ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
লগ আউট
লগ ইন
ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
আদৰণি জনাইছোঁ।
যিহোৱাৰ সাক্ষীসকলে ছপা কৰা প্ৰকাশনবোৰ বিভিন্ন ভাষাত চাবলৈ ব্যৱহাৰ কৰা ই এক অনুসন্ধানৰ সঁজুলি।
প্ৰকাশন ডাউনল’ড কৰিবলৈ অনুগ্ৰহ কৰি jw.org যাব পাৰে।
  • আজি

শুক্ৰবাৰ, ২৪ অক্টোবৰ

বিশেষকৈ তোমালোকৰ মাজত পৰস্পৰে আগ্ৰহযুক্ত প্ৰেম ৰাখা; কিয়নো প্ৰেমে পাপসমূহ ঢাকে।—১ পিত. ৪:৮.

এতিয়া আহক পিতৰে কোৱা কথাবোৰ চালি-জাৰি চাওঁ। পিতৰে ৮ পদৰ প্ৰথম ভাগত কৈছিল যে আমি এজনে-আনজনক “আগ্ৰহযুক্ত” প্ৰেম কৰা উচিত। ইয়াত পিতৰে যি প্ৰেমৰ বিষয়ে কৈছিল, তাৰ বাবে যি গ্ৰীক শব্দ ব্যৱহাৰ কৰা হৈছে, তাৰ অৰ্থ হৈছে “টানি বহল কৰা।” পদৰ দ্বিতীয় ভাগত কোৱা হৈছে যে যেতিয়া আমি ভাই-ভনীসকলক এনেধৰণৰ প্ৰেম কৰোঁ, তেতিয়া কি লাভ হয়? ইয়ে তেওঁলোকৰ পাপবোৰ ঢাকি দিয়ে। এয়া এনে হয় যেন আপুনি দুয়োখন হাতেৰে প্ৰেমৰ এখন কাপোৰ লৈ আছে, যাক টানি বহল কৰিব পাৰি। আপুনি ইয়াক ইমানেই টানি বহল কৰে যে ইয়াৰ পৰা আনৰ এটা বা দুটা নহয়, বহুতো ‘পাপ’ ঢাকি যায়। যেতিয়া পিতৰে ‘পাপসমূহ’ ঢাকি দিয়াৰ বিষয়ে কৈছিল, তেতিয়া ইয়াৰ অৰ্থ আছিল তেওঁলোকক ক্ষমা কৰা। যেনেকৈ এখন কাপোৰ পাৰি দিলে সকলো দাগ লুকাই যায়, ঠিক সেইদৰে প্ৰেমৰ পৰা আমি আনৰ দুৰ্বলতাবোৰ ঢাকি দিব পাৰোঁ। আমি ভাই-ভনীসকলক ইমানেই প্ৰেম কৰা উচিত যাতে আমি তেওঁলোকৰ ভুলবোৰ ক্ষমা কৰিব পাৰোঁ, আনকি সেই সময়তো যেতিয়া এইদৰে কৰিবলৈ বহুত কঠিন লাগে। (কল. ৩:১৩) যেতিয়া আমি ভাই-ভনীসকলক ক্ষমা কৰোঁ, তেতিয়া ইয়াৰ পৰা জানিব পাৰি যে আমি ভাই-ভনীসকলক বহুত প্ৰেম কৰোঁ আৰু আমি যিহোৱাকো আনন্দিত কৰিব বিচাৰোঁ। w২৩.১১ ১০-১২ ¶১৩-১৫

দৈনিক বাইবেল পাঠৰ ওপৰত ধ্যান দিয়ক-২০২৫

শনিবাৰ, ২৫ অক্টোবৰ

চাফনে ৰজাৰ আগত তাক পাঠ কৰিবলৈ ধৰিলে।—২ বং. ৩৪:১৮.

যোচিয়া ডাঙৰ হোৱাৰ পাছত মন্দিৰৰ মেৰামতি কৰাবলৈ আৰম্ভ কৰিলে। সেই সময়ত “মোচিয়ে দিয়া যিহোৱাৰ ব্যৱস্থা-পুস্তকখন” পোৱা গʼল। সেই কিতাপ পঢ়ি শুনোৱাৰ সময়ত তাৰ কথাবোৰ তেওঁৰ হৃদয় স্পৰ্শ কৰিলে আৰু তেওঁ লগে লগে পদক্ষেপ লʼলে। (২ বং. ৩৪:১৪, ১৯-২১) আপুনি প্ৰতিদিনে বাইবেল পঢ়িব বিচাৰেনে? যদি আপুনি আগৰে পৰা পঢ়ি আছে, তেনেহʼলে আপোনাক পঢ়ি কেনেকুৱা লাগিছে? আপুনি সেই পদবোৰ কʼৰবাত লিখি ৰাখেনে, যাৰ পৰা আপুনি সহায় পাব পাৰে? যোচিয়া ৩৯ বছৰ বয়সত এটা ডাঙৰ ভুল কৰিলে। তেওঁ যিহোৱাৰ পৰা পৰামৰ্শ নলৈ নিজৰ ওপৰত ভৰসা কৰিলে। (২ বং. ৩৫:২০-২৫) ইয়াৰ বাবে তেওঁ নিজৰ জীৱন হেৰুৱাবলগীয়া হʼল। ইয়াৰ পৰা আমি এটা গুৰুত্বপূৰ্ণ কথা শিকোঁ। আমি যিমানেই সময়ৰ পৰা বাইবেল অধ্যয়ন কৰি আছোঁ বা আমাৰ বয়স যিমানেই নহওক কিয় আমি সদায় যিহোৱাৰ চিন্তাধাৰা জানিবলৈ চেষ্টা কৰা উচিত। ইয়াৰ অৰ্থ হৈছে সঠিক পথ দেখুৱাবলৈ নিয়মীয়াকৈ যিহোৱালৈ প্ৰাৰ্থনা কৰা, তেওঁৰ বাক্য বাইবেল অধ্যয়ন কৰি থকা আৰু অভিজ্ঞতা থকা ভাই-ভনীসকলৰ পৰামৰ্শ লোৱা উচিত। এইদৰে কৰিলে আমি ডাঙৰ ভুল কৰাৰ পৰা বাচিব পাৰিম আৰু আনন্দত থাকিম।—যাকো. ১:২৫. w২৩.০৯ ১২ ¶১৫-১৬

দৈনিক বাইবেল পাঠৰ ওপৰত ধ্যান দিয়ক-২০২৫

দেওবাৰ, ২৬ অক্টোবৰ

ঈশ্বৰ অহঙ্কাৰীবিলাকৰ বিপক্ষ হয়, কিন্তু নম্ৰবিলাকক তেওঁ অনুগ্ৰহ দান কৰে।—যাকো. ৪:৬.

বাইবেলত এনে বহুতো তিৰোতাৰ বিষয়ে উল্লেখ আছে, যিসকলে যিহোৱাক প্ৰেম কৰিছিল আৰু মনে-প্ৰাণে তেওঁৰ সেৱা কৰিছিল। সেই তিৰোতাসকলে সকলো কথাতে “ধীৰ” আৰু ‘সকলো বিষয়ত বিশ্বাসী’ আছিল। (১ তীম. ৩:১১) যুৱতী ভনীসকল, আপোনালোকে সেই তিৰোতাসকলৰ পৰা বহুতো কথা শিকিব পাৰে। ইয়াৰ উপৰিও, হয়তো আপোনাৰ মণ্ডলীতো এনে বহুতো পৰিপক্ক ভনী আছে, যিসকলৰ পৰা আপুনি বহুতো কথা শিকিব পাৰে। অলপ সময়ৰ বাবে এনে কিছুমান পৰিপক্ক ভনীসকলৰ বিষয়ে চিন্তা কৰক, যিসকলৰ নিচিনা আপুনি হʼব বিচাৰে। তেওঁলোকৰ কি কি গুণ আছে আৰু আপুনি তেওঁলোকৰ নিচিনা কেনেকৈ হʼব পাৰে, তাৰ বিষয়ে চিন্তা কৰক। এজন পৰিপক্ক বা ভাল খ্ৰীষ্টান হʼবলৈ নম্ৰ হোৱাটো অতি প্ৰয়োজন। যিজনী ভনী নম্ৰ হয়, তেওঁৰ যিহোৱা আৰু আন লোকসকলৰ লগত ভাল সম্পৰ্ক থাকে। যেনে, যদি এজনী ভনী নম্ৰ হয় আৰু যিহোৱাক প্ৰেম কৰে, তেনেহʼলে তেওঁ ১ কৰিন্থীয়া ১১:৩ পদত দিয়া সিদ্ধান্তটো পালন কৰিব আৰু মণ্ডলী বা পৰিয়ালত যিসকল লোকক কিছুমান অধিকাৰ দিয়া হৈছে, তেওঁলোকৰ অধীনত থাকিব। w২৩.১২ ১৮-১৯ ¶৩-৫

দৈনিক বাইবেল পাঠৰ ওপৰত ধ্যান দিয়ক-২০২৫
আদৰণি জনাইছোঁ।
যিহোৱাৰ সাক্ষীসকলে ছপা কৰা প্ৰকাশনবোৰ বিভিন্ন ভাষাত চাবলৈ ব্যৱহাৰ কৰা ই এক অনুসন্ধানৰ সঁজুলি।
প্ৰকাশন ডাউনল’ড কৰিবলৈ অনুগ্ৰহ কৰি jw.org যাব পাৰে।
  • অসমীয়া
  • আনলৈ পঠিয়াওক
  • সুবিধা সমূহ
  • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
  • ব্যৱহাৰৰ চৰ্ত
  • গোপনীয়তাৰ চৰ্ত
  • গোপনীয়তা চেটিং
  • JW.ORG
  • লগ ইন
আনলৈ পঠিয়াওক