ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
লগ আউট
লগ ইন
ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
আদৰণি জনাইছোঁ।
যিহোৱাৰ সাক্ষীসকলে ছপা কৰা প্ৰকাশনবোৰ বিভিন্ন ভাষাত চাবলৈ ব্যৱহাৰ কৰা ই এক অনুসন্ধানৰ সঁজুলি।
প্ৰকাশন ডাউনল’ড কৰিবলৈ অনুগ্ৰহ কৰি jw.org যাব পাৰে।
ঘোষণা
নতুন ভাষাত উপলব্ধ: Mbum
  • আজি

দেওবাৰ, ২৭ জুলাই

আপত্তিকাৰীবিলাকক অনুযোগ . . . উপদেশৰ অনুৰূপ বিশ্বাসযোগ্য বাক্যত আসক্ত হব লাগে।—তীত ১:৯.

পৰিপক্ক হʼবলৈ আপুনি কিছুমান দক্ষতা শিকা উচিত যিবোৰ আপোনাৰ কামত আহিব। ইয়াৰ পৰা আপুনি মণ্ডলীৰ কিছুমান দায়িত্ব চম্ভালিব পাৰিব, আপুনি চাকৰি পাব পাৰে, যাৰ বাবে আপুনি নিজৰ আৰু নিজৰ পৰিয়ালৰ প্ৰয়োজনীয়তাবোৰ পূৰ কৰিব পাৰিব আৰু আনৰ লগত আপোনাৰ সম্পৰ্ক ভাল হৈ থাকিব। উদাহৰণস্বৰূপে ভালদৰে পঢ়া-লিখা কৰিবলৈ শিকক। বাইবেলত কোৱা হৈছে যে যিজন ব্যক্তিয়ে প্ৰতিদিনে ঈশ্বৰৰ বাক্য পঢ়ে আৰু মনন কৰে, তেওঁলোকে আনন্দত থাকে আৰু নিজৰ সকলো কামত সফল হয়। (গীত. ১:১-৩) গতিকে, প্ৰতিদিনে বাইবেল পঢ়ক। এইদৰে আপুনি যিহোৱাৰ চিন্তাধাৰা জানিব পাৰিব। যিহোৱাৰ চিন্তাধাৰাৰ বিষয়ে জানিলে আপুনি বুজি পাব যে বাইবেলৰ সিদ্ধান্ত কেনেকৈ পালন কৰিব পাৰে আৰু কেনেকৈ ভাল নিৰ্ণয় লʼব পাৰে। (হিতো. ১:২, ৩) মণ্ডলীত এনে ভাইসকলৰ প্ৰয়োজন হয়, যিসকলে সকলোকে বাইবেলৰ পৰা শিকাব পাৰে আৰু ভাল ভাল পৰামৰ্শ দিব পাৰে। যদি আপুনি ভালদৰে পঢ়া-লিখা কৰিবলৈ শিকে, তেনেহʼলে আপুনি ভালদৰে ভাষণ তৈয়াৰী কৰিব পাৰিব আৰু এনে উত্তৰ দিব পাৰিব, যাৰ পৰা ভাই-ভনীসকলৰ বিশ্বাস মজবুত হʼব আৰু তেওঁলোকে কিছুমান কথা শিকিব পাৰিব। ইয়াৰ উপৰিও আপুনি যি নোটচ্‌ লʼব, তাৰ পৰা অকল আপোনাৰে লাভ নহʼব, আপুনি আনকো উৎসাহিত কৰিব পাৰিব। w২৩.১২ ২৬-২৭ ¶৯-১১

দৈনিক বাইবেল পাঠৰ ওপৰত ধ্যান দিয়ক-২০২৫

সোমবাৰ, ২৮ জুলাই

জগতত থকা জনতকৈ তোমালোকত থকা জনাই মহান।—১ যোহ. ৪:৪.

যেতিয়া আপোনাক ভয় লাগে, তেতিয়া চিন্তা কৰক যে আগলৈ গৈ যিহোৱাই কি কি কৰিব। তেওঁ চয়তানক একেবাৰে ধ্বংস কৰিব। এই বিষয়ে ২০১৪ চনৰ আঞ্চলিক অধিৱেশনৰ এটা প্ৰদৰ্শনত দেখুৱা হৈছিল। সেই প্ৰদৰ্শনত এজন পিতৃয়ে নিজৰ পৰিয়ালৰ লগত আলোচনা কৰিছিল যে ২ তীমথিয় ৩:১-৫ পদত প্ৰমোদবনৰ বিষয়ে কোৱা হʼলে তাত হয়তো এইদৰে লিখা হʼলহেঁতেন, “কিন্তু নতুন পৃথিৱীত আনন্দময় পৰিস্থিতি হʼব, কিয়নো সেই কালত মানুহবিলাকে সকলোকে প্ৰেম কৰিব, ধন লুভীয়া নহʼব, দৰ্পী নহʼব, অহংকাৰী নহʼব, নিন্দক নহʼব, পিতৃ-মাতৃক মানিব, উপকাৰ মানিব, পৱিত্ৰ, স্নেহৱান, সকলো কথাতে সন্মত হʼব, আনৰ ভালৰ বিষয়ে কʼব, ইন্দ্ৰিয় দমন কৰিব, কোমল স্বভাৱী হʼব, সাধুক প্ৰেম কৰিব, বিশ্বাসী, আনক সন্মান কৰিব, দয়ালু, ঈশ্বৰ প্ৰিয়, ভক্তিৰ কাম কৰিব, এনে মানুহৰ লগত থাকিবা।” নতুন পৃথিৱীত আমাৰ জীৱন কেনেকুৱা হʼব, তাৰ বিষয়ে আপুনি নিজৰ পৰিয়াল বা ভাই-ভনীসকলৰ লগত আলোচনা কৰে নে? w২৪.০১ ৬ ¶১৩-১৪

দৈনিক বাইবেল পাঠৰ ওপৰত ধ্যান দিয়ক-২০২৫

মঙ্গলবাৰ, ২৯ জুলাই

তোমাক মই গ্ৰহণ কৰিলোঁ। —লূক ৩:২২.

যিহোৱাই নিজৰ সকলো সেৱকক গ্ৰহণ কৰে, এয়া জানি আমি সঁচাকৈ বহুত শান্ত্বনা লাভ কৰোঁ। বাইবেলত লিখা আছে, “যিহোৱাই নিজ প্ৰজাবিলাকত সন্তোষ পায়।” (গীত. ১৪৯:৪) কিন্তু কেতিয়াবা কেতিয়াবা আমি বহুত নিৰাশ হৈ যাব পাৰোঁ আৰু ভাবিব পাৰোঁ যে ‘যিহোৱাই মোৰ পৰা আনন্দিত আছে নে?’ প্ৰাচীন সময়ত যিহোৱাৰ বহুতো বিশ্বাসী সেৱকৰ মনতো এনেধৰণৰ ভাৱনা আহিছিল। (১ চমূ. ১:৬-১০; ইয়ো. ২৯:২, ৪, ৬; গীত. ৫১:১১) বাইবেলৰ পৰা স্পষ্টকৈ জানিব পাৰি যে অসিদ্ধ লোকসকলেও যিহোৱাৰ অনুমোদন পাব পাৰে অৰ্থাৎ তেওঁক আনন্দিত কৰিব পাৰে। কিন্তু আমি এয়া কেনেকৈ কৰিব পাৰোঁ? আমি যীচু খ্ৰীষ্টৰ ওপৰত বিশ্বাস কৰিব লাগিব আৰু বাপ্তিষ্মা লʼব লাগিব। (যোহ. ৩:১৬) বাপ্তিষ্মা লোৱাৰ যোগেদি আমি দেখুৱাওঁ যে আমি নিজৰ পাপবোৰ অনুতাপ কৰিলোঁ আৰু ঈশ্বৰক প্ৰতিজ্ঞা কৰিলোঁ যে আমি তেওঁৰ ইচ্ছা পূৰ কৰিম। (পাঁচ. ২:৩৮; ৩:১৯) এইদৰে কৰাৰ যোগেদি আমি যিহোৱাৰ বন্ধু হʼবলৈ চেষ্টা কৰোঁ আৰু ইয়াৰ পৰা যিহোৱা বহুত আনন্দিত হয়। যদি আমি সমৰ্পণৰ প্ৰতিজ্ঞা পূৰ কৰিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰোঁ, তেনেহʼলে যিহোৱাই আমাৰ পৰা আনন্দিত হʼব আৰু আমাক নিজৰ বন্ধু বুলি কʼব।—গীত. ২৫:১৪. w২৪.০৩ ২৬ ¶১-২

দৈনিক বাইবেল পাঠৰ ওপৰত ধ্যান দিয়ক-২০২৫
আদৰণি জনাইছোঁ।
যিহোৱাৰ সাক্ষীসকলে ছপা কৰা প্ৰকাশনবোৰ বিভিন্ন ভাষাত চাবলৈ ব্যৱহাৰ কৰা ই এক অনুসন্ধানৰ সঁজুলি।
প্ৰকাশন ডাউনল’ড কৰিবলৈ অনুগ্ৰহ কৰি jw.org যাব পাৰে।
  • অসমীয়া
  • আনলৈ পঠিয়াওক
  • সুবিধা সমূহ
  • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
  • ব্যৱহাৰৰ চৰ্ত
  • গোপনীয়তাৰ চৰ্ত
  • গোপনীয়তা চেটিং
  • JW.ORG
  • লগ ইন
আনলৈ পঠিয়াওক