দেওবাৰ, ২৬ অক্টোবৰ
ঈশ্বৰ অহঙ্কাৰীবিলাকৰ বিপক্ষ হয়, কিন্তু নম্ৰবিলাকক তেওঁ অনুগ্ৰহ দান কৰে।—যাকো. ৪:৬.
বাইবেলত এনে বহুতো তিৰোতাৰ বিষয়ে উল্লেখ আছে, যিসকলে যিহোৱাক প্ৰেম কৰিছিল আৰু মনে-প্ৰাণে তেওঁৰ সেৱা কৰিছিল। সেই তিৰোতাসকলে সকলো কথাতে “ধীৰ” আৰু ‘সকলো বিষয়ত বিশ্বাসী’ আছিল। (১ তীম. ৩:১১) যুৱতী ভনীসকল, আপোনালোকে সেই তিৰোতাসকলৰ পৰা বহুতো কথা শিকিব পাৰে। ইয়াৰ উপৰিও, হয়তো আপোনাৰ মণ্ডলীতো এনে বহুতো পৰিপক্ক ভনী আছে, যিসকলৰ পৰা আপুনি বহুতো কথা শিকিব পাৰে। অলপ সময়ৰ বাবে এনে কিছুমান পৰিপক্ক ভনীসকলৰ বিষয়ে চিন্তা কৰক, যিসকলৰ নিচিনা আপুনি হʼব বিচাৰে। তেওঁলোকৰ কি কি গুণ আছে আৰু আপুনি তেওঁলোকৰ নিচিনা কেনেকৈ হʼব পাৰে, তাৰ বিষয়ে চিন্তা কৰক। এজন পৰিপক্ক বা ভাল খ্ৰীষ্টান হʼবলৈ নম্ৰ হোৱাটো অতি প্ৰয়োজন। যিজনী ভনী নম্ৰ হয়, তেওঁৰ যিহোৱা আৰু আন লোকসকলৰ লগত ভাল সম্পৰ্ক থাকে। যেনে, যদি এজনী ভনী নম্ৰ হয় আৰু যিহোৱাক প্ৰেম কৰে, তেনেহʼলে তেওঁ ১ কৰিন্থীয়া ১১:৩ পদত দিয়া সিদ্ধান্তটো পালন কৰিব আৰু মণ্ডলী বা পৰিয়ালত যিসকল লোকক কিছুমান অধিকাৰ দিয়া হৈছে, তেওঁলোকৰ অধীনত থাকিব। w২৩.১২ ১৮-১৯ ¶৩-৫
সোমবাৰ, ২৭ অক্টোবৰ
স্বামীবিলাকেও নিজ নিজ ভাৰ্য্যাক, নিজ নিজ শৰীৰ বুলি প্ৰেম কৰা উচিত।—ইফি. ৫:২৮.
এজন স্বামীয়ে নিজৰ পত্নীক প্ৰেম কৰা, তেওঁৰ প্ৰয়োজনীয়তাবোৰৰ প্ৰতি যত্ন লোৱা, তেওঁৰ ভাল বন্ধু হোৱা আৰু ঈশ্বৰৰ লগত তেওঁৰ সম্পৰ্ক মজবুত কৰিবলৈ সহায় কৰাটো যিহোৱাই বিচাৰে। যদি আপুনি এতিয়াৰে পৰা নিজৰ চিন্তা-শক্তি বঢ়াই, তিৰোতাসকলক সন্মান কৰিবলৈ শিকে আৰু ভৰসাযোগ্য হয়, তেনেহʼলে আপুনি আগলৈ গৈ এজন স্বামী আৰু মুৰব্বীৰ দায়িত্ব ভালদৰে চম্ভালিবলৈ পাৰিব। বিয়াৰ পাছত হয়তো আপোনাৰ লʼৰা-ছোৱালী হʼব পাৰে। গতিকে, আপুনি এজন ভাল পিতৃ কেনেকৈ হʼব পাৰিব? (ইফি. ৬:৪) যিহোৱাই খুলি কৈছিল যে তেওঁ নিজৰ পুত্ৰ যীচুক বহুত প্ৰেম কৰে আৰু তেওঁৰ পৰা আনন্দিত আছে। (মথি ৩:১৭) গতিকে আগলৈ গৈ যেতিয়া আপুনি পিতৃ হʼব, তেতিয়া আপুনিও যিহোৱাৰ দৰে হʼবলৈ চেষ্টা কৰিব। আপুনি নিজৰ লʼৰা-ছোৱালীক প্ৰেম কৰে বুলি বিশ্বাস দিব। যেতিয়া তেওঁলোকে কিবা ভাল কাম কৰিব, তেতিয়া মন খুলি তেওঁলোকৰ প্ৰশংসা কৰিব। যদি আপুনি এইদৰে নিজৰ লʼৰা-ছোৱালীৰ লগত ব্যৱহাৰ কৰিব, তেনেহʼলে আগলৈ গৈ তেওঁলোকেও পৰিপক্ক খ্ৰীষ্টান হʼব পাৰিব। সেইবাবে, আপুনি এতিয়াৰে পৰা নিজৰ পৰিয়াল আৰু মণ্ডলীৰ ভাই-ভনীসকলৰ যত্ন লওক, আপুনি তেওঁলোকক বহুত প্ৰেম কৰে আৰু তেওঁলোকক মূল্যৱান বুলি ভাবে বুলি জনাওক।—যোহ. ১৫:৯. w২৩.১২ ২৮-২৯ ¶১৭-১৮
মঙ্গলবাৰ, ২৮ অক্টোবৰ
হে যিহোৱা, তোমাৰ দয়াই [প্ৰকৃত প্ৰেম] মোক ধৰি ৰাখিলে।—গীত. ৯৪:১৮.
পৃথিৱীৰ আন লোকসকলৰ দৰে যিহোৱাৰ বিশ্বাসী সেৱকসকলেও বহুতো সমস্যাৰ সন্মুখীন হʼবলগীয়া হয়। ইয়াৰ উপৰিও যিহোৱাৰ সেৱা কৰাৰ বাবে বহুতো লোকে আমাৰ বিৰোধ বা আমাক অত্যাচাৰ কৰে। এনেধৰণৰ সমস্যাৰ পৰা যিহোৱাই হয়তো আমাক নবচাবও পাৰে। কিন্তু তেওঁ আমাক প্ৰতিজ্ঞা কৰিছে যে এই সমস্যাবোৰ পাৰ কৰিবলৈ তেওঁ আমাক নিশ্চয় সহায় কৰিব। (যিচ. ৪১:১০) যিহোৱাৰ সহায়ত আমি ডাঙৰ ডাঙৰ সমস্যাৰ সময়তো আনন্দিত থাকিব পাৰিম, সঠিক নিৰ্ণয় লʼব পাৰিম আৰু তেওঁৰ বিশ্বাসী হৈ থাকিব পাৰিম। গতিকে, যেতিয়া আমি সমস্যাৰ সন্মুখীন হওঁ, তেতিয়া যিহোৱাই আমাক কেনেকৈ সহায় কৰে? তেওঁ আমাক এনে শান্তি দিবলৈ প্ৰতিজ্ঞা কৰিছে, যাক বাইবেলত “ঈশ্বৰৰ শান্তি” বুলি কোৱা হৈছে। (ফিলি. ৪:৬, ৭) যিহোৱাৰ লগত আমাৰ মজবুত সম্পৰ্ক থাকিলেহে আমি এই শান্তি পাওঁ। এই শান্তি “সকলো বুদ্ধিতকৈ উত্তম,” ই এনে এটা অনুভূতি হয় যাক শব্দেৰে প্ৰকাশ কৰিব নোৱাৰি। আপোনাৰ লগত কেতিয়াবা এইদৰে হৈছেনে যে আপুনি যিহোৱালৈ কাকূতি-মিনতি কৰি প্ৰাৰ্থনা কৰিলে আৰু মনৰ শান্তি পালে? ইয়াকে “ঈশ্বৰৰ শান্তি” বুলি কোৱা হয়। w২৪.০১ ২০ ¶২; ২১ ¶৪