ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • lff পাঠ ৪ ভাগ ১-৫
  • ঈশ্বৰ কোন হয়?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঈশ্বৰ কোন হয়?
  • দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • গভীৰভাৱে ধ্যান কৰক
  • আমি কি শিকিলোঁ
  • বেছিকৈ জানক
  • ঈশ্বৰৰ নাম কি হয়?
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (জনধাৰণ)—২০১৯
  • ঈশ্বৰৰ নাম—ইয়াৰ ব্যৱহাৰ আৰু অৰ্থ
    বাইবেলে প্ৰকৃততে কি শিকায়?
  • আপোনাৰ বাবে যিহোৱাৰ নাম কিমান গুৰুত্বপূৰ্ণ হয়?
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
  • ঈশ্বৰে আমাক কিয় সৃষ্টি কৰিলে?
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
lff পাঠ ৪ ভাগ ১-৫
পাঠ ৪. টেলিস্কোপৰ যোগেদি দেখুৱা তিৰবিৰাই থকা তৰা আৰু তাৰকাপুঞ্জৰ দৃশ্য।

পাঠ ০৪

ঈশ্বৰ কোন হয়?

ছপা সংস্কৰণ
ছপা সংস্কৰণ
ছপা সংস্কৰণ

অতীতৰেপৰা লোকসকলে দেৱ-দেৱীবিলাকক উপাসনা কৰি আহিছে। কিন্তু বাইবেলত এনে এজন ঈশ্বৰৰ বিষয়ে উল্লেখ আছে, যিজন “সকলো দেৱতাবোৰতকৈ মহান।” (২ বংশাৱলি ২:৫) তেওঁ কোন হয়? তেওঁ সকলো দেৱ-দেৱীতকৈ কিয় মহান হয়? এইজন ঈশ্বৰে নিজে নিজৰ পৰিচয় দিছে। এই পাঠত আমি তেওঁৰ বিষয়ে শিকিম।

১. ঈশ্বৰৰ নাম কি? ঈশ্বৰৰ নাম জনাটো তেওঁ বিচাৰে বুলি আমি কিয় কʼব পাৰোঁ?

ঈশ্বৰে নিজৰ নাম বাইবেলত উল্লেখ কৰিছে। তেওঁ কৈছে, “মই যিহোৱা, এয়েই মোৰ নাম।” (যিচয়া ৪২:৫, ৮ পঢ়ক।) “যিহোৱা” নামটো হীব্ৰু ভাষাৰপৰা অনুবাদ কৰা হৈছে। বহুতো বিদ্বানৰ মতে এই নামৰ অৰ্থ হৈছে, “তেওঁ যি বিচাৰে, সেয়েই হʼব পাৰে।” আমি তেওঁৰ নাম জনাটো যিহোৱাই বিচাৰে। (যাত্ৰাপুস্তক ৩:১৫) কিয়নো বাইবেলত তেওঁ নিজৰ নাম প্ৰায় ৭,০০০ বাৰ উল্লেখ কৰিছে।a বাইবেলত স্পষ্টকৈ ঈশ্বৰৰ নাম উল্লেখ আছে। ইয়াত এইদৰে লিখা আছে, “ওপৰত থকা স্বৰ্গত আৰু তলত থকা পৃথিবীতো যিহোৱায়েই যে ঈশ্বৰ, আন কোনো নাই।”—দ্বিতীয় বিবৰণ ৪:৩৯.

২. বাইবেলত যিহোৱাৰ বিষয়ে কি কোৱা হৈছে?

বাইবেলে কৈছে যে মানুহে উপাসনা কৰা সকলো দেৱ-দেৱীতকৈ কেৱল যিহোৱাই হৈছে সত্য ঈশ্বৰ। ইয়াৰ কিছুমান কাৰণৰ ওপৰত ধ্যান দিয়ক। যিহোৱা “সমুদায় পৃথিবীৰ ওপৰত সৰ্ব্বোপৰি জনা।” তেওঁতকৈ অধিক কাৰো ওচৰত অধিকাৰ নাই। (গীতমালা ৮৩:১৮ পঢ়ক।) তেওঁ “সৰ্ব্বশক্তিমান” ঈশ্বৰ, অৰ্থাৎ তেওঁ যি বিচাৰে, তাকে কৰিব পাৰে। গোটেই বিশ্বব্ৰহ্মাণ্ড আৰু পৃথিৱীৰ সকলো বস্তু তেৱেঁই ‘সৃষ্টি কৰিছে।’ (প্ৰকাশিত বাক্য ৪:৮, ১১) যিহোৱাৰ কোনো আৰম্ভণি আৰু অন্তও নাই।—গীতমালা ৯০:২.

গভীৰভাৱে ধ্যান কৰক

ঈশ্বৰৰ বাবে ব্যৱহাৰ কৰা “প্ৰভুৰ” দৰে উপাধি আৰু তেওঁৰ নামৰ মাজত কি পাৰ্থক্য আছে? ঈশ্বৰে নিজৰ নাম সকলোকে জনাবলৈ কি কৰিলে? আপুনি তেওঁৰ নাম জনাটো ঈশ্বৰে কিয় বিচাৰে? আহক এই বিষয়ে আলোচনা কৰোঁ।

এজন ব্যক্তিয়ে ৰাতি আকাশলৈ চাইছে আৰু চন্দ্ৰত যিহোৱাৰ নাম লিখা আছে।

৩. ঈশ্বৰৰ উপাধি বহুত, কিন্তু নাম মাত্ৰ এটাহে

এজন ব্যক্তিৰ নাম আৰু তেওঁৰ উপাধিৰ মাজত থকা পাৰ্থক্যৰ বিষয়ে জানিবলৈ ভিডিঅʼখন চাওক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

ভিডিঅʼ: নাম এক, কিন্তু উপাধি অনেক (০:৪১)

  • কোনো এজন ব্যক্তিৰ উপাধি আৰু নামৰ মাজত কি পাৰ্থক্য আছে?

বাইবেলত উল্লেখ আছে যে লোকসকলে বহুতো দেৱ-দেৱীক উপাসনা কৰে। গীতমালা ১৩৬:১-৩ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

  • “ঈশ্বৰবিলাকৰো ঈশ্বৰ” আৰু “প্ৰভুবিলাকৰো প্ৰভু” কোন?

৪. আপুনি ঈশ্বৰৰ নাম জনা আৰু ব্যৱহাৰ কৰাটো যিহোৱাই বিচাৰে

আমি যিহোৱাৰ নাম জনাটো তেওঁ বিচাৰে বুলি কিয় কʼব পাৰোঁ? ভিডিঅʼখন চাওক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

ভিডিঅʼ: ঈশ্বৰৰ এটা নাম আছে নেকি?—এক আভাস (৩:১১)

‘ঈশ্বৰৰ এটা নাম আছে নেকি?—এক আভাস’ নামৰ ভিডিঅʼখনৰ এটা দৃশ্য। এজন ব্যক্তিয়ে ১৬১১-ৰ ‘কিং জেমচ ভাৰচন’ চাইছে। তাত গীতমালা ৮৩:১৮ পদত ঈশ্বৰৰ নাম যিহোৱা বুলি লিখা আছে।
  • লোকসকলে তেওঁৰ নাম জনাটো যিহোৱাই বিচাৰেনে? আপুনি এইদৰে কিয় ভাবে?

যিহোৱাই বিচাৰে যে লোকসকলে তেওঁৰ নাম লওক। বাইবেলে এইদৰে কৈছে, “যি কোনোৱে যিহোৱাৰ নামত প্ৰাৰ্থনা কৰে, তেওঁ পৰিত্ৰাণ পাব।” (ৰোমীয়া ১০:১৩, NW) নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

  • যিহোৱাৰ নাম আমি কিয় ব্যৱহাৰ কৰা উচিত?

  • যেতিয়া কোনোবাই আপোনাৰ নাম মনত ৰাখে আৰু নাম কাঢ়ি মাতে, তেতিয়া আপোনাক কেনেকুৱা লাগে?

  • যেতিয়া আপুনি যিহোৱাৰ নাম লৈ প্ৰাৰ্থনা কৰে, তেতিয়া তেওঁক কেনেকুৱা লাগে?

৫. আপুনি যিহোৱাৰ লগত ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তোলাটো তেওঁ বিচাৰে

চটন নামৰ এগৰাকী তিৰোতাই কয় যে যিহোৱাৰ নাম জানি তাই বহুত আনন্দিত হৈছিল। তাই ইমান আনন্দ আগতে কেতিয়াও পোৱা নাছিল। ভিডিঅʼখন চাওক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:

ভিডিঅʼ: সত্য ঈশ্বৰৰ অনুসন্ধান (৮:১৮)

ছবি: ‘সত্য ঈশ্বৰৰ অনুসন্ধান’ নামৰ ভিডিঅʼখনৰ দৃশ্য। ১. চটন নামৰ এজনী ছোৱালীয়ে জংঘলত গছৰ তলত বহি আছে আৰু আকাশলৈ চাই সত্য ঈশ্বৰলৈ প্ৰাৰ্থনা কৰিছে। ২. হেৰল্ডে চটনক কৈছে যে ঈশ্বৰৰ নাম যিহোৱা হয়।
  • ঈশ্বৰৰ নাম জানি চটনৰ জীৱন কেনেকৈ পৰিৱৰ্তন হʼল?

কাৰোবাৰ লগত বন্ধুত্ব কৰিবলৈ প্ৰথমতে আমি তেওঁৰ নাম সোধোঁ। যাকোব ৪:৮ক পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

  • যিহোৱাই আপোনাৰপৰা কি বিচাৰে?

  • ঈশ্বৰৰ নাম জানিলে আৰু তেওঁৰ নাম ব্যৱহাৰ কৰিলে আপুনি কেনেকৈ ঈশ্বৰৰ কাষ চাপিব পাৰে?

কিছুমান লোকে কয়: “ঈশ্বৰ এজনেই, আমি তেওঁক যি বুলি নামাতো কিয়, এয়া কোনো অৰ্থ নাৰাখে।”

  • ঈশ্বৰৰ নাম যিহোৱা বুলি আপুনি বিশ্বাস কৰেনে?

  • আপুনি আনক কেনেকৈ বুজাব যে আমি ঈশ্বৰৰ নাম ব্যৱহাৰ কৰাটো তেওঁ বিচাৰে?

আমি কি শিকিলোঁ

সত্য ঈশ্বৰ এজনেই আৰু তেওঁৰ নাম হৈছে যিহোৱা। আমি তেওঁৰ নাম জনা, সেই নামটো ব্যৱহাৰ কৰা আৰু তেওঁৰ লগত ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তোলাটো যিহোৱাই বিচাৰে।

আপুনি কেনেকৈ উত্তৰ দিব?

  • যিহোৱা সকলো দেৱ-দেৱীতকৈ কেনেকৈ পৃথক?

  • আমি ঈশ্বৰৰ নাম কিয় ব্যৱহাৰ কৰা উচিত?

  • যিহোৱাৰ লগত ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তোলাটো তেওঁ বিচাৰে বুলি আমি কেনেকৈ জানিব পাৰোঁ?

লক্ষ্য

বেছিকৈ জানক

ঈশ্বৰ আছে বুলি বহুতো প্ৰমাণ আছে। ইয়াৰে পাঁচটা প্ৰমাণৰ ওপৰত ধ্যান দিয়ক।

“ঈশ্বৰ অস্তিত্বত আছেনে?”(ৱেবছাইটত দিয়া লেখ)

ঈশ্বৰ আৰম্ভণিৰপৰা আছে বুলি আমি কিয় কʼব পাৰোঁ? ইয়াৰ বিষয়ে জানিবলৈ এই লেখটো পঢ়ক।

“ঈশ্বৰক কোনে সৃষ্টি কৰিলে?” (প্ৰহৰীদুৰ্গ-হিন্দী, অক্টোবৰ ১, ২০১৪)

প্ৰাচীন সময়ত ঈশ্বৰৰ নাম কেনেকৈ উচ্চাৰণ কৰা হৈছিল, সেয়া আমি নাজানোঁ। তথাপিও আমি তেওঁৰ নাম ব্যৱহাৰ কৰা উচিত। কিয় বাৰু?

“যিহোৱা কোন হয়?” (ৱেবছাইটত দিয়া লেখ)

আমি ঈশ্বৰক কি নামেৰে প্ৰাৰ্থনা কৰোঁ, এয়া কোনো অৰ্থ ৰাখেনে? ঈশ্বৰৰ মাত্ৰ এটাই নাম আছে বুলি আমি কিয় কʼব পাৰোঁ, তাৰ বিষয়ে জানক।

“ঈশ্বৰৰ কেইটা নাম আছে?” (ৱেবছাইটত দিয়া লেখ)

a কিছুমান বাইবেলৰপৰা ঈশ্বৰৰ নাম কিয় উলিয়াই দিয়া হৈছে? ঈশ্বৰৰ নামৰ অৰ্থ কি? এই বিষয়ে বেছিকৈ জানিবলৈ নিউ ৱৰ্ল্ড ট্ৰানচলেশ্ব্যান্‌ অৱ দ্য হলি স্ক্ৰিপশ্বাৰচ্‌ৰ (হিন্দী)

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক