অতিৰিক্ত লেখ
দানিয়েলৰ ভৱিষ্যতবাণীত মচীহৰ আগমনৰ বিষয়ে কেনেকৈ বৰ্ণনা কৰা হৈছে
যীচুৰ জন্মৰ প্ৰায় ৫০০ বছৰ আগতে দানিয়েল নামৰ এজন ভৱিষ্যতবক্তা এই পৃথিৱীত আছিল। যিহোৱা ঈশ্বৰে এই ভৱিষ্যতবক্তাজনক পবিত্ৰ আত্মাৰ সহায়ত এনে তথ্য প্ৰকাশ কৰিছিল, যাৰ দ্বাৰা সঠিকভাৱে জানিব পৰা যায় যে যীচুক কেতিয়া মচীহ বা খ্ৰীষ্ট হিচাপে অভিষিক্ত কৰা হʼব। দানিয়েলক ঈশ্বৰে এইদৰে কৈছিল: ‘এই হেতুকে তুমি ইয়াক জ্ঞাত হোৱা আৰু বুজি লোৱা যে, যিৰূচালেমক পুনঃস্থাপন আৰু নিৰ্ম্মাণ কৰিবৰ আজ্ঞা প্ৰকাশিত হোৱাৰে পৰা, এজন অভিষিক্ত অধিপতিলৈ সাত সপ্তাহ; আৰু বাষষ্টি সপ্তাহ হব।’—দানিয়েল ৯:২৫.
মচীহৰ আগমনৰ বিষয়ে জানিবলৈ হʼলে, প্ৰথমে আমি তেওঁৰ আগমনৰ সময়ছোৱাত পূৰ হʼবলগীয়া কিছুমান ভৱিষ্যতবাণীৰ বিষয়ে জানিব লাগিব। দানিয়েলৰ ভৱিষ্যতবাণী, “যিৰূচালেমক পুনঃস্থাপন আৰু নিৰ্ম্মাণ কৰিবৰ আজ্ঞা প্ৰকাশিত হোৱাৰে পৰা” আৰম্ভ হʼল। এতিয়া প্ৰশ্ন হয় যে ‘যিৰূচালেমক পুনঃস্থাপন কৰাৰ আজ্ঞা’ কেতিয়া দিয়া হৈছিল? নহিমিয়া নামৰ বাইবেলৰ লেখকৰ অনুসৰি যিৰূচালেমৰ প্ৰাচীৰ পুনৰ নিৰ্ম্মাণ কৰাৰ আজ্ঞা, “অতক্ষত্ৰ ৰজাৰ ৰাজত্বৰ বিশ বছৰৰ বছৰি নীচান মাহত” দিয়া হৈছিল। (নহিমিয়া ২:১, ৫-৮) বুৰঞ্জীবিদসকলে প্ৰমাণ কৰে যে খ্ৰীষ্টপূৰ্ব ৪৭৫-ৰ পৰা অতক্ষত্ৰ ৰজাই শাসন কৰিবলৈ আৰম্ভ কৰে। গতিকে ইয়াৰপৰা কʼব পাৰি যে তেওঁৰ ৰাজত্ব কৰা বিশ বছৰ হৈছে, খ্ৰীষ্টপূৰ্ব ৪৫৫। এতিয়া আমি জানিব পাৰিলোঁ যে মচীহৰ বিষয়ে দানিয়েলে কৰা ভৱিষ্যতবাণী খ্ৰীষ্টপূৰ্ব ৪৫৫-ৰ পৰা পূৰ হʼবলৈ আৰম্ভ হʼল।
দানিয়েলে ইয়াকো ভৱিষ্যতবাণী কৰিছিল যে ‘অভিষিক্ত অধিপতি’ জনাৰ আগমন কিমান দীঘলীয়া হʼব। এই ভৱিষ্যতবাণীত, “সাত সপ্তাহ” আৰু ‘বাষষ্টি সপ্তাহৰ’ বিষয়ে উল্লেখ কৰা হৈছিল—সৰ্ব্বমুঠ ৬৯ সপ্তাহ। এই ভৱিষ্যতবাণীৰ অনুসৰি ৬৯ সপ্তাহ প্ৰকৃততে কিমান দিন বাৰু? এই বিষয়ে বাইবেলৰ বহুতো অনুবাদকে মন্তব্য কৰিছে যে এইবোৰ কোনো সাত দিনীয়া সপ্তাহ নহয়, কিন্তু সাত বছৰীয়া সপ্তাহে মাথোন। ইয়াৰ অৰ্থ হৈছে, সাত দিনে সাত বছৰকহে চিত্ৰিত কৰে। সপ্তাহৰ সাত দিনে প্ৰকৃততে যে সাত বছৰক চিত্ৰিত কৰে, ইয়াৰ বিষয়ে যিহূদীবিলাকে ভালদৰে জানিছিল। উদাহৰণস্বৰূপে, তেওঁলোকে প্ৰত্যেক সপ্তাহৰ সপ্তম দিনাখন বিশ্ৰাম দিন বুলি পালন কৰিছিল, ঠিক তেনেকৈ তেওঁলোকে প্ৰত্যেক সপ্তম বছৰটোক বিশ্ৰাম বছৰ বুলি পালন কৰিছিল। (যাত্ৰাপুস্তক ২৩:১০, ১১) গতিকে, ভৱিষ্যতবাণীত উল্লেখ কৰা এই ৬৯ সপ্তাহৰ, প্ৰত্যেক সপ্তাহক ৭ বছৰ কৰি গণনা কৰিলে (৬৯×৭) ৪৮৩ বছৰ হয়।
আহক আমি ইয়াৰ গণনা কৰোঁ। আমি ৬৯ সপ্তাহৰ লগত ৭ সপ্তাহ পূৰণ কৰিলে ৪৮৩ বছৰ পোৱা যায়। যদি আমি খ্ৰীষ্টপূৰ্ব ৪৫৫ পৰা ৪৮৩ বছৰ গণনা কৰোঁ, তেতিয়াহʼলে ই আমাক ২৯ খ্ৰীষ্টাব্দলৈ লৈ যায়। দানিয়েলে ভৱিষ্যতবাণী কৰা অনুসৰি ২৯ খ্ৰীষ্টাব্দত যীচুৰ বাপ্তিষ্মা হৈছিল আৰু তেওঁক মচীহ হিচাপে অভিষিক্ত কৰা হয়।a (লূক ৩:১, ২, ২১, ২২) বাইবেলৰ এই ভৱিষ্যতবাণীৰ পূৰ্ণতাই সঁচাকৈ মন কৰিবলগীয়া বিষয় নহয়নে বাৰু?
a খ্ৰীষ্টপূৰ্ব ৪৫৫ পৰা খ্ৰীষ্টপূৰ্ব ১ লৈকে, ৪৫৪ বছৰ হয়। খ্ৰীষ্টপূৰ্ব ১-ৰ পৰা ১ খ্ৰীষ্টাব্দলৈকে এবছৰ হয়। ১ খ্ৰীষ্টাব্দৰ পৰা ২৯ খ্ৰীষ্টাব্দলৈকে ২৮ বছৰ হয়। এই তিনিটা সংখ্যাক যোগ কৰিলে ৪৮৩ বছৰ হয়। (৪৫৪+১+২৮=৪৮৩) দানিয়েলে ভৱিষ্যতবাণী কৰা অনুসৰি ৭০ সপ্তাহৰ বছৰৰ সময়ছোৱাত, অৰ্থাৎ ৩৩ খ্ৰীষ্টাব্দত যীচু খ্ৰীষ্টক “উচ্ছন্ন কৰা” হৈছিল।