ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • wp20 নং ২ পৃষ্ঠা ৬-৭
  • ঈশ্বৰৰ ৰাজ্যৰ ৰজা কোন?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঈশ্বৰৰ ৰাজ্যৰ ৰজা কোন?
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (জনধাৰণ)—২০২০
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • যীচু হৈছে আটাইতকৈ ভাল ৰজা
  • ঈশ্বৰৰ ৰাজ্য কি?
    ঈশ্বৰে আমাৰ পৰা কি বিচাৰে
  • ঈশ্বৰৰ ৰাজ্য কি হয়?
    বাইবেলে আমাক কি শিকায়?
  • ঈশ্বৰৰ ৰাজ্যই শাসন কৰে
    জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায়
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (জনধাৰণ)—২০২০
wp20 নং ২ পৃষ্ঠা ৬-৭
যীচুৱে আঠুকাঢ়ি এগৰাকী বৃদ্ধ তিৰোতাক সুস্থ কৰিছে। সৰু ডাঙৰ সকলোৱে যীচুৰ ওচৰলৈ আহিছে।

ঈশ্বৰৰ ৰাজ্যৰ ৰজা কোন?

আমি কেনেকৈ চিনাক্ত কৰিব পাৰোঁ যে যিহোৱা ঈশ্বৰে নিজৰ ৰাজ্যৰ কাৰণে কাক ৰজা হিচাপে বাছনি কৰিছে? তেওঁ বাইবেলৰ কিছুমান লেখকসকলৰ যোগেদি সেই ৰজাৰ বিষয়ে কিছুমান কথা উল্লেখ কৰিছে। যেনে,

  • সেই ৰজাক ঈশ্বৰে নিজেই বাছনি কৰিছে। ‘ময়েই মোৰ ৰজাক স্থাপন কৰিলোঁ। মই তোমাক অধিকাৰৰ অৰ্থে জাতিবোৰ দিম, আৰু পৃথিবীৰ সকলো সীমাত তোমাৰ আধিপত্য পাতিম।’—গীতমালা ২:৬, ৮.

  • তেওঁ ইস্ৰায়েলৰ ৰজা দায়ূদৰ বংশ হʼব। “আমালৈ এটি লৰা জন্মিল, আমাক এটি পুত্ৰ দান কৰা হল; . . . এতিয়াৰ পৰা চিৰকাললৈকে সুবিচাৰ আৰু ধাৰ্ম্মিকতাৰ দ্বাৰাই দায়ূদৰ সিংহাসন আৰু ৰাজ্য সুস্থিৰ আৰু দৃঢ় কৰিবলৈ, সেই সিংহাসনত আৰু ৰাজ্যত তেওঁৰ ৰাজ্যশাসন আৰু শান্তিবৃদ্ধিৰ শেষ নহব।”—যিচয়া ৯:৬, ৭.

  • তেওঁ বৈৎলেহেমত জন্ম হʼব। ‘হে বৈৎলেহেম ইস্ৰায়েলত অধিপতি হʼবলৈ তোমালোকৰ পৰাই এজনা উৎপন্ন হব। তেওঁ পৃথিৱীৰ অন্তলৈকে মহান হʼব।’—মীখা ৫:২, ৪.

  • লোকসকলে তেওঁক অস্বীকাৰ কৰিব আৰু মাৰি পেলাব। “তেওঁক তুচ্ছ কৰা হল, আৰু আমি তেওঁক শ্ৰেষ্ঠ জ্ঞান কৰা নাই। . . . আমাৰ অধৰ্ম্মবোৰৰ নিমিত্তে তেওঁক খোঁচা হল, আমাৰ অপৰাধবোৰৰ নিমিত্তে গুড়ি কৰা হল।”—যিচয়া ৫৩:৩, ৫.

  • তেওঁক আকৌ জীয়াই তোলা হʼব আৰু ওখ পদ দিয়া হʼব। “তুমি মোৰ প্ৰাণ চিয়োলত পৰিত্যাগ নকৰিবা, তোমাৰ পবিত্ৰ জনক ক্ষয়স্থান দেখিবলৈ নিদিবা। . . . তোমাৰ সোঁহাতে অনন্ত সুখ।”—গীতমালা ১৬:১০, ১১.

যীচু হৈছে আটাইতকৈ ভাল ৰজা

মানৱীয় ইতিহাসত যদি চাওঁ, তেনেহʼলে এই সকলো কথা এজন ব্যক্তিৰ ওপৰত পূৰ হৈছে আৰু তেওঁ হৈছে যীচু খ্ৰীষ্ট। এজন স্বৰ্গদূতে যীচুৰ বিষয়ে তেওঁৰ মা মৰিয়মক এইদৰে কৈছিল, “প্ৰভু পৰমেশ্বৰে তেওঁৰ পিতৃ দায়ূদৰ সিংহাসন তেওঁক দিব; আৰু . . . তেওঁৰ ৰাজ্যৰ অন্ত কেতিয়াও নহব।”—লূক ১:৩১-৩৩.

পৃথিৱীত থকাৰ সময়ত যীচুৱে ৰজা হিচাপে শাসন কৰা নাছিল। কাৰণ তেওঁক স্বৰ্গৰ ৰজা হিচাপে বাছনি কৰা হৈছিল আৰু তেওঁ ঈশ্বৰৰ ৰাজ্যৰ ৰজা হিচাপে স্বৰ্গৰ পৰা মানৱজাতিৰ ওপৰত শাসন কৰিলেহেঁতেন। এয়া কিয় কʼব পাৰি যে যীচু এজন ভাল ৰজা? মন কৰক যে যেতিয়া তেওঁ পৃথিৱীত আছিল, তেতিয়া তেওঁ কি কি কৰিছিল।

  • যীচুৱে লোকসকলৰ বিষয়ে চিন্তা কৰিছিল। তেওঁ পুৰুষ-তিৰোতা, ডেকা-বুঢ়া আৰু ধনী-দুখীয়া সকলোকে সহায় কৰিছিল। (মথি ৯:৩৬; মাৰ্ক ১০:১৬) এবাৰ এজন কুষ্ঠ ৰোগীয়ে যীচুৰ ওচৰলৈ আহি মিনতি কৰিবলৈ ধৰিলে, “আপুনি যদি ইচ্ছা কৰে, তেন্তে মোক শুচি কৰিব পাৰে।” এয়া দেখি যীচুৰ হৃদয় দয়াৰে ভৰি পৰিল আৰু তেওঁক সুস্থ কৰিলে।—মাৰ্ক ১:৪০-৪২.

  • ঈশ্বৰক কেনেকৈ আনন্দিত কৰিব পাৰি, তাৰ বিষয়ে যীচুৱে শিকালে। তেওঁ কৈছিল, “তোমালোকে ঈশ্বৰৰ সেৱা কৰাৰ লগতে ধন-সম্পত্তিক নিজৰ জীৱনত প্ৰথম স্থান দিব নোৱাৰা।” তেওঁ লোকসকলক এয়াও পৰামৰ্শ দিছিল যে আনে আমাৰ লগত যিদৰে ব্যৱহাৰ কৰাটো আমি বিচাৰোঁ, আমিও আনৰ লগত ঠিক সেইদৰেই ব্যৱহাৰ কৰা উচিত। ইয়াৰ উপৰিও, যীচুৱে এয়াও কৈছিল যে ঈশ্বৰে কেৱল আমাৰ কামক ধ্যান নিদিয়ে, তেওঁ আমাৰ চিন্তা আৰু ভাৱনাৰ ওপৰতো ধ্যান দিয়ে। সেইবাবে, যদি আমি ঈশ্বৰক আনন্দিত কৰিব বিচাৰোঁ, তেনেহʼলে আমি নিজৰ ভাৱনাক নিয়ন্ত্ৰণ কৰিব লাগিব। (মথি ৫:২৮; ৬:২৪; ৭:১২) যীচুৱে এয়াও শিকাইছিল যে আমি প্ৰকৃত আনন্দ কেনেকৈ পাব পাৰোঁ। আমি জানিব লাগিব যে ঈশ্বৰে আমাৰ পৰা কি বিচাৰে আৰু সেই অনুসৰি কাম কৰিব লাগিব।—লূক ১১:২৮.

  • যীচুৱে প্ৰেম কৰিবলৈ শিকাইছিল। যীচুৰ কথাৰ পৰা আনৰ হৃদয় স্পৰ্শ হৈছিল। পবিত্ৰ শাস্ত্ৰ বাইবেলত লিখা আছে, “যীচুৱে যিদৰে শিকালে, সেয়া দেখি ভীৰৰ লোকসকল আচৰিত হʼল।” কাৰণ তেওঁ এজন ডাঙৰ অধিকাৰ থকা ব্যক্তিৰ দৰে শিকাইছিল। (মথি ৭:২৮, ২৯) যীচুৱে তেওঁলোকক শিকাইছিল যে “তোমাক হানি কৰিব বিচৰা লোকসকলক [শত্ৰুসকলক] প্ৰেম কৰি থাকা।” যীচু নিজেও এইদৰে কৰি দেখুৱালে। নিজৰ মৃত্যুৰ আগমূহূৰ্তত যীচুৱে কিছুমান শত্ৰুসকলৰ বাবে এইদৰে প্ৰাৰ্থনা কৰিছিল, “হে পিতৃ, এওঁবিলাকক ক্ষমা কৰা; কিয়নো এওঁবিলাকে কি কৰিছে, তাক নাজানে।”—মথি ৫:৪৪; লূক ২৩:৩৪.

ইয়াত কোনো সন্দেহ নাই যে যীচুৰ কথা আৰু ব্যৱহাৰৰ লোকসকলৰ ওপৰত গভীৰ প্ৰভাৱ পৰিল। যীচুৱে লোকসকলক প্ৰেম আৰু সহায় কৰিছিল। গোটেই পৃথিৱীত শাসন কৰাৰ বাবে একমাত্ৰ যোগ্য ব্যক্তি হৈছে যীচু খ্ৰীষ্ট। কিন্তু তেওঁ কেতিয়া শাসন কৰিবলৈ আৰম্ভ কৰিব?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক