ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w25 জুন পৃষ্ঠা ১৪-১৯
  • নম্ৰ হওক আৰু কিছুমান কথা নাজানোঁ বুলি মানি লওক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • নম্ৰ হওক আৰু কিছুমান কথা নাজানোঁ বুলি মানি লওক
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • অন্ত কেতিয়া আহিব আমি নাজানোঁ
  • যিহোৱাই কেনেকৈ সহায় কৰিব আমি নাজানোঁ
  • ভৱিষ্যতে কি হʼব আমি নাজানোঁ
  • আমি বুজি পাব নোৱাৰোঁ যে যিহোৱাই আমাক কিমান ভালদৰে জানে
  • মই যিহোৱাৰ ওপৰত ভৰসা কৰোঁ বুলি মোৰ নিৰ্ণয়ৰ পৰা জানিব পাৰিনে?
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • মনত ৰাখক ‘যিহোৱা জীৱন্ত ঈশ্বৰ’
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
  • যিহোৱাই ভৱিষ্যতে লোকসকলৰ কেনেকৈ ন্যায় কৰিব?
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
  • বিশ্বাসীসকলে যি কʼলে, তাৰ পৰা শিকক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
আৰু চাওক
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
w25 জুন পৃষ্ঠা ১৪-১৯

অধ্যয়নৰ লেখ ২৬

গীত নং ১১৮ “আমাৰ বিশ্বাস বঢ়োৱা”

নম্ৰ হওক আৰু কিছুমান কথা নাজানোঁ বুলি মানি লওক

“সৰ্ব্বশক্তিমান জনা আমাৰ তত্ত্বৰ অগম্য।”—ইয়ো. ৩৭:২৩.

কি শিকিম?

কেতিয়াবা কেতিয়াবা আমি আগলৈ কি হʼব সেয়া ভাবি চিন্তিত হওঁ, এনে পৰিস্থিতি যদি আমি ভৰসা ৰাখোঁ, সেই কথাবোৰৰ ওপৰত আমি ধ্যান দিওঁ যি আমি জানোঁ আৰু আমি কিছুমান কথা নাজানোঁ বুলি নম্ৰতাৰে মানি লওঁ, তেনেহʼলে আমি আমাৰ চিন্তাবোৰৰ সন্মুখীন হʼব পাৰিম।

১. যিহোৱাই আমাক কি দক্ষতা দিছে আৰু কিয়?

যিহোৱাই মানৱ জাতিক অদ্ভুত ৰীতিৰে সৃষ্টি কৰিছে। যেনে, আমি চিন্তা কৰিব পাৰোঁ, নতুন নতুন কথা শিকিব পাৰোঁ আৰু সেইমতে কাম কৰিব পাৰোঁ। যিহোৱাই আমাক এই দক্ষতা কিয় দিছে? কাৰণ আমি ‘ঈশ্বৰ বিষয়ক জ্ঞান পোৱা’ আৰু চিন্তা শক্তি ব্যৱহাৰ কৰি তেওঁৰ উপাসনা কৰাটো তেওঁ বিচাৰে।—হিতো. ২:১-৫; ৰোম. ১২:১.

২. (ক) আমি নিজৰ বিষয়ে কি মনত ৰখা উচিত? (ইয়োব ৩৭:২৩, ২৪) (ছবিখনো চাওক।) (খ) আমি সকলো কথা নাজানোঁ বুলি যদি মানি লওঁ, তেনেহʼলে আমাৰ কি লাভ হʼব?

২ এয়া সঁচা যে যিহোৱাই আমাক এনেদৰে সৃষ্টি কৰিছে যে আমি নতুন নতুন কথা শিকিব পাৰোঁ। কিন্তু আমাৰ এটা সীমা আছে। এনে বহুতো কথা আছে, যি আমি নাজানোঁ। (ইয়োব ৩৭:২৩, ২৪ পঢ়ক।) ইয়োবৰ বিষয়ে চিন্তা কৰক। যেতিয়া তেওঁক এটাৰ পাছত এটা প্ৰশ্ন সোধা হʼল, তেতিয়া তেওঁৰ অনুভৱ হʼল যে এনে বহুতো কথা আছে, যি তেওঁ নাজানে। পাছত তেওঁ নম্ৰতাৰে মানি লʼলে যে তেওঁৰ চিন্তাধাৰা ভুল আছিল আৰু নিজকে শুধৰণি কৰিলে। (ইয়ো. ৪২:৩-৬) ইয়োবৰ দৰে আমিও যদি এই কথা মানি লওঁ যে আমি সকলো কথা নাজানোঁ, তেনেহʼলে আমাৰেই লাভ হʼব। আমি যিহোৱাৰ ওপৰত ভৰসা কৰিবলৈ শিকিম আৰু আমাৰ সম্পূৰ্ণ বিশ্বাস হʼব যে সঠিক নিৰ্ণয় লʼবলৈ তেওঁ আমাক সেই সকলো কথা জনাব, যি আমি জনাৰ প্ৰয়োজন আছে।—হিতো. ২:৬.

ইয়োবৰ ওপৰত মেঘৰ পৰা পোহৰ জিলিক আছে আৰু যিহোৱাই তেওঁৰ লগত কথা পাতি আছে। ইলীহূ আৰু ইয়োবৰ তিনিজন বন্ধু ওচৰতে আছে আৰু সকলোবোৰ চাই আছে।

ইয়োবৰ দৰে যদি আমি মানি লওঁ যে কিছুমান কথা আছে যি আমি নাজানোঁ, তেতিয়া আমাৰেই লাভ হʼব (অনুচ্ছেদ ২ চাওক)


৩. এই লেখত আমি কিহৰ বিষয়ে আলোচনা কৰিম?

৩ এনে কি কি কথা আছে যি আমি নাজানোঁ আৰু ইয়াৰ বাবে আমি কি কি সমস্যাৰ সন্মুখীন হʼবলগীয়া হয়। তাৰ বিষয়ে আমি এই লেখত আলোচনা কৰিম। আমি এয়াও চাম যে কিছুমান কথা নজনাটো আমাৰ বাবে কিয় ভাল। এই কথাবোৰৰ ওপৰত আলোচনা কৰিলে যিহোৱাৰ ওপৰত আমাৰ ভৰসা বাঢ়িব, “যিজনৰ ওচৰত সকলো কথাৰ সম্পূৰ্ণ জ্ঞান আছে।” আমাৰ বিশ্বাস হʼব যে তেওঁ আমাক প্ৰয়োজনীয় সেই সকলো কথা জনাব, যি আমাক জনাৰ প্ৰয়োজন আছে।—ইয়ো. ৩৭:১৬, NW.

অন্ত কেতিয়া আহিব আমি নাজানোঁ

৪. মথি ২৪:৩৬ পদৰ অনুসৰি আমি কি নাজানোঁ?

৪ মথি ২৪:৩৬ পঢ়ক। এই জগতৰ অন্ত কেতিয়া হʼব তাৰ বিষয়ে আমি নাজানোঁ। যীচু যেতিয়া পৃথিৱীত আছিল, তেতিয়া তেওঁ “সেই দিন আৰু সেই সময়ৰ বিষয়ে” নাজানিছিল।a আগলৈ গৈ যীচুৱে নিজৰ শিষ্যসকলক জনালে যে কিছুমান ঘটনা কেতিয়া ঘটিব, এয়া নিৰ্ণয় লোৱাৰ “অধিকাৰ” যিহোৱাই নিজৰ ওচৰত ৰাখিছে আৰু আমি জানোঁ যে যিহোৱাই নিজৰ প্ৰতিটো কাম সঠিক সময়ত কৰে। (পাঁচ. ১:৬, ৭) যিহোৱাই আগতীয়াকৈ নিৰ্ধাৰিত কৰিছে যে তেওঁ কেতিয়া আৰু কোনটো সময়ত এই জগতৰ অন্ত কৰিব। কিন্তু এয়া ঠিক কেতিয়া হʼব, তাৰ বিষয়ে আমি নাজানোঁ।

৫. অন্ত কেতিয়া আহিব আমি নাজানোঁ, ইয়াৰ বাবে কি হʼব পাৰে?

৫ অন্ত আহিবলৈ আৰু কিমান সময় বাকী আছে, সেয়া আমি নাজানোঁ। সেইবাবে, যিহোৱাৰ দিনৰ বাবে অপেক্ষা কৰিবলৈ আমাৰ বাবে কঠিন হʼব পাৰে। যেনে, যদি আমি বহু সময়ৰ পৰা যিহোৱাৰ সেৱা কৰি আছোঁ, তেনেহʼলে হয়তো আমি নিৰাশ হʼব পাৰোঁ বা ধৈৰ্য্য হেৰুৱাব পাৰোঁ। যেনে, যদি পৰিয়ালৰ লোকসকল বা আন লোকসকলে আমাক ঠাট্টা কৰে, তেনেহʼলে সেয়া সহন কৰিবলৈ আমাৰ বাবে কঠিন হʼব পাৰে। (২ পিত. ৩:৩, ৪) সেই সময়ত আমি ভাবিব পাৰোঁ যে ‘অন্ত কেতিয়া আহিব, এয়া জনা হʼলে মোৰ বাবে ধৈৰ্য্য ধৰিবলৈ সহজ হʼলহেঁতেন আৰু মই সকলোবোৰ সহন কৰিব পাৰিলোঁহেঁতেন।’

৬. অন্ত কেতিয়া আহিব এয়া নজনাটো কিয় ভাল?

৬ যিহোৱাই অন্ত কেতিয়া আনিব তাৰ তাৰিখ আমাক জনোৱা নাই। সেইবাবে, আমাৰ ওচৰত এয়া দেখুৱাবলৈ সুযোগ আছে যে আমি তেওঁক কিমান প্ৰেম কৰোঁ আৰু তেওঁৰ ওপৰত কিমান ভৰসা কৰোঁ। আমি এটা তাৰিখ মনত ৰাখি যিহোৱাৰ উপাসনা নকৰোঁ। আমি এয়াও নাভাবোঁ যে আমি মনত ভবা তাৰিখত যদি অন্ত নাহে, তেনেহʼলে আমি যিহোৱাৰ ওপৰত বিশ্বাস কৰিবলৈ এৰি দিম। যিহোৱাৰ দিন কেতিয়া আহিব কেৱল তাৰ বিষয়ে চিন্তা কৰাৰ পৰিৱৰ্তে যিহোৱাৰ এই দিন আহিলে আমি কি কি আশীৰ্বাদ লাভ কৰিম, তাৰ বিষয়ে চিন্তা কৰা উচিত। যদি এইদৰে কৰোঁ, তেনেহʼলে যিহোৱাৰ ওপৰত আমাৰ ভৰসা বাঢ়িব আৰু আমি সেই কামবোৰত লাগি থাকিম, যাৰ পৰা তেওঁ আনন্দিত হʼব।—২ পিত. ৩:১১, ১২.

৭. আমি কি জানোঁ?

৭ এনে বহুতো কথা আছে যি আমি জানোঁ আৰু আমি তাৰ বিষয়ে চিন্তা কৰা উচিত। যেনে, ১৯১৪ চনৰ পৰা এই জগতৰ শেষ কাল আৰম্ভ হʼল। যিহোৱাই বাইবেলত এনে বহুতো ভৱিষ্যবাণী লিখুৱাইছিল, যাৰ পৰা জানিব পাৰে যে ১৯১৪ চনৰ পৰা শেষ কাল আৰম্ভ হʼল। ইয়াৰ উপৰিও এয়াও ভৱিষ্যবাণী কৰা হৈছিল যে শেষ কালত পৃথিৱীৰ পৰিস্থিতি কেনেকুৱা হʼব। আজি আমি সেই সকলো কথা পূৰ হোৱাটো চাবলৈ পাৰিছোঁ। সেইবাবে, আমি সম্পূৰ্ণ বিশ্বাস কৰিব পাৰোঁ যে ‘যিহোৱাৰ মহান দিন ওচৰ’ চাপিছে। (চফ. ১:১৪) আমি এয়াও জানোঁ যে যিহোৱাই আমাৰ পৰা কি বিচাৰে। আমি বেছিতকৈ বেছি লোকসকলক ‘ৰাজ্যৰ শুভবাৰ্তা’ প্ৰচাৰ কৰাটো তেওঁ বিচাৰে। (মথি ২৪:১৪) আজি এই শুভবাৰ্তা প্ৰায় ২৪০ খন দেশত ১০০০-তকৈ বেছি ভাষাত শুনোৱা হৈছে। উৎসাহেৰে প্ৰচাৰ কৰিবলৈ এয়া জনাৰ কোনো প্ৰয়োজন নাই যে অন্ত কোন ‘দিনা’ আৰু কোনটো ‘সময়ত’ আহিব।

যিহোৱাই কেনেকৈ সহায় কৰিব আমি নাজানোঁ

৮. ‘সৰ্ব্বসাধক ঈশ্বৰৰ কাৰ্য্য’ ইয়াৰ অৰ্থ কি? (উপদেশক ১১:৫)

৮ আমি ‘সৰ্ব্বসাধক ঈশ্বৰৰ কাৰ্য্য’ সম্পূৰ্ণৰূপে জানিব নোৱাৰোঁ। (উপদেশক ১১:৫ পঢ়ক।) ‘সৰ্ব্বসাধক ঈশ্বৰৰ কাৰ্য্য’ ইয়াৰ অৰ্থ কি? যিহোৱাই নিজৰ ইচ্ছা পূৰ কৰিবলৈ যি কৰে আৰু যিবোৰ হʼবলৈ অনুমতি দিয়ে, এই সকলোবোৰ তেওঁৰ কাম হয়। যিহোৱাই কিছুমান কথা কিয় হʼবলৈ দিয়ে আৰু কিছুমান বিষয়ত তেওঁ কেনেকৈ আমাক সহায় কৰিব, তাৰ বিষয়ে আমি নাজানোঁ। (গীত. ৩৭:৫) যিদৰে ডাঙৰ ডাঙৰ বৈজ্ঞানিকসকলে আজি নাজানে যে মাতৃৰ গৰ্ভত এটি শিশু কেনেকৈ ডাঙৰ হয়। ঠিক সেইদৰে আমি সত্য ঈশ্বৰৰ কামবোৰো সম্পূৰ্ণৰূপে জানিব নোৱাৰোঁ।

৯. যিহোৱাই আমাক কেনেকৈ সহায় কৰিব, তাৰ বিষয়ে আমি নাজানোঁ, ইয়াৰ বাবে কি হʼব পাৰে?

৯ যিহোৱাই আমাক কেনেকৈ সহায় কৰিব, তাৰ বিষয়ে আমি নাজানোঁ। সেইবাবে, আমি হয়তো কিছুমান নিৰ্ণয় লʼবলৈ সংকোচ কৰিব পাৰোঁ। যেনে, যিহোৱাৰ সেৱাত বেছিকৈ কৰিবলৈ আমি হয়তো নিজৰ জীৱন সৰল কৰিবলৈ বা বেছি প্ৰয়োজন হোৱা ঠাইলৈ গৈ প্ৰচাৰ কৰিবলৈ সংকোচ কৰিব পাৰোঁ। যিহোৱাই আমাক কেনেকৈ সহায় কৰিব, তাৰ বিষয়ে আমি নাজানোঁ। সেইবাবে, আমি হয়তো এয়াও ভাবিব পাৰোঁ যে তেওঁ আমাৰ পৰা আনন্দিত নাই। যেনে, আমি হয়তো যিহোৱাৰ সেৱাত কিছুমান লক্ষ্য ৰাখিছোঁ কিন্তু সেই লক্ষ্যত উপনীত হʼব পৰা নাই বা বহুত পৰিশ্ৰম কৰাৰ পাছতো প্ৰচাৰত ভাল পৰিণাম পোৱা নাই বা সংগঠনৰ কোনো এটা কাম কৰিবলৈ আমি সমস্যাৰ সন্মুখীন হʼব লগা হৈছে। এনে পৰিস্থিতিত ভাবিব পাৰোঁ যে যিহোৱাই আমাৰ পৰা আনন্দিত নাই।

১০. যিহোৱাই আমাক কেনেকৈ সহায় কৰিব, তাৰ বিষয়ে আমি নাজানোঁ, ইয়াৰ বাবে আমাৰ কি লাভ হয়?

১০ যিহোৱাই আমাক কেনেকৈ সহায় কৰিব, তাৰ বিষয়ে আমি নাজানোঁ, ইয়াৰ বাবে আমাৰ কিছুমান লাভো হয়। যেনে, আমি নম্ৰ হʼবলৈ শিকোঁ। আমি জানিব পাৰোঁ যে যিহোৱাৰ পথ আৰু তেওঁৰ চিন্তাধাৰা আমাতকৈ কিমান ওখ। (যিচ. ৫৫:৮, ৯) ইয়াৰ উপৰিও আমি যিহোৱাৰ ওপৰত ভৰসা কৰিবলৈও শিকোঁ আৰু আমি বিশ্বাস কৰোঁ যে তেওঁ আমাক নিশ্চয় সহায় কৰিব। যেতিয়া আমি প্ৰচাৰত ভাল পৰিণাম পাওঁ বা সংগঠনৰ কোনো এটা কাম ভালদৰে পূৰ কৰিব পাৰোঁ, তেতিয়া আমি সকলো প্ৰশংসা যিহোৱাক দিওঁ। (গীত. ১২৭:১; ১ কৰি. ৩:৭) যদি সকলোবোৰ আমি ভবাৰ দৰে নহয়, তেতিয়াও আমি ভৰসা ৰাখিব পাৰোঁ যে যিহোৱাই সকলোবোৰ চাই আছে আৰু তেওঁ সকলো ঠিক কৰিব। (যিচ. ২৬:৩) কিন্তু আমি যি কৰিব পাৰিম, সেয়া কৰি থাকিম আৰু বিশ্বাস ৰাখিম যে যিহোৱাই বাকীখিনি চম্ভালি লʼব। প্ৰাচীন সময়ৰ দৰে তেওঁ হয়তো কোনো চমৎকাৰ নকৰে, কিন্তু তেওঁ আমাক সঠিক পথ দেখুৱাব।—পাঁচ. ১৬:৬-১০.

১১. আমি যিহোৱাৰ বিষয়ে কি জানোঁ?

১১ এতিয়া চিন্তা কৰক, আমি যিহোৱাৰ বিষয়ে কি জানোঁ। আমি জানোঁ যে যিহোৱা মৰমিয়াল ঈশ্বৰ হয়, তেওঁ সদায় সঠিক ন্যায় কৰে আৰু তেওঁ বুদ্ধিমান হয়। আমি জানোঁ যে তেওঁৰ বাবে আৰু ভাই-ভনীসকলৰ বাবে আমি যি কৰোঁ, তাক তেওঁ মূল্যাংকন কৰে। আমি এয়াও জানোঁ যে যিসকলে তেওঁৰ বিশ্বাসী হৈ থাকে, তেওঁ তেওঁলোকক পুৰস্কাৰ দিয়ে।—ইব্ৰী ১১:৬.

ভৱিষ্যতে কি হʼব আমি নাজানোঁ

১২. যাকোব ৪:১৩, ১৪ পদৰ মতে আমি কি নাজানোঁ?

১২ যাকোব ৪:১৩, ১৪ পঢ়ক। আমাৰ জীৱনৰ এটা সত্যতা হৈছে ভৱিষ্যতে আমাৰ লগত কি হʼব, সেয়া আমি নাজানোঁ। এই জগতত আমাৰ ওপৰত ‘অকস্মাতে আপদ’ আহিব পাৰে আৰু আমি ফান্দত পৰিব পাৰোঁ। (উপ. ৯:১১, ১২, IRV) সেইবাবে, আমি যি ভাবিছোঁ, সেয়া পূৰ হʼব নে নহয় আৰু সেয়া চাবলৈ আমি জীয়াই থাকিম নে নাথাকিম, তাৰ বিষয়ে আমি নাজানোঁ।

১৩. ভৱিষ্যতে কি হʼব আমি নাজানোঁ, ইয়াৰ বাবে কি কি সমস্যা হʼব পাৰে?

১৩ ভৱিষ্যতে আমাৰ জীৱনত কি হʼব, আমি নাজানোঁ। সেইবাবে, আমি কিছুমান সমস্যাৰ সন্মুখীন হʼব পাৰোঁ। আমি এয়া ভাবি চিন্তিত হʼব পাৰোঁ যে আমাৰ লগত ভৱিষ্যতে কি হʼব আৰু ইয়াৰ বাবে আমাৰ আনন্দ নাইকিয়া হʼব পাৰে। ইয়াৰ উপৰিও হঠাতে কিবা বিপদ অহাৰ বাবে আমি হয়তো বহুত দুখী বা চিন্তিত হʼব পাৰোঁ। যেতিয়া আমাৰ আশা পূৰ নহয়, তেতিয়া হয়তো আমি বহুত নিৰাশ বা হতাশ হৈ পৰিব পাৰোঁ।—হিতো. ১৩:১২.

১৪. আমাৰ আনন্দ কিহৰ ওপৰত নিৰ্ভৰ কৰে? (ছবিখনো চাওক।)

১৪ যেতিয়া আমি সমস্যাৰ সময়ত ধৈৰ্য্য ধৰোঁ, তেতিয়া আমি প্ৰমাণ কৰোঁ যে আমি যিহোৱাক প্ৰেম কৰাৰ বাবে তেওঁৰ উপাসনা কৰোঁ, নিজৰ স্বাৰ্থৰ বাবে নহয়। বাইবেলৰ পৰা আমি শিকিলোঁ যে যিহোৱাই আমাক সকলো সমস্যাৰ পৰা ৰক্ষা কৰিব বুলি আমি আশা কৰা উচিত নহয়। আমি এয়াও চালোঁ যে আমাৰ লগত কি কি হʼব, সেয়া তেওঁ আগতীয়াকৈ লিখি ৰখা নাই। যিহোৱাই জানে যে ভৱিষ্যতৰ বিষয়ে সকলো কথা জনাৰ ওপৰত আমাৰ আনন্দ নিৰ্ভৰ নকৰে। তাৰ পৰিৱৰ্তে এই কথাৰ ওপৰত নিৰ্ভৰ কৰে যে আমি তেওঁ কোৱা পথত চলোঁ আৰু তেওঁৰ আজ্ঞা পালন কৰোঁ। (যিৰি. ১০:২৩) সেইবাবে, যিকোনো নিৰ্ণয় লোৱাৰ সময়ত যিহোৱাৰ ওপৰত ভৰসা ৰাখক আৰু যাকোবৰ দৰে হʼবলৈ চেষ্টা কৰক। তেওঁ লিখিলে, “যদি যিহোৱাৰ ইচ্ছা হয়, তেনেহʼলে আমি কালিৰ দিন চাবলৈ পাম আৰু এই কাম কৰিম বা সেই কাম কৰিম।”—যাকো. ৪:১৫.

ছবি: ১. এজন ব্যক্তিয়ে নিজৰ লʼৰাৰ লগত মিলি বেগ তৈয়াৰ কৰি আছে যাতে আপাতকালীন পৰিস্থিতিত তেওঁলোকৰ ওচৰত প্ৰয়োজনীয় বস্তুবোৰ থাকে। তেওঁলোকে তাত বাইবেল আৰু আন প্ৰয়োজনীয় বস্তুবোৰ ভৰাইছে। ২. বৰষুণ পৰিছে আৰু সেই ব্যক্তিজনে নিজৰ পত্নী আৰু লʼৰাৰ লগত তম্বুত আছে। তেওঁলোকে এই আপাতকালীন পৰিস্থিতিত বেগৰ বস্তুবোৰ ব্যৱহাৰ কৰিছে।

যিহোৱাৰ আজ্ঞা পালন কৰিলে আৰু তেওঁ দেখুৱা পথত চলি থাকিলে আমি সুৰক্ষিত হৈ থাকিম (অনুচ্ছেদ ১৪-১৫ চাওক)b


১৫. আমি ভৱিষ্যতৰ বিষয়ে কি জানোঁ?

১৫ ভৱিষ্যতে কি হʼব আমি নাজানোঁ, কিন্তু আমি যিহোৱাৰ প্ৰতিজ্ঞাৰ বিষয়ে নিশ্চয় জানোঁ। তেওঁ প্ৰতিজ্ঞা কৰিছে যে তেওঁ আমাক অনন্ত জীৱন দিব, কিছুমান লোকক স্বৰ্গত আৰু কিছুমান লোকক এই পৃথিৱীত। আমি এয়াও জানোঁ যে তেওঁ কেতিয়াও মিছা কথা নকয় আৰু কোনেও তেওঁক নিজৰ প্ৰতিজ্ঞা পূৰ কৰাত বাধা দিব নোৱাৰে। (তীত ১:২) কেৱল যিহোৱাইহে এনে ঈশ্বৰ হয়, যিজনে আমাক সেই কথাবোৰৰ পৰিণামৰ বিষয়ে আগতীয়াকৈ জনাব পাৰে, যি ‘এতিয়াও পূৰ হোৱা নাই।’ প্ৰাচীন সময়ত তেওঁ কিছুমান কথা জনাইছিল যি পূৰ হʼল আৰু ভৱিষ্যতৰ বিষয়েও তেওঁ যি প্ৰতিজ্ঞা কৰিছে, সেয়া নিশ্চয় পূৰ হʼব। (যিচ. ৪৬:১০) আমাৰ সম্পূৰ্ণ বিশ্বাস আছে যে কোনো কথাই যিহোৱাক আমাক প্ৰেম কৰিবলৈ ৰখাব নোৱাৰে। (ৰোম. ৮:৩৫-৩৯) ইয়াৰ উপৰিও তেওঁ আমাক বুদ্ধি, শান্ত্বনা আৰু শক্তি দিব পাৰে যাতে আমি সকলো সমস্যা সহন কৰিব পাৰোঁ। আমি বিশ্বাস ৰাখিব পাৰোঁ যে যিহোৱাই আমাক সহায় কৰিব আৰু আশীৰ্বাদ দিব।—যিৰি. ১৭:৭, ৮.

আমি বুজি পাব নোৱাৰোঁ যে যিহোৱাই আমাক কিমান ভালদৰে জানে

১৬. যিহোৱাই আমাৰ বিষয়ে কি জানে আৰু ইয়াৰ বিষয়ে চিন্তা কৰি আপোনাৰ কেনেকুৱা লাগে? (গীতমালা ১৩৯:১-৬)

১৬ গীতমালা ১৩৯:১-৬ পঢ়ক। আমাৰ সৃষ্টিকৰ্তাই আমাৰ গঠন জানে। তেওঁ জানে যে আজি আমি কিয় এইদৰে আছোঁ। তেওঁ জানে যে আমি কি চিন্তা কৰোঁ আৰু কেনে অনুভৱ কৰোঁ। তেওঁ এয়াও জানে যে আমি যি কওঁ, সেয়া কি উদ্দেশ্যৰে কওঁ আৰু যি কৰোঁ, সেয়া কিয় কৰোঁ। দায়ূদে কৈছিল তেওঁ আমাক ঢাকি ৰাখে অৰ্থাৎ আমালৈ ধ্যান দিয়ে আৰু আমাক সহায় কৰিবলৈ সদায় সাজু হৈ থাকে। চিন্তা কৰক, এয়া কিমান ডাঙৰ কথা যে স্বৰ্গ আৰু পৃথিৱীৰ সৃষ্টিকৰ্তা সৰ্বশক্তিমান ঈশ্বৰ যিহোৱাই আমাৰ নিচিনা সাধাৰণ মানুহৰ ওপৰত ধ্যান দিয়ে। ইয়াৰ বিষয়ে দায়ূদে এইদৰে কৈছিল, “এনে জ্ঞান মোৰ বোধৰ অগম্য; সেয়ে উচ্চ, মই তাক ঢুকি পাব নোৱাৰোঁ।”—গীত. ১৩৯:৬.

১৭. যিহোৱাই আমাক ভালদৰে জানে, এই কথা মানি লোৱাটো আমাৰ বাবে কিয় কঠিন হʼব পাৰে?

১৭ আমি যি পৰিৱেশত ডাঙৰ-দীঘল হৈছোঁ বা আমাৰ সংস্কৃতিৰ বাবে বা আমি আগতে যি বিশ্বাস কৰিছিলোঁ, তাৰ বাবে আমাক এয়া মানি লʼবলৈ কঠিন লাগিব পাৰে যে যিহোৱা এজন মৰমিয়াল পিতৃ হয় আৰু তেওঁ আমাৰ বিষয়ে চিন্তা কৰে। এয়াও হʼব পাৰে যে আমি আগতে কিবা এটা ভুল কৰিছিলোঁ, যাৰ বাবে আমি দায়ূদৰ দৰে অনুভৱ কৰোঁ যে যিহোৱাই আমাৰ লগত কোনো সম্পৰ্ক ৰাখিব নিবিচাৰে আৰু তেওঁ আমাৰ পৰা বহুত দূৰত আছে। (গীত. ৩৮:১৮, ২১) এয়াও হʼব পাৰে যে এজন ব্যক্তিয়ে অনৈতিক কাম এৰিবলৈ বহুত পৰিশ্ৰম কৰি আছে যাতে তেওঁ ঈশ্বৰক আনন্দিত কৰিব পাৰে। কিন্তু তেওঁৰ মনত হয়তো এনেধৰণৰ প্ৰশ্ন আহিব পাৰে, ‘যিহোৱাই মোক ভালদৰে জানে, তেনেহʼলে মোৰ জীৱনত সাল-সলনি কৰাটো তেওঁ কিয় বিচাৰে? তেওঁ মোক সেই বস্তুবোৰ এৰিবলৈ কিয় কয়, যি মোক বহুত ভাল লাগে?’

১৮. আমি নিজকে যিমান নাজানোঁ, যিহোৱা তাতকৈ বেছি ভালদৰে আমাক জানে, এই কথা বুজি পোৱাটো কিয় গুৰুত্বপূৰ্ণ? (ছবিখনো চাওক।)

১৮ আমি এয়া বুজি পোৱাটো আতি গুৰুত্বপূৰ্ণ যে আমি নিজকে যিমান নাজানোঁ, যিহোৱাই তাতকৈ বেছি ভালদৰে আমাক জানে আৰু তেওঁ আমাৰ ভাল গুণবোৰলৈ ধ্যান দিয়ে যি আমি দেখা নাপাওঁ। তেওঁ আমাৰ দুৰ্বলতাবোৰৰ বিষয়ে জানে আৰু এয়াও জানে যে এই দুৰ্বলতাবোৰ কিয় আছে। তেওঁ এয়াও জানে যে আমি নিজকে সলনি কৰিব পাৰোঁ আৰু এইদৰে কৰিবলৈ তেওঁ আমাক মৰমেৰে সহায় কৰে। (ৰোম. ৭:১৫) যেতিয়া আমি এই কথা বুজি পাওঁ যে যিহোৱাই এয়া নাচাই যে আমি কেনেধৰণৰ ব্যক্তি হওঁ, তাৰ পৰিৱৰ্তে তেওঁ এয়া চাই যে আমি কেনেধৰণৰ ব্যক্তি হʼব পাৰোঁ, তেতিয়া তেওঁৰ বিশ্বাসী হৈ থাকিবলৈ আৰু আনন্দেৰে তেওঁৰ সেৱা কৰি থাকিবলৈ আমাৰ মন যাব।

ছবি: ১. বৰষুণ পৰিছে আৰু আন্ধাৰ হৈ আছে। এজন ভায়ে বহুত চিন্তিত হৈ আছে আৰু বাহিৰলৈ চাই আছে। ২. প্ৰমোদবনত সেই ভাইজনে নিজৰ বন্ধুসকলৰ লগত ফুৰিবলৈ গৈছে আৰু ধুনীয়া দৃশ্যৰ আনন্দ লৈ আছে।

যিহোৱাই আমাক অনন্ত জীৱন দিয়াৰ যি প্ৰতিজ্ঞা কৰিছে, তাৰ ওপৰত তেওঁ আমাৰ ভৰসা বঢ়ায়। ইয়াৰ বাবে আমি জীৱনত অহা সকলো সমস্যা সন্মুখীন হʼব পাৰোঁ (অনুচ্ছেদ ১৮-১৯ চাওক)c


১৯. আমি যিহোৱাৰ বিষয়ে কি জানোঁ?

১৯ আমি জানোঁ যে যিহোৱা প্ৰেম হয় আৰু এই কথাৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে। (যোহ. ৪:৮) আমি জানোঁ যে তেওঁ যিবোৰ মানদণ্ড দিছে, সেয়া প্ৰেমৰ বাবে দিছে আৰু তেওঁ আমাৰ ভাল হোৱাটো বিচাৰে। আমি জানোঁ যে যিহোৱাই আমাক অনন্ত জীৱন দিব বিচাৰে আৰু ইয়াৰ বাবে তেওঁ নিজৰ পুত্ৰৰ মুক্তিৰ মূল্যৰ বলিদান দিলে। মুক্তিৰ মূল্যৰ পৰা আমাৰ বিশ্বাস হয় যে অসিদ্ধ হোৱাৰ সত্ত্বেও আমি যিহোৱাক আনন্দিত কৰিব পাৰোঁ। (ৰোম. ৭:২৪, ২৫) আমি এয়াও জানোঁ যে “ঈশ্বৰ আমাৰ হৃদয়তকৈ মহান হয় আৰু তেওঁ সকলো জানে।” (১ যোহ. ৩:১৯, ২০) যিহোৱাই আমাৰ বিষয়ে ভালদৰে জানে আৰু তেওঁৰ সম্পূৰ্ণ বিশ্বাস আছে যে আমি তেওঁৰ ইচ্ছা পূৰ কৰিব পাৰিম।

২০. কি কথা মনত ৰাখিলে আমি বেছিকৈ চিন্তিত নহʼম?

২০ যিহোৱাই আমাৰ পৰা এনে কোনো কথা লুকুৱাই ৰখা নাই, যি আমি জনাৰ প্ৰয়োজন আছে। যদি আমি এই কথা বুজি পাওঁ আৰু নম্ৰ হৈ থাকোঁ, তেনেহʼলে আমি বহুত চিন্তিত নহʼম আৰু বেছি প্ৰয়োজন হোৱা বস্তুবোৰৰ ওপৰত ধ্যান দিব পাৰিম। এইদৰে আমি দেখুৱাম যে যিহোৱা যি “জ্ঞানত সিদ্ধ” তেওঁৰ ওপৰত আমাৰ সম্পূৰ্ণ ভৰসা আছে। (ইয়ো. ৩৬:৪) এয়া সঁচা যে কিছুমান কথা আছে ,যাৰ বিষয়ে আমি সম্পূৰ্ণৰূপে নাজানোঁ। কিন্তু আমি নতুন পৃথিৱীৰ বাবে অপেক্ষা কৰি আছোঁ, যেতিয়া আমি নতুন নতুন কথাবোৰ শিকিম আৰু আমাৰ মহান ঈশ্বৰ যিহোৱাক আৰু ভালদৰে জানিব পাৰিম।—উপ. ৩:১১

আপুনি কেনেকৈ উত্তৰ দিব?

  • অন্ত কেতিয়া আহিব এয়া নজনাটো কিয় ভাল?

  • ভৱিষ্যতে কি হʼব এয়া জনাটো কিয় গুৰুত্বপূৰ্ণ নহয়?

  • যিহোৱাই আমাক ভালদৰে জানে এই কথা বুজি পোৱাটো কিয় গুৰুত্বপূৰ্ণ?

গীত নং ৮৯ আহা, আমি আজ্ঞা মানো

a যীচুৱে নিজৰ সেনাবাহিনীৰ লগত মিলি চয়তানৰ এই দুষ্ট জগতৰ বিনাশ কৰিব। সেইবাবে, এয়া কোৱাটো সঠিক হʼব যে এতিয়া যীচুৱে জানে যে হৰমাগিদোন কেতিয়া আহিব আৰু কেতিয়া ‘তেওঁ জয়লাভ সম্পূৰ্ণ কৰিব।’—প্ৰকা. ৬:২; ১৯:১১-১৬.

b ছবিৰ বিষয়ে: এজন ব্যক্তিয়ে নিজৰ লʼৰাৰ লগত মিলি বেগ তৈয়াৰ কৰি আছে যাতে আপাতকালীন পৰিস্থিতিত তেওঁলোকৰ ওচৰত প্ৰয়োজনীয় বস্তুবোৰ থাকে।

c ছবিৰ বিষয়ে: এজন ভায়ে নিজৰ সমস্যাৰ বাবে বহুত চিন্তিত আছে, কিন্তু তেওঁ আহিবলগীয়া নতুন পৃথিৱীৰ বিষয়ে ভাবি আছে, যেতিয়া সকলোৱে আনন্দত থাকিব।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক