ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • ll ভাগ ৫ পৃষ্ঠা ১২-১৩
  • জল-প্লাৱন—কোনে ঈশ্বৰৰ বাক্য শুনিলে? কোনে নুশুনিলে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • জল-প্লাৱন—কোনে ঈশ্বৰৰ বাক্য শুনিলে? কোনে নুশুনিলে?
  • ঈশ্বৰৰ বাক্য শুনক আৰু অনন্ত জীৱন জীয়াই থাকক
  • মিল থকা বিষয়
  • নোহৰ জাহাজ
    বাইবেলৰ পৰা শিকোঁ আহা
  • ভাগ ৫
    ঈশ্বৰৰ বাক্য শুনক
  • নোহৰ জাহাজ
    বাইবেলৰ কাহিনী
  • নোহ—ঈশ্বৰৰ অনুসাৰে চলিছিল নামৰ ভিডিঅখনৰ পৰা সকলোৱে শিকিব পাৰে
    ২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
আৰু চাওক
ঈশ্বৰৰ বাক্য শুনক আৰু অনন্ত জীৱন জীয়াই থাকক
ll ভাগ ৫ পৃষ্ঠা ১২-১৩

ভাগ ৫

জল-প্লাৱন—কোনে ঈশ্বৰৰ বাক্য শুনিলে? কোনে নুশুনিলে?

নোহৰ দিনৰ বেছিভাগ লোকে বেয়া কামবোৰত লিপ্ত আছিল। আদিপুস্তক ৬:৫

দুষ্ট স্বৰ্গদূতবিলাকে মানুহৰ ৰূপ ধাৰণ কৰি পৃথিৱীৰ ছাৱালীবিলাকৰ লগত সংগতি কৰিছ

কালক্ৰমে আদম আৰু হৱাৰ লʼৰা-ছোৱালী হʼল। লাহে লাহে পৃথিৱীখনত মানুহৰ সংখ্যা বাঢ়িবলৈ ধৰিলে। সেই সময়তে কিছুমান স্বৰ্গদূতে চয়তানৰ বিদ্ৰোহত যোগ দিলে।

এই স্বৰ্গদূতবিলাকে পৃথিৱীলৈ আহিল। পৃথিৱীত থকা তিৰোতাবিলাকক বিয়া কৰিবলৈ তেওঁলোকে মানৱৰ ৰূপ ধাৰণ কৰিলে। স্বৰ্গদূত আৰু তিৰোতাবিলাকৰ সম্পৰ্কৰ ফলত জন্ম হোৱা সন্তানবিলাক, বৰ ভয়ানক আৰু শক্তিশালী আছিল।

এজনী তিৰোতাই কেঁচুৱাটাক লৈ থকাৰ সময়ত এটা ল’ৰাই তাইক আঘাত কৰিছ; দুষ্ট স্বৰ্গদূতৰ সন্তানবিলাকক নাফিল বুলি কোৱা হয় আৰু তেওঁলোক বৰ অত্যাচাৰী আছিল

পৃথিৱীখন দুষ্ট মানুহেৰে ভৰি পৰিল। ইয়াৰ বিষয়ে বাইবেলে এইদৰে কৈছে: ‘পৃথিৱীত মানুহৰ দুষ্টতা অধিক আৰু সদায় তাৰ মনৰ সকলো কল্পনা কেৱল মন্দ।’

নোহে ঈশ্বৰৰ বাক্য শুনি, জাহাজ বনোৱা কাম সম্পূৰ্ণ কৰিলে। আদিপুস্তক ৬:১৩, ১৪, ১৮, ১৯, ২২

নোহে ঈশ্বৰৰ কথা শুনিছিল

নোহ এজন ভাল মানুহ আছিল। যিহোৱা ঈশ্বৰে নোহক কৈছিল যে তেওঁ সকলো দুষ্ট লোকক এক জল-প্লাৱনৰ দ্বাৰা ধ্বংস কৰিব।

নোহ আৰু তেওঁৰ পৰিয়ালে এখন জাহাজ নিৰ্মাণ কৰিছ

ইয়াৰ উপৰিও ঈশ্বৰে নোহক এখন ডাঙৰ জাহাজ বনাবলৈ আজ্ঞা কৰিলে। এই জাহাজখনত উঠি নোহৰ পৰিয়াল আৰু সকলো ধৰণৰ জীৱ-জন্তু ৰক্ষা পৰিব।

আহিবলগীয়া জল-লাৱনৰ বিষয়ে নোহে লোকসকলক সতৰ্ক কৰিছ, কিন্তু তেওঁলোকে নোহক ঠাট্টা কৰিছ

নোহে আহিবলগীয়া জল-প্লাৱনৰ বিষয়ে লোকসকলক সতৰ্ক কৰিবলৈ ধৰিলে, কিন্তু কোনেও তেওঁৰ বাক্যলৈ কাণ নিদিলে। নোহৰ এই কাৰ্য্যক লোকসকলে ভাল পোৱা নাছিল আৰু তেওঁক ঠাট্টা কৰিছিল।

নোহ আৰু তেওঁৰ পৰিয়ালৰ লোকসকলে জীৱ-জন্তুবোৰক জাহাজৰ ভিতৰলৈ আনিছ

জাহাজৰ কাম সম্পূৰ্ণ হোৱাৰ পাছত, নোহে জীৱ-জন্তুবোৰক জাহাজৰ ভিতৰলৈ আনিলে।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক