পাঠ ২৮
বিলিয়মৰ গাধজনীয়ে কথা পাতে
ইস্ৰায়েলীসকলে অৰণ্যত থকা প্ৰায় ৪০ বছৰ হʼল। তেওঁলোকে বহুতো শক্তিশালী চহৰক হৰুৱালে। এতিয়া তেওঁলোকে যৰ্দ্দন নদীৰ পূবত থকা মোৱাবৰ সমতলত নিজৰ তম্বু লগালে। কিছু সময়ৰ ভিতৰতে তেওঁলোকে প্ৰতিজ্ঞা কৰা দেশত সোমাব। ৰজা বালাকৰ ভয় আছিল যে ইস্ৰায়েলীসকলে তেওঁৰ দেশখন কাঢ়ি লʼব। সেইবাবে, তেওঁ বিলিয়ম নামৰ এজন মানুহক মোৱাবলৈ মাতিলে যাতে তেওঁ ইস্ৰায়েলীসকলক শাও দিয়ে।
কিন্তু যিহোৱাই বিলিয়মক কʼলে, ‘তুমি ইস্ৰায়েলীসকলক শাও নিদিবা।’ সেইবাবে, বিলিয়মে মোৱাবলৈ যাবলৈ মানা কৰিলে। কিন্তু ৰজা বালাকে আকৌ বিলিয়মক মাতিলে আৰু তেওঁক প্ৰতিজ্ঞা কৰিলে যে তেওঁ যিয়েই বিচাৰে, সেয়াই তেওঁক দিব। তথাপি বিলিয়মে মানা কৰিলে। কিন্তু ঈশ্বৰে বিলিয়মক কʼলে, ‘তুমি মোৱাবলৈ যাব পাৰা, কিন্তু তুমি সেয়াই কʼবা, যি মই তোমাক কʼম।’
বিলিয়মে নিজৰ গাধজনীৰ ওপৰত উঠি দক্ষিণফালে মোৱাবলৈ যাবলৈ ধৰিলে। তেওঁ ভাবিলে যে তেওঁ ইস্ৰায়েলীসকলক শাও দিব। কিন্তু যিহোৱাই তেওঁক এইদৰে কৰিবলৈ মানা কৰিছিল। সেইবাবে, যিহোৱাৰ স্বৰ্গদূতে তেওঁক বাধা দিবলৈ তিনিবাৰ ৰাস্তাত আহি থিয় হʼল। বিলিয়মে তেওঁক দেখা পোৱা নাছিল, কিন্তু তেওঁৰ গাধজনীয়ে তেওঁক দেখা পাইছিল। প্ৰথমবাৰ যেতিয়া গাধজনীয়ে স্বৰ্গদূতক দেখিলে, তেতিয়া গাধজনী ৰাস্তাৰ পৰা আঁতৰি পথাৰৰ ফালে গুচি গʼল। দ্বিতীয়বাৰ গাধজনীয়ে শিলৰ দেৱালত এনেদৰে লাগি গʼল, যাৰ বাবে বিলিয়মৰ ভৰি দেৱালত চেপা খাবলৈ ধৰিলে। তৃতীয়বাৰ গাধজনী ৰাস্তাত বহি গʼল। তিনিওবাৰ বিলিয়মে গাধজনীক লাঠিৰে কোবালে।
যেতিয়া বিলিয়মে তৃতীয়বাৰ গাধজনীক কোবালে, তেতিয়া যিহোৱাই এনে কিবা কৰিলে, যাৰ বাবে গাধজনীয়ে কথা কʼবলৈ ধৰিলে। গাধজনীয়ে কʼলে, ‘আপুনি কিয় মোক মাৰি আছে?’ বিলিয়মে কʼলে, ‘তই মোক ঠাট্টা কৰিছ! মোৰ ওচৰত তৰোৱাল থকা হʼলে মই এতিয়াই তোক মাৰি পেলালোঁহেঁতেন।’ গাধজনীয়ে কʼলে, ‘মই ইমান বছৰ ধৰি আপোনাক নিজৰ পিঠিত উঠাই লৈ ফুৰিছোঁ। ইয়াৰ আগতে মই কেতিয়াবা এইদৰে কৰিছোঁ নে?’
তেতিয়া যিহোৱাই এনে কিবা কৰিলে, যাৰ বাবে বিলিয়মে স্বৰ্গদূতক দেখা পালে। স্বৰ্গদূতে তেওঁক কʼলে, ‘যিহোৱাই তোমাক কৈছিল যে তুমি ইস্ৰায়েলীসকলক শাও নিদিবা।’ বিলিয়মে কʼলে, ‘মোৰ পৰা ভুল হʼল। মই ঘৰলৈ উভতি যাম।’ কিন্তু স্বৰ্গদূতে কʼলে, ‘তুমি মোৱাবলৈ যাব পাৰা। কিন্তু তুমি সেয়াই কʼবা, যি যিহোৱাই তোমাক কʼব।’
ইয়াৰ পৰা বিলিয়মে কিবা শিকিলে নে? নাই শিকা। বিলিয়মে আকৌ তিনিবাৰ ইস্ৰায়েলীসকলক শাও দিবলৈ চেষ্টা কৰিলে। কিন্তু যিহোৱাই তিনিবাৰেই তেওঁৰ মুখৰ পৰা ইস্ৰায়েলীসকলক আশীৰ্বাদ দিয়ালে। শেষত ইস্ৰায়েলীসকলে মোৱাব দেশত আক্ৰমণ কৰিলে আৰু বিলিয়ম মৰি গʼল। বিলিয়মে আগতেই যিহোৱাৰ কথা শুনা হʼলে তেওঁৰ লগত এইদৰে হʼলহেঁতেন নে?
“সকলো ধৰণৰ লোভৰ পৰা নিজকে বচাই ৰাখা। কাৰণ এজন ব্যক্তিৰ বহুত ধন-সম্পত্তি থাকিলেও সেইবোৰে তেওঁক জীৱন দিব নোৱাৰে।”—লূক ১২:১৫