিছিলো?’

বিলিয়মে কʼলে: ‘নাই কৰা।’

ইয়াৰ পাছত যিহোৱাই বিলিয়মৰ চকু মুকলি কৰিলে। এতিয়া বিলিয়মে তৰোৱাল লৈ থকা স্বৰ্গদূতজনক ৰাস্তাত ৰৈ থকা দেখিলে। স্বৰ্গদূতজনে কʼলে: ‘তুমি তোমাৰ গাধজনীক কিয় মাৰিছা? মই তোমাৰ যাত্ৰাত বাধা দিবলৈ আহিছোঁ। তুমি ইস্ৰায়েলীসকলক শাও দিবলৈ নাযাবা। তোমাৰ গাধই যদি মোৰ সন্মুখৰপৰা নুঘূৰা হʼলে মই নিশ্চয়ে তোমাক বধ কৰিলোহেঁতেন, কিন্তু তাইক জীয়াই ৰাখিলোহেঁতেন।’

বিলিয়মে স্বৰ্গদূতজনক কʼলে: ‘মই পাপ কৰিলো। কিয়নো আপুনি যে বাটত থিয় হৈ আছে, তাক মই জনা নাছিলো।’ তেতিয়া স্বৰ্গদূতজনে বিলিয়মক যাবলৈ দিলে আৰু বিলিয়মে ৰজা বালাকক লগ কৰিবলৈ গʼল। বিলিয়মে ইস্ৰায়েলীসকলক শাও দিবলৈ চেষ্টা কৰে। কিন্তু আচৰিতভাৱে যিহোৱাই বিলিয়মক ইস্ৰায়েলীসকলৰ ওপৰত তিনিবাৰ আশীৰ্ব্বাদ দিবলৈ বাধ্য কৰে।

গণনা পুস্তক ২১:২১-৩৫; ২২:১-৪০; ২৩:১-৩০; ২৪:১-২৫.

অধ্যয়নৰ বাবে প্ৰশ্নসমূহ

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক