ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w25 মে’ পৃষ্ঠা ২৬-৩১
  • আপোনাৰ বাবে যিহোৱাৰ নাম কিমান গুৰুত্বপূৰ্ণ হয়?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আপোনাৰ বাবে যিহোৱাৰ নাম কিমান গুৰুত্বপূৰ্ণ হয়?
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • “যিসকলক ঈশ্বৰৰ নামেৰে জনা যায়”
  • “তোমালোকেই মোৰ সাক্ষী”
  • আমাৰ বাবে যিহোৱাৰ নাম বহুত গুৰুত্বপূৰ্ণ হয়
  • যীচুৰ বাবে যিহোৱাৰ নাম কিমান গুৰুত্বপূৰ্ণ আছিল?
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
  • ‘যিহোৱাৰ নাম প্ৰশংসা কৰক’
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
  • ‘কাক আৰাধনা কৰিবা, তাক আজি মনোনীত কৰা’
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
  • নম্ৰ হওক আৰু কিছুমান কথা নাজানোঁ বুলি মানি লওক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
আৰু চাওক
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
w25 মে’ পৃষ্ঠা ২৬-৩১

অধ্যয়নৰ লেখ ২৩

গীত নং ১ যিহোৱাৰ গুণবোৰ

আপোনাৰ বাবে যিহোৱাৰ নাম কিমান গুৰুত্বপূৰ্ণ হয়?

‘যিহোৱাই কৈছে, তোমালোকেই মোৰ সাক্ষী।’—যিচ. ৪৩:১০.

কি শিকিম?

আমি কেনেকৈ যিহোৱাৰ নাম পবিত্ৰ কৰিব পাৰোঁ আৰু তেওঁৰ ওপৰত লগা অভিযোগক মিছা বুলি প্ৰমাণ কৰিব পাৰোঁ?

১-২. যীচুৰ বাবে যিহোৱাৰ নাম বহুত গুৰুত্বপূৰ্ণ হয় বুলি আমি কেনেকৈ জানিব পাৰোঁ?

যীচুৰ বাবে যিহোৱাৰ নাম আটাইতকৈ গুৰুত্বপূৰ্ণ আছিল। তেওঁ এই নাম আনক জনাবলৈ এক গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰিলে। আমি আগৰ লেখত আলোচনা কৰিছিলোঁ যে যীচুৱে যিহোৱাৰ নাম পবিত্ৰ কৰিবলৈ নিজৰ জীৱনো বলিদান দি দিলে। (মাৰ্ক ১৪:৩৬; ইব্ৰী ১০:৭-৯) তেওঁৰ নাম পবিত্ৰ কৰিবলৈ যীচুৱে আৰু কি কৰিব? নিজৰ হাজাৰ বছৰৰ শাসনৰ শেষত তেওঁ আনন্দেৰে নিজৰ সকলো অধিকাৰ যিহোৱাক গতাই দিব। (১ কৰি. ১৫:২৬-২৮) যিহোৱাৰ নামৰ বাবে যীচুৱে যি যি কৰিলে, তাৰ পৰা জানিব পাৰি যে তেওঁ নিজৰ পিতৃক বহুত প্ৰেম কৰে।

২ যীচু নিজৰ পিতৃৰ নামেৰে এই পৃথিৱীত আহিছিল। (যোহ. ৫:৪৩; ১২:১৩) তেওঁ নিজৰ শিষ্যসকলক যিহোৱাৰ নামৰ বিষয়ে জনালে। (যোহ. ১৭:৬, ২৬) তেওঁ নিজৰ পিতৃৰ নামেৰে চমৎকাৰ কৰিলে আৰু আনক শিকালে। (যোহ. ১০:২৫) তেওঁ নিজৰ শিষ্যসকলৰ বিষয়ে যিহোৱাক কʼলে, “নিজৰ নামৰ কাৰণে” তেওঁলোকৰ চোৱা-চিতা কৰা। (যোহ. ১৭:১১) যীচুৰ বাবে যিহোৱাৰ নাম বহুত গুৰুত্বপূৰ্ণ আছিল। চিন্তা কৰক, যদি কোনোবাই যীচুৰ শিষ্য হোৱাৰ দাবী কৰে, তেনেহʼলে তেওঁ যীচুৰ পিতৃৰ নাম জানিব নালাগে নে আৰু তাক ব্যৱহাৰ কৰিব নালাগে নে?

৩. এই লেখত আমি কি শিকিম?

৩ যীচুৰ শিষ্য হোৱাৰ কাৰণে আমি যিহোৱাৰ নামক বহুত প্ৰেম কৰোঁ। (১ পিত. ২:২১) এই লেখত আমি শিকিম যে যিসকলে ‘ৰাজ্যৰ শুভবাৰ্তা’ শুনায়, তেওঁলোকক যিহোৱাই নিজৰ নাম কিয় দিছে? (মথি ২৪:১৪) আমি এয়াও শিকিম যে যদি আমাৰ মাজৰ প্ৰত্যেকৰ বাবে যিহোৱাৰ নাম গুৰুত্বপূৰ্ণ হয়, তেনেহʼলে আমি কি কৰিম?

“যিসকলক ঈশ্বৰৰ নামেৰে জনা যায়”

৪. (ক) স্বৰ্গলৈ উভতি যোৱাৰ ঠিক আগতে যীচুৱে নিজৰ শিষ্যসকলক কি কৈছিল? (খ) যীচুৱে যি কৈছিল তাৰ পৰা কি প্ৰশ্ন উঠে?

৪ স্বৰ্গলৈ উভতি যোৱাৰ ঠিক আগতে যীচুৱে নিজৰ শিষ্যসকলক কৈছিল, “যেতিয়া তোমালোকৰ ওপৰত পবিত্ৰ শক্তি আহিব, তেতিয়া তোমালোকে শক্তি পাবা আৰু যিৰূচালেম আৰু গোটেই যিহূদিয়া আৰু চমৰীয়া আনকি পৃথিৱীৰ আটাইতকৈ দূৰ-দূৰণি এলেকাত মোৰ বিষয়ে সাক্ষ্য দিবা।” (পাঁচ. ১:৮) গতিকে, যীচুৰ শিষ্যসকল কেৱল ইস্ৰায়েলত নহয়, গোটেই পৃথিৱীত প্ৰচাৰ কৰিব লাগিছিল যাতে সকলো ৰাষ্ট্ৰৰ লোকসকলে যীচুৰ শিষ্য হোৱাৰ সুযোগ পায়। (মথি ২৮:১৯, ২০) কিন্তু যীচুৱে কৈছিল যে ‘তোমালোকে মোৰ বিষয়ে সাক্ষ্য দিবা’, তেনেহʼলে ইয়াৰ অৰ্থ এয়া আছিল নে যে যীচুৰ শিষ্যসকলে কেৱল যীচুৰ বিষয়ে সাক্ষ্য দিব লাগিছিল আৰু যিহোৱাৰ নামৰ বিষয়ে একো কʼব নালাগিছিল? এই প্ৰশ্নৰ উত্তৰ আমি পাঁচনিৰ কৰ্ম্ম ১৫ অধ্যায়ত পাওঁ।

৫. যিহোৱাৰ নাম সকলোকে জনোৱাটো গুৰুত্বপূৰ্ণ বুলি পাঁচনি আৰু প্ৰাচীনসকলৰ নিৰ্ণয়ৰ পৰা কেনেকৈ জানিব পাৰি? (ছবিখনো চাওক।)

৫ পাঁচনি আৰু যিৰূচালেমৰ প্ৰাচীনসকলে ৪৯ খ্ৰীষ্টাব্দত এই কথাৰ ওপৰত আলোচনা কৰিবলৈ একত্ৰিত হʼল যে খ্ৰীষ্টান হʼবলৈ যিহূদী নোহোৱা লোকসকলে চুন্নৎ কৰাৰ প্ৰয়োজন আছে নে নাই। আলোচনাৰ শেষত যীচুৰ ভাই যাকোবে কʼলে, “[পিতৰে] বৰ্ণনা কৰি কʼলে যে ঈশ্বৰে কেনেকৈ প্ৰথমবাৰ ইস্ৰায়েলী নোহোৱা লোকসকলৰ ফালে ধ্যান দিলে যাতে তেওঁলোকৰ মাজৰ পৰা এনে লোকসকলক একগোট কৰিব পাৰে, যিসকলক ঈশ্বৰৰ নামেৰে জনা যায়।” তাৰ পিছত তেওঁ ভৱিষ্যবক্তা আমোচৰ এই কথা কʼলে, “যাতে তাৰ বাকী থকা লোকসকলে সকলো ৰাষ্ট্ৰৰ লগত মিলি মনে-প্ৰাণে যিহোৱাক বিচাৰে, যাৰ বিষয়ে যিহোৱাই কৈছিল যে তেওঁলোকক মোৰ নামেৰে মতা হয়।” (পাঁচ. ১৫:১৪-১৮) গতিকে, নতুন শিষ্যসকলে যিহোৱাৰ বিষয়ে শিকাৰ লগতে যিহোৱাৰ নামেৰেও জনা গʼলহেঁতেন। ইয়াৰ অৰ্থ হৈছে তেওঁলোকে যিহোৱাৰ নাম আনক জনালে হয় আৰু সেই নামেৰে লোকসকলে তেওঁলোকক জানিলে হয়।

যাকোবে যিৰূচালেমত কিছুমান পাঁচনি আৰু বৃদ্ধ লোকসকলৰ লগত কথা পাতি আছে। দুজন ভায়ে নুৰা খুলি ৰাখিছে আৰু ধ্যান দি তেওঁৰ কথা শুনি আছে।

প্ৰথম শতিকাত যেতিয়া প্ৰকাশন গোষ্ঠীয়ে আলোচনা কৰিবলৈ একগোট হৈছিল, তেতিয়া ভাইসকলে স্পষ্টকৈ বুজি পাইছিল যে খ্ৰীষ্টানসকলে ঈশ্বৰৰ নামেৰে জনাটো কিমান গুৰুত্বপূৰ্ণ হয় (অনুচ্ছেদ ৫ চাওক)


৬-৭. (ক) যীচুৱে এই পৃথিৱীত কিয় আহিছিল? (খ) যীচুৱে এই পৃথিৱীলৈ অহাৰ আটাইতকৈ ডাঙৰ কাৰণ কি আছিল?

৬ যীচুৰ নামৰ অৰ্থ হৈছে “যিহোৱা উদ্ধাৰকৰ্তা হয়।” যিহোৱাই যীচুৰ যোগেদি সেই সকলোকে উদ্ধাৰ কৰে, যিসকলে তেওঁৰ আৰু তেওঁৰ পুত্ৰৰ ওপৰত বিশ্বাস কৰে। মানৱ জাতিৰ বাবে নিজৰ জীৱন বলিদান দিবলৈ যীচুৱে এই পৃথিৱীত আহিলে। (মথি ২০:২৮) তেওঁৰ মুক্তিৰ মূল্যৰ বলিদানৰ বাবে মানৱ জাতিয়ে নিজৰ পাপৰ পৰা ক্ষমা পাব পাৰে আৰু অনন্ত জীৱন লাভ কৰিব পাৰে। —যোহ. ৩:১৬.

৭ কিন্তু মানৱ জাতিক উদ্ধাৰৰ কিয় প্ৰয়োজন আছিল? আমি আগৰ লেখত আলোচনা কৰিছিলোঁ যে যেতিয়া প্ৰথম মানৱ আদম আৰু হৱাই যিহোৱাৰ আজ্ঞা উলংঘন কৰিলে, তেতিয়া তেওঁলোকে পাপী হʼল আৰু অনন্ত জীৱন হেৰুৱালে। সেইবাবে, মানৱ জাতিক উদ্ধাৰৰ প্ৰয়োজন আছিল। (আদি. ৩:৬, ২৪) কিন্তু যীচুৱে কেৱল মানৱ জাতিৰ উদ্ধাৰৰ বাবে নহয়, ইয়াতকৈ গুৰুত্বপূৰ্ণ বিষয়ৰ বাবে আহিছিল। তেওঁ যিহোৱাৰ নামত লগা কলংকক মচিবলৈ আহিছিল। (আদি. ৩:৪, ৫) গতিকে, মানৱ জাতিক উদ্ধাৰ কৰাতকৈও গুৰুত্বপূৰ্ণ বিষয় আছিল, যিহোৱাৰ নাম পবিত্ৰ কৰা আৰু যীচুৱে এই কামত আটাইতকৈ গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰিলে। কাৰণ তেওঁ যিহোৱাৰ প্ৰতিনিধি আছিল আৰু তেওঁৰ নামেৰে আহিছিল।

যদি কোনোবাই যীচুৰ শিষ্য হʼবলৈ দাবী কৰে, তেনেহʼলে তেওঁ যীচুৰ পিতৃৰ নাম জানিব নালাগে নে আৰু সেই নাম ব্যৱহাৰ কৰিব নালাগে নে?

৮. যীচুৰ ওপৰত বিশ্বাস কৰা লোকসকলে কি বুজি পোৱাৰ প্ৰয়োজন আছিল?

৮ যীচুৰ ওপৰত বিশ্বাস কৰা সকলো যিহূদী আৰু যিহূদী নোহোৱা লোকে এয়া বুজি পোৱাৰ প্ৰয়োজন আছিল যে আচলতে উদ্ধাৰ দিওঁতাজন যীচুৰ পিতৃ যিহোৱা হয়। (যোহ. ১৭:৩) ইয়াৰ উপৰিও, তেওঁলোকে যীচুৰ দৰে যিহোৱাৰ নামেৰে জনা গʼলহেঁতেন। যিহোৱাৰ নাম পবিত্ৰ কৰাটোৱেই আটাইতকৈ গুৰুত্বপূৰ্ণ হয় বুলি তেওঁলোকে বুজি পোৱাৰ প্ৰয়োজন আছিল। কিয়নো ইয়াৰ ওপৰতে তেওঁলোকৰ উদ্ধাৰ নিৰ্ভৰ কৰে। (পাঁচ. ২:২১, ২২) সেইবাবে, তেওঁলোকে যিহোৱা আৰু যীচু দুয়োজনৰ বিষয়ে শিকিব লাগিছিল। ইয়াৰ বাবেই যোহন ১৭ অধ্যায়ত যি প্ৰাৰ্থনা আছে তাৰ শেষত যীচুৱে কʼলে, “মই তোমাৰ নাম তেওঁলোকক জনালোঁ আৰু আগলৈও জনাম যাতে যি প্ৰেম তুমি মোক কৰিলা, সেই প্ৰেম যেন তেওঁলোকৰ মাজতো থাকে আৰু মই তেওঁলোকৰ লগত একতাত থাকিম।”—যোহ. ১৭:২৬.

“তোমালোকেই মোৰ সাক্ষী”

৯. আমি কি কথাক আটাইতকৈ বেছি গুৰুত্ব দিয়া উচিত?

৯ এতিয়ালৈকে আমি যি আলোচনা কৰিলোঁ, তাৰ পৰা স্পষ্টকৈ জানিব পাৰি যে যিহোৱাৰ নাম পবিত্ৰ কৰাটো যীচুৰ শিষ্যসকলৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ হয়। (মথি ৬:৯, ১০) তেওঁলোকে যিহোৱাৰ নামক সকলোতকৈ বেছি গুৰুত্ব দিয়া উচিত আৰু সেয়া নিজৰ কামৰ যোগেদি স্পষ্টকৈ দেখুৱা উচিত। কিন্তু আমি যিহোৱাৰ নাম কেনেকৈ পবিত্ৰ কৰিব পাৰোঁ অৰ্থাৎ চয়তানে তেওঁৰ নামৰ ওপৰত যি কলংক লগাইছে, সেয়া আমি কেনেকৈ মচিব পাৰোঁ?

১০. যিচয়া ৪২-৪৪ অধ্যায়ত কোনটো মোকৰ্দ্দমাৰ বিষয়ে কোৱা হৈছে? (যিচয়া ৪৩:৯; ৪৪:৭-৯) (ছবিখনো চাওক।)

১০ যিচয়া ৪২-৪৪ অধ্যায়ৰ পৰা গʼম পোৱা যায় যে যিহোৱাৰ নাম পবিত্ৰ কৰাটো কিমান গুৰুত্বপূৰ্ণ হয় আৰু ইয়াৰ বাবে আমি কি কৰিব পাৰোঁ। এই অধ্যায়বোৰত কোৱা হৈছে যে যিহোৱা আৰু আন দেৱী-দেৱতাসকলৰ মাজত মোকৰ্দ্দমা চলি আছে যে সত্য ঈশ্বৰ কোন হয়। যিহোৱাই তেওঁলোকক কয় যে যদি তেওঁলোকে সত্য হয়, তেনেহʼলে সেয়া প্ৰমাণ কৰক আৰু নিজৰ কথা সত্য হয় সেয়া প্ৰমাণ কৰিবলৈ সাক্ষীসকলক আনক। কিন্তু তেওঁলোকে এজনো সাক্ষী আনিব নোৱাৰিলে।—যিচয়া ৪৩:৯; ৪৪:৭-৯ পঢ়ক।

ছবি: স্বৰ্গদূতসকলে পৃথিৱীৰ ওপৰত উৰি আছে আৰু গোটেই পৃথিৱীত ভাই-ভনীসকলে যিহোৱাৰ নাম পবিত্ৰ কৰাত লাগি আছে। ১. এহাল দম্পতীয়ে কাৰ্ট লগাই প্ৰচাৰ কৰি আছে। ২. এজনী কিশোৰীয়ে নিজৰ লগত পঢ়া এজনী ছোৱালীক jw.org যোগাযোগ কাৰ্ড দি আছে। ৩. এজন ভায়ে যাত্ৰা কৰি থকাৰ সময়ত ওচৰতে বহি থকা এজন ব্যক্তিক প্ৰচাৰ কৰি আছে। ৪. এজন ভাইক হেণ্ডকাফ লগাই মাস্ক পিন্ধি থকা দুজন পুলিচে তেওঁক লৈ গৈ আছে। ৫. এজনী ভনী হস্পিতালৰ বিছনাত আছে আৰু তেজ নলʼম বুলি ডাক্তৰক কৈ আছে।

আজি আমিও এটা মোকৰ্দ্দমাৰ লগত জড়িত হৈ আছোঁ আৰু আমি যিহোৱাৰ পক্ষে থিয় হʼব লাগে (অনুচ্ছেদ ১০-১১ চাওক)


১১. যিচয়া ৪৩:১০-১২ পদত যিহোৱাই নিজৰ লোকসকলক কি কয়?

১১ যিচয়া ৪৩:১০-১২ পঢ়ক। যিহোৱাই নিজৰ লোকসকলৰ বিষয়ে কয়, “তোমালোকেই মোৰ সাক্ষী, আৰু ময়েই ঈশ্বৰ।” তাৰ পিছত যিহোৱাই তেওঁলোকক এটা প্ৰশ্ন কৰে, “মোৰ বাহিৰে জানো আৰু কোনো ঈশ্বৰ আছে?” (যিচ. ৪৪:৮) চিন্তা কৰক, এয়া কিমান ডাঙৰ কথা যে আমি এই প্ৰশ্নৰ উত্তৰ দিয়াৰ সুযোগ পাইছোঁ। আমি নিজৰ কাম আৰু কথাৰ যোগেদি এয়া প্ৰমাণ কৰিব পাৰোঁ যে যিহোৱাই সত্য ঈশ্বৰ হয় আৰু তেওঁৰ নাম আটাইতকৈ মহান হয়। আমি হৃদয়েৰে যিহোৱাক প্ৰেম কৰোঁ বুলি আমাৰ জীৱন-যাপনৰ যোগেদি দেখুৱাব পাৰোঁ। চয়তানে আমাৰ ওপৰত যিমানে প্ৰলোভন লৈ নাহক কিয় আমি যিহোৱাৰ বিশ্বাসী হৈ থাকিব বিচাৰোঁ। এইদৰে আমি তেওঁৰ নাম পবিত্ৰ কৰোঁ।

১২. যিচয়া ৪০:৩, ৪ পদত দিয়া ভৱিষ্যবাণী কেনেকৈ পূৰ হʼল?

১২ যিচয়াই এয়া ভৱিষ্যবাণী কৰিছিল যে এজন ব্যক্তি আহিব, যিজনে ‘যিহোৱাৰ পথ তৈয়াৰ কৰিব।’ (যিচ. ৪০:৩) আমি জানোঁ যে এই ভৱিষ্যবাণী তেতিয়া পূৰ হʼল, যেতিয়া যোহন বাপ্তিষ্মা দিওঁতাই যীচুৰ বাবে পথ তৈয়াৰ কৰিছিল। যীচু যিহোৱাৰ নামেৰে আহিছিল আৰু এই নাম তেওঁ আনকো জনাইছিল। ইয়াৰ পৰা কʼব পাৰি যে যোহনে যিহোৱাৰ বাবে ৰাস্তা তৈয়াৰ কৰিলে। (মথি ৩:৩; মাৰ্ক ১:২-৪; লূক ৩:৩-৬) যিচয়াৰ ভৱিষ্যবাণীত এয়াও কোৱো হৈছিল যে “যিহোৱাৰ মহিমা প্ৰকাশ কৰা হব।” (যিচ. ৪০:৫) যেতিয়া যীচু এই পৃথিৱীলৈ আহিছিল, তেতিয়া তেওঁ সম্পূৰ্ণৰূপে যিহোৱাৰ মহিমা প্ৰকাশ কৰিলে। তেওঁ নিজৰ পিতৃৰ দৰেই আছিল। তেওঁ যি কʼলে আৰু কৰিলে, সেয়া এনে আছিল যেন যিহোৱাই এই পৃথিৱীলৈ অহা হʼলে, যীচুৱে যি কৰিলে তেওঁ সেয়াই কৰিলেহেঁতেন আৰু কʼলেহেঁতেন।—যোহ. ১২:৪৫.

১৩. আমি যীচুৰ দৰে কি কৰিব পাৰোঁ?

১৩ যেতিয়া আমি যিহোৱাৰ পক্ষে থিয় হওঁ আৰু তেওঁৰ নাম পবিত্ৰ কৰোঁ, তেতিয়া আমি যীচুৰ দৰে হওঁ। যীচুৰ দৰে আমিও যিহোৱাৰ সাক্ষী হওঁ আৰু তেওঁৰ বিষয়ে সাক্ষ্য দিওঁ। আমাক যিহোৱাৰ নামেৰে জনা যায় আৰু আমি তেওঁৰ আশ্চৰ্য্য কামবোৰৰ বিষয়ে আনক জনাওঁ। কিন্তু তেওঁৰ বিষয়ে ভালদৰে সাক্ষ্য দিবলৈ হʼলে আমি আনক এয়াও জনাব লাগিব যে যিহোৱাৰ নাম পবিত্ৰ কৰিবলৈ যীচুৱে কি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিলে। (পাঁচ. ১:৮) যীচুৰ দৰে যিহোৱাৰ বিষয়ে সাক্ষী আন কোনোৱে দিয়া নাই। আমিও তেওঁৰ দৰে হʼব বিচাৰোঁ। (প্ৰকা. ১:৫) আমি আৰু কেনেকৈ দেখুৱাব পাৰোঁ যে যিহোৱাৰ নাম আমাৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ হয়?

আমাৰ বাবে যিহোৱাৰ নাম বহুত গুৰুত্বপূৰ্ণ হয়

১৪. গীতমালা ১০৫:৩ পদত কোৱাৰ অনুসৰি আমি যিহোৱাৰ নামৰ বিষয়ে কেনে অনুভৱ কৰোঁ?

১৪ আমি যিহোৱাৰ নামত গৌৰৱ কৰোঁ। (গীতমালা ১০৫:৩ পঢ়ক।) যিহোৱা এয়া দেখি বহুত আনন্দিত হয় যে আমি তেওঁৰ নামত গৌৰৱ কৰোঁ। (যিৰি. ৯:২৩, ২৪; ১ কৰি. ১:৩১; ২ কৰি. ১০:১৭) যিহোৱা পবিত্ৰ ঈশ্বৰ হয় আৰু তেওঁ যি কৰে সেয়া সঠিক হয়, ইয়াৰ বিষয়ে আমি গৌৰৱেৰে আনক জনাওঁ। আমি যিহোৱাৰ সাক্ষী হওঁ, তাৰ বিষয়ে আমি লগত কাম কৰা, স্কুলত বন্ধুসকলক, ওচৰ-চুবুৰীয়া আৰু আনক জনাওঁ। আমি যিহোৱাৰ নাম আনক জনাবলৈ বন্ধ কৰাটো চয়তানে বিচাৰে। (যিৰি. ১১:২১; প্ৰকা. ১২:১৭) লোকসকলে যিহোৱাৰ নাম পাহৰি যোৱাটো চয়তান আৰু তাৰ মিছা ভৱিষ্যবক্ততাসকলে বিচাৰে। (যিৰি. ২৩:২৬, ২৭) কিন্তু আমি যিহোৱাৰ নামক বহুত প্ৰেম কৰোঁ, সেইবাবে আমি ‘ওৰে দিনটো তেওঁৰ নামত উল্লাস কৰোঁ।’—গীত. ৫:১১; ৮৯:১৬.

১৫. যিহোৱাৰ নাম লোৱাৰ অৰ্থ কি?

১৫ আমি ঈশ্বৰৰ নাম লওঁ। (যোৱে. ২:৩২; ৰোম. ১০:১৩, ১৪) ঈশ্বৰৰ নাম লʼবলৈ এয়া জনাৰ প্ৰয়োজন আছে যে তেওঁৰ নাম কি হয় আৰু তাক ব্যৱহাৰ কৰা। কিন্তু ইয়াৰ লগতে এয়াও জনাৰ প্ৰয়োজন আছে যে তেওঁ কেনেধৰণৰ ঈশ্বৰ হয়, তেওঁৰ ওপৰত বিশ্বাস কৰা আৰু সহায়ৰ বাবে তেওঁৰ বাট চোৱা। (গীত. ২০:৭; ৯৯:৬; ১১৬:৪; ১৪৫:১৮) ঈশ্বৰৰ নাম লোৱাৰ অৰ্থ এয়াও হয় যে তেওঁৰ নাম আৰু গুণৰ বিষয়ে আনক জনোৱা আৰু তেওঁলোকক শুধৰণি কৰিবলৈ সহায় কৰা যাতে তেওঁলোকে যিহোৱাক আনন্দিত কৰিব পাৰে আৰু উদ্ধাৰ পাব পাৰে।—যিচ. ১২:৪; পাঁচ. ২:২১, ৩৮.

১৬. আমি চয়তানক কেনেকৈ মিছলীয়া বুলি প্ৰমাণ কৰিব পাৰোঁ?

১৬ আমি যিহোৱাৰ নামৰ বাবে দুখ ভোগ কৰিবলৈয়ো সাজু আছোঁ। (যাকো. ৫:১০, ১১) সমস্যাৰ সময়ত যেতিয়া আমি বিশ্বাসী হৈ থাকোঁ, তেতিয়া চয়তান মিছলীয়া হয় বুলি আমি প্ৰমাণ কৰোঁ। ইয়োবৰ সময়ত চয়তানে যিহোৱাৰ উপাসকসকলৰ ওপৰত অভিযোগ লগাইছিল যে “প্ৰাণৰ অৰ্থে মানুহে সৰ্ব্বস্ব দিব।” (ইয়ো. ২:৪) সি দাবী কৰিছিল যে মানুহে কেৱল ভাল সময়তহে যিহোৱাৰ সেৱা কৰিব, যদি সমস্যা আহে, তেনেহʼলে তেওঁলোকে যিহোৱাক এৰি দিব। ইয়োবে যিহোৱাৰ বিশ্বাসী হৈ চয়তানৰ অভিযোগক মিছা বুলি প্ৰমাণ কৰিলে। চয়তানৰ অভিযোগ মিছা হয় বুলি প্ৰমাণ কৰিবলৈ আজি আমাৰ ওচৰতো সুযোগ আছে। চয়তানে আমাৰ ওপৰত যিয়ে সমস্যা নানক কিয় আমি যিহোৱাৰ বিশ্বাসী হৈ থাকিম আৰু ভৰসা ৰাখিম যে যিহোৱাই নিজৰ নামৰ বাবে আমাৰ যত্ন লʼব।—যোহ. ১৭:১১.

১৭. প্ৰথম পিতৰ ২:১২ পদৰ অনুসৰি আমি আৰু কেনেকৈ যিহোৱাৰ নামৰ মহিমা কৰিব পাৰোঁ?

১৭ আমি যি কৰোঁ যিহোৱাৰ নাম মহিমা কৰিবলৈ কৰোঁ। (হিতো. ৩০:৯; যিৰি. ৭:৮-১১) আমি যিহোৱাৰ সাক্ষী হওঁ আৰু আমাক তেওঁৰ নামেৰে জনা যায়। আমাৰ বাবে হয়তো যিহোৱাৰ নামৰ প্ৰশংসা হয় বা বদনাম। (১ পিতৰ ২:১২ পঢ়ক।) সেইবাবে, আমি নিজৰ কথা আৰু কামৰ যোগেদি সদায় যিহোৱাৰ প্ৰশংসা কৰিব বিচাৰোঁ। এইদৰে কৰি আমি অসিদ্ধ হোৱাৰ সত্ত্বেও যিহোৱাৰ নাম মহিমা কৰিব পাৰোঁ।

১৮. আমি আৰু কেনেকৈ দেখুৱাব পাৰোঁ যে যিহোৱাৰ নাম আমাৰ বাবে গুৰুত্বপূৰ্ণ হয়? (ফুটনোটো চাওক।)

১৮ আমি নিজৰ নামতকৈয়ো অধিক যিহোৱাৰ নামৰ বিষয়ে চিন্তা কৰোঁ। (গীত. ১৩৮:২) যিহোৱাৰ নাম মহিমা কৰাৰ বাবে বহু বাৰ লোকসকলে আমাক ঠাট্টা কৰে।a এনে পৰিস্থিতিত আমি যীচুৰ উদাহৰণ মনত ৰাখিব পাৰোঁ। তেওঁ এজন অপৰাধীৰ দৰে মৃত্যু সহিবলৈয়ো সাজু আছিল। কাৰণ তেওঁ যিহোৱাৰ নাম মহিমা কৰিব বিচাৰিছিল। ইয়াৰ বাবে তেওঁক অপমান কৰা হʼল। কিন্তু এই কথাত তেওঁ অলপো ধ্যান নিদিলে যে লোকসকলে তেওঁৰ বিষয়ে কি ভাবে। (ইব্ৰী ১২:২-৪) যিহোৱাৰ ইচ্ছা পূৰ কৰিবলৈ তেওঁ নিজৰ সম্পূৰ্ণ ধ্যান লগালে।—মথি ২৬:৩৯.

১৯. আপুনি যিহোৱাৰ নামৰ বিষয়ে কেনে অনুভৱ কৰে আৰু কিয়?

১৯ আমি যিহোৱাৰ নামৰ বাবে আৰু তেওঁৰ সাক্ষী বুলি জনাজাত হোৱাৰ গৌৰব কৰোঁ। ইয়াৰ বাবে আমি সকলো অপমান সহিবলৈ সাজু আছোঁ। আমি নিজৰ নামতকৈয়ো অধিক যিহোৱাৰ নামৰ বিষয়ে চিন্তা কৰোঁ। চয়তানে আমাৰ ওপৰত যিমানে সমস্যা নানক কিয়, আহক আমি সদায় যিহোৱাৰ নাম মহিমা কৰি থাকোঁ। এইদৰে কৰাৰ যোগেদি আমি প্ৰমাণ কৰোঁ যে যিহোৱাৰ নাম আমাৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ হয়, ঠিক যেনেকৈ যীচুৰ বাবে আছিল।

আপুনি কেনেকৈ উত্তৰ দিব?

  • যীচুৰ শিষ্যসকলৰ বাবে যিহোৱাৰ নাম বহুত গুৰুত্বপূৰ্ণ হয় বুলি আমি কিয় কʼব পাৰোঁ?

  • আজি আমি কোনটো মোকৰ্দ্দমাত জড়িত হৈ আছোঁ?

  • যিহোৱাৰ নাম আমাৰ বাবে বহুত গুৰুত্বপূৰ্ণ হয় বুলি আমি কেনেকৈ প্ৰমাণ কৰিব পাৰোঁ?

গীত নং ৪৯ যিহোৱাৰ মন আনন্দিত কৰা

a ইয়োব যিহোৱাৰ বহুত বিশ্বাসী আছিল। মন কৰক, যেতিয়া তেওঁৰ লʼৰা-ছোৱালীৰ মৃত্যু হʼল আৰু তেওঁৰ ধন-সম্পত্তি কাঢ়ি লোৱা হʼল, তেতিয়া “ইয়োবে পাপ নকৰিলে, আৰু ঈশ্বৰত অজ্ঞানতাৰ দোষাৰোপ নকৰিলে।” (ইয়ো. ১:২২; ২:১০) কিন্তু এসময়ত তেওঁ নিজৰ বিষয়ে বেছিকৈ ভাবিবলৈ ধৰিলে। যেতিয়া তেওঁৰ তিনিজন বন্ধুৱে তেওঁৰ ওপৰত মিছা অভিযোগ লগালে আৰু তেওঁৰ নাম বদনাম কৰিলে, তেতিয়া তেওঁ “অবিবেচনাযুক্ত” কথা কʼবলৈ ধৰিলে। যিহোৱাৰ নাম পবিত্ৰ কৰা আৰু তেওঁৰ পক্ষে থিয় হোৱাৰ পৰিৱৰ্তে ইয়োবে নিজৰ নাম আৰু সন্মানৰ বিষয়ে ভাবিবলৈ ধৰিলে।—ইয়ো. ৬:৩; ১৩:৪, ৫; ৩২:২; ৩৪:৫.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক