ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w25 জানুৱাৰী পৃষ্ঠা ১৪-১৯
  • যিহোৱাই আনন্দিত হোৱা নিৰ্ণয় লওক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যিহোৱাই আনন্দিত হোৱা নিৰ্ণয় লওক
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • বিষয়ৰ সম্পূৰ্ণ তথ্য লওক
  • যিহোৱাৰ চিন্তাধাৰা জানিবলৈ চেষ্টা কৰক
  • আপোনাৰ ওচৰত যি ৰাস্তা আছে, তাৰ বিষয়ে গভীৰভাৱে চিন্তা কৰক
  • ভাল নিৰ্ণয় লওক
  • মই যিহোৱাৰ ওপৰত ভৰসা কৰোঁ বুলি মোৰ নিৰ্ণয়ৰ পৰা জানিব পাৰিনে?
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • নম্ৰ হওক আৰু কিছুমান কথা নাজানোঁ বুলি মানি লওক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
  • ঈশ্বৰৰ চিন্তাধাৰা জানিবলৈ চেষ্টা কৰক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • নিজৰ সন্দেহ কেনেকৈ দূৰ কৰিম?
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
আৰু চাওক
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
w25 জানুৱাৰী পৃষ্ঠা ১৪-১৯

অধ্যয়নৰ লেখ ৩

গীত নং ৩৫ ‘গুৰুত্বপূৰ্ণ বিষয়বোৰ বাছনি কৰক’

যিহোৱাই আনন্দিত হোৱা নিৰ্ণয় লওক

“যিহোৱালৈ ভয় ৰখাই প্ৰজ্ঞাৰ আৰম্ভণ, আৰু পবিত্ৰ জনাক জনাই সুবিবেচনা।”—হিতো. ৯:১০.

কি শিকিম?

জ্ঞান, চিন্তা কৰা শক্তি বা সুবিবেচনা আৰু সুবুদ্ধি থাকিলে আমি কেনেকৈ ভাল নিৰ্ণয় লʼব পাৰিম।

১. আমি সকলোৱে কি সমস্যাৰ সন্মুখীন হʼবলগীয়া হয়?

প্ৰতিদিনে আমি বহুতো নিৰ্ণয় লʼবলগীয়া হয়। কিছুমান নিৰ্ণয় লোৱাটো সহজ হয়। যেনে, আমি কি খাম, কেতিয়া শুম। কিন্তু কিছুমান নিৰ্ণয় লʼবলৈ কঠিন হয়, আমি কি কৰিম বুজিয়েই নাপাওঁ। কাৰণ ইয়ে আমাৰ স্বাস্থ্য, আনন্দ আৰু পৰিয়ালৰ লোকসকলৰ ওপৰত, আনকি ইয়ে আমাৰ উপাসনাৰ ওপৰতো প্ৰভাৱ পেলাব পাৰে। আমি এনে নিৰ্ণয় লʼব বিচাৰোঁ, যাৰ পৰা আমাৰ পৰিয়াল আৰু আমাৰ লাভ হয়। আটাইতকৈ ডাঙৰ কথা হৈছে আমাৰ নিৰ্ণয়ৰ পৰা যিহোৱাই আনন্দিত হোৱাটো আমি বিচাৰোঁ।—ৰোম. ১২:১, ২.

২. ভাল নিৰ্ণয় লʼবলৈ আপুনি কি কৰিব?

২ যদি আপুনি (১) বিষয়ৰ সম্পূৰ্ণ তথ্য লয়, (২) যিহোৱাৰ চিন্তাধাৰা জানিবলৈ চেষ্টা কৰে আৰু (৩) আপোনাৰ ওচৰত যি বেলেগ বেলেগ ৰাস্তা আছে, তাৰ বিষয়ে গভীৰভাৱে চিন্তা কৰিলে আপুনি ভাল নিৰ্ণয় লʼব পাৰিব। এই লেখত এই তিনিটা কথাৰ ওপৰত আমি আলোচনা কৰিম আৰু চিন্তা কৰা শক্তিক কেনেকৈ প্ৰশিক্ষণ দিব পাৰি তাৰ বিষয়ে চাম।—হিতো. ২:১০, ১১.

বিষয়ৰ সম্পূৰ্ণ তথ্য লওক

৩. উদাহৰণ দি বুজাওক যে ভাল নিৰ্ণয় লʼবলৈ বিষয়টোৰ সম্পূৰ্ণ তথ্য লোৱাটো কিয় গুৰুত্বপূৰ্ণ?

৩ এটা ভাল নিৰ্ণয় লʼবলৈ হʼলে আপুনি বিষয়টোৰ সম্পূৰ্ণ তথ্য লʼব লাগিব। কিয় বাৰু? চিন্তা কৰক, এজন ব্যক্তিৰ বহুত ডাঙৰ বেমাৰ হৈছে আৰু তেওঁ ডাক্তৰৰ ওচৰলৈ গৈছে। তেতিয়া এজন ভাল ডাক্তৰে লগে লগে তেওঁৰ বাবে কোনটো চিকিৎসা ভাল হʼব, তাৰ বিষয়ে নিৰ্ণয় লোৱাৰ পৰিৱৰ্তে ৰোগীজনৰ পৰীক্ষা কৰে আৰু কিছুমান প্ৰশ্ন সোধে। ঠিক সেইদৰে যদি আপুনি বিষয়টোৰ সম্পূৰ্ণ তথ্য লয়, তেনেহʼলে আপুনি ভাল নিৰ্ণয় লʼব পৰিব। গতিকে আপুনি বিষয়টোৰ সম্পূৰ্ণ তথ্য কেনেকৈ লʼব পাৰে?

৪. আপুনি কোনো এটা বিষয়ত সম্পূৰ্ণ তথ্য কেনেকৈ লʼব পাৰে? (হিতোপদেশ ১৮:১৩) (ছবিখনো চাওক।)

৪ বহু বাৰ আমি প্ৰশ্ন সুধিলে সম্পূৰ্ণ তথ্য পাব পাৰোঁ। ধৰি লওক, আপোনাক এটা পাৰ্টীত মতা হৈছে, কিন্তু আপুনি তাত যাব নে নাযায়, কেনেকৈ নিৰ্ণয় লʼব? ব্যক্তিজনে পাৰ্টীত কি কি ব্যৱস্থা কৰিছে তাৰ বিষয়ে যদি আপুনি নাজানে, তেনেহʼলে তেওঁক আপুনি কিছুমান প্ৰশ্ন সুধিব পাৰে, “এই পাৰ্টী কʼত আৰু কেতিয়া হʼব? ইয়াত কিমান লোক আহিব? সকলোবোৰ যাতে ভালদৰে হয়, তাৰ প্ৰতি কোনে ধ্যান দিব? কোন কোন আহিব? তাত কি কি হʼব? তাত মদ খোৱা হʼব নে? এই সকলো প্ৰশ্নৰ উত্তৰ জানিলে আপুনি এটা ভাল নিৰ্ণয় লʼব পাৰিব।—হিতোপদেশ ১৮:১৩ পঢ়ক।

এজন ডেকা ভাই আৰু তেওঁৰ বন্ধুসকলৰ ফোনত মেছেজ আহিছে, যʼত কোৱা হৈছে যে তেওঁলোকক এখন পাৰ্টীত মতা হৈছে। সেই ভাইজনে নিজৰ বন্ধুসকলক সেই পাৰ্টীৰ বিষয়ে সুধি আছে।

প্ৰশ্ন সুধি বিষয়ৰ সম্পূৰ্ণ তথ্য লওক (অনুচ্ছেদ ৪ চাওক)a


৫. কোনো এটা বিষয়ত সম্পূৰ্ণ তথ্য লোৱাৰ পাছত আপুনি কি কৰা উচিত?

৫ বিষয়ৰ সম্পূৰ্ণ তথ্য লোৱাৰ পাছত আৰু কিছুমান কথাৰ বিষয়ে আপুনি চিন্তা কৰিব পাৰে। যেনে, যদি আপুনি গʼম পাইছে যে সেই পাৰ্টীত এনেধৰণৰ লোক আহিব, যিসকলে বাইবেলৰ মানদণ্ড পালন নকৰে বা যদি তাত মদ খোৱা হʼব আৰু তাৰ প্ৰতি ধ্যান দিবলৈ কোনো নাথাকিব, তেনেহʼলে আপুনি কি কৰিব? তাত কিছুমান লোকে বেছিকৈ মদ খাব আৰু বেয়া ব্যৱহাৰ কৰিব বুলি আপুনি ভাবে নে? (১ পিত. ৪:৩) ইয়াৰ বিষয়েও চিন্তা কৰক, সেই পাৰ্টী যি সময়ত ৰখা হৈছে, সেই সময়ত সভা বা প্ৰচাৰত যাবলগীয়াতো নাই? এইদৰে যেতিয়া আপুনি ভালদৰে চিন্তা কৰিব, তেতিয়া ভাল নিৰ্ণয় লʼবলৈ আপোনাৰ বাবে সহজ হʼব। কিন্তু যিকোনো নিৰ্ণয় লোৱাৰ আগতে আৰু কিবা কৰিব লাগিব। এতিয়ালৈকে বিষয়টো আপুনি নিজৰ দৃষ্টিৰে চালে, কিন্তু এতিয়া যিহোৱাৰ দৃষ্টিৰে চাবলৈ চেষ্টা কৰক। তেওঁ ইয়াৰ বিষয়ে কি ভাবে তাৰ বিষয়েও জানিবলৈ চেষ্টা কৰক।—হিতো. ২:৬.

যিহোৱাৰ চিন্তাধাৰা জানিবলৈ চেষ্টা কৰক

৬. যাকোব ১:৫ পদৰ অনুসৰি আমি কি কথাৰ বাবে প্ৰাৰ্থনা কৰা উচিত আৰু কিয়?

৬ কোনো এটা বিষয়ত যিহোৱাৰ চিন্তাধাৰা জানিবলৈ তেওঁলৈ প্ৰাৰ্থনা কৰক। কাৰণ তেওঁ প্ৰতিজ্ঞা কৰিছে যে তেওঁ বুদ্ধি দিব যাৰ যোগেদি আমি বুজিব পাৰিম যে আমি যি নিৰ্ণয় লৈছোঁ, তাৰ পৰা তেওঁ আনন্দিত হʼব নে নাই। তেওঁ এই বুদ্ধি “খং নকৰাকৈ উদাৰতাৰে দিয়ে।”—যাকোব ১:৫ পঢ়ক।

৭. কোনো এটা বিষয়ত যিহোৱাৰ চিন্তাধাৰা জানিবলৈ আপুনি কি কৰিব পাৰে? উদাহৰণ দি বুজাওক।

৭ যিহোৱালৈ বুদ্ধি বিচাৰি প্ৰাৰ্থনা কৰাৰ পাছত মন কৰক যে তেওঁ আপোনাৰ প্ৰাৰ্থনাৰ উত্তৰ কেনেকৈ দিছে। ইয়াক বুজিবলৈ এটা উদাহৰণলৈ মন কৰক। আপুনি কোনো এটা ঠাইলৈ ফুৰিবলৈ গৈছে আৰু হেৰাই গʼল। তাৰ পাছত আপুনি ৰাস্তাত এজন ব্যক্তিক সহায় বিচাৰি কিছুমান প্ৰশ্ন সোধে। এতিয়া আপুনি তেওঁৰ কথা মনোযোগেৰে শুনাৰ পৰিৱৰ্তে তাৰ পৰা গুচি যাব নে? নহয়, আপুনি এইদৰে নকৰে। আপুনি তেওঁৰ কথা মনোযোগেৰে শুনিব। ঠিক সেইদৰে প্ৰাৰ্থনা কৰাৰ পাছত মন কৰক যে যিহোৱাই আপোনাক কি উত্তৰ দিলে। যিহোৱাৰ চিন্তাধাৰা জানিবলৈ বাইবেলত যি নিয়ম আৰু সিদ্ধান্ত দিয়া হৈছে, সেয়া বুজিবলৈ চেষ্টা কৰক। যেনে, আপুনি সেই পাৰ্টীত যাব নে নাই সেয়া নিৰ্ণয় লোৱাৰ আগতে এয়া চিন্তা কৰক যে বাইবেলত পাৰ্টীবোৰৰ বিষয়ে কি কোৱা হৈছে, যʼত লোকসকলে নিজৰ নিয়ন্ত্ৰণ হেৰুৱাই দিয়ে। ইয়াত বেয়া সংগতিৰ বিষয়ে আৰু নিজৰ ইচ্ছাৰ পৰিৱৰ্তে ঈশ্বৰৰ ৰাজ্যক প্ৰথম স্থান দিয়াৰ বিষয়ে কি কোৱা হৈছে।—মথি ৬:৩৩; ৰোম. ১৩:১৩; ১ কৰি. ১৫:৩৩.

৮. যদি আপুনি ভাবে যে কোনো এটা বিষয়ত আপোনাক আৰু তথ্যৰ প্ৰয়োজন আছে, তেনেহʼলে আপুনি কি কৰিব? (ছবিখনো চাওক।)

৮ হয়তো আপুনি ভাবিব পাৰে যে এই বিষয়ত আৰু তথ্য থকা হʼলে ভাল আছিল। এনে পৰিস্থিতিত আপুনি কি কৰিব? আপুনি কিছুমান অভিজ্ঞ ভাই-ভনীৰ সহায় লʼব পাৰে। ইয়াৰ উপৰিও আপুনি নিজে অনুসন্ধান কৰিব পাৰে। আমাৰ ওচৰত অনুসন্ধান কৰিবলৈ বহুতো প্ৰকাশন আছে। যেনে, যিহোৱাৰ সাক্ষীসকলৰ বাবে অনুসন্ধান গাইড আৰু বাক্য যি পথ দেখুৱাই (হিন্দী) কিতাপত এনে বহুতো তথ্য পাব পাৰে। কিন্তু এইদৰে কৰাৰ সময়ত মনত ৰাখক যে আপুনি কিয় অনুসন্ধান কৰি আছে। কাৰণ আপুনি এনে এটা নিৰ্ণয় লʼব বিচাৰে যাৰ পৰা যিহোৱাই আনন্দিত হয়।

আগত দেখুৱা ভাইজনে “দুখ-কষ্ট নথকা এক অনন্ত জীৱন!” কিতাপৰ পাঠ ৩৫ পঢ়ি আছে।

যিহোৱাৰ চিন্তাধাৰা জানিবলৈ চেষ্টা কৰক (অনুচ্ছেদ ৮ চাওক)b


৯. যিহোৱা আমাৰ নিৰ্ণয়ৰ পৰা আনন্দিত হʼব বুলি আমি কেতিয়া সম্পূৰ্ণ বিশ্বাসেৰে কʼব পাৰিম? (ইফিচীয়া ৫:১৭)

৯ আমি কেতিয়া সম্পূৰ্ণ বিশ্বাসেৰে কʼব পাৰোঁ যে যিহোৱা আমাৰ নিৰ্ণয়ৰ পৰা আনন্দিত হʼব? ইয়াৰ বাবে আমি প্ৰথমে তেওঁৰ বিষয়ে ভালদৰে জনা উচিত। বাইবেলত লিখা আছে, “পবিত্ৰ জনাক জনাই সুবিবেচনা।” (হিতো. ৯:১০) গতিকে আমি যেতিয়া ঈশ্বৰৰ বিষয়ে ভালদৰে জানিম, তেতিয়া প্ৰকৃত অৰ্থত সুবিবেচনা পাম। যেনে, তেওঁৰ কি কি গুণ আছে, তেওঁৰ উদ্দেশ্য কি আৰু তেওঁ কি ভাল পাই আৰু কি বেয়া পায়। সেইবাবে, নিজকে সোধক: ‘মই যিহোৱাক যিমান জানোঁ, সেয়া মনত ৰাখি তেওঁ আনন্দিত হোৱা কি নিৰ্ণয় লʼব পাৰোঁ?’—ইফিচীয়া ৫:১৭ পঢ়ক।

১০. বাইবেলৰ সিদ্ধান্ত মনাটো পৰিয়ালৰ আৰু সমাজৰ নিয়ম মনাতকৈও কিয় গুৰুত্বপূৰ্ণ?

১০ যিহোৱাক আনন্দিত কৰিবলৈ কেতিয়াবা কেতিয়াবা আমি এনে নিৰ্ণয় লʼব লাগিব যি আমাৰ পৰিয়ালৰ লোকসকলে ভাল নাপাব পাৰে। যেনে, হয়তো এজন ভাইৰ পৰিয়ালে তেওঁক এনে এজনী ছোৱালীৰ লগত বিয়া কৰাই দিব বিচাৰে, যাৰ পৰিয়ালৰ পৰা তেওঁলোকে বহুত কিছু পাব পাৰে, যদিও সেই ছোৱালীজনীৰ যিহোৱাৰ লগত মজবুত সম্পৰ্ক নাই। আনহাতে, এজনী ভনীৰ মা-দেউতাই তাইক এনে এজন লʼৰাৰ লগত বিয়া পাতিবলৈ হেচাঁ দিয়ে, যাৰ ওচৰত বহুতো টকা-পইচা আছে। কিন্তু তেওঁ উৎসাহেৰে যিহোৱাৰ সেৱা নকৰে। হয়তো তেওঁলোকৰ মা-দেউতাৰ উদ্দেশ্য ভুল নহয়, তেওঁলোকে নিজৰ লʼৰা-ছোৱালী আনন্দত থকা আৰু একো অভাৱ নোহোৱাটো বিচাৰে। কিন্তু সেই ভাই বা ভনীয়ে নিজকে এই প্ৰশ্ন সুধিব পাৰে, ‘যদি মই তেওঁক বিয়া পাতোঁ, তেনেহʼলে যিহোৱাৰ লগত মোৰ সম্পৰ্ক মজবুত হʼব নে দুৰ্বল হৈ পৰিব?’ যিহোৱাই সেই ভাই বা ভনীৰ পৰা কি বিচাৰে? মথি ৬:৩৩ পদত খ্ৰীষ্টানসকলক ঈশ্বৰৰ ৰাজ্যক প্ৰথম স্থান দিবলৈ উৎসাহিত কৰা হৈছে। আমি নিজৰ মা-দেউতা আৰু সমাজৰ লোকসকলক আদৰ কৰোঁ, কিন্তু তাতকৈও বেছি আমি যিহোৱাক আনন্দিত কৰিব বিচাৰোঁ।

আপোনাৰ ওচৰত যি ৰাস্তা আছে, তাৰ বিষয়ে গভীৰভাৱে চিন্তা কৰক

১১. আপোনাৰ ওচৰত যি ৰাস্তা আছে, তাৰ বিষয়ে গভীৰভাৱে চিন্তা কৰিবলৈ কি কথাই আপোনাক সহায় কৰিব পাৰে? (ফিলিপীয়া ১:৯, ১০)

১১ কোনো এটা বিষয়ত বাইবেলৰ কোনটো সিদ্ধান্তই আপোনাক সহায় কৰিব, এয়া আপুনি জানিলে। এতিয়া আপোনাৰ ওচৰত যি বেলেগ বেলেগ ৰাস্তা আছে, তাৰ বিষয়ে গভীৰভাৱে চিন্তা কৰক। (ফিলিপীয়া ১:৯, ১০ পঢ়ক।) কোনটো ৰাস্তা লʼলে কি পৰিণাম হʼব, এয়া বুজিবলৈ আমাক ‘বিবেচনা’ কৰা শক্তিয়ে সহায় কৰিব। এইদৰে কৰিলে আপোনাৰ বাবে নিৰ্ণয় লʼবলৈ সহজ হʼব। কিন্তু কিছুমান নিৰ্ণয় লোৱাটো সহজ নহয়। বহু বাৰ পৰিস্থিতি ইমানেই বেয়া হৈ পৰে যে কি কৰিম বুজি নাপাওঁ। কিন্তু বিবেচনা কৰা শক্তি থাকিলে আপুনি এনে পৰিস্থিতিত সঠিক নিৰ্ণয় লʼব পাৰিব।

১২-১৩. বিবেচনা কৰা শক্তি থাকিলে আপুনি কেনেকৈ নিৰ্ণয় লʼব পাৰিব যে আপুনি কোনটো চাকৰি কৰা উচিত?

১২ ধৰি লওক, আপুনি এটা চাকৰি বিচাৰি আছে, যাতে নিজৰ পৰিয়ালৰ প্ৰয়োজনীয়তা পূৰ কৰিব পাৰে। কিন্তু আপুনি দুটা চাকৰি বিচাৰি পালে। এতিয়া আপুনি নিৰ্ণয় লʼব লাগিব যে আপুনি কোনটো চাকৰি কৰিব। আপুনি কিছুমান তথ্য বিচাৰিব পাৰে। যেনে, এই দুয়োটা চাকৰিতে আপুনি কি কাম কৰিব লাগিব, কিমান দেৰি কাম কৰিব লাগিব, অহা-যোৱাত কিমান সময় লাগিব আদি। এই দুয়োটা চাকৰি বাইবেলৰ সিদ্ধান্তৰ অনুসৰি সঠিক। হয়তো তাৰে মাজৰ এটা চাকৰি আপোনাৰ বহুত ভাল লাগিছে। কাৰণ সেই কাম কৰি আপুনি ভাল পায় বা সেই কামত দৰমহা বেছি পাব। কিন্তু কোনো এটা নিৰ্ণয় লোৱাৰ আগতে আপুনি আৰু কিছুমান বিষয়ৰ ওপৰত চিন্তা কৰা উচিত।

১৩ এই দুয়োটা চাকৰিৰ বিষয়ে চিন্তা কৰাৰ সময়তে আপুনি কিছুমান প্ৰশ্ন সুধিব পাৰে: যদি মই এই চাকৰি কৰোঁ, তেনেহʼলে সভালৈ যোৱাটো মোৰ বাবে কঠিন হৈ পৰিব নে? নিজৰ পৰিয়ালক মই সময় দিব পাৰিম নে আৰু তেওঁলোকৰ যত্ন লʼব পাৰিম নে? যিহোৱাৰ আৰু কাষ চাপিবলৈ তেওঁলোকক সহায় কৰিব পাৰিম নে? এনেধৰণৰ প্ৰশ্ন কৰাৰ যোগেদি আপুনি টকা-পইচাতকৈ বেছি নিজৰ পৰিয়াল আৰু যিহোৱাৰ লগত থকা আপোনাৰ সম্পৰ্কৰ ওপৰত ধ্যান দিব পাৰিব, যি ‘বেছি গুৰুত্বপূৰ্ণ বিষয়’ হয়। তেতিয়া আপুনি এনে নিৰ্ণয় লʼব পাৰিব, যাৰ পৰা যিহোৱা আনন্দিত হʼব আৰু আপোনাক আশীৰ্বাদ দিব।

১৪. বিবেচনা কৰা শক্তি আৰু লোকসকলৰ প্ৰতি প্ৰেম থাকিলে আমি কেনেকৈ তেওঁলোকৰ বিশ্বাসৰ বাধা নহʼম?

১৪ বিবেচনা কৰা শক্তি থাকিলে আমি এয়াও চিন্তা কৰিম যে আমাৰ নিৰ্ণয়ে আনৰ ওপৰত কি প্ৰভাৱ পেলাব পাৰে। সেইবাবে, আমি আনৰ ‘বিশ্বাসৰ কাৰণে বাধা হোৱা’ কোনো কাম নকৰিম। (ফিলি. ১:১০) যেতিয়া আমি কোনো এটা ব্যক্তিগত বিষয়ত নিৰ্ণয় লওঁ, তেতিয়া এই কথাৰ ওপৰত আৰু ধ্যান দিয়া উচিত। যেনে, আমি কি কাপোৰ পিন্ধিম, কেনেকৈ চুলি ষ্টাইল কৰিম বা কেনেকৈ তৈয়াৰ হʼম। আমাক কোনো ষ্টাইলৰ কাপোৰ বা চুলিৰ ষ্টাইল কৰি হয়তো ভাল লাগিব পাৰে। কিন্তু আমি চিন্তা কৰিব পাৰোঁ যে ‘ইয়াৰ বাবে মণ্ডলীৰ ভাই-ভনীসকলে বা আন লোকসকলে উজুটিতো নাখায়?’ বিবেচনা কৰা শক্তি থাকিলে আমি আনৰ ভাবনাক আঘাত নিদিম আৰু তেওঁলোকক সন্মান দেখুৱাব পাৰিম। আমি লোকসকলক প্ৰেম কৰোঁ, সেইবাবে ‘তেওঁলোকৰ লাভৰ বিষয়ে চিন্তা কৰিম’ আৰু নিজৰ সীমাত থাকিম। (১ কৰি. ১০:২৩, ২৪, ৩২; ১ তীম. ২:৯, ১০) তেতিয়া আমি এনেধৰণৰ নিৰ্ণয় লʼব পাৰিম, যাৰ যোগেদি আমি লোকসকলক প্ৰেম আৰু সন্মান কৰোঁ বুলি দেখুৱাব পাৰিম।

১৫. কোনো এটা ডাঙৰ নিৰ্ণয় লোৱাৰ আগতে কি কৰাটো ভাল হʼব?

১৫ যীচুৱে কৈছিল যে কিবা কৰাৰ আগতে খৰচ-পাতিৰ “হিচাপ” কৰা উচিত। (লূক ১৪:২৮) গতিকে মন কৰক যে যদি আপুনি কিবা নিৰ্ণয় লোৱাৰ বিষয়ে ভাবি আছে, তেনেহʼলে আপুনি তাৰ অনুসৰি কাম কৰিবলৈ কি কি কৰিব লাগিব, আপুনি কিমান সময় দিব লাগিব, আপুনি কি কি সঁজুলি ব্যৱহাৰ কৰিব লাগিব আৰু আপোনাৰ কিমান পৰিশ্ৰমৰ প্ৰয়োজন হʼব। কিছুমান বিষয়ত আপুনি হয়তো আপোনাৰ পৰিয়ালৰ লোকসকলৰ লগত কথা পাতিব বিচাৰে যে পৰিয়ালৰ সকলো সদস্যই আপোনাক কেনেকৈ সহায় কৰিব পাৰিব। এইদৰে কৰাটো কিয় ভাল হʼব? কাৰণ এইদৰে কৰিলে আপোনাৰ অনুভৱ হʼব যে আপোনাৰ নিৰ্ণয়ত কিছুমান সাল-সলনি কৰাৰ প্ৰয়োজন আছে বা আন কোনো নিৰ্ণয় লোৱাটো ভাল হʼব। যদি আপুনি আপোনাৰ পৰিয়ালৰ লোকসকলৰ পৰা পৰামৰ্শ লʼব আৰু তেওঁলোকৰ কথা শুনিব, তেনেহʼলে তেওঁলোকে আনন্দেৰে আপোনাক সহায় কৰিব, যাতে আপুনি ভাল নিৰ্ণয় লʼব পাৰে আৰু ভাল পৰিণাম পাব পাৰে।—হিতো. ১৫:২২.

ভাল নিৰ্ণয় লওক

১৬. এটা ভাল নিৰ্ণয় লʼবলৈ হʼলে আপুনি কি কি পদক্ষেপ লʼব লাগিব? (“ভাল নিৰ্ণয় কেনেকৈ লʼম?” নামৰ বক্সখন চাওক।)

১৬ যদি আপুনি এই লেখত কোৱা সকলো পদক্ষেপ লৈছে, তেনেহʼলে এতিয়া আপুনি ভাল নিৰ্ণয় লʼবলৈ সাজু আছে, এনে নিৰ্ণয় যাৰ পৰা যিহোৱা আনন্দিত হয়। যেনে, আপুনি বিষয়ৰ সকলো তথ্য জমা কৰি লৈছে আৰু বাইবেলৰ সিদ্ধান্তবোৰৰ ওপৰতো মন কৰিছে। এতিয়া আপুনি এনে এটা নিৰ্ণয় লʼবলৈ সহায় বিচাৰি যিহোৱালৈ প্ৰাৰ্থনা কৰিব পাৰে, যাৰ ভাল পৰিণাম হয়।

ভাল নিৰ্ণয় কেনেকৈ লʼম?

ছবি: কিছুমান ছবিত দেখুৱা হৈছে যে এজন ডেকা ভায়ে কেনেকৈ ভাল নিৰ্ণয় লʼব পাৰে। ১. তেওঁ মেগনিফাই গ্লাচেৰে চাই আছে। ২. তেওঁ প্ৰাৰ্থনা কৰি আছে। টেবুলত তেওঁৰ বাইবেল আৰু টেবলেট থোৱা আছে। ৩. তেওঁ টেবুলত থোৱা দগা-পাল্লাটো ধ্যান দি চাই আছে।
  • বিষয়টোৰ সম্পূৰ্ণ তথ্য লওক: প্ৰশ্ন সোধক; তাৰ পাছত আন কিছুমান কথাৰ বিষয়ে চিন্তা কৰক (হিতো. ১৮:১৩)

  • যিহোৱাৰ চিন্তাধাৰা জানিবলৈ চেষ্টা কৰক: প্ৰাৰ্থনা কৰক আৰু সেই বিষয়ৰ লগত জড়িত বাইবেলৰ সিদ্ধান্তবোৰৰ বিষয়ে গভীৰভাৱে চিন্তা কৰক (ইফি. ৫:১৭; যাকো. ১:৫)

  • আপোনাৰ ওচৰত যিবোৰ ৰাস্তা আছে, তাৰ বিষয়ে গভীৰভাৱে চিন্তা কৰক: চিন্তা কৰক কোনো নিৰ্ণয়ৰ আপোনাৰ ওপৰত আৰু আনৰ ওপৰত কি প্ৰভাৱ পৰিব পাৰে আৰু সেই নিৰ্ণয়ৰ অনুসৰি চলিবলৈ আপুনি কি কি কৰিব লাগিব (ফিলি. ১:৯, ১০)

১৭. এটা ভাল নিৰ্ণয় লʼবলৈ আটাইতকৈ গুৰুত্বপূৰ্ণ কথা কি?

১৭ আগতে হয়তো আপুনি বহুতো ভাল নিৰ্ণয় লৈছে। কিন্তু ইয়াৰ অৰ্থ এয়া নহয় যে আপুনি নিজৰ দক্ষতা আৰু অনুভৱৰ ওপৰত নিৰ্ভৰ হৈ যি নিৰ্ণয় লʼব, সেয়া ভাল নিৰ্ণয় হʼব। তাৰ পৰিৱৰ্তে যিহোৱাৰ পৰা পোৱা বুদ্ধিৰ অনুসৰি যেতিয়া আমি নিৰ্ণয় লওঁ, সেয়া ভাল নিৰ্ণয় হয়। যিহোৱাই আমাক সঠিক জ্ঞান, চিন্তা কৰা শক্তি বা সুবিবেচনা আৰু সুবুদ্ধি দিব পাৰে, যাতে আমি প্ৰকৃত অৰ্থত বুদ্ধিমান হʼব পাৰোঁ। (হিতো. ২:১-৫) এইদৰে যিহোৱাই আপোনাক এটা ভাল নিৰ্ণয় লʼবলৈ সহায় কৰিব পাৰে, এনে নিৰ্ণয় যাৰ পৰা তেওঁ আনন্দিত হʼব।—গীত. ২৩:২, ৩.

তলত দিয়া পদবোৰৰ পৰা আপুনি ভাল নিৰ্ণয় লোৱাৰ বিষয়ে কি শিকিলে?

  • হিতোপদেশ ১৮:১৩

  • ইফিচীয়া ৫:১৭

  • ফিলিপীয়া ১:৯, ১০

গীত নং ২৮ যিহোৱাৰ বন্ধু হোৱা

a ছবিৰ বিষয়ে: কিছুমান ডেকা ভাই-ভনীৰ ফোনত মেছেজ আহিছে, যʼত কোৱা হৈছে যে তেওঁলোকক এখন পাৰ্টীত মতা হৈছে। আৰু তেওঁলোকে এই বিষয়ত কথা পাতি আছে।

b ছবিৰ বিষয়ে: তাৰে মাজৰ এজন ভায়ে এই বিষয়ে কোনো নিৰ্ণয় লোৱাৰ আগতে অনুসন্ধান কৰি আছে।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক