ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
লগ আউট
লগ ইন
ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
আদৰণি জনাইছোঁ।
যিহোৱাৰ সাক্ষীসকলে ছপা কৰা প্ৰকাশনবোৰ বিভিন্ন ভাষাত চাবলৈ ব্যৱহাৰ কৰা ই এক অনুসন্ধানৰ সঁজুলি।
প্ৰকাশন ডাউনল’ড কৰিবলৈ অনুগ্ৰহ কৰি jw.org যাব পাৰে।
  • আজি

শনিবাৰ, ২৬ জুলাই

ঈশ্বৰৰ প্ৰিয় লʼৰা-ছোৱালীৰ দৰে তেওঁৰ উদাহৰণত চলা। —ইফি. ৫:১.

আজি আমি কেনেকৈ যিহোৱাৰ মন আনন্দিত কৰিব পাৰোঁ? আমি যিহোৱাৰ বিষয়ে লোকসকলৰ লগত এনেদৰে কথা পাতিব পাৰোঁ, যাৰ পৰা প্ৰমাণ হয় যে আমি তেওঁক বহুত প্ৰেম কৰোঁ আৰু সম্পূৰ্ণ হৃদয়েৰে তেওঁৰ প্ৰতি কৃতজ্ঞ আছোঁ। প্ৰচাৰ কৰাৰ সময়ত লোকসকলে যাতে যিহোৱাৰ বিষয়ে জানিব পাৰে, তেওঁক প্ৰেম কৰে আৰু তেওঁৰ ফালে আকৰ্ষিত হৈ আহে, তাৰ বাবে চেষ্টা কৰোঁ। (যাকো. ৪:৮) বাইবেলৰ পৰা যিহোৱাৰ গুণবোৰৰ বিষয়ে জনাবলৈও আমাক বহুত ভাল লাগে। যেনে: তেওঁৰ প্ৰেম, ন্যায়, বুদ্ধি, শক্তি আৰু এনেধৰণৰ আন গুণবোৰৰ বিষয়ে। এইদৰে আমি যিহোৱাৰ নাম প্ৰশংসা কৰোঁ। ইয়াৰ উপৰিও যেতিয়া আমি যিহোৱাৰ দৰে হʼবলৈ চেষ্টা কৰোঁ, তেতিয়াও তেওঁৰ নাম প্ৰশংসা কৰোঁ আৰু তেওঁৰ মন আনন্দিত কৰোঁ। যেতিয়া আমি এইদৰে কৰোঁ, তেতিয়া কিছুমান লোকে হয়তো এই কথাৰ ওপৰত ধ্যান দিব যে আমি জগতৰ লোকসকলৰ পৰা কিমান বেলেগ। (মথি ৫:১৪-১৬) দৈনন্দিন কামবোৰ কৰাৰ সময়ত যেতিয়া আমি এনেধৰণৰ লোকসকলক লগ পাওঁ, তেতিয়া আমি জগতৰ লোকসকলৰ দৰে কিয় নহয়, তাৰ বিষয়ে তেওঁলোকক জনাবলৈ সুযোগ পাওঁ। সেইবাবে, ভাল মন থকা লোকসকলে যিহোৱাৰ ফালে আকৰ্ষিত হৈ আহে। এই সকলো উপায়েৰে যেতিয়া আমি যিহোৱাৰ প্ৰশংসা কৰোঁ, তেতিয়া তেওঁৰ মন আনন্দিত হয়।—১ তীম. ২:৩, ৪. w২৪.০২ ১০ ¶৭

দৈনিক বাইবেল পাঠৰ ওপৰত ধ্যান দিয়ক-২০২৫

দেওবাৰ, ২৭ জুলাই

আপত্তিকাৰীবিলাকক অনুযোগ . . . উপদেশৰ অনুৰূপ বিশ্বাসযোগ্য বাক্যত আসক্ত হব লাগে।—তীত ১:৯.

পৰিপক্ক হʼবলৈ আপুনি কিছুমান দক্ষতা শিকা উচিত যিবোৰ আপোনাৰ কামত আহিব। ইয়াৰ পৰা আপুনি মণ্ডলীৰ কিছুমান দায়িত্ব চম্ভালিব পাৰিব, আপুনি চাকৰি পাব পাৰে, যাৰ বাবে আপুনি নিজৰ আৰু নিজৰ পৰিয়ালৰ প্ৰয়োজনীয়তাবোৰ পূৰ কৰিব পাৰিব আৰু আনৰ লগত আপোনাৰ সম্পৰ্ক ভাল হৈ থাকিব। উদাহৰণস্বৰূপে ভালদৰে পঢ়া-লিখা কৰিবলৈ শিকক। বাইবেলত কোৱা হৈছে যে যিজন ব্যক্তিয়ে প্ৰতিদিনে ঈশ্বৰৰ বাক্য পঢ়ে আৰু মনন কৰে, তেওঁলোকে আনন্দত থাকে আৰু নিজৰ সকলো কামত সফল হয়। (গীত. ১:১-৩) গতিকে, প্ৰতিদিনে বাইবেল পঢ়ক। এইদৰে আপুনি যিহোৱাৰ চিন্তাধাৰা জানিব পাৰিব। যিহোৱাৰ চিন্তাধাৰাৰ বিষয়ে জানিলে আপুনি বুজি পাব যে বাইবেলৰ সিদ্ধান্ত কেনেকৈ পালন কৰিব পাৰে আৰু কেনেকৈ ভাল নিৰ্ণয় লʼব পাৰে। (হিতো. ১:২, ৩) মণ্ডলীত এনে ভাইসকলৰ প্ৰয়োজন হয়, যিসকলে সকলোকে বাইবেলৰ পৰা শিকাব পাৰে আৰু ভাল ভাল পৰামৰ্শ দিব পাৰে। যদি আপুনি ভালদৰে পঢ়া-লিখা কৰিবলৈ শিকে, তেনেহʼলে আপুনি ভালদৰে ভাষণ তৈয়াৰী কৰিব পাৰিব আৰু এনে উত্তৰ দিব পাৰিব, যাৰ পৰা ভাই-ভনীসকলৰ বিশ্বাস মজবুত হʼব আৰু তেওঁলোকে কিছুমান কথা শিকিব পাৰিব। ইয়াৰ উপৰিও আপুনি যি নোটচ্‌ লʼব, তাৰ পৰা অকল আপোনাৰে লাভ নহʼব, আপুনি আনকো উৎসাহিত কৰিব পাৰিব। w২৩.১২ ২৬-২৭ ¶৯-১১

দৈনিক বাইবেল পাঠৰ ওপৰত ধ্যান দিয়ক-২০২৫

সোমবাৰ, ২৮ জুলাই

জগতত থকা জনতকৈ তোমালোকত থকা জনাই মহান।—১ যোহ. ৪:৪.

যেতিয়া আপোনাক ভয় লাগে, তেতিয়া চিন্তা কৰক যে আগলৈ গৈ যিহোৱাই কি কি কৰিব। তেওঁ চয়তানক একেবাৰে ধ্বংস কৰিব। এই বিষয়ে ২০১৪ চনৰ আঞ্চলিক অধিৱেশনৰ এটা প্ৰদৰ্শনত দেখুৱা হৈছিল। সেই প্ৰদৰ্শনত এজন পিতৃয়ে নিজৰ পৰিয়ালৰ লগত আলোচনা কৰিছিল যে ২ তীমথিয় ৩:১-৫ পদত প্ৰমোদবনৰ বিষয়ে কোৱা হʼলে তাত হয়তো এইদৰে লিখা হʼলহেঁতেন, “কিন্তু নতুন পৃথিৱীত আনন্দময় পৰিস্থিতি হʼব, কিয়নো সেই কালত মানুহবিলাকে সকলোকে প্ৰেম কৰিব, ধন লুভীয়া নহʼব, দৰ্পী নহʼব, অহংকাৰী নহʼব, নিন্দক নহʼব, পিতৃ-মাতৃক মানিব, উপকাৰ মানিব, পৱিত্ৰ, স্নেহৱান, সকলো কথাতে সন্মত হʼব, আনৰ ভালৰ বিষয়ে কʼব, ইন্দ্ৰিয় দমন কৰিব, কোমল স্বভাৱী হʼব, সাধুক প্ৰেম কৰিব, বিশ্বাসী, আনক সন্মান কৰিব, দয়ালু, ঈশ্বৰ প্ৰিয়, ভক্তিৰ কাম কৰিব, এনে মানুহৰ লগত থাকিবা।” নতুন পৃথিৱীত আমাৰ জীৱন কেনেকুৱা হʼব, তাৰ বিষয়ে আপুনি নিজৰ পৰিয়াল বা ভাই-ভনীসকলৰ লগত আলোচনা কৰে নে? w২৪.০১ ৬ ¶১৩-১৪

দৈনিক বাইবেল পাঠৰ ওপৰত ধ্যান দিয়ক-২০২৫
আদৰণি জনাইছোঁ।
যিহোৱাৰ সাক্ষীসকলে ছপা কৰা প্ৰকাশনবোৰ বিভিন্ন ভাষাত চাবলৈ ব্যৱহাৰ কৰা ই এক অনুসন্ধানৰ সঁজুলি।
প্ৰকাশন ডাউনল’ড কৰিবলৈ অনুগ্ৰহ কৰি jw.org যাব পাৰে।
  • অসমীয়া
  • আনলৈ পঠিয়াওক
  • সুবিধা সমূহ
  • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
  • ব্যৱহাৰৰ চৰ্ত
  • গোপনীয়তাৰ চৰ্ত
  • গোপনীয়তা চেটিং
  • JW.ORG
  • লগ ইন
আনলৈ পঠিয়াওক