পাঠ ৫
নোহৰ জাহাজ
এসময়ত পৃথিৱীত লোকসকলৰ সংখ্যা বহুত বাঢ়ি গʼল। তাৰ ভিতৰত বেছিভাগ লোক বেয়া আছিল। স্বৰ্গতো কিছুমান স্বৰ্গদূত বেয়া হৈ গʼল। সিহঁতে স্বৰ্গ এৰি পৃথিৱীলৈ আহি গʼল। জানা নে সিহঁতে এইদৰে কিয় কৰিলে? যাতে সিহঁতে মানুহ হৈ তিৰোতাসকলক বিয়া কৰিব পাৰে।
বিয়াৰ পাছত সিহঁতৰ লʼৰাবিলাকৰ জন্ম হʼল। এই লʼৰাবিলাক ডাঙৰ হৈ বহুত শক্তিশালী হৈ গʼল আৰু লোকসকলৰ লগত বেয়া ব্যৱহাৰ কৰিবলৈ আৰু মাৰ-পিট কৰিবলৈ ধৰিলে। সিহঁতে এনে বেয়া কাম কৰি থকাটো যিহোৱাই বিচৰা নাছিল। সেইবাবে, তেওঁ গোটেই পৃথিৱীত জলপ্লাৱন অৰ্থাৎ বানপানী আনি বেয়া লোকসকলক ধ্বংস কৰিবলৈ নিৰ্ণয় লʼলে।
কিন্তু এজন মানুহ সকলোতকৈ বেলেগ আছিল। তেওঁ যিহোৱাক প্ৰেম কৰিছিল। তেওঁৰ নাম আছিল নোহ। তেওঁৰ এগৰাকী পত্নী আৰু তিনিজন লʼৰা আছিল। লʼৰাবিলাকৰ নাম হৈছে চেম, হাম আৰু যেফৎ আৰু প্ৰতিজন লʼৰাৰ পত্নী আছিল। যিহোৱাই নোহক এখন ডাঙৰ জাহাজ বনাবলৈ কʼলে যাতে নোহ আৰু নোহৰ পৰিয়াল জলপ্লাৱনৰ পৰা বাচিব পাৰে। সেই জাহাজখন এটা দীঘল বাকচৰ দৰে আছিল আৰু পানীত উপঙিব পাৰিছিল। যিহোৱাই নোহক এয়াও কʼলে যে তেওঁ বহুতো জীৱ-জন্তুক জাহাজৰ ভিতৰলৈ লৈ যায় যাতে সিহঁতেও বাচিব পাৰে।
নোহে লগে লগে জাহাজ বনাবলৈ আৰম্ভ কৰি দিলে। নোহ আৰু তেওঁৰ পৰিয়ালক জাহাজ বনাবলৈ প্ৰায় ৫০ বছৰ লাগিল। যিহোৱাই যিদৰে জাহাজ বনাবলৈ কৈছিল, তেওঁলোকে ঠিক সেইদৰেই বনালে। জাহাজ বনোৱাৰ লগতে নোহে লোকসকলক জনালে যে এটা জলপ্লাৱন আহিবলগীয়া আছে, কিন্তু কোনেও তেওঁৰ কথা নুশুনিলে।
শেষত জাহাজৰ ভিতৰলৈ যোৱাৰ সময় আহি পৰিল। আহা চাওঁ, ইয়াৰ পাছত কি হʼল।
“নোহৰ দিনৰ পৰিস্থিতি যেনেকুৱা আছিল, মানুহৰ পুত্ৰৰ উপস্থিতিৰ সময়ৰ পৰিস্থিতিও তেনেকুৱাই হʼব।”—মথি ২৪:৩৭