যিহোৱাই আমাৰ পৰা বিচৰা আৱশ্যকতাসমূহ পূৰণ কৰিব পাৰোঁ
১ যিহোৱাৰ ব্যৱস্থা আৰু সিদ্ধান্তসমূহ পালন কৰাটো বৰ্তমান জীৱনৰ বাবে অতি উত্তম। কিয়নো ই আমাক অনন্তকলীয়া ভৱিষ্যতৰ বাবে এক উত্তম আধাৰশিলা স্থাপন কৰাত সহায় কৰে। (গীত ১৯:৭-১১; ১ তীম. ৬:১৯) আনহাতে চয়তানৰ এই জগতে তেওঁৰ অধীন কৰিবলৈ আমাৰ ওপৰত অত্যন্ত হেঁচা দিয়ে। তদুপৰি আমাৰ অসিদ্ধ মনোবৃত্তিয়ে আমাৰ আগত এক প্ৰত্যাহ্বানজনকৰূপে থিয় দিয়ে। সেয়েহে শাস্ত্ৰীয় দায়িত্বসমূহ পালন কৰাৰ সময়ত আমি জুৰুলা হৈ পৰিব পাৰোঁ। (গীত. ৪০:১২; ৫৫:১-৮) গতিকে আমি যিহোৱাই আমাৰ পৰা বিচৰা সকলো আৱশ্যকতা পূৰণ কৰিব পাৰিমনে বুলি সন্দেহ কৰোঁ। তেনে সময়ত আমাক কিহে আমাৰ আধ্যাত্মিক ভাৰসাম্যতা বজাই ৰাখাত সহায় কৰিব পাৰে?
২ যিহোৱাৰ আজ্ঞাসমূহ বোজাস্বৰূপ নহয়: যিহোৱাই কেতিয়াও আমি কৰিব নোৱাৰা কোনো কাৰ্য্য কৰিবলৈ কোৱা নাই। তেওঁৰ আজ্ঞাসমূহ বোজাদায়ক নহয় কিন্তু আমাৰ ভালৰ বাবে দিয়া হৈছে। (দ্বিতী. ১০:১২, ১৩; ১ যোহ. ৫:৩) তেওঁ “আমি যে ধূলি মাথোন” বুলি দৃষ্টি কৰি মানুহৰ দুৰ্ব্বলতাসমূহৰ বিষয়ে স্মৰণ কৰে। (গীত ১০৩:১৩, ১৪) আমি আমাৰ সীমিত পৰিস্থিতিটো সকলো প্ৰচেষ্টাৰে তেওঁক কৰা সেৱাক ঈশ্বৰে দয়াৰে গ্ৰহণ কৰে। (লেবী. ৫:৭, ১১; মাৰ্ক ১৪:৮) সেয়েহে তেওঁ আমাক আমাৰ বোজাসমূহ তেওঁত সমৰ্পণ কৰিবলৈ আমন্ত্ৰণ কৰিছে আৰু আমাক আশ্বাস দিছে যে তেওঁৰ প্ৰতি বিশ্বাসী হৈ থাকিবলৈ তেওঁ সকলো সম্ভৱ কৰিব।—গীত ৫৫:২২; ১ কৰি. ১০:১৩.
৩ ধৈৰ্য্যশীল হোৱা আৱশ্যক: বাইবেলত অখণ্ডতা বজাই ৰাখা এলিয়া, যিৰিমিয়া আৰু পৌলৰ বিষয়ে বৰ্ণনা কৰিছে যে তেওঁলোকে কিয় ধৈৰ্য্যশীল হোৱা আৱশ্যক আছিল। (ইব্ৰী ১০:৩৬) বিৰোধিতাৰ সম্মুখীন আৰু নিৰুৎসাহী হৈ পৰাৰ সময়ত যিহোৱাই তেওঁলোকক সহায় কৰিছিল। (১ ৰাজা. ১৯:১৪-১৮; যিৰি. ২০:৭-১১; ২ কৰি. ১: ৮-১১) বৰ্তমান সময়ত আমিও আমাৰ ভাই-ভনীসকলে বজাই ৰাখা বিশ্বস্ততাৰ আৰ্হিৰ পৰা অধিক উৎসাহী হওঁ। (১ পিত. ৫:৯) সেই উত্তম আৰ্হিবোৰক বিবেচনা কৰাৰ দ্বাৰা আমি নিৰুৎসাহিত নহʼবলৈ সহায় লাভ কৰিব পাৰিম।
৪ ঈশ্বৰৰ প্ৰতিজ্ঞাত থকা আশা হৈছে জীৱনৰ “লঙ্গৰস্বৰূপ।” (ইব্ৰী ৬:১৯) এই আশাৰ বাবে অব্ৰাহাম আৰু চাৰাই নিজৰ ঘৰ-দুৱাৰ ত্যাগ কৰি যিহোৱাই বিচৰাৰ অনুসাৰে “প্ৰতিজ্ঞাৰ দেশত প্ৰবাসী হৈ” জীৱন-যাপন কৰিলে। ইয়াৰ উপৰিও এই আশাই মোচিক সত্য উপাসনাৰ হকে থিয় দিবলৈ সাহসী কৰি তুলিলে। তদুপৰি সেই আশাই যীচুক যাতনা স্তম্ভত যাতনা সহন কৰিবলৈ সহায় কৰিলে। (ইব্ৰী ১১: ৮-১০, ১৩, ২৪-২৬; ইব্ৰী ১২:২, ৩) একেইদৰে আমাৰ হৃদয়ত থকা ঈশ্বৰে প্ৰতিজ্ঞা কৰা এক ধাৰ্ম্মিক জগতৰ আশাই আমাক তেওঁৰ বিশ্বাসী হৈ থাকিবলৈ সহায় কৰে।—২ পিত. ৩:১১-১৩.
৫ আমি পূৰ্বতে কৰা বিশ্বস্ততা, আত্মবলিদান আৰু সাহসী হৈ কৰা কাৰ্য্যসমূহক স্মৰণ কৰি ঈশ্বৰৰ সেৱাত উৎসাহী হৈ থাকিব পাৰোঁ। (ইব্ৰী ১০: ৩২-৩৪) কিয়নো ইয়ে আমাক যিহোৱাই বিচৰা আৱশ্যকতাসমূহ পূৰণ কৰি পোৱা আনন্দৰ অভিজ্ঞতাসমূহৰ বিষয়ে স্মৰণ কৰাই দিয়ে।—মথি ২২:৩৭.
[Study Questions]
১. কোনো কোনো সময়ত আমি কেনে অনুভৱ কৰিব পাৰোঁ আৰু কিয়?
২. আমাৰ পৰা বিচৰাখিনিৰ প্ৰতি যিহোৱা কেনেকৈ যুক্তিসঙ্গত?
৩. আমি ধৈৰ্য্যশীলতাত দৃঢ় হোৱাত যিহোৱাই কেনেকৈ সহায় কৰে?
৪. আমি ঈশ্বৰে কৰা প্ৰতিজ্ঞাৰ প্ৰতি ধ্যান কেন্দ্ৰিত কৰাটো কিয় অতি গুৰুত্বপূৰ্ণ?
৫. অতীতত কৰা বিশ্বস্ততাৰ কাৰ্য্যসমূহক স্মৰণ কৰি আমি কিয় উৎসাহী হʼব পাৰোঁ?