শনিবাৰ, ২৫ অক্টোবৰ
চাফনে ৰজাৰ আগত তাক পাঠ কৰিবলৈ ধৰিলে।—২ বং. ৩৪:১৮.
যোচিয়া ডাঙৰ হোৱাৰ পাছত মন্দিৰৰ মেৰামতি কৰাবলৈ আৰম্ভ কৰিলে। সেই সময়ত “মোচিয়ে দিয়া যিহোৱাৰ ব্যৱস্থা-পুস্তকখন” পোৱা গʼল। সেই কিতাপ পঢ়ি শুনোৱাৰ সময়ত তাৰ কথাবোৰ তেওঁৰ হৃদয় স্পৰ্শ কৰিলে আৰু তেওঁ লগে লগে পদক্ষেপ লʼলে। (২ বং. ৩৪:১৪, ১৯-২১) আপুনি প্ৰতিদিনে বাইবেল পঢ়িব বিচাৰেনে? যদি আপুনি আগৰে পৰা পঢ়ি আছে, তেনেহʼলে আপোনাক পঢ়ি কেনেকুৱা লাগিছে? আপুনি সেই পদবোৰ কʼৰবাত লিখি ৰাখেনে, যাৰ পৰা আপুনি সহায় পাব পাৰে? যোচিয়া ৩৯ বছৰ বয়সত এটা ডাঙৰ ভুল কৰিলে। তেওঁ যিহোৱাৰ পৰা পৰামৰ্শ নলৈ নিজৰ ওপৰত ভৰসা কৰিলে। (২ বং. ৩৫:২০-২৫) ইয়াৰ বাবে তেওঁ নিজৰ জীৱন হেৰুৱাবলগীয়া হʼল। ইয়াৰ পৰা আমি এটা গুৰুত্বপূৰ্ণ কথা শিকোঁ। আমি যিমানেই সময়ৰ পৰা বাইবেল অধ্যয়ন কৰি আছোঁ বা আমাৰ বয়স যিমানেই নহওক কিয় আমি সদায় যিহোৱাৰ চিন্তাধাৰা জানিবলৈ চেষ্টা কৰা উচিত। ইয়াৰ অৰ্থ হৈছে সঠিক পথ দেখুৱাবলৈ নিয়মীয়াকৈ যিহোৱালৈ প্ৰাৰ্থনা কৰা, তেওঁৰ বাক্য বাইবেল অধ্যয়ন কৰি থকা আৰু অভিজ্ঞতা থকা ভাই-ভনীসকলৰ পৰামৰ্শ লোৱা উচিত। এইদৰে কৰিলে আমি ডাঙৰ ভুল কৰাৰ পৰা বাচিব পাৰিম আৰু আনন্দত থাকিম।—যাকো. ১:২৫. w২৩.০৯ ১২ ¶১৫-১৬
দেওবাৰ, ২৬ অক্টোবৰ
ঈশ্বৰ অহঙ্কাৰীবিলাকৰ বিপক্ষ হয়, কিন্তু নম্ৰবিলাকক তেওঁ অনুগ্ৰহ দান কৰে।—যাকো. ৪:৬.
বাইবেলত এনে বহুতো তিৰোতাৰ বিষয়ে উল্লেখ আছে, যিসকলে যিহোৱাক প্ৰেম কৰিছিল আৰু মনে-প্ৰাণে তেওঁৰ সেৱা কৰিছিল। সেই তিৰোতাসকলে সকলো কথাতে “ধীৰ” আৰু ‘সকলো বিষয়ত বিশ্বাসী’ আছিল। (১ তীম. ৩:১১) যুৱতী ভনীসকল, আপোনালোকে সেই তিৰোতাসকলৰ পৰা বহুতো কথা শিকিব পাৰে। ইয়াৰ উপৰিও, হয়তো আপোনাৰ মণ্ডলীতো এনে বহুতো পৰিপক্ক ভনী আছে, যিসকলৰ পৰা আপুনি বহুতো কথা শিকিব পাৰে। অলপ সময়ৰ বাবে এনে কিছুমান পৰিপক্ক ভনীসকলৰ বিষয়ে চিন্তা কৰক, যিসকলৰ নিচিনা আপুনি হʼব বিচাৰে। তেওঁলোকৰ কি কি গুণ আছে আৰু আপুনি তেওঁলোকৰ নিচিনা কেনেকৈ হʼব পাৰে, তাৰ বিষয়ে চিন্তা কৰক। এজন পৰিপক্ক বা ভাল খ্ৰীষ্টান হʼবলৈ নম্ৰ হোৱাটো অতি প্ৰয়োজন। যিজনী ভনী নম্ৰ হয়, তেওঁৰ যিহোৱা আৰু আন লোকসকলৰ লগত ভাল সম্পৰ্ক থাকে। যেনে, যদি এজনী ভনী নম্ৰ হয় আৰু যিহোৱাক প্ৰেম কৰে, তেনেহʼলে তেওঁ ১ কৰিন্থীয়া ১১:৩ পদত দিয়া সিদ্ধান্তটো পালন কৰিব আৰু মণ্ডলী বা পৰিয়ালত যিসকল লোকক কিছুমান অধিকাৰ দিয়া হৈছে, তেওঁলোকৰ অধীনত থাকিব। w২৩.১২ ১৮-১৯ ¶৩-৫
সোমবাৰ, ২৭ অক্টোবৰ
স্বামীবিলাকেও নিজ নিজ ভাৰ্য্যাক, নিজ নিজ শৰীৰ বুলি প্ৰেম কৰা উচিত।—ইফি. ৫:২৮.
এজন স্বামীয়ে নিজৰ পত্নীক প্ৰেম কৰা, তেওঁৰ প্ৰয়োজনীয়তাবোৰৰ প্ৰতি যত্ন লোৱা, তেওঁৰ ভাল বন্ধু হোৱা আৰু ঈশ্বৰৰ লগত তেওঁৰ সম্পৰ্ক মজবুত কৰিবলৈ সহায় কৰাটো যিহোৱাই বিচাৰে। যদি আপুনি এতিয়াৰে পৰা নিজৰ চিন্তা-শক্তি বঢ়াই, তিৰোতাসকলক সন্মান কৰিবলৈ শিকে আৰু ভৰসাযোগ্য হয়, তেনেহʼলে আপুনি আগলৈ গৈ এজন স্বামী আৰু মুৰব্বীৰ দায়িত্ব ভালদৰে চম্ভালিবলৈ পাৰিব। বিয়াৰ পাছত হয়তো আপোনাৰ লʼৰা-ছোৱালী হʼব পাৰে। গতিকে, আপুনি এজন ভাল পিতৃ কেনেকৈ হʼব পাৰিব? (ইফি. ৬:৪) যিহোৱাই খুলি কৈছিল যে তেওঁ নিজৰ পুত্ৰ যীচুক বহুত প্ৰেম কৰে আৰু তেওঁৰ পৰা আনন্দিত আছে। (মথি ৩:১৭) গতিকে আগলৈ গৈ যেতিয়া আপুনি পিতৃ হʼব, তেতিয়া আপুনিও যিহোৱাৰ দৰে হʼবলৈ চেষ্টা কৰিব। আপুনি নিজৰ লʼৰা-ছোৱালীক প্ৰেম কৰে বুলি বিশ্বাস দিব। যেতিয়া তেওঁলোকে কিবা ভাল কাম কৰিব, তেতিয়া মন খুলি তেওঁলোকৰ প্ৰশংসা কৰিব। যদি আপুনি এইদৰে নিজৰ লʼৰা-ছোৱালীৰ লগত ব্যৱহাৰ কৰিব, তেনেহʼলে আগলৈ গৈ তেওঁলোকেও পৰিপক্ক খ্ৰীষ্টান হʼব পাৰিব। সেইবাবে, আপুনি এতিয়াৰে পৰা নিজৰ পৰিয়াল আৰু মণ্ডলীৰ ভাই-ভনীসকলৰ যত্ন লওক, আপুনি তেওঁলোকক বহুত প্ৰেম কৰে আৰু তেওঁলোকক মূল্যৱান বুলি ভাবে বুলি জনাওক।—যোহ. ১৫:৯. w২৩.১২ ২৮-২৯ ¶১৭-১৮