“ঈশ্বৰৰ ওচৰলৈ চাপি আহাঁ; তাতে তেৱোঁ তোমালোকৰ ওচৰলৈ চাপিব।”—যাকোব ৪:৮.
ঈশ্বৰে আমাৰ প্ৰাৰ্থনা শুনে নে?
আপুনি কেতিয়াবা ভাবিছেনে যে ঈশ্বৰে আমাৰ প্ৰাৰ্থনা শুনে নে নুশুনে? যেতিয়া লোকসকলে প্ৰাৰ্থনা কৰাৰ পাছতো নিজৰ সমস্যাৰ সমাধান নাপায়, তেতিয়া তেওঁলোকৰ মনলৈ এনেধৰণৰ প্ৰশ্ন আহে। ইয়াৰ অৰ্থ এয়া নে যে ঈশ্বৰে আমাৰ প্ৰাৰ্থনা আওকাণ কৰি দিয়ে। এনে নহয়। পবিত্ৰ শাস্ত্ৰত লিখা আছে যে আমি যেতিয়া সঠিকভাৱে প্ৰাৰ্থনা কৰোঁ, তেতিয়া ঈশ্বৰে আমাৰ প্ৰাৰ্থনা শুনে। আমি এই কথাৰ ওপৰত কিয় ভৰসা কৰিব পাৰোঁ আহক চাওঁ।
ঈশ্বৰে আমাৰ প্ৰাৰ্থনা শুনে।
“হে প্ৰাৰ্থনা শুনোতা জনা, সকলো ধৰণৰ লোক তোমাৰ ওচৰলৈ আহিব।”—গীতমালা ৬৫:২, NW.
কিছুমান লোকে ভাবে যে তেওঁলোকৰ প্ৰাৰ্থনা কোনেও নুশুনে। তথাপিও তেওঁলোকে প্ৰাৰ্থনা কৰে। কিয়নো প্ৰাৰ্থনা কৰিলে তেওঁলোকে মনৰ শান্তি লাভ কৰে। কিন্তু প্ৰাৰ্থনা মনৰ শান্তি লাভ কৰাৰ কোনো উপায় নহয়। শাস্ত্ৰত লিখা আছে, ‘যিবিলাকে যিহোৱাৰa আগত প্ৰাৰ্থনা কৰে, যিবিলাকে সত্যেৰে তেওঁৰ আগত প্ৰাৰ্থনা কৰে, সিবিলাকৰ প্ৰাৰ্থনা শুনি তেওঁ সহায় কৰিব।’—গীতমালা ১৪৫:১৮, ১৯.
আমি সম্পূৰ্ণ ভৰসা কৰিব পাৰোঁ যে যিহোৱা ঈশ্বৰে সম্পূৰ্ণ মনেৰে কৰা প্ৰাৰ্থনা শুনে। তেওঁ কৈছে, “তোমালোকে মোক মাতিবা, আৰু গৈ মোৰ আগত প্ৰাৰ্থনা কৰিবা; তাতে মই তোমালোকৰ কথা শুনিম।”—যিৰিমিয়া ২৯:১২.
আমি ঈশ্বৰক প্ৰাৰ্থনা কৰাটো তেওঁ বিচাৰে।
“প্ৰাৰ্থনাত লাগি থাকা।”—ৰোমীয়া ১২:১২.
শাস্ত্ৰত লিখা আছে, “নিৰন্তৰে প্ৰাৰ্থনা কৰি থাকা।” ইয়াত এয়াও লিখা আছে, ‘সকলো সময়তে প্ৰাৰ্থনা কৰা।’ ইয়াৰ পৰা স্পষ্টকৈ জানিব পাৰি যে আমি যিহোৱা ঈশ্বৰৰ লগত কথা পতাটো তেওঁ বিচাৰে।—১ থিচলনীকীয়া ৫:১৭; ইফিচীয়া ৬:১৮.
আমি ঈশ্বৰক প্ৰাৰ্থনা কৰাটো তেওঁ কিয় বিচাৰে? ক্ষন্তেকৰ বাবে এই উদাহৰণলৈ মন কৰক। এটি সন্তানে নিজৰ দেউতাকৰ ওচৰলৈ দৌৰি আহে আৰু তেওঁক কয়, “দেউতা, দেউতা, প্লীজ মোক সহায় কৰি দিয়া না!” দেউতাকে জানে যে তেওঁৰ সন্তানক কিহৰ প্ৰয়োজন আছে। তথাপিও নিজৰ সন্তানৰ পৰা এয়া শুনি আনন্দিত হয়। দেউতাকে লক্ষ্য কৰে যে সন্তানে তেওঁক বহুত প্ৰেম কৰে আৰু দেউতাকে তেওঁক সহায় কৰিব বুলি ভৰসাও কৰে। সেইবাবে, তেওঁ নিজৰ দেউতাকৰ ওচৰলৈ দৌৰি আহি তেওঁৰ পৰা সহায় বিচাৰে। ঠিক সেইদৰে যেতিয়া আমি যিহোৱা ঈশ্বৰক প্ৰাৰ্থনা কৰোঁ, তেতিয়া তেওঁ আনন্দিত হয়। তেওঁ চাব পাৰে যে আমি তেওঁক বহুত প্ৰেম কৰোঁ আৰু ভৰসা কৰোঁ। সেইবাবে, আমি তেওঁৰ পৰা সহায় বিচাৰোঁ।—হিতোপদেশ ১৫:৮; যাকোব ৪:৮.
ঈশ্বৰে আপোনাৰ বিষয়ে চিন্তা কৰে।
“তোমালোকৰ সকলো চিন্তাৰ ভাৰ তেওঁৰ ওপৰত পেলাই দিয়া; কিয়নো তোমালোকৰ কাৰণে তেওঁ চিন্তা কৰে।”—১ পিতৰ ৫:৭.
ঈশ্বৰে আমাক বহুত প্ৰেম কৰে আৰু আমাৰ যত্ন লয়। তেওঁ ভালদৰে জানে যে আমি কেনে সমস্যাৰ সন্মুখীন হৈ আছোঁ। সেইবাবে, আমি মনৰ সকলো কথা খুলি কোৱাটো তেওঁ বিচাৰে।
প্ৰাচীন সময়ত ঈশ্বৰৰ এজন উপাসক আছিল, তেওঁ নিজৰ মনৰ সকলো কথা ঈশ্বৰক খুলি কৈছিল। তেওঁৰ নাম আছিল দায়ূদ। (গীতমালা ২৩:১-৬) ঈশ্বৰে দায়ূদক বহুত প্ৰেম কৰিছিল আৰু সদায় তেওঁৰ প্ৰাৰ্থনা শুনিছিল। (পাঁচনিৰ কৰ্ম্ম ১৩:২২) তেওঁ আমাৰো যত্ন লয় আৰু আমাৰ প্ৰাৰ্থনা শুনিবলৈ আগ্ৰহী হৈ থাকে।
‘মই যিহোৱাক প্ৰেম কৰোঁ; কিয়নো তেওঁ মোৰ মাত শুনে’
বহু বছৰৰ আগতে ঈশ্বৰৰ এজন উপাসকে এই কথা নিজৰ কবিতাত লিখিছিল। তেওঁ ঈশ্বৰক নিজৰ বন্ধু বুলি ভাবিছিল আৰু তেওঁৰ সম্পূৰ্ণ বিশ্বাস আছিল যে ঈশ্বৰে তেওঁৰ প্ৰাৰ্থনা শুনে। এই কথাৰ পৰা তেওঁ সমস্যাৰ সন্মুখীন হʼবলৈ সাহস পাইছিল।—গীতমালা ১১৬:১-৯.
যেতিয়া আমাৰ সম্পূৰ্ণ বিশ্বাস হয় যে ঈশ্বৰে আমাৰ প্ৰাৰ্থনা শুনে, তেতিয়া আমি তেওঁক প্ৰাৰ্থনা কৰিবলৈ এৰি নিদিওঁ। ক্ষন্তেকৰ বাবে পেদ্ৰ নামৰ এজন ব্যক্তিৰ উদাহৰণলৈ মন কৰক, তেওঁ উত্তৰ স্পেইনত থাকে। এটা পথ দুৰ্ঘটনাত তেওঁৰ ১৯ বছৰীয়া লʼৰাৰ মৃত্যু হʼল। এই দুৰ্ঘটনাৰ পাছত পেদ্ৰ একেবাৰে ভাঙি পৰিছিল। তেওঁ সম্পূৰ্ণ মনেৰে আৰু বাৰে বাৰে ঈশ্বৰলৈ প্ৰাৰ্থনা কৰিলে। তেওঁ কৈছে, “ঈশ্বৰ যিহোৱাই এই কঠিন পৰিস্থিতিত মোৰ বন্ধুসকলৰ যোগেদি মোক আৰু মোৰ পত্নীক সহায় কৰিলে।”
বহু বাৰ ঈশ্বৰে আমাক বন্ধুসকলৰ যোগেদি শান্ত্বনা দিয়ে
প্ৰাৰ্থনা কৰাৰ বাবে যদিও তেওঁলোকৰ লʼৰা ঘূৰি নাহিলে, কিন্তু প্ৰাৰ্থনা কৰাৰ বাবে পেদ্ৰ আৰু তেওঁৰ পৰিয়ালে সাহস লাভ কৰিলে। তেওঁৰ পত্নী মাৰিয়া কাৰমেনে কৈছে, “প্ৰাৰ্থনা কৰাৰ বাবে মই নিজৰ দুখ সহন কৰিব পাৰিলোঁ। কিয়নো মই জানিছিলোঁ যে মই কেনে অনুভৱ কৰিছোঁ, সেয়া ঈশ্বৰে ভালদৰে জানে। মই যেতিয়া যিহোৱা ঈশ্বৰলৈ প্ৰাৰ্থনা কৰিছিলোঁ, তেতিয়া মই মনৰ শান্তি লাভ কৰিছিলোঁ।”
এই উদাহৰণবোৰৰ পৰা জানিব পাৰি যে ঈশ্বৰে সঁচাকৈ লোকসকলৰ প্ৰাৰ্থনা শুনে। কিন্তু ঈশ্বৰে সকলোৰে প্ৰাৰ্থনা নুশুনে। তেওঁ কিয় কিছুমান লোকৰ প্ৰাৰ্থনা শুনে আৰু কিছুমানৰ নুশুনে?
a ঈশ্বৰৰ নাম যিহোৱা হয়।—গীতমালা ৮৩:১৮.