অধ্যয়নৰ লেখ ১৩
এজনে-আনজনৰ প্ৰতি প্ৰেম দেখুৱাবলৈ চেষ্টা কৰক
“হৃদয়ৰ সহিত পৰস্পৰে আগ্ৰহেৰে প্ৰেম কৰা।”—১ পিত. ১:২২.
গীত ১০৯ অন্তৰৰপৰা প্ৰেম কৰক
লেখৰ এক আভাসa
যীচুৰ মৃত্যুৰ আগনিশা তেওঁ পাঁচনিসকলক বুজাইছিল যে তেওঁলোকৰ মাজত প্ৰেম থকা অতি প্ৰয়োজন (অনুচ্ছেদ ১-২ চাওক)
১. যীচুৱে নিজৰ শিষ্যসকলক কি আজ্ঞা দিছিল? (বেটুপাতত দিয়া ছবিখন চাওক।)
যীচুৱে মৃত্যুৰ আগ নিশা নিজৰ শিষ্যসকলক আজ্ঞা দিছিল যে “মই যেনেকৈ তোমালোকক প্ৰেম কৰিলোঁ, তেনেকৈ তোমালোকেও যেন পৰস্পৰে প্ৰেম কৰা।” পাছত তেওঁ এইদৰে কৈছিল, “তোমালোকে যদি পৰস্পৰৰ মাজত প্ৰেম ৰাখা, তেন্তে তোমালোক যে মোৰ শিষ্য, ইয়াক তাৰ দ্বাৰাই সকলোৱে জানিব।”—যোহ. ১৩:৩৪, ৩৫.
২. আমি কিয় আমাৰ ভাই-ভনীসকলক প্ৰেম কৰি থকা উচিত?
২ যীচুৱে কৈছিল যে সকলোৱে জানিব পাৰিব যে তেওঁৰ প্ৰকৃত শিষ্য কোন হয়। কিন্তু এয়া তেতিয়াহে সম্ভৱ, যেতিয়া তেওঁলোকে পৰস্পৰে যীচুৰ দৰে প্ৰেম কৰে। প্ৰথম শতিকাত শিষ্যসকলে এজনে-আনজনক প্ৰেম কৰিছিল। সেইবাবে, এয়া প্ৰমাণ হʼল যে তেওঁলোক যীচুৰ প্ৰকৃত শিষ্য হয়। আজিও আমাৰ মাজতো প্ৰেম দেখি লোকসকলে জানিব পাৰে যে আমি যীচুৰ শিষ্য হওঁ। সেইবাবে, আমি আমাৰ ভাই-ভনীসকলক প্ৰেম কৰি থকা উচিত, যদিও আমাৰ বাবে এনে কৰাটো সকলো সময়ত সহজ নহয়।
৩. এই লেখত আমি কিহৰ বিষয়ে আলোচনা কৰিম?
৩ আমি হোৱাৰ বাবে এজনে-আনজনক প্ৰেম কৰাটো সহজ নহয়। তথাপিও আমি যীচুক অনুকৰণ কৰিবলৈ চেষ্টা কৰা উচিত। এই লেখত আমি শিকিম যে যদি আমি তেওঁলোকক প্ৰেম কৰোঁ, তেনেহʼলে আমি শান্তি বজাই ৰাখিম, সকলোৰে লগত সমান ব্যৱহাৰ কৰিম আৰু অতিথি-সৎকাৰ দেখুৱাম। আমি এনে ভাই-ভনীসকলৰ বিষয়েও আলোচনা কৰিম, যিসকলে কঠিন হোৱাৰ সত্ত্বেও পৰস্পৰে প্ৰেম কৰিবলৈ এৰা নাছিল। এই লেখ অধ্যয়ন কৰাৰ সময়ত নিজকে সোধক: ‘মই সেই ভাই-ভনীসকলৰপৰা কি শিকিব পাৰোঁ?’
শান্তি স্থাপন কৰক
৪. যদি কোনো ভাইৰ প্ৰতি আমাৰ খং আছে, তেনেহʼলে মথি ৫:২৩, ২৪ পদৰ অনুসৰি আমি তেওঁৰ লগত কিয় শান্তি বজাই ৰখা উচিত?
৪ যীচুৱে কৈছিল যে যদি কোনো ভায়ে কিবা কথাত আমাক খং কৰিছে, তেনেহʼলে আমি তেওঁৰ লগত শান্তি বজাই ৰখা উচিত। (মথি ৫:২৩, ২৪ পঢ়ক।) তেওঁক বুজাওক যে যদি আমি যিহোৱাক সন্তুষ্ট কৰিব বিচাৰোঁ, তেনেহʼলে আনৰ লগত ভাল সম্পৰ্ক ৰখাটো অতি প্ৰয়োজন। যেতিয়া আমি কাৰোবাৰ লগত শান্তি স্থাপন কৰিবলৈ চেষ্টা কৰোঁ, তেতিয়া যিহোৱা ঈশ্বৰ আনন্দিত হয়। কিন্তু যদি আমি খং পুহি ৰাখিম আৰু শান্তি স্থাপন কৰিবলৈ চেষ্টা নকৰিম, তেনেহʼলে যিহোৱাই আমাৰ উপাসনা কেতিয়াও গ্ৰহণ নকৰিব।—১ যোহ. ৪:২০.
৫. মাৰ্কক এজন ভাইৰ লগত শান্তি স্থাপন কৰিবলৈ কিয় কঠিন লাগিছিল?
৫ কেতিয়াবা কেতিয়াবা আনৰ লগত শান্তি বজাই ৰখাটো আমাৰ বাবে কঠিন হʼব পাৰে। কিয় বাৰু? এই কথা বুজিবলৈ মন কৰক যে মাৰ্কৰb লগত কি হৈছিল। যেতিয়া মণ্ডলীৰ এজন ভায়ে তেওঁৰ বিৰুদ্ধে আন ভাই-ভনীসকলক কৈছিল, তেতিয়া তেওঁক বৰ দুখ লাগিছিল। মাৰ্কে কি কৰিলে? তেওঁ এইদৰে কয়, “মই নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰিলোঁ আৰু ক্ৰোধিত হʼলোঁ।” কিন্তু পাছলৈ মাৰ্কে নিজৰ ব্যৱহাৰৰ বাবে দুখিত হʼল। মাৰ্কে ভাইজনক ক্ষমা খুজিলে আৰু শান্তি বজাই ৰাখিবলৈ চেষ্টা কৰিলে। কিন্তু ভাইজনে অস্বীকাৰ কৰিলে। মাৰ্কে ভাবিলে যে “যদি তেৱেঁই বুজিবলৈ চেষ্টা কৰা নাই, তেনেহʼলে মই কিয় শান্তি বজাই ৰাখিবলৈ চেষ্টা কৰিম?” কিন্তু চাৰ্কিট ওভাৰচিয়াৰে মাৰ্কক চেষ্টা কৰি থাকিবলৈ উৎসাহিৰত কৰিলে। তেতিয়া মাৰ্কে কি কৰিলে?
৬. (ক) মাৰ্কে আন ভাইজনৰ লগত শান্তি স্থাপন কৰিবলৈ কেনেকৈ চেষ্টা কৰিছিল? (খ) তেওঁ কলচীয়া ৩:১৩, ১৪ পদত দিয়া পৰামৰ্শ কেনেকৈ পালন কৰিলে?
৬ মাৰ্কে এই বিষয়ে গভীৰভাৱে চিন্তা কৰিলে যে তেওঁ আনৰ লগত কেনে ব্যৱহাৰ কৰে। তেওঁ অনুভৱ কৰিলে যে তেওঁৰ নম্ৰতা গুণৰ অভাৱ আছে আৰু তেওঁ কেতিয়াবা কেতিয়াবা নিজকে আনতকৈ উত্তম বুলি ভাবে। তেওঁ বুজিব পাৰিলে যে তেওঁ নিজৰ চিন্তাধাৰা সলনি কৰাৰ প্ৰয়োজন। (কল. ৩:৮, ৯, ১২) তেওঁ সেই ভাইজনৰ ওচৰলৈ গৈ পুনৰ ক্ষমা খুজিলে। মাৰ্কে ভাইজনক চিঠিও লিখিছিল। তেওঁ লিখিছিল যে তেওঁ যি কৰিলে, তাৰ বাবে তেওঁ দুখিত আৰু তেওঁ আগৰ দৰে বন্ধু হʼব বিচাৰে। মাৰ্কে সেই ভাইজনক কিছুমান সৰু-সুৰা উপহাৰো দিছিল। তেওঁ ভাবিলে যে সেইবোৰ তেওঁক ভাল লাগিব। কিন্তু সেই ভাইজন বৰ খঙত আছিল। তথাপিও মাৰ্কে যীচুৰ আজ্ঞা পালন কৰি ভাইজনক প্ৰেম কৰি থাকিল আৰু তেওঁক ক্ষমা কৰি দিছিল। (কলচীয়া ৩:১৩, ১৪ পঢ়ক।) মাৰ্কৰপৰা আমি শিকিব পাৰোঁ যে যদিও আনে আমাৰ লগত শান্তি স্থাপন কৰিবলৈ মান্তি নহয়, তথাপি সত্য খ্ৰীষ্টানসকলৰ প্ৰেমে আমাক ক্ষমা কৰিবলৈ আৰু তেওঁলোকৰ লগত ভাল সম্পৰ্ক থকাৰ বাবে প্ৰাৰ্থনা কৰিবলৈ সহায় কৰিব।—মথি ১৮:২১, ২২; গালা. ৬:৯.
শান্তি বজাই ৰাখিবলৈ আমাক বহুতো উপায় ব্যৱহাৰ কৰাৰ প্ৰয়োজন (অনুচ্ছেদ ৭-৮ চাওক)c
৭. (ক) যীচুৱে আমাক কি পৰামৰ্শ দিছে? (খ) এগৰাকী ভনী কিয় চিন্তিত আছিল?
৭ যীচুৱে আমাক পৰামৰ্শ দিছিল যে আমি আনৰপৰা যেনে ব্যৱহাৰ আশা কৰোঁ, আমিও তেওঁলোকক তেনে ব্যৱহাৰ কৰা উচিত। তেওঁ এয়াও কৈছিল যে আমাক যিসকলে প্ৰেম কৰে, কেৱল সেই লোকসকলকে প্ৰেম কৰা উচিত নহয়। (লূক ৬:৩১-৩৩) যদি এজন ভাই বা ভনীয়ে আপোনাৰ লগত কথা নাপাতে আৰু নমস্কাৰো নজনায়, তেনেহʼলে আপুনি কি কৰিব? লক্ষ্য কৰক যে লাৰাৰ লগত কি হৈছিল। তাই এইদৰে কয়, “এগৰাকী ভনীয়ে মোক হেয়জ্ঞান কৰিছিল। কিয় কৰিছিল, মই জনা নাছিলোঁ। সেইবাবে, সভালৈ যাবলৈ মোৰ ভাল লগা নাছিল।” লাৰাই এয়াও কয়, “মোৰ কোনো ভুল নাছিল আৰু মণ্ডলীৰ ভাই-ভনীসকলেও ভাবে যে তাই অলপ বেলেগ ধৰণৰ।”
৮. (ক) লাৰাই সেই ভনীগৰাকীৰ লগত শান্তি স্থাপন কৰিবলৈ কি কৰিলে? (খ) আমি তাইৰপৰা কি শিকিব পাৰোঁ?
৮ শান্তি স্থাপন কৰিবলৈ লাৰাই পদক্ষেপ লʼলে। তাই যিহোৱালৈ প্ৰাৰ্থনা কৰিলে আৰু ভনীগৰাকীক লগ কৰিবলৈ গʼল। দুয়োগৰাকী ভনীয়ে সেই সমস্যাৰ বিষয়ে কথা পাতিলে, এজনে-আনজনৰ প্ৰতি প্ৰেম দেখুৱালে আৰু শান্তি স্থাপন কৰিলে। এনে কৰাৰ যোগেদি সকলো ভাল হৈ গʼল। লাৰাই কয়, “কিন্তু তাই পুনৰ মোৰপৰা দূৰে-দূৰে থাকিবলৈ লʼলে। মই বৰ নিৰাশ হৈ পৰিছিলোঁ। আৰম্ভণিতে লাৰাই ভাবিছিল যে যেতিয়া ভনীগৰাকীয়ে নিজকে সলনি কৰিব, তেতিয়াহে তাই আনন্দিত হʼব। কিন্তু পাছলৈ লাৰাই চিন্তা কৰিলে যে সেই ভনীগৰাকীয়ে নিজৰ ব্যৱহাৰ সলনি কৰক বা নকৰক, লাৰাই তাইক প্ৰেম কৰি থাকিব আৰু অন্তৰৰপৰা “ক্ষমা” কৰিব। (ইফি. ৪:৩২–৫:২) লাৰাৰ মনত আছিল যে সত্য খ্ৰীষ্টানৰ প্ৰেমে “অপৰাধ গণনা নকৰে, সকলো কথাতে সহন কৰে, সকলোতে বিশ্বাস কৰে, সকলোতে আশা কৰে, সকলোকে সহ্য কৰে।” (১ কৰি. ১৩:৫, ৭) ইয়াৰ পাছত লাৰাই চিন্তিত নহʼল। কিছুসময়ৰ পাছত সেই ভনীগৰাকীও লাৰাৰ লগত ভাল ব্যৱহাৰ কৰিবলৈ ধৰিলে। যদি আপুনিও ভাই-ভনীসকলৰ লগত শান্তি স্থাপন কৰিব আৰু তেওঁলোকক প্ৰেম কৰি থাকিব, তেতিয়া ‘প্ৰেম আৰু শান্তিৰ আকৰ ঈশ্বৰ আপোনালোকৰ লগত থাকিব।’—২ কৰি. ১৩:১১.
সকলোৰে লগত সমান ব্যৱহাৰ কৰক
৯. পাঁচনিৰ কৰ্ম্ম ১০:৩৪, ৩৫ পদৰ অনুসৰি আমি সকলোৰে লগত কিয় সমান ব্যৱহাৰ কৰা উচিত?
৯ যিহোৱাই পক্ষপাত নকৰে। (পাঁচনিৰ কৰ্ম্ম ১০:৩৪, ৩৫ পঢ়ক।) যদি আমিও পক্ষপাত নকৰোঁ, তেনেহʼলে ইয়ে দেখুৱাব যে আমি তেওঁৰ সন্তান হয়। আমি নিজৰ ওচৰ-চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰিবলৈ আজ্ঞা দিয়া হৈছে। এই আজ্ঞা পালন কৰিলে আমি ভাই-ভনীসকলৰ মাজত শান্তি বজাই ৰাখিব পাৰিম।—ৰোম. ১২:৯, ১০; যাকো. ২:৮, ৯.
১০-১১. এগৰাকী ভনীয়ে কেনেকৈ নিজৰ মনৰপৰা ঘৃণাৰ ভাৱ দূৰ কৰিলে?
১০ কিছুমান লোকৰ বাবে সকলোৰে লগত সমান ব্যৱহাৰ কৰাটো সহজ নহয়। ৰুত নামৰ এগৰাকী ভনীৰ লগতো ঠিক এইদৰেই হৈছিল। সৰু হৈ থাকোঁতে এগৰাকী তিৰোতাই তাইৰ লগত বেয়া ব্যৱহাৰ কৰিছিল। ৰুতে এইদৰে কয়, “মই সেই দেশখনকে ঘিণ কৰিছিলোঁ। মই ভাবিছিলোঁ যে খ্ৰীষ্টান ভাই-ভনীসকলেও সেই তিৰোতাগৰাকীৰ দৰেই হয়।” কিন্তু পাছলৈ ৰুতে নিজৰ মনৰপৰা ঘৃণাৰ ভাৱ দূৰ কৰিলে।
১১ ৰুতে নিজকে সলনি কৰিবলৈ বহুত চেষ্টা কৰিবলগীয়া হৈছিল। তাই বাৰ্ষিক পুস্তকৰপৰা সেই দেশৰ অনুভৱ আৰু ৰিপৰ্ট পঢ়িলে। তাই এইদৰে কয়, “মই সেই দেশৰ লোকসকলৰ প্ৰতি ভাল দৃষ্টিভংগী বজাই ৰাখিবলৈ বহুত পৰিশ্ৰম কৰিলোঁ। মই জানিলোঁ যে সেই দেশৰ ভাই-ভনীসকলে উৎসাহেৰে যিহোৱাৰ সেৱা কৰে। মই বুজিব পাৰিলোঁ যে তেওঁলোকেও বিশ্বজুৰি খ্ৰীষ্টান ভাই-ভনীসকলৰ সদস্য হয়।” ৰুতে অনুভৱ কৰিলে যে তাইক আৰু কিবা কৰাৰ প্ৰয়োজন আছে। তাই এইদৰে কয়, “যেতিয়া মই সেই দেশৰ ভাই-ভনীসকলক লগ পাওঁ, তেতিয়া মই তেওঁলোকৰ লগত বন্ধুত্ব কৰিবলৈ চেষ্টা কৰোঁ। মই তেওঁলোকৰ লগত কথা পাতিবলৈ আৰু তেওঁলোকক ভালদৰে জানিবলৈ চেষ্টা কৰোঁ।” ইয়াৰ পৰিণাম কি হʼল? এতিয়া ৰুতে এইদৰে কয়, “লাহে লাহে মোৰ মনৰপৰা ঘৃণাৰ ভাৱ নাইকিয়া হʼল।”
যদি আমি “ভাইমাত্ৰকেই প্ৰেম” কৰিম, তেনেহʼলে আমি কোনো লোকক হেয়জ্ঞান নকৰিম (অনুচ্ছেদ ১২-১৩ চাওক)d
১২. চাৰাৰ কি দুৰ্বলতা আছিল?
১২ কিছুমান লোকে হয়তো অনুভৱেই কৰা নাই যে তেওঁলোকে পক্ষপাত কৰিছে। উদাহৰণস্বৰূপে, চাৰাই ভাবিছিল যে তাই পক্ষপাত নকৰে, কিয়নো তাই কেতিয়াও ভাই-ভনীসকল কি জাতিৰ লোক, ধনী বা দুখীয়া বা সংগঠনত তেওঁলোকৰ দায়িত্ব আছেনে নাই তাক দেখি পক্ষপাত কৰা নাছিল। কিন্তু চাৰাই কয়, “মই পক্ষপাত কৰিছোঁ বুলি অনুভৱ কৰিলোঁ।” চাৰাই শিক্ষিত পৰিয়ালৰপৰা আহিছিল। সেইবাবে, শিক্ষিত ভাই-ভনীসকলৰ লগত বন্ধুত্ব কৰিছিল। তাই এবাৰ নিজৰ বান্ধৱীক এইদৰে কৈছিল, “মই কেৱল শিক্ষিত ভাই-ভনীৰ লগত বন্ধত্ব কৰোঁ, অশিক্ষিত ভাই-ভনীৰ লগত নহয়।” চাৰাই নিজৰ চিন্তাধাৰা সলনি কৰাৰ প্ৰয়োজন আছিল। কিন্তু কেনেকৈ?
১৩. চাৰাৰপৰা আমি কি শিকিব পাৰোঁ?
১৩ নিজৰ ব্যৱহাৰৰ ওপৰত ধ্যান দিবলৈ এজন চাৰ্কিট ওভাৰচিয়াৰে চাৰাক উৎসাহিত কৰিলে। তাই এইদৰে কয়, “ভাইজনে প্ৰথমে মোৰ প্ৰশংসা কৰিলে যে মই ভালদৰে সেৱা কৰিছোঁ, সভাত ভাল টিপ্পনী দিওঁ আৰু বাইবেলৰ ভাল জ্ঞান আছে। তেওঁ মোক ভালদৰে বুজালে যে আমাৰ জ্ঞান বৃদ্ধি কৰাৰ লগতে আমি নম্ৰতা, মৰ্য্যদা আৰু দয়াৰ দৰে বহুতো গুণ বিকশিত কৰা উচিত।” চাৰাই সেই ভাইজনৰ পৰামৰ্শ পালন কৰিলে। তাই কয়, “মই বুজিলোঁ যে শিক্ষিত হোৱাতকৈ আনক প্ৰেম আৰু দয়া দেখুৱা অতি প্ৰয়োজন।” পৰিণামস্বৰূপে, তাই ভাই-ভনীৰ প্ৰতি নিজৰ চিন্তাধাৰা সলনি কৰিব পাৰিলে। তাই এইদৰে কয়, “মই জানিবলৈ চেষ্টা কৰিলোঁ যে কি কি গুণৰ বাবে যিহোৱাই ভাই-ভনীসকলক প্ৰেম কৰে।” আমাৰ বিষয়েনো কি? যদি আমি শিক্ষিত হওঁ, তেনেহʼলে আমি কেতিয়াও নিজকে আনতকৈ উত্তম বুলি ভবা উচিত নহয়। আমি বিশ্বজুৰি ভাই-ভনীসকলক প্ৰেম কৰোঁ। সেইবাবে, আমি কোনো বিষয়ত পক্ষপাত কৰা উচিত নহয়।—১ পিত. ২:১৭.
অতিথি-সৎকাৰ দেখুৱাওক
১৪. ইব্ৰী ১৩:১৬ পদৰ অনুসৰি যেতিয়া আমি ভাই-ভনীসকলক অতিথি-সৎকাৰ দেখুৱাও, তেতিয়া যিহোৱাই কেনে অনুভৱ কৰে?
১৪ অতিথি-সৎকাৰ দেখুৱালে যিহোৱা আনন্দিত হয়। (ইব্ৰী ১৩:১৬ পঢ়ক।) ই আমাৰ উপাসনাৰ এক ভাগ হয় বুলি যিহোৱাই গণ্য কৰে। বিশেষকৈ, সেইসময়ত যেতিয়া সহায়ৰ প্ৰয়োজন হোৱা লোকক আমি সহায় কৰোঁ। (যাকো. ১:২৭; ২:১৪-১৭) সেইবাবে, বাইবেলে আমাক “অতিথি-সেৱাত ৰত” হʼবলৈ উৎসাহিত কৰিছে। (ৰোম. ১২:১৩) অতিথি-সৎকাৰ দেখুৱালে ভাই-ভনীসকলে বুজিব পাৰে যে আমি তেওঁলোকৰ বিষয়ে চিন্তা কৰোঁ, তেওঁলোকক প্ৰেম কৰোঁ আৰু নিজৰ বন্ধু বুলি ভাবোঁ। আমি ভাই-ভনীসকলক চাহ বা আহাৰৰ বাবে ঘৰলৈ নিমন্ত্ৰণ কৰিলে নাইবা তেওঁলোকৰ লগত সময় অতিবাহিত কৰিলে যিহোৱা আনন্দিত হয়। (১ পিত. ৪:৮-১০) কিন্তু কিছুমান কথাই আমাক অতিথি-সৎকাৰ দেখুৱাবলৈ বাধা দিব পাৰে।
এডিথে কয়, “আগতে মই আনক নিজৰ ঘৰত ৰাখিবলৈ সংকোচ কৰিছিলোঁ, কিন্তু মই এতিয়া নিজৰ চিন্তাধাৰা সলনি কৰিলোঁ আৰু বহুতো আশীৰ্বাদ লাভ কৰিছোঁ” (অনুচ্ছেদ ১৬ চাওক)e
১৫-১৬. (ক) কিছুমান ভাই-ভনীসকলে কিয় অতিথি-সৎকাৰ দেখুৱাব নোৱাৰিম বুলি ভাবে?(খ) এডিথে কেনেকৈ নিজৰ মনোবৃত্তি সলনি কৰিলে?
১৫ কিছুমান ভাই-ভনীয়ে হয়তো নিজৰ পৰিস্থিতিৰ বাবে অতিথি-সৎকাৰ দেখুৱাবলৈ সংকোচ কৰে। এডিথ নামৰ এগৰাকী বিধৱা ভনীয়ে এইদৰেই ভাবিছিল। তাই সাক্ষী হোৱাৰ আগতে আনৰ লগত বৰ বেছিকৈ মিলা-মিচা কৰা নাছিল। তাই ভাবিছিল যে তাইৰ পৰিস্থিতি ভাল নহয়। সেইবাবে, তাই ভালদৰে অতিথি সেৱা কৰিব নোৱাৰে।
১৬ কিন্তু সাক্ষী হোৱাৰ পাছত তাই নিজৰ মনোবৃত্তি সলনি কৰিলে। তাই অতিথি-সৎকাৰ দেখুৱাবলৈ পদক্ষেপ লʼলে। তাই এইদৰে কয়, “আমাৰ নতুন ৰাজ্যগৃহৰ নিৰ্মাণ কাম চলি থকাৰ সময়ত এজন প্ৰাচীনে মোক কʼলে যে নিৰ্মাণ কামৰ বাবে এহাল দম্পতী আহিব। তেওঁ সুধিলে যে মই তেওঁলোকক দুসপ্তাহৰ বাবে নিজৰ ঘৰত থাকিবলৈ দিব পাৰিমনে। তেতিয়া মই মনত পেলালোঁ যে যিহোৱাই বিধৱা চাৰিফতক বহুতো আশীৰ্বাদ দিছিল।” (১ ৰাজা. ১৭:১২-১৬) এডিথে সেই দম্পতীক নিজৰ ঘৰত ৰাখিম বুলি কʼলে। এনে কৰাৰ বাবে তাই আশীৰ্বাদ লাভ কৰিলেনে? তাই এইদৰে কয়, “তেওঁলোকে আমাৰ ঘৰত দুসপ্তাহ নহয়, দুমাহ থাকিলে। সেই সময়ছোৱাত আমি এজনে-আনজনৰ ভাল বন্ধু হৈ পৰিলোঁ।” এডিথে মণ্ডলীতো ভাল বন্ধু বিচাৰি পালে। তাই এতিয়া অগ্ৰগামী সেৱা কৰিছে আৰু তাই যিসকল ভাই-ভনীৰ লগত প্ৰচাৰলৈ যায়, তেওঁলোকক প্ৰায়ে নিজৰ ঘৰলৈ চাহ-জলপান বাবে নিমন্ত্ৰণ কৰে। তাই এইদৰে কয়, “আনৰ বাবে কিবা কৰি মোক ভাল লাগে আৰু ইয়াৰ সলনি মই বহুতো আশীৰ্বাদ লাভ কৰোঁ।”—ইব্ৰী ১৩:১, ২.
১৭. লূক আৰু তেওঁৰ পত্নীয়ে কি কথা অনুভৱ কৰিলে?
১৭ হয়তো আমি অতিথি-সৎকাৰ দেখুৱাওঁ। কিন্তু এই বিষয়ে আমি কিবা সাল-সলনি কৰিব পাৰোঁনে? লূক আৰু তেওঁৰ পত্নীয়ে অনুভৱ কৰিলে যে তেওঁলোকক কিছু সাল-সলনি কৰাৰ প্ৰয়োজন আছে। তেওঁলোকে প্ৰায়ে নিজৰ মা-দেউতা, সম্বন্ধীয় লোক, বন্ধুসকল, চাৰ্কিট ওভাৰচিয়াৰ আৰু তেওঁৰ পত্নীক নিমন্ত্ৰণ কৰিছিল। লূকে এইদৰে কয়, “আমি কেৱল আমাৰ বন্ধুসকলক নিমন্ত্ৰণ কৰিছিলোঁ।” লূক আৰু তেওঁ পত্নীয়ে নিজকে কেনেকৈ সলনি কৰিলে?
১৮. লূক আৰু তেওঁৰ পত্নীয়ে কেনেকৈ অতিথি-সৎকাৰ দেখুৱাৰ ক্ষেত্ৰত সাল-সলনি কৰিলে?
১৮ তেওঁলোকে যীচুৰ এই কথাৰ ওপৰত গভীৰভাৱে চিন্তা কৰিলে যে “কিয়নো যি মানুহে তোমালোকক প্ৰেম কৰে, কেৱল তেওঁবিলাকক প্ৰেম কৰিলে, তোমালোকে কি পুৰস্কাৰ পাবা?” (মথি. ৫:৪৫-৪৭) তেওঁলোকে বুজিব পাৰিলে যে তেওঁলোকেও যিহোৱাৰ দৰে সকলোৰে লগত ভাল ব্যৱহাৰ কৰা উচিত। যিয়ে সকলোৰ লগত ভাল ব্যৱহাৰ কৰে। সেইবাবে, তেওঁলোকে নিৰ্ণয় লʼলে যে তেওঁলোকে আগতে নিমন্ত্ৰণ নকৰা ভাই-ভনীসকলক এতিয়া নিমন্ত্ৰণ কৰিব। লূকে এইদৰে কয়, “সকলোৰে লগত সময় অতিবাহিত কৰি আমি ভাল পাওঁ। সকলোৱে আনন্দ আৰু উৎসাহ লাভ কৰে।”
১৯. (ক) আমি যীচুৰ প্ৰকৃত শিষ্য হয় বুলি কি কথাই প্ৰমাণ কৰিব? (খ) আপুনি কি কৰিবলৈ থিৰাং কৰিছে?
১৯ এই লেখত আমি শিকিলোঁ যে যদি আমি এজনে-আনজনক প্ৰেম কৰিবলৈ চেষ্টা কৰোঁ, তেনেহʼলে আমি তেওঁলোকৰ লগত শান্তি বজাই ৰাখিম, পক্ষপাত নকৰিম আৰু অতিথি-সৎকাৰ দেখুৱাম। যদি আমাৰ হৃদয়ত ভাই-ভনীসকলৰ প্ৰতি খং আছে, তেনেহʼলে তাক উঘালি পেলোৱা উচিত আৰু অন্তৰৰপৰা প্ৰেম কৰা উচিত। এইদৰে কৰিলে আমি আনন্দিত হʼম আৰু ইয়ে প্ৰমাণ কৰিব যে আমি যীচুৰ প্ৰকৃত শিষ্য হয়।—যোহ. ১৩:১৭, ৩৫.
গীত ৮৮ তোমাৰ পথ আমাক দেখুৱা
a যীচুৱে কৈছিল যে প্ৰেম সত্য খ্ৰীষ্টানসকলৰ পৰিচয়। আমি নিজৰ ভাই-ভনীসকলক প্ৰেম কৰোঁ, সেইবাবে আমি তেওঁলোকৰ লগত শান্তি বজাই ৰাখিবলৈ, সকলোৰে লগত সমান ব্যৱহাৰ কৰিবলৈ আৰু অতিথি-সৎকাৰ দেখুৱাবলৈ চেষ্টা কৰোঁ। এনে কৰাটো সকলো সময়তে সহজ নহয়। এই লেখত আমি আলোচনা কৰিম যে এজনে-আনজনক হৃদয়ৰে প্ৰেম কৰিবলৈ আমি কি কি কৰিব পাৰোঁ।
b এই লেখত কিছুমান নাম সলনি কৰা হৈছে।
c ছবিৰ বিষয়ে: এগৰাকী ভনীয়ে আন গৰাকী ভনীৰ লগত শান্তি স্থাপন কৰিবলৈ চেষ্টা কৰিছে, কিন্তু সফল হোৱা নাই। তথাপিও তাই চেষ্টা কৰি আছে। বাৰে বাৰে চেষ্টা কৰাৰ ফলত তাই শান্তি স্থাপন কৰিব পাৰিলে।
d ছবিৰ বিষয়ে: এজন বৃদ্ধ ভায়ে ভাবিছে যে মণ্ডলীত তেওঁক কোনেও গুৰুত্ব নিদিয়ে।
e ছবিৰ বিষয়ে: এগৰাকী ভনীয়ে ভাবিছিল যে তাই কাকো নিজৰ ঘৰত ৰাখিব নোৱাৰে। কিন্তু পাছলৈ তাই নিজৰ মনোবৃত্তি সলনি কৰিলে আৰু তাই আনন্দিত হয়।