ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • th অধ্যয়ন ৬ পৃষ্ঠা ৯
  • শাস্ত্ৰপদ কেনেকৈ প্ৰয়োগ কৰিব পাৰি, তাক বৰ্ণনা কৰক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • শাস্ত্ৰপদ কেনেকৈ প্ৰয়োগ কৰিব পাৰি, তাক বৰ্ণনা কৰক
  • পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক
  • মিল থকা বিষয়
  • প্ৰভাৱকাৰীৰূপে শাস্ত্ৰপদৰ পৰিচয় দিয়ক
    পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক
  • প্ৰভাৱশালী সামৰণি
    পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক
  • তথ্যবোৰ ব্যৱহাৰ কৰাৰ লাভ স্পষ্ট কৰা
    পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক
  • শ্ৰোতাসকলে যাতে শিক্ষা লাভ কৰিব পাৰে
    পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক
আৰু চাওক
পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক
th অধ্যয়ন ৬ পৃষ্ঠা ৯

অধ্যায় ৬

শাস্ত্ৰপদ কেনেকৈ প্ৰয়োগ কৰিব পাৰি, তাক বৰ্ণনা কৰক

শাস্ত্ৰপদ

যোহন ১০:৩৩-৩৬

সাৰাংশ: কেৱল শাস্ত্ৰপদ এটা পঢ়ি, আন এটা বিষয়লৈ যোৱাটো উচিত নহয়। আপুনি নিশ্চিত কৰা উচিত হʼব যে আপুনি পঢ়া শাস্ত্ৰপদ আৰু কʼব বিচৰা বিষয়টোৰ মাজত থকা সম্বন্ধৰ বিষয়ে শ্ৰোতাসকলে বুজি পাইছে।

ইয়াক কেনেকৈ কৰিব:

  • মূল শব্দবোৰ পৃথক কৰক। এটা শাস্ত্ৰপদ পঢ়াৰ পাছত মূল বিষয়টোৰ লগত জড়িত থকা শব্দবোৰ জোৰ দিয়ক। আপুনি এই শব্দবোৰ বাৰে বাৰে কোৱা অথবা এটা প্ৰশ্ন সোধাৰ যোগেদি মূল শব্দবোৰ চিনাক্ত কৰিবলৈ শ্ৰোতাসকলক উৎসাহিত কৰিব পাৰে।

    ব্যৱহাৰিক পৰামৰ্শ

    যদি আপুনি শাস্ত্ৰপদটোৰ মূল কথা আন শব্দেৰে বুজাব বিচাৰিছে, তেনেহʼলে নিশ্চিত কৰক যে বাইবেলৰ শব্দবোৰ আপোনাৰ মূল বিষয়টোৰ লগত কেনেকৈ জড়িত আছে, তাক যেন শ্ৰোতাসকলে বুজিবলৈ সক্ষম হয়।

  • বিষয়টোৰ ওপৰত জোৰ দিয়ক। যদি আপুনি শাস্ত্ৰপদ পঢ়াৰ বাবে এটা স্পষ্ট কাৰণ তুলি ধৰে, তেনেহʼলে শাস্ত্ৰপদটোৰ মূল শব্দবোৰ সেই কাৰণটোৰ লগত কেনেকৈ জড়িত আছে, তাৰ বিষয়ে বৰ্ণনা কৰক।

    ব্যৱহাৰিক পৰামৰ্শ

    শাস্ত্ৰপদৰ ওপৰত আলোচনা কৰাৰ সময়ত আপোনাৰ বাইবেলখন খুলি ৰাখক। ইয়ে শ্ৰোতাসকলক আপুনি পঢ়া পদটোৰ লগত জড়িত থকা শব্দবোৰ বুজিবলৈ সহায় কৰিব।

  • শাস্ত্ৰপদৰ প্ৰয়োগ সহজভাৱে কৰক। মূল বিষয়টোৰ লগত জড়িত নথকা অপ্ৰয়োজনীয় তথ্যবোৰ তুলি ধৰা উচিত নহয়। বিষয়টোৰ ওপৰত শ্ৰোতাসকলৰ কিমান জ্ঞান আছে, তাৰ আধাৰত নিৰ্ণয় লওক যে আপুনি কিমান তথ্য তুলি ধৰিব। এইদৰে কৰিলে আপোনাৰ শ্ৰোতাসকলে বিষয়টো ভালদৰে বুজিবলৈ সক্ষম হʼব।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক