ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w০৪ ১০/১ পৃষ্ঠা ১৩-১৮
  • ‘ঈশ্বৰৰ আটাই কবচ পিন্ধা’

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ‘ঈশ্বৰৰ আটাই কবচ পিন্ধা’
  • ২০০৪ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • কঁকাল, বুকুবৰি আৰু ভৰিক ৰক্ষা কৰা
  • ঢাল, টকয়া আৰু তৰোৱাল
  • সকলো সময়তে প্ৰাৰ্থনা কৰক
  • যিহোৱাই আমাক কেনেকৈ ৰক্ষা কৰে?
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২১
  • “ঈশ্বৰৰ আটাই সাজ পিন্ধা”
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
  • “প্ৰভুত আৰু তেওঁৰ শক্তিৰ পৰাক্ৰমত বলৱন্ত হোৱা”
    ২০০৪ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
২০০৪ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
w০৪ ১০/১ পৃষ্ঠা ১৩-১৮

‘ঈশ্বৰৰ আটাই কবচ পিন্ধা’

‘চয়তানৰ নানাবিধ কুকল্পনাৰ সম্মুখত থিৰে থাকিবলৈ সমৰ্থ হবৰ কাৰণে, ঈশ্বৰৰ আটাই কবচ পিন্ধা।’—ইফিচীয়া ৬:১১.

১, ২. খ্ৰীষ্টানসকলে পৰিধান কৰিবলগীয়া আধ্যাত্মিক কবচৰ বিষয়ে বৰ্ণনা কৰক।

প্ৰথম শতাব্দীত ৰোমান সম্ৰাজ্যই বিশ্বশক্তি হিচাবে শাসন কৰিছিল। ইয়াৰ শক্তিশালী সৈন্য-বাহিনীৰ কাৰ্য্যকলাপৰ খ্যাতি সকলো ঠাইতে বিয়পি পৰিছিল। এজন ইতিহাসবিদে ৰোমান সৈন্য-বাহিনীৰ বিষয়ে বৰ্ণনা কৰি কৈছিল যে, “তেওঁলোকৰ দৰে সুসংগঠিত আৰু সুদক্ষ সেনাৰ তুলনা আন কাৰো সৈতে কৰিব নোৱাৰি।” তেওঁলোক সুপ্ৰশিক্ষিত সেনা হোৱাৰ উপৰিও অতি কঠোৰ প্ৰশিক্ষণৰ দ্বাৰা নিজকে প্ৰস্তুত কৰিছিল। তেওঁলোকৰ সফলতা কেৱল সুপ্ৰশিক্ষিত হোৱাই নহয়, কিন্তু কবচ পৰিধান কৰাৰ ওপৰতো নিৰ্ভৰ কৰিছিল। তেওঁলোকে পৰিধান কৰা কবচৰ বিষয়ে মনত ৰাখি পাঁচনি পৌলে সফলতাৰে চয়তানৰ সৈতে যুঁজিবলৈ খ্ৰীষ্টানসকলক আধ্যাত্মিক কবচ পৰিধান কৰাৰ আৱশ্যকতাৰ বিষয়ে জোৰ দি কৈছিল।

২ ইফিচীয়া ৬:১৪-১৭ পদত এই আধ্যাত্মিক কবচৰ বিষয়ে বৰ্ণনা কৰা হৈছে। ইয়াত পাঁচনি পৌলে এইদৰে কৈছিল: “সত্যেৰে কঁকাল বান্ধি, ধাৰ্ম্মিকতাৰ বুকুবৰি পিন্ধি, শান্তিৰ শুভবাৰ্ত্তাৰ প্ৰস্তুততাৰে জোতা ভৰিত পিন্ধি থিৰে থাকা। তাত বাজে যিহেৰে তোমালোকে পাপ-আত্মাৰ সকলো অগ্নি-শৰ নুমাব পাৰিবা, এনে বিশ্বাসৰ ঢাল লোৱা। আৰু পৰিত্ৰাণৰ টকয়া, আৰু আত্মাৰ তাৰোৱাল, অৰ্থাৎ ঈশ্বৰৰ বাক্য গ্ৰহণ কৰা।” মানৱীয় দৃষ্টিভঙ্গীৰে লক্ষ্য কৰি জানিব পৰা যায় যে ৰোমান সৈনিকজনে পৰিধান কৰা কবচে বহু ক্ষেত্ৰত সৈনিকজনক সুৰক্ষা প্ৰদান কৰিছিল। তেওঁৰ বাবে শত্ৰুৰ আক্ৰমণৰ সম্মুখীন হʼবলৈ তৰোৱালখনেই একমাত্ৰ প্ৰধান অস্ত্ৰ আছিল।

৩. আমি কিয় যীচুৰ আৰ্হি আৰু নিৰ্দ্দেশনাবোৰ অনুকৰণ কৰা উচিত?

৩ তেওঁলোকৰ সফলতা কেৱল কঠোৰ প্ৰশিক্ষণ আৰু অস্ত্ৰ-শস্ত্ৰ চলোৱাৰ ওপৰত নহয়, কিন্তু সেনাধ্যক্ষজনৰ প্ৰতি আজ্ঞাকাৰীতা হোৱাৰ ওপৰতো নিৰ্ভৰ কৰিছিল। সেই একেইদৰে প্ৰকৃত খ্ৰীষ্টানবিলাকেও বাইবেলত বৰ্ণিত “লোকসমূহৰ নায়ক” অৰ্থাৎ যীচুৰ প্ৰতি আজ্ঞাকাৰীতা হোৱা আৱশ্যক। (যিচয়া ৫৫:৪) তদুপৰি তেওঁ ‘মণ্ডলীৰো মূৰস্বৰূপ।’ (ইফিচীয়া ৫:২৩) এই আধ্যাত্মিক যুদ্ধৰ বাবে আমি কেনেকৈ সাজু হʼম তাৰ বাবে যীচুৱে পৰামৰ্শ প্ৰদান আৰু কেনেকৈ কবচ পৰিধান কৰা আৱশ্যক, সেই বিষয়ে তেওঁ এক উত্তম আৰ্হি প্ৰস্তুত কৰিলে। (১ পিতৰ ২:২১) যিহেতু এই আধ্যাত্মিক কবচ যীচুৰ ব্যক্তিত্বৰ সৈতে মিল খোৱাৰ বাবে বাইবেলে পৰামৰ্শ দি কৈছে যে আমি একেভাবেৰে “সুসজ্জিত” হওঁহঁক। (১ পিতৰ ৪:১, ২) আমি কবচৰ প্ৰত্যেকটো অংশক বিতংকৈ জনাৰ উপৰিও যীচুৱে প্ৰস্তুত কৰা ইয়াৰ গুৰুত্বতা আৰু কাৰ্য্যকাৰীতৰ আৰ্হিক ব্যৱহাৰ কৰিম।

কঁকাল, বুকুবৰি আৰু ভৰিক ৰক্ষা কৰা

৪. এজন সৈনিকে কঁকালত বন্ধা পেটীডালে কেনে ভূমিকা আদায় কৰিছিল আৰু ইয়াক কাৰ সৈতে তুলনা কৰিব পাৰি?

৪ সত্যতাৰে কঁকাল বন্ধা। বাইবেলৰ সময়ত সৈনিকসকলে কঁকালত পিন্ধা মজবুত চামৰাৰ পেটীডাল প্ৰায় ৫-১৫ ছেন্টিমিটাৰ বহল আছিল। কিছুমান অনুবাদৰ অনুসাৰে, এই পদটো এইদৰে পঢ়িব লাগে বুলি কৈছে: “তুমি সত্যতাক কটকটীয়াকৈ কঁকালত পেটীৰ দৰে বান্ধা।” টানকৈ বন্ধা পেটীডালে সৈনিকজনৰ কঁকাল আৰু তৰোৱাল ভৰাই থোৱা ফাকটো মজবুতকৈ ধৰি ৰাখিছিল। সৈনিকজনে কঁকাল বন্ধাৰ অৰ্থ আছিল যুদ্ধৰ নিমিত্তে সাজু হোৱা। সত্যতাই আমাৰ ওপৰত কেনে প্ৰভাৱ পেলোৱা উচিত, ইয়াক বুজাবলৈ পাঁচনি পৌলে সৈনিকজনে পিন্ধা পেটীডালৰ দৃষ্টান্ত দিছিল। আমি সত্যতাক মজুবতকৈ পেটীডালৰ দৰে পিন্ধা উচিত যাতে সকলো সময়তে নিজৰ সুৰক্ষা আৰু ঈশ্বৰৰ বাক্যৰ অনুসাৰে চলিবলৈ প্ৰস্তুত থাকোঁ। (গীত ৪৩:৩; ১ পিতৰ ৩:১৫) ইয়াৰ বাবে আমি যীচুৰ দৰে মনোযোগেৰে বাইবেল অধ্যয়ন আৰু অধ্যয়ন কৰা বিষয়বোৰক ধ্যান কৰা উচিত। কিয়নো বাইবেলে কৈছে যে, ‘তেওঁৰ অন্তৰত’ ঈশ্বৰৰ ব্যৱস্থা আছিল। (গীত ৪০:৮) এইহেতুকে তেওঁক বিৰোধীবিলাকে সোধা সকলো প্ৰশ্নৰ উত্তৰ শাস্ত্ৰীয় পদবোৰক উদ্ধৃত কৰি সঠিককৈ দিব পাৰিলে।—মথি ১৯:৩-৬; ২২:২৩-৩২.

৫. প্ৰলোভন বা উৎপীড়নৰ সময়ত শাস্ত্ৰীয় পৰামৰ্শই কেনেকৈ আমাক সহায় কৰিব পাৰে, সেই বিষয়ে বৰ্ণনা কৰক।

৫ যেতিয়া আমি বাইবেলৰ দ্বাৰা মাগদৰ্শিত হওঁ তেতিয়া সঠিক নিৰ্ণয় লʼবলৈ আৰু মিছা যুক্তিবোৰক বিশ্বাস কৰাৰ পৰা আঁতৰি থাকিবলৈ সক্ষম হʼম। প্ৰলোভন বা উৎপীড়নৰ সময়ত আমাক এই বাইবেলৰ নিৰ্দ্দেশনাবোৰে সত্যতাত দৃঢ় হৈ থাকিবলৈ সহায় কৰিব। আনকি আমি সেই মহান নিৰ্দ্দেশনা দিওঁতা অৰ্থাৎ যিহোৱা ঈশ্বৰে আমাৰ কাণৰ পিছফালৰ পৰা কোৱা এই বাক্য শুনিবলৈ পাম: “এয়ে পথ, এয়েদি চলা।”—যিচয়া ৩০:২০, ২১.

৬. আমাৰ আধ্যাত্মিক হৃদয়ক ৰক্ষা কৰা কিয় আৱশ্যক আৰু ধাৰ্ম্মিকতাই কেনেকৈ নিৰাপত্তা প্ৰদান কৰিব পাৰে?

৬ ধাৰ্ম্মিকতাৰ বুকুবৰি পিন্ধা। সৈনিকজনে পিন্ধা বুকুবৰিয়ে তেওঁৰ শৰীৰৰ প্ৰমুখ অঙ্গ হৃৎপিণ্ডক আঘাত হোৱাৰ পৰা ৰক্ষা কৰিছিল। ঠিক সেইদৰে আমাৰ আধ্যাত্মিক হৃদয়কো সকলো ধৰণৰ বেয়া বিষয়ৰ পৰা ৰক্ষা কৰা আৱশ্যক। (আদিপুস্তক ৮:২১) সেইবাবে আমি যিহোৱাৰ স্তৰবোৰৰ বিষয়ে শিকা আৰু সেইবোৰক প্ৰেম কৰা আৱশ্যক। (গীত ১১৯:৯৭, ১০৫) ধাৰ্ম্মিকতাৰ প্ৰতি থকা আমাৰ প্ৰেমে আমাক যিহোৱাৰ নিৰ্দ্দেশনাৰ বিৰোদ্ধে কাৰ্য্য কৰা জাগতিক বিচাৰধাৰাবোৰৰ পৰা বিৰত ৰাখিব। তদুপৰি ভাল আৰু বেয়াৰ প্ৰতি ঈশ্বৰীয় দৃষ্টিভঙ্গী ৰাখি আমি নিজৰ জীৱনটো বিপথে যোৱাৰ পৰা ৰক্ষা কৰিব পাৰোঁ। (গীত ১১৯:৯৯-১০১; আমোচ ৫:১৫) এই সম্বন্ধে যীচুৱে এক অত্যুত্তম আৰ্হি প্ৰস্তুত কৰিলে, যাৰ বিষয়ে বাইবেলে এইদৰে কৈছে: “তুমি ধৰ্ম্মক প্ৰেম কৰিলা আৰু অধৰ্ম্মক ঘিণ কৰিলা।”—ইব্ৰী ১:৯.a

৭. এজন ৰোমান সৈনিকে কিয় মজবুত জোতা বা চেণ্ডেল পিন্ধিবলগীয়া হৈছিল আৰু ই কিহক চিহ্নিত কৰিছে?

৭ শান্তিৰ শুভবাৰ্ত্তাৰ প্ৰস্তুততাৰ জোতা ভৰিত পিন্ধি থিৰে থাকা। ৰোমান সৈনিকসকলে এজোৰ মজবুত ধৰণৰ জোতা বা চেণ্ডেল পিন্ধিবলগীয়া হৈছিল। কিয়নো তেওঁলোকে এখন যুদ্ধৰ অভিযানত ২৭ কিলোগ্ৰাম ওজনৰ কবচ আৰু অস্ত্ৰ-শস্ত্ৰ লগত লৈ প্ৰত্যেকদিনা ৩০ কিলোমিটাৰ বাট খোজ কাঢ়ি অতিক্ৰম কৰিব লাগিছিল। সেইবাবে পাঁচনি পৌলে সকলো ব্যক্তিক ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা শুনাবলৈ কৰা প্ৰস্তুতিক সৈনিকে পৰিধান কৰা জোতা জোৰৰ সাদৃশতা দিছিল। তেনে প্ৰস্তুতি কৰাটো অধিক গুৰুত্বপূৰ্ণ, কিয়নো যদি আমি তেনে প্ৰচাৰ কৰিবলৈ আগ্ৰহী নহওঁ তেনেহʼলে লোকবিলাকে কেনেকৈ যিহোৱাৰ ঈশ্বৰৰ বিষয়ে জানিব পাৰিব?—ৰোমীয়া ১০:১৩-১৫.

৮. ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰাৰ সম্বন্ধে যীচুৱে প্ৰস্তুত কৰা আৰ্হিক আমি কেনেকৈ অনুকৰণ কৰিব পাৰোঁ?

৮ পৃথিৱীত থকা সময়ছোৱাত যীচুৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰ্য্য কি আছিল? সেই গুৰুত্বপূৰ্ণ কাৰ্য্যৰ বিষয়ে যীচুৱে ৰোমান শাসনকৰ্ত্তা পীলাতক দিয়া উত্তৰৰ পৰা আমি জানিব পাৰোঁ। যʼত তেওঁ এইদৰে কৈছিল: ‘সত্যতাৰ পক্ষে সাক্ষ্য দিবলৈ মই এই জগতলৈ আহিলোঁ।’ (যোহন ৪:৫-৩৪; ১৮:৩৭) যীচুৱে সকলো ঠাইতে প্ৰচাৰ কৰিছিল আৰু এই কাৰ্য্যত ভাগ লৈ ইমানে আনন্দিত হৈছিল যে তেওঁ নিজৰ ভৌতিক আৱশ্যকতাবোৰতকৈও প্ৰচাৰ কাৰ্য্যক অধিক গুৰুত্ব দিছিল। (যোহন ৪:৫-৩৪; ১৮:৩৭) যদি আমি যীচুৰ দৰে আগ্ৰহী, তেন্তে সকলো সুযোগতে ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ আগবাঢ়ি আহিম। তদুপৰি প্ৰচাৰ কাৰ্য্যত সম্পূৰ্ণকৈ জড়িত থাকি আমি নিজৰ আধ্যাত্মিক দৃঢ়তা বজাই ৰাখিব পাৰিম।—পাঁচনিৰ কৰ্ম্ম ১৮:৫.

ঢাল, টকয়া আৰু তৰোৱাল

৯. বৃহৎ ঢালখনে এজন ৰোমান সৈনিকক কেনে ধৰণৰ নিৰাপত্তা প্ৰদান কৰিছিল?

৯ বিশ্বাসৰ এক বৃহৎ ঢাল। গ্ৰীক শব্দৰ পৰা অনুবাদ কৰা ‘এক বৃহৎ ঢাল’ এজন সৈনিকৰ সম্পূৰ্ণ শৰীৰ ঢাকিব পৰা ঢালখনক বুজাইছে। ইফিচীয়া ৬:১৬ পদত কোৱা অনুসাৰে ই আমাক “অগ্নি-শৰ” পৰা ৰক্ষা পাবলৈ সহায় কৰিব। বাইবেলৰ সময়ত সৈনিকসকলে ব্যৱহাৰ কৰা কাঁড়বোৰ নল খাগৰিৰ পৰা বনোৱা আৰু ইয়াৰ মুখবোৰত লোহাৰে নিৰ্ম্মিত এবিধ সৰু জোঙা যতন লগোৱা হৈছিল, যʼত জুই লগাই শত্ৰুলৈ নিক্ষেপ কৰা হয়। এই কাঁড়বোৰৰ বিষয়ে এজন বিদ্ধানে এইদৰে কৈছে যে, “ই প্ৰাচীন সময়ৰ যুদ্ধবোৰত ব্যৱহাৰ কৰা এক মাৰাত্মক অস্ত্ৰ আছিল।” এক বৃহৎ ঢালৰ অবিহনে তেনে কাঁড়বোৰৰ পৰা নিজকে ৰক্ষা কৰা এজন সৈনিকৰ বাবে প্ৰায়ে অসম্ভৱ আছিল।

১০, ১১. (ক) চয়তানৰ কেনে “অগ্নি-শৰে” আমাৰ বিশ্বাস ধ্বংস কৰিব পাৰে? (খ) জীৱনৰ কঠিন সময়ছোৱাত বিশ্বাস বজাই ৰাখাটো কিমান আৱশ্যক, তাক কেনেকৈ যীচুৰ আৰ্হিয়ে দাঙি ধৰিলে?

১০ চয়তানে আমাৰ বিশ্বাস ধ্বংস কৰিবলৈ কেনে ধৰণৰ “অগ্নি-শৰ” ব্যৱহাৰ কৰে? সি হয়তো পৰিয়াল, স্কুল বা কৰ্ম্মস্থলত তাড়না আৰু বিৰোধিতাৰ পৰিৱেশ সৃষ্টি কৰিব পাৰে। ইয়াৰ উপৰিও ভৌতিক বস্তু বা অনৈতিকতাৰ প্ৰতি আমাক প্ৰলোভিত কৰিব পাৰে আৰু বহুতো খ্ৰীষ্টানে তেনে ইচ্ছা বিকশিত কৰি নিজৰ আধ্যাত্মিকতা ধ্বংস কৰিছে। গতিকে এনে ক্ষতিবোৰৰ পৰা ৰক্ষা পাবলৈ হʼলে আমি ‘সকলো অগ্নি-শৰ নুমাব পৰা বিশ্বাসৰ বৃহৎ ঢাল লোৱা উচিত।’ এনে বিশ্বাস যিহোৱাৰ জ্ঞান লোৱা, নিতৌ তেওঁলৈ প্ৰাৰ্থনা কৰা, কেনেকৈ তেওঁৰ ৰক্ষা শক্তিয়ে আমাক নিৰাপত্তা দিয়ে আৰু কেনে আশীৰ্ব্বাদ লাভ কৰিব পাৰি সেই বিষয়ে জনাৰ দ্বাৰা উৎপন্ন হয়।—যিহোচূৱা ২৩:১৪; লূক ১৭:৫; ৰোমীয়া ১০:১৭.

১১ জীৱনৰ কঠিন সময়ছোৱাত দৃঢ় বিশ্বাস হোৱা কিমান গুৰুত্বপূৰ্ণ বিষয়, তাক যীচুৱে পৃথিৱীত থকা সময়ত প্ৰকাশ কৰি দেখুৱালে। যিহোৱাই লোৱা সকলো নিৰ্ণয়ৰ ওপৰত তেওঁ সম্পূৰ্ণকৈ ভাৰসা ৰাখি তেওঁৰ ইচ্ছাৰ অনুসাৰে চলি আনন্দিত হৈছিল। (মথি ২৬:৪২, ৫৩, ৫৪; যোহন ৬:৩৮) আনকি তেওঁ গেৎচেমনী বাগিছাত অতিশয় ব্যাকূল হোৱাৰ সময়তো এইদৰে প্ৰাৰ্থনা কৰি কৈছিল: “তথাপি মোৰ ইচ্ছাৰ দৰে নহয়, তোমাৰ ইচ্ছাৰ দৰেই হওক।” (মথি ২৬:৩৯) যীচুৱে যিহোৱাৰ প্ৰতি আনুগত্য বজাই ৰাখি তেওঁৰ মন আনন্দিত কৰাত কেতিয়াও বিফল হোৱা নাছিল। (হিতোপদেশ ২৭:১১) যদি আমিও সেই একেই ভাৰসা বজাই ৰাখোঁ, তেন্তে বিৰোধিতা বা সমালোচনাৰ বিষয়বোৰে আমাৰ বিশ্বাস দুৰ্ব্বল কৰিব নোৱাৰিব। ইয়াৰ বিপৰীতে, যিহোৱাত ৰাখা ভাৰসা, তেওঁৰ প্ৰতি থকা প্ৰেম আৰু আজ্ঞাবোৰ পালন কৰাৰ দ্বাৰা আমাৰ বিশ্বাস অধিক দৃঢ় হʼব। (গীত ১৯:৭-১১; ১ যোহন ৫:৩) ভৱিষ্যতে যিহোৱা ঈশ্বৰে তেওঁৰ লোকসকলৰ বাবে সাঁচি থোৱা আশীৰ্ব্বাদৰ তুলনা সকলো ভৌতিক বস্তু বা খন্তেকীয়া ভোগ-বিলাসী ইচ্ছাতকৈ হাজাৰ গুণে শ্ৰেষ্ঠ।—হিতোপদেশ ১০:২২.

১২. লাক্ষণিক টকয়াই আমাৰ কেনে গুৰুত্বপূৰ্ণ অঙ্গক ৰক্ষা কৰে আৰু কিয় তেনে সুৰক্ষাৰ আৱশ্যক?

১২ পৰিত্ৰাণৰ টকয়া। প্ৰাচীন সময়ত এজন ৰোমান সৈনিকে পিন্ধা টকয়া অৰ্থাৎ হেলমেটে তেওঁৰ মূৰ আৰু মস্তিষ্ক ৰক্ষা কৰিছিল। ঠিক সেইদৰে খ্ৰীষ্টানসকলৰ পৰিত্ৰাণৰ আশাক টকয়াৰ সৈতে তুলনা কৰিব পাৰি যি আমাৰ মন ভ্ৰষ্ট হোৱাৰ পৰা ৰক্ষা কৰে। (১ থিচলনীকীয়া ৫:৮) আমি যদিও ঈশ্বৰৰ জ্ঞানেৰে নিজৰ মনটোক প্ৰস্তুত কৰিছোঁ, তথাপিও অসিদ্ধতাৰ বাবে ই দুৰ্ব্বল হৈ ভ্ৰষ্ট হোৱাৰ সম্ভাৱনা আছে। এই জগতৰ অভিলাষে আমাৰ মনটো বিপথে পৰিচালিত কৰিব পাৰে। আনকি চয়তানৰ এই জগতৰ বিষয়বোৰৰ প্ৰতি ৰাখা লক্ষ্যই আমাৰ ঈশ্বৰ-প্ৰদত্ত আশাক লুপ্ত কৰিব পাৰে। (ৰোমীয়া ৭:১৮; ১২:২) সেয়েহে চয়তানে “জগতৰ সকলো ৰাজ্য আৰু সেইবোৰৰ ঐশ্বৰ্য্য” দেখুৱাই যীচুৰ মন ভ্ৰষ্ট কৰিবলৈ চেষ্টা কৰিছিল। (মথি ৪:৮) কিন্তু যীচুৱে দৃঢ়তাৰে চয়তানৰ প্ৰচেষ্টাক বিফল কৰিলে, যাৰ বিষয়ে পাঁচনি পৌলে এইদৰে কৈছিল: “[যীচুৱে] তেওঁৰ আগত থকা আনন্দৰ নিমিত্তে অপমানকে হেয়জ্ঞান কৰি, [যাতনা স্তম্ভত, NW] যন্ত্ৰণা সহন কৰি, ঈশ্বৰৰ সিংহাসনৰ সোঁফালে বহিল।”—ইব্ৰী ১২:২.

১৩. আমি কেনেকৈ পৰিত্ৰাণৰ আশাৰ প্ৰতি থকা আমাৰ ভাৰসা বজাই ৰাখিব পাৰোঁ?

১৩ যীচুৱে দেখুৱা ভাৰসা আপোনা-আপুনিকৈ উৎপন্ন হোৱা নাছিল। উদাহৰণস্বৰূপে, যদি আমি নিজৰ মনটোত জাগতিক ভোগ-বিলাস আৰু সপোনেৰে পূৰ্ণ কৰোঁ, তেন্তে ঈশ্বৰৰ প্ৰতিজ্ঞাৰ প্ৰতি থকা আমাৰ বিশ্বাস দুৰ্ব্বল হৈ পৰিব। এটা সময়ত আমি পৰিত্ৰাণৰ আশাৰ পৰা সম্পূৰ্ণকৈ বঞ্চিত হʼম। আনহাতে, আমি যদি সদায়ে তেওঁৰ প্ৰতিজ্ঞাবোৰত ধ্যান কেন্দ্ৰিত কৰোঁ তেন্তে নিশ্চয়ে পৰিত্ৰাণৰ আশাত আনন্দিত হʼম।—ৰোমীয়া ১২:১২.

১৪, ১৫. (ক) লাক্ষণিক তৰোৱাল কি আৰু ইয়াক কেনেকৈ ব্যৱহাৰ কৰিব পাৰি? (খ) সেই তৰোৱালে আমাক কেনেকৈ প্ৰলোভনৰ পৰা ৰক্ষা পাবলৈ সহায় কৰে, বৰ্ণনা কৰক।

১৪ আত্মাৰ তৰোৱাল। বাইবেলত লিপিবদ্ধ থকা ঈশ্বৰৰ বাৰ্ত্তা হৈছে শক্তিশালী দুধৰীয়া তৰোৱালৰ নিচিনা যি মিছা শিক্ষাবোৰ পৃথক আৰু নম্ৰ মনৰ লোকসকলক আধ্যাত্মিক স্বাধীনতা প্ৰদান কৰে। (যোহন ৮:৩২; ইব্ৰী ৪:১২) এই দুধৰীয়া তৰোৱালে আমাক প্ৰলোভন বা ধৰ্ম্মচ্যুত লোকে কৰা আক্ৰমণৰ পৰাও ৰক্ষা পাবলৈ সহায় কৰে। (২ কৰিন্থীয়া ১০:৪, ৫) গতিকে ‘ঈশ্বৰ-নিশ্বাসিত আৰু সকলো সৎকৰ্ম্মৰ নিমিত্তে সুসজ্জিত’ থকা বাইবেলখন পাই আমি কৃতজ্ঞ অনুভৱ নকৰোঁনে বাৰু!

১৫ চয়তানৰ দ্বাৰা পৰীক্ষিত হোৱাৰ সময়ত যীচুৱে এই আত্মাৰ তৰোৱালখন কৌশলতাৰে ব্যৱহাৰ কৰি তাৰ সকলো মিছা যুক্তি আৰু প্ৰলোভনবোৰ প্ৰতিহত কৰিছিল। তেওঁ চয়তানৰ প্ৰত্যেকটো প্ৰলোভনৰ উপযুক্ত উত্তৰ দি এইদৰে কৈছিল: “এই বুলি লিখা আছে।” (মথি ৪:১-১১) স্পেইনত থকা ডেভিদ নামৰ সাক্ষী ভাইজনেও তেনেদৰে অনুভৱ কৰে। তেওঁ ১৯ বছৰ বয়সত এটা ক্লিনিং কোম্পানীত কাম কৰি থকাৰ সময়ত তাত কাম কৰা এগৰাকী সুন্দৰ যুৱতীয়ে, “আহা, দুয়ো একেলগে উত্তমৰূপে সময় অতিবাহিত কৰোঁহঁক” বুলি এক প্ৰস্তাৱ আগবঢ়ালে। ডেভিদে যুৱতী গৰাকীৰ সেই প্ৰস্তাৱক প্ৰত্যাখ্যান কৰি তেওঁক আন এলেকালৈ স্থানান্তৰিত কৰিবলৈ কোম্পানীৰ কৰ্ম্মপৰিদৰ্শকজনক অনুৰোধ জনায়, যাতে তেনে পৰিস্থিতি পুনৰাই আৰু উত্থাপন নহয়। আগলৈ তেওঁ এইদৰে কৈছিল: “এই প্ৰলোভনে মোক যোচেফৰ বিষয়ে সোঁৱৰাই দিছিল। যিদৰে তেওঁ অনৈতিক সম্বন্ধ নাৰাখিবলৈ তৎক্ষণাত পদক্ষেপ লৈছিল, ঠিক সেইদৰে ময়ো কৰিলোঁ।”—আদিপুস্তক ৩৯:১০-১২.

১৬. “সত্যৰ বাক্য ঠিকৰূপে বিভাগ কৰাত নিপুণ লোক” হʼবলৈ আমাক কিয় প্ৰশিক্ষণৰ আৱশ্যক, বৰ্ণনা কৰক।

১৬ যীচুৱে এই আত্মাৰ তৰোৱালখন ব্যৱহাৰ কৰি বহুতকে চয়তানৰ ফান্দৰ পৰা স্বাধীনতা পাবলৈ সহায় কৰিলে। এই সন্দৰ্ভত তেওঁ এইদৰে কৈছিল: “এই উপদেশ মোৰ নিজৰ নহয়, মোক পঠোৱা জনাৰহে।” (যোহন ৭:১৬) তেওঁৰ কৌশলপূৰ্ণ শিক্ষাক অনুকৰণ কৰিবলৈ আমি প্ৰশিক্ষিত হোৱা আৱশ্যক। লক্ষ্য কৰক যে ইতিহাসবিদ যোচেফাচে ৰোমান সৈনিকবিলাকে পোৱা প্ৰশিক্ষণৰ বিষয়ে কি কৈছিল। তেওঁ কৈছিল যে, “প্ৰত্যেকজন সৈনিকে প্ৰকৃত যুদ্ধক্ষেত্ৰত ভাগ লোৱাৰ দৰে অভ্যাস কৰিবলগীয়া হৈছিল আৰু যাৰ বাবে তেওঁলোকে যুদ্ধৰ সময়ত অতি সহজে শত্ৰুক পৰাস্ত কৰিব পাৰিছিল।” ঠিক সেইদৰে আমিও আধ্যাত্মিক যুদ্ধত আত্মাৰ তৰোৱাল অৰ্থাৎ বাইবেলখন ব্যৱহাৰ কৰা আৱশ্যক। তদুপৰি আমি “নিজকে পৰীক্ষাসিদ্ধ লোক, লাজৰ যোগ্য নোহোৱা কৰ্ম্মকাৰী, আৰু সত্যৰ বাক্য ঠিকৰূপে বিভাগ কৰাত নিপুণ লোক কৰি, ঈশ্বৰৰ আগত উপস্থিত কৰিবলৈ যত্ন কৰা” উচিত। (২ তীমথিয় ২:১৫) আমি যেতিয়া আগ্ৰহী ব্যক্তিসকলে সোধা সকলো প্ৰশ্নৰ উত্তৰ বাইবেলৰ পৰা দিবলৈ সক্ষম হওঁ তেতিয়া কিমান যে আত্মসন্তুষ্টিতা অনুভৱ কৰোঁ!

সকলো সময়তে প্ৰাৰ্থনা কৰক

১৭, ১৮. (ক) চয়তানক বিৰোধ কৰাৰ সম্বন্ধে প্ৰাৰ্থনাই কেনে ভূমিকা আদায় কৰে? (খ) প্ৰাৰ্থনাৰ দ্বাৰা পোৱা শক্তিৰ বিষয়ে এটা উদাহৰণ দি বৰ্ণনা কৰক।

১৭ সম্পূৰ্ণকৈ আধ্যাত্মিক কবচ পৰিধান কৰাৰ বিষয়ে কোৱাৰ পিছত পাঁচনি পৌলে আন এক আৱশ্যকতাৰ সম্বন্ধে কৈছে। খ্ৰীষ্টানসকলে চয়তানৰ বিৰোদ্ধে থিয় হোৱাৰ সময়ত “সকলো প্ৰাৰ্থনা আৰু নিবেদন” কৰা আৱশ্যক। তেওঁলোকে কিমানবাৰ প্ৰাৰ্থনা কৰা উচিত? ইয়াৰ উত্তৰ পাঁচনি পৌলে এইদৰে দিছে: “সকলো সময়তে আত্মাত প্ৰাৰ্থনা কৰা।” (ইফিচীয়া ৬:১৮) প্ৰাৰ্থনাই আমাক প্ৰলোভন, পৰীক্ষা বা নিৰুৎসাহী হোৱাৰ সময়ত অসীমভাৱে শক্তি প্ৰদান কৰিব পাৰে। (মথি ২৬:৪১) আনকি যীচুৱেও ‘মৃত্যুৰ পৰা ৰক্ষা কৰিবলৈ সমৰ্থ হোৱা জনাৰ আগত অতিশয় ক্ৰন্দন আৰু চকুলোৰে নিৱেদন আৰু সাধ্যসাধনা উৎসৰ্গ কৰিলে আৰু ভক্তিভাৱৰ কাৰণে উত্তৰ পালে।’—ইব্ৰী ৫:৭, ৮.

১৮ নিজৰ ৰোগীয়া স্বামীক ১৫ বছৰ ধৰি সেৱা-শুশ্ৰূষা কৰা মিলাগ্ৰছ নামৰ ভনীগৰাকীয়ে এইদৰে কয়: “মই নিৰুৎসাহী হোৱাৰ সময়ত যিহোৱালৈ প্ৰাৰ্থনা কৰোঁ। মই জানো যে তেওঁৰ অবিহনে মোক কোনেও সহায় কৰিব নোৱাৰে। যেতিয়া মই ধৈৰ্য্য হেৰুৱাই একেবাৰে দুৰ্ব্বল হোৱা যেন ভাবোঁ তেতিয়া পুনৰাই যিহোৱাক প্ৰাৰ্থনা কৰি শক্তিশালী আৰু সতেজতা অনুভৱ কৰোঁ।”

১৯, ২০. চয়তানৰ বিৰোদ্ধে জয়ী হʼবলৈ আমি কি কৰা উচিত?

১৯ ধ্বংসৰ সময় একেবাৰে কাষ চাপি অহা দেখি চয়তানে আমাক বিপথে নিবলৈ উঠি-পৰি লাগিছে। (প্ৰকাশিত বাক্য ১২:১২, ১৭) আমি এই শক্তিশালী শত্ৰুজনক প্ৰতিৰোধ কৰি “বিশ্বাসৰ যুদ্ধত প্ৰাণপণ কৰা” আৱশ্যক। (১ তীমথিয় ৬:১২) গতিকে ইয়াৰ বাবে আমাক অসীম শক্তিৰ আৱশ্যক। (২ কৰিন্থীয়া ৪:৭) সেয়েহে আমি ঈশ্বৰৰ পবিত্ৰ আত্মা বিচাৰি প্ৰাৰ্থনা কৰা উচিত। এই সম্পৰ্কে যীচুৱে এইদৰে কৈছিল: “তোমালোকে দুৰ্জন হৈয়ো নিজ নিজ সন্তানবিলাকক যদি ভাল বস্তু দিব জানা, তেন্তে তাতকৈয়ো তোমালোকৰ স্বৰ্গত থকা পিতৃয়ে, তেওঁত খোজাবিলাকক পবিত্ৰ আত্মা নিদিব নে?”—লূক ১১:১৩.

২০ এতেকে আমি ঈশ্বৰে প্ৰবন্ধ কৰা আধ্যাত্মিক কবচ সম্পূৰ্ণকৈ পৰিধান কৰা অতি আৱশ্যক। তদুপৰি ইয়াৰ সৈতে আমি বিশ্বাস আৰু ধাৰ্ম্মিকতাৰ দৰে গুণবোৰো বিকশিত কৰা উচিত। যাৰ বাবে আমি কটকটীয়াকৈ বন্ধা পেটিডালৰ দৰে সত্যতাক প্ৰেম, সকলো উপলক্ষত ঈশ্বৰৰ ৰাজ্যৰ বাৰ্ত্তা প্ৰচাৰ কৰিবলৈ সাজু আৰু আমাৰ সম্মুখত থকা পৰিত্ৰাণৰ আশাৰ বিষয়ে স্পষ্টকৈ মনত ৰাখা আৱশ্যক। আমি আত্মাৰ তৰোৱালক কেনেকৈ কৌশলতাৰে ব্যৱহাৰ কৰিব পাৰোঁ, সেই বিষয়েও শিকা প্ৰয়োজন। যদি আমি ঈশ্বৰে প্ৰবন্ধ কৰা এই আধ্যাত্মিক কবচ সম্পূৰ্ণকৈ পৰিধান কৰোঁ, তেন্তে দুষ্ট আত্মিক ব্যক্তিবোৰৰ সৈতে যুদ্ধ কৰি বিজয়ী হম আৰু যিহোৱাৰ নামক মহিমা কৰিব পাৰিম।—ৰোমীয়া ৮:৩৭-৩৯. (w04 09/15)

[ফুটনোট]

a যিচয়াৰ ভৱিষ্যতবাণীত যিহোৱাই নিজেই “ধাৰ্ম্মিকতাৰূপ বুকুপটা পিন্ধিলে” বুলি বৰ্ণনা কৰিছে। সেয়েহে মণ্ডলীৰ অধ্যক্ষসকলেও ন্যায় আৰু ধাৰ্ম্মিকতাৰে কাৰ্য্য কৰাটো তেওঁ বিচাৰে।—যিচয়া ৫৯:১৪, ১৫, ১৭.

আপুনি কেনেকৈ উত্তৰ দিব?

• আধ্যাত্মিক কবচ পৰিধান কৰা সম্বন্ধে কোনে এক অত্যুত্তম আৰ্হি প্ৰস্তুত কৰিলে আৰু আমি কিয় তেওঁৰ আৰ্হিক মনোযোগেৰে বিবেচনা কৰা উচিত?

• আমি কেনেকৈ নিজৰ মন আৰু লাক্ষণিক হৃদয় ৰক্ষা কৰিব পাৰোঁ?

• আমি কেনেকৈ আত্মাৰ তৰোৱাল কৌশলতাৰে ব্যৱহাৰ কৰাত সক্ষম হʼব পাৰোঁ?

• সকলো সময়তে আমি কিয় প্ৰাৰ্থনা কৰা উচিত?

[১৫ পৃষ্ঠাৰ ছবিসমূহ]

মনোযোগেৰে বাইবেল অধ্যয়ন কৰা মনোবৃত্তিয়ে আমাক সকলো সুযোগতে শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ প্ৰেৰিত কৰে

[১৬ পৃষ্ঠাৰ ছবিসমূহ]

আমাৰ সম্মুখত থকা দৃঢ় আশাই আমাক পৰীক্ষাৰ সম্মুখীন হʼবলৈ সহায় কৰে

[১৭ পৃষ্ঠাৰ ছবিসমূহ]

আপুনি প্ৰচাৰ কাৰ্য্যত “আত্মাৰ তৰোৱাল” ব্যৱহাৰ কৰেনে?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক