ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb20 আগষ্ট পৃষ্ঠা ৩
  • শেষলৈকে যিহোৱাৰ বিশ্বাসী হৈ থাকক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • শেষলৈকে যিহোৱাৰ বিশ্বাসী হৈ থাকক
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
  • মিল থকা বিষয়
  • আমি সাহসী হʼব পাৰিম
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • মোক সাহস দিয়া
    ʼআনন্দৰে গীত গাইʼ যিহোৱাৰ প্ৰশংসা কৰক
  • ‘নিৰ্ভয় আৰু সাহিয়াল হোৱা!’
    ২০০৩ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
mwb20 আগষ্ট পৃষ্ঠা ৩

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

শেষলৈকে যিহোৱাৰ বিশ্বাসী হৈ থাকক

কিয় গুৰুত্বপূৰ্ণ: অতি সোনকালে এনে ঘটনাবোৰ ঘটিব আৰু সেইসময়ত আমাক আগতকৈ বেছি যিহোৱাৰ ওপৰত ভৰসা আৰু সাহসৰ প্ৰয়োজন হʼব। মিছা ধৰ্ম্মৰ বিনাশৰ লগে লগে মহা-ক্লেশৰ আৰম্ভণি হʼব। (মথি ২৪:২১; প্ৰকা ১৭:১৬, ১৭) সেইসময়ত চাৰিওফালে হুলস্থুলীয়া পৰিৱেশ হʼব, তেতিয়া হয়তো আমি লোকসকলক ন্যায় দণ্ডৰ বাৰ্ত্তা শুনাম। (প্ৰকা ১৬:২১) আমাক মাগোগ দেশৰ গোগসকলৰ আক্ৰমণৰ সন্মুখীন হʼবলগীয়া হʼব। (যিহি ৩৮:১০-১২, ১৪-১৬) ইয়াৰ পাছত, ‘সৰ্ব্বশক্তিমান ঈশ্বৰৰ সেই মহা-দিনৰ যুদ্ধ’ আৰম্ভ হʼব। (প্ৰকা ১৬:১৪, ১৬) বৰ্তমান সময়ত সন্মুখীন হোৱা পৰীক্ষাৰ সময়ছোৱাত যদি আমি যিহোৱাৰ বিশ্বাসী হৈ থাকিম, তেনেহʼলে ভৱিষ্যতে হʼবলগীয়া সমস্যাবোৰ সাহসেৰে সন্মুখীন হʼব পাৰিম।

ইয়াক কেনেকৈ কৰিব:

  • যিহোৱাৰ উচ্চ নৈতিক মানদণ্ড বজাই ৰাখক।—যিচ ৫:২০

  • খ্ৰীষ্টান ভাই-ভনীসকলৰ লগত যিহোৱাৰ উপাসনা কৰি থাকক।—ইব্ৰী ১০:২৪, ২৫

  • যিহোৱাৰ সংগঠনৰপৰা পোৱা নিৰ্দেশনাবোৰ পালন কৰিবলৈ সাজু থাকক।—ইব্ৰী ১৩:১৭

  • যিহোৱাই প্ৰাচীন সময়ত নিজৰ লোকসকলক কেনেকৈ ৰক্ষা কৰিছিল, তাৰ ওপৰত ধ্যান কৰক।—২পিত ২:৯

  • যিহোৱালৈ প্ৰাৰ্থনা কৰক আৰু তেওঁৰ ওপৰত ভৰসা ৰাখক।—গীত ১১২:৭, ৮

হʼবলগীয়া ঘটনাবোৰৰ বাবে আমাক সাহসৰ প্ৰয়োজন হʼব—এক আভাস নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • ‘হʼবলগীয়া ঘটনাবোৰৰ বাবে আমাক সাহসৰ প্ৰয়োজন হʼব’ ভিডিঅʼ খনৰ এখন দৃশ্য। ৰাজ্যগৃহত ভনী গেইজেচে মণ্ডলী বিভাজন হোৱাৰ বাবে পোৱা নতুন দায়িত্বৰ জাননি পঢ়ি, আঁতৰি আহিছে।

    এখন মণ্ডলীৰ প্ৰচাৰকসকলক যেতিয়া আন এখন মণ্ডলীলৈ যাবলৈ কোৱাৰ হৈছিল, তেতিয়া কিছুমান লোকৰ বাবে কি কৰিবলৈ কঠিন হৈছিল?

  • ‘হʼবলগীয়া ঘটনাবোৰৰ বাবে আমাক সাহসৰ প্ৰয়োজন হʼব’ ভিডিঅʼখনৰ এখন দৃশ্য। সেই ভনী গৰাকীয়ে আন দুগৰাকী ভনীৰ লগত নতুন মণ্ডলীত পোৱা দায়িত্বৰ বিষয়ে আলোচনা কৰিছে।

    আজ্ঞাকাৰী হৈ থকাৰ যোগেদি আমি কেনেকৈ সাহস বঢ়াব পাৰোঁ?

  • ‘হʼবলগীয়া ঘটনাবোৰৰ বাবে আমাক সাহসৰ প্ৰয়োজন হʼব’ ভিডিঅʼ খনৰ এখন দৃশ্য। লʼৰাজনে ‘ঈশ্বৰৰ ৰাজ্যই শাসন কৰিছে’ নামৰ কিতাপখনত, হৰমাগিদোনৰ ছবিখন চোৱাৰ পাছত চিন্তিত হৈছে!

    হৰমাগিদোনৰ সময়ত আমাক কিয় সাহসৰ প্ৰয়োজন হʼব?

  • ‘হʼবলগীয়া ঘটনাবোৰৰ বাবে আমাক সাহসৰ প্ৰয়োজন হʼব’ ভিডিঅʼ খনৰ এখন দৃশ্য। যিহোচাফট আৰু আন লোকসকলে যিহূদাৰপৰা যুদ্ধস্থল গৈ পোৱালৈকে, এজনো শক্ৰ জীয়াই থকা নাই।

    ভৱিষ্যতে হʼবলগীয়া ঘটনাবোৰ সন্মুখীন হʼবলৈ এতিয়াৰপৰাই সাজু হওক

    যিহোৱাই আমাক উদ্ধাৰ কৰিব বুলি বাইবেলৰ কোনবোৰ ঘটনাই আমাৰ বিশ্বাস দৃঢ় কৰে?—২বং ২০:১-২৪

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক