পাঠ ৬
জলপ্লাৱনৰ পৰা আঠজন বাচিল
নোহ আৰু তেওঁৰ পৰিয়াল আৰু জীৱ-জন্তুবোৰ জাহাজৰ ভিতৰলৈ গʼল। তাৰ পাছত যিহোৱাই জাহাজৰ দুৱাৰ বন্ধ কৰি দিলে আৰু বৰষুণ হʼবলৈ ধৰিলে। ইমানেই বৰষুণ হʼল যে জাহাজখন পানীত উপঙিবলৈ ধৰিলে। লাহে লাহে গোটেই পৃথিৱীত পানীৰে ভৰি পৰিল, সকলো বেয়া লোক ডুবি মৰিল। কিন্তু জাহাজৰ ভিতৰত থকা নোহ আৰু তেওঁৰ পৰিয়াল বাচি গʼল। ভাবি চোৱাচোন, যিহোৱাৰ কথা শুনাৰ কাৰণে তেওঁলোকে কিমান যে আনন্দিত হৈছিল!
৪০ দিন আৰু ৪০ ৰাতি একেৰাহে বৰষুণ হৈ থাকিল। ইয়াৰ পাছত বৰষুণ হʼবলৈ বন্ধ হʼল আৰু লাহে লাহে পানী কমিবলৈ ধৰিলে। শেষত জাহাজখন পাহাৰৰ ওপৰত গৈ ৰখি গʼল। কিন্তু এতিয়াও চাৰিওফালে পানী আছিল, সেইবাবে নোহ আৰু তেওঁৰ পৰিয়াল লগে লগে জাহাজৰ বাহিৰলৈ ওলাই আহিব নোৱাৰিলে।
পানী লাহে লাহে শুকাবলৈ ধৰিলে। নোহ আৰু তেওঁৰ পৰিয়াল এবছৰতকৈ বেছি সময় জাহাজৰ ভিতৰতে আছিল। তাৰ পাছত তেওঁলোকক জাহাজৰ পৰা বাহিৰলৈ ওলাই আহিবলৈ যিহোৱাই কʼলে। বাহিৰলৈ ওলাই অহাৰ পাছত যিহোৱাই তেওঁলোকক বচোৱাৰ কাৰণে তেওঁলোকে যিহোৱাক ধন্যবাদ দিব বিচাৰিছিল। সেইবাবে, তেওঁলোকে তেওঁলৈ এটা বলিদান আগবঢ়ালে।
যিহোৱাই তেওঁলোকৰ বলিদানৰ পৰা আনন্দিত হʼল। তেওঁ প্ৰতিজ্ঞা কৰিলে যে তেওঁ আৰু কেতিয়াও জলপ্লাৱন আনি পৃথিৱীৰ সকলো বস্তু ধ্বংস নকৰিব। তেওঁ আকাশত প্ৰথমবাৰ এটা মেঘধনু দেখুৱালে, যি সেই প্ৰতিজ্ঞাৰ চিন আছিল। তুমি কেতিয়াবা মেঘধনু দেখিছা নে?
তাৰ পাছত যিহোৱাই নোহ আৰু তেওঁৰ পৰিয়ালক নিজৰ লʼৰা-ছোৱালীৰে পৃথিৱীখন পূৰ কৰিবলৈ কʼলে।
‘যেতিয়ালৈকে নোহ জাহাজত সোমোৱা নাছিল আৰু জলপ্লাৱন আহি সকলোকে উটুৱাই নিনিলে, তেতিয়ালৈকে তেওঁলোকে কোনো ধ্যানেই নিদিলে।’—মথি ২৪:৩৮, ৩৯