ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w23 ছেপ্টেম্বৰ পৃষ্ঠা ১৪-১৯
  • কোমল স্বভাৱ আপোনাৰ দুৰ্বলতা নহয়, শক্তিহে

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • কোমল স্বভাৱ আপোনাৰ দুৰ্বলতা নহয়, শক্তিহে
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • আপুনি কেনেকৈ কোমল স্বভাৱৰ হʼব পাৰে?
  • কোমলতাৰে ব্যৱহাৰ কৰাৰ বাবে গভীৰ বুজা শক্তিৰ অতি প্ৰয়োজন
  • একেলগে মিলি তৈয়াৰী কৰক
  • মৃদু-ভাৱ এই গুণ আমি কিয় বৃদ্ধি কৰা উচিত?
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২০
  • “সকলো মানুহৰ প্ৰতি মৃদুভাৱ” দেখুৱা
    ২০০৩ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • মৃদুতা হৈছে খ্ৰীষ্টানসকলৰ বাবে এক আৱশ্যকীয় গুণ
    ২০০৩ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
w23 ছেপ্টেম্বৰ পৃষ্ঠা ১৪-১৯

অধ্যয়নৰ লেখ ৩৯

কোমল স্বভাৱ আপোনাৰ দুৰ্বলতা নহয়, শক্তিহে

‘প্ৰভুৰ দাসে বিৰোধ কৰিব নালাগে; কিন্তু সকলোকে মৃদুভাৱে ব্যৱহাৰ কৰা উচিত।’—২ তীম. ২:২৪

গীত ১২০ যীচুৰ দৰে কোমল মনৰ হওক

লেখৰ এক আভাসa

১. আমাৰ কামৰ ঠাইত বা স্কুলত লোকসকলে কিহৰ বিষয়ে প্ৰশ্ন কৰিব পাৰে?

আপোনাৰ বিশ্বাসৰ বিষয়ে যেতিয়া আপোনাৰ স্কুলত বা কাম কৰা ঠাইত প্ৰশ্ন কৰে, তেতিয়া আপোনাক কেনেকুৱা লাগে? তেতিয়া আপোনাক ভয় লাগেনে? আমাৰ মাজৰ বহুতেই হয়তো ভয় খাব পাৰে। কিন্তু যেতিয়া কোনো ব্যক্তিয়ে এনেধৰণৰ প্ৰশ্ন কৰে, তেতিয়া আমি এটা কথা গম পাওঁ যে তেওঁ কি বিশ্বাস কৰে আৰু তেওঁ কি চিন্তা কৰে। ইয়াৰ যোগেদি হয়তো আমি সাক্ষ্য দিয়াৰ সুযোগ পাব পাৰোঁ। কিন্তু বহু বাৰ এজন ব্যক্তিয়ে আমাৰ লগত তৰ্ক কৰাৰ বাবে বা আমাৰ বিশ্বাসৰ লগত সন্মত নোহোৱাৰ বাবে এইদৰে প্ৰশ্ন কৰে। যদি এইদৰে হয়, তেনেহ’লে আমাক আচৰিত হোৱাৰ প্ৰয়োজন নাই। কিয়নো আমি যি বিশ্বাস কৰোঁ, তাৰ বিষয়ে হয়তো বহুতো লোকে ভালদৰে নাজানে বা তেওঁলোকক ভুল তথ্য দিয়া হৈছে। (পাঁচ. ২৮:২২) ইয়াৰ উপৰিও আমি “শেষ-কালত” জীয়াই আছোঁ আৰু এনে সময়ত বহুতো লোক ‘অপবাদক আৰু নিৰ্দয়’ হৈ পৰিছে।—২ তীম. ৩:১, ৩.

২. কোমল স্বভাৱৰ হোৱাটো কিয় ভাল?

২ আপুনি হয়তো ভাবিব পাৰে, ‘মই যি বিশ্বাস কৰোঁ, তাৰ বিষয়ে কোনোবাই যদি মোৰ লগত তৰ্ক কৰে, তেনেহʼলে মই কেনেকৈ শান্ত হৈ প্ৰেমেৰে উত্তৰ দিব পাৰোঁ?’ এনে সময়ত কোমল স্বভাৱৰ হʼলে আপুনি সহায় লাভ কৰিব পাৰে। কোমল স্বভাৱৰ ব্যক্তিয়ে সোনকালে খং নকৰে। যেতিয়া তেওঁক খং তোলোৱা হয় বা তেওঁক এনে প্ৰশ্ন সোধা হয় যাৰ উত্তৰ কেনেকৈ দিব লাগে বুজি নাপায়, তেতিয়াও তেওঁ নিজকে নিয়ন্ত্ৰণ কৰি ৰাখে। (হিতো. ১৬:৩২) কিন্তু আপুনি হয়তো এইদৰে কʼব পাৰে, ‘এয়া কʼবলৈহে সহজ, কিন্তু কৰিবলৈ কঠিন।’ তেনেহʼলে আপুনি কেনেকৈ আৰু কোমল স্বভাৱৰ হʼব পাৰে? যদি আপোনাৰ বিশ্বাসৰ বিষয়ে কোনোবাই প্ৰশ্ন কৰে, তেনেহʼলে কেনেকৈ আপুনি কোমলতাৰে তেওঁলোকক উত্তৰ দিব পাৰে? পিতৃ-মাতৃসকল, আপোনালোকে নিজৰ লʼৰা-ছোৱালীক কোমলতাৰে উত্তৰ দিবলৈ কেনেকৈ শিকাব পাৰে যাতে কোনোবাই তেওঁলোকৰ বিশ্বাসৰ বিষয়ে সুধিলে তেওঁলোকে শান্তিৰে উত্তৰ দিব পাৰে?

আপুনি কেনেকৈ কোমল স্বভাৱৰ হʼব পাৰে?

৩. আমি এয়া কিয় কʼব পাৰোঁ যে কোমল স্বভাৱ দুৰ্বলতা নহয়? (২ তীমথিয় ২:২৪, ২৫)

৩ মৃদুভাৱ বা কোমল স্বভাৱৰ হোৱাটো দুৰ্বলতা নহয়। কাৰণ কোনো কঠিন পৰিস্থিতিত নিজকে নিয়ন্ত্ৰণত ৰাখিবলৈ শক্তিৰ প্ৰয়োজন হয়। মৃদুভাৱ বা কোমলতা পবিত্ৰ শক্তিৰ ফলৰ এটা ভাগ হয়। (গালা. ৫:২২, ২৩) বাইবেলত যি গ্ৰীক শব্দৰ অনুবাদ মৃদুভাৱ কৰা হৈছে, সেই শব্দ প্ৰায় এনে বনৰীয়া ঘোঁৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়, যাক নিয়ন্ত্ৰণত থাকিবলৈ শিকোৱা হৈছে। চিন্তা কৰক, এটা বনৰীয়া ঘোঁৰা শান্ত হৈ থাকিবলৈ শিকিছে। যদিও সি শান্ত হৈ আছে, তথাপি এতিয়াও সি শক্তিশালী। গতিকে, আমি কি কৰিব পাৰোঁ যাতে কোমল স্বভাৱ আমাৰ শক্তি হৈ পৰে? আমি এয়া নিজৰ শক্তিৰে কৰিব নোৱাৰোঁ। ইয়াৰ বাবে আমি যিহোৱাৰ পৰা পবিত্ৰ শক্তি বিচাৰিব লাগিব যাতে আমি অন্তৰত ভাল গুণ বঢ়াব পাৰোঁ। বহুতো ভাই-ভনীয়ে এইদৰেই কৰিলে। যেনে, লোকসকলে তেওঁলোকৰ লগত তৰ্ক কৰোঁতে তেওঁলোকে শান্ত হৈ থাকিল আৰু আন লোকসকলৰ ওপৰত ইয়াৰ ভাল প্ৰভাৱ পৰিলে। (২ তীমথিয় ২:২৪, ২৫ পঢ়ক।) গতিকে কোমল স্বভাৱ যাতে আপোনাৰ শক্তি হৈ পৰে তাৰ বাবে আপুনি কি কৰিব পাৰে?

৪. ইচহাকৰ পৰা আমি কোমলতাৰে ব্যৱহাৰ কৰাৰ বিষয়ে কি শিকিব পাৰোঁ?

৪ বাইবেলত এনে বহুতো ঘটনাৰ বিষয়ে জানিবলৈ পোৱা যায় যʼত কোমলতাৰে ব্যৱহাৰ কৰাৰ বাবে তেওঁলোকৰ বহুত লাভ হʼল। ইচহাকৰ উদাহৰণলৈ মন কৰক। যেতিয়া তেওঁ পলেষ্টীয়াসকলৰ এলেকা গাৰত আছিল, তেতিয়া তাত থকা লোকসকলে তেওঁক ঈৰ্ষা কৰিবলৈ ধৰিলে আৰু তেওঁৰ পিতৃয়ে খন্দা নাদক পুতি পেলালে। তেওঁ নিজৰ অধিকাৰৰ বাবে যুদ্ধ কৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁ নিজৰ পৰিয়ালক লৈ সেই ঠাইৰ পৰা আন ঠাইলৈ গুচি গʼল আৰু তাতেই নাদ খান্দিলে। (আদি ২৬:১২-১৮) কিন্তু পলেষ্টীয়াসকলে পুনৰ কʼবলৈ ধৰিলে, এই নাদ আৰু ঠাই ডোখৰ তেওঁলোকৰ আছিল। তথাপিও ইচহাকে কাজিয়া নকৰি শান্ত হৈ আছিল। (আদি. ২৬:১৯-২৫) পলেষ্টীয়াসকলে যেন ইচহাকৰ লগত কাজিয়া কৰিবলৈ থিৰাং কৰিছিল। তথাপি ইচহাকে নিজকে নিয়ন্ত্ৰণ কৰি ৰাখিলে। এয়া তেওঁ কিয় কৰিব পাৰিলে? হয়তো তেওঁ নিজৰ পিতৃ-মাতৃৰ পৰা এই কথা শিকিছিল। তেওঁ ধ্যান দিছিল যে তেওঁৰ পিতৃ অব্ৰাহামে কেনেকৈ আন লোকসকলৰ লগত শান্তিৰে ব্যৱহাৰ কৰিছিল আৰু তেওঁৰ মাতৃ চাৰাও শান্ত আৰু কোমল স্বভাৱৰ আছিল।—১ পিত. ৩:৪-৬; আদি. ২১:২২-৩৪.

৫. পিতৃ-মাতৃসকলে কি কথাৰ ওপৰত বিশ্বাস ৰাখিব পাৰে? উদাহৰণ দি বুজাওক।

৫ পিতৃ-মাতৃসকল, বিশ্বাস ৰাখক আপুনিও নিজৰ লʼৰা-ছোৱালীক শিকাব পাৰে যে তেওঁলোকে কোমলতাৰে ব্যৱহাৰ কৰিলে কিমান লাভ হয়। ১৭ বছৰৰ মেক্সৰ উদাহৰণলৈ মন কৰক। তেওঁৰ স্কুলত কিছুমান লোকে তেওঁক খং কৰিছিল আৰু প্ৰচাৰতো তেওঁ এনে লোকসকলক লগ পাইছিল। তেওঁৰ পিতৃ-মাতৃয়ে ধৈৰ্য্য ধৰিলে আৰু প্ৰেমেৰে তেওঁক শিকালে যে তেওঁ কেনেকৈ কোমলতাৰে ব্যৱহাৰ কৰিব পাৰে। তেওঁলোকে কয়, “মেক্সে বুজি পালে যে খঙত উত্তৰ দিয়াটো সহজ, কিন্তু নিজকে শান্ত কৰি ৰখাটোহে প্ৰকৃত অৰ্থত শক্তিশালী।” কিমান আনন্দৰ কথা যে মেক্সে বুজিব পাৰিলে কোমল স্বভাৱ দুৰ্বলতা নহয়, শক্তিহে।

৬. কোমলতাৰে ব্যৱহাৰ কৰিবলৈ প্ৰাৰ্থনা কৰিলে আমি কেনেকৈ সহায় লাভ কৰিব পাৰোঁ?

৬ বহু বাৰ লোকসকলে আমাক খং তুলিবলৈ চেষ্টা কৰিব পাৰে। যেনে, তেওঁলোকে ঈশ্বৰৰ নাম বদনাম কৰিব পাৰে বা বাইবেলৰ বিষয়ে বেয়াকৈ কʼব পাৰে। এনে সময়ত আমাক কি কৰা উচিত? আমি ঈশ্বৰলৈ পবিত্ৰ শক্তি আৰু বুদ্ধি বিচাৰি প্ৰাৰ্থনা কৰিব পাৰোঁ যাতে আমি নম্ৰতাৰে তেওঁলোকক উত্তৰ দিব পাৰোঁ। কিন্তু যেতিয়া আমাৰ অনুভৱ হয় যে আমি তেওঁলোকৰ লগত আৰু ভালদৰে ব্যৱহাৰ কৰিব পাৰিলোঁহেঁতেন, তেতিয়া আমি কি কৰিম? আমি পুনৰ যিহোৱালৈ প্ৰাৰ্থনা কৰিব পাৰোঁ আৰু চিন্তা কৰিব পাৰোঁ যে আগলৈ আমি কেনেকৈ আৰু ভালদৰে ব্যৱহাৰ কৰিব পাৰোঁ। এনে কৰিলে যিহোৱাই আমাক পবিত্ৰ শক্তি দিব। তেতিয়া আমি নিজকে শান্ত কৰি ৰাখিব পাৰিম, লগতে কোমলতাৰে ব্যৱহাৰ কৰিব পাৰিম।

৭. বাইবেলৰ কিছুমান পদ মনত ৰখাটো কিয় লাভজনক? (হিতোপদেশ ১৫:১, ১৮)

৭ বাইবেলৰ কিছুমান পদ মনত ৰাখিলেও বহুত লাভ হয়। যদি আমি এনে পৰিস্থিতিৰ সন্মুখীন হওঁ, যেতিয়া শান্ত হৈ থাকিবলৈ আমাৰ বাবে কঠিন হয়, তেতিয়া ঈশ্বৰৰ পবিত্ৰ শক্তিয়ে আমাক এই পদবোৰ মনত পেলাবলৈ সহায় কৰিব পাৰে। (যোহ. ১৪:২৬) যেনে, হিতোপদেশ কিতাপত এনে সিদ্ধান্ত দিয়া আছে, যাক পালন কৰিলে, আমি শান্ত হৈ উত্তৰ দিব পাৰিম। (হিতোপদেশ ১৫:১, ১৮ পঢ়ক।) এই কিতাপত এয়াও কোৱা হৈছে যে এনে কঠিন পৰিস্থিতিত শান্ত হৈ থকাটো কিয় ভাল।—হিতো. ১০:১৯; ১৭:২৭; ২১:২৩; ২৫:১৫.

কোমলতাৰে ব্যৱহাৰ কৰাৰ বাবে গভীৰ বুজা শক্তিৰ অতি প্ৰয়োজন

৮. আমাৰ কিয় গভীৰ বুজা শক্তি থকা উচিত?

৮ কোমলতাৰে ব্যৱহাৰ কৰিবলৈ গভীৰ বুজা শক্তি থকাটো অতি প্ৰয়োজন। (হিতো. ১৯:১১) আমি যি বিশ্বাস কৰোঁ, তাৰ বিষয়ে যেতিয়া কোনোবাই প্ৰশ্ন কৰে, তেতিয়া খং কৰাৰ পৰিৱৰ্তে আমি শান্ত হৈ থাকিম। বহু বাৰ বহুতো লোকে যি প্ৰশ্ন কৰে, সেয়া পুখুৰীৰ গভীৰ পানীৰ দৰে হয়। ওপৰৰ পৰা চালে প্ৰায়ে গম পোৱা নাযায় যে তাত কিমান পানী আছে। ঠিক সেইদৰে, যেতিয়া কোনোবাই আমাক প্ৰশ্ন কৰে, তেতিয়া বুজি পোৱা নাযায় যে তেওঁৰ মনত কি চলি আছে আৰু কিয় সেই প্ৰশ্নটো সুধিছে। আমি মনত ৰখা উচিত যে তেওঁৰ উদ্দেশ্যৰ বিষয়ে নাজানোঁ সেইবাবে, আমি লগে লগে উত্তৰ দিয়া উচিত নহয়।—হিতো. ১৬:২৩.

৯. যেতিয়া ইফ্ৰয়িমৰ লোকসকলে গিদিয়োনৰ লগত কাজিয়া কৰিবলৈ ধৰিলে, তেতিয়া তেওঁ কেনেকৈ গভীৰ বুজা শক্তিৰে কাম কৰিলে আৰু তেওঁলোকৰ লগত কোমলতাৰে ব্যৱহাৰ কৰিলে?

৯ মন কৰক, এবাৰ গিদিয়োনে ইফ্ৰয়িমৰ লোকসকলক কেনেকৈ উত্তৰ দিলে। তেওঁলোকে খং কৰি গিদিয়োনৰ লগত কাজিয়া কৰিবলৈ ধৰিলে আৰু কʼলে শত্ৰুবিলাকৰ লগত যুদ্ধ কৰাৰ সময়ত তেওঁলোকক কিয় নামাতিলে। প্ৰকৃততে তেওঁলোকে কিয় ইমান খং কৰিছিল? গিদিয়োনে তেওঁলোকক অপমান কৰিলে বুলি তেওঁলোকে ভাবিছিলনে? কাৰণ যিয়েই নহওক কিয়, গিদিয়োনে ভাবি-চিন্তি কাম কৰিলে। তেওঁ তেওঁলোকৰ ভাৱনাক সন্মান কৰিলে আৰু তেওঁলোকক কোমলতাৰে উত্তৰ দিলে। ইয়াৰ পৰিণাম কি হʼল? বাইবেলত লিখা আছে, “তেওঁবিলাকৰ খং গুচিল।”— বিচা. ৮:১-৩

১০. কি বুজি পালে আমি এজন ব্যক্তিক ভালদৰে উত্তৰ দিব পাৰিম? (১ পিতৰ ৩:১৫)

১০ হয়তো আপোনাৰ স্কুলত বা কামৰ ঠাইত কোনোবাই সুধিব পাৰে যে আপুনি বাইবেলৰ মানদণ্ডৰ অনুসৰি কিয় জীয়াই থাকে। আমি এনে ব্যক্তিক এয়া বুজাবলৈ চেষ্টা কৰিম যে আমি বাইবেলৰ মানদণ্ড কিয় পালন কৰোঁ। কিন্তু আমি এয়াও ধ্যান দিম যে প্ৰতিজনৰে নিজৰ চিন্তাধাৰা থাকে আৰু আমি সকলোকে সন্মান কৰিব লাগিব। (১ পিতৰ ৩:১৫ পঢ়ক।) যেতিয়া কোনোবাই আমাক প্ৰশ্ন কৰে, তেতিয়া সদায় এয়া ভবা উচিত নহয় যে তেওঁ আমাক ঠাট্টা কৰিছে বা তেওঁ আমাক তল কৰিবলৈ চেষ্টা কৰিছে। ইয়াৰ পৰিৱৰ্তে আমাক ভাবিব লাগে যে তেওঁৰ মনত কি চলি আছে। তেওঁৰ বাবে কোনবোৰ কথা অৰ্থ ৰাখে। তেওঁ যি কাৰণেই প্ৰশ্ন নকৰক কিয়, আমি নম্ৰতাৰে উত্তৰ দিবলৈ চেষ্টা কৰা উচিত। তেওঁ আমাৰ কথা শুনি হয়তো ভাবিব যে তেওঁ যি বিশ্বাস কৰে, সেয়া কিয় বিশ্বাস কৰে। যদি কোনোবাই আমাৰ লগত বেয়া ব্যৱহাৰ কৰে বা ঠাট্টা কৰে, তেতিয়াও আমি তেওঁলোকৰ লগত কোমলতাৰে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰা উচিত।—ৰোম. ১২:১৭.

কাম কৰা ঠাইত এজনী ভনীৰ লগত কাম কৰা তিৰোতাই তাইক জন্মদিনৰ কেক দি আছে। আন লোকসকলে ওচৰতে খোৱা-বোৱা কৰিছে আৰু জন্মদিন পালন কৰিছে।

যদি আপুনি চিন্তা কৰে যে কোনোবাই আপোনাক কিয় জন্মদিনৰ পাৰ্টীত মাতি আছে, তেনেহʼলে আপুনি তেওঁক আৰু ভালদৰে উত্তৰ দিব পাৰিব (অনুচ্ছেদ ১১-১২ চাওক)

১১-১২. (ক) যেতিয়া কোনোবাই আমাক প্ৰশ্ন কৰে, তেতিয়া আমাক প্ৰথমে কি কৰা উচিত? (ছবিখনো চাওক।) (খ) এটা উদাহৰণ দি বুজাওক যে এইদৰে কৰিলে কেনেকৈ ভালদৰে কথা-বতৰা হʼব পাৰে?

১১ ধৰি লওক, আপোনাৰ সহকৰ্মীয়ে আপোনাক সোধে যে আপুনি জন্মদিন কিয় পালন নকৰে। তেতিয়া তেওঁক উত্তৰ দিয়াৰ আগতে অলপ সময় চিন্তা কৰক: তেওঁ এই প্ৰশ্ন কিয় সুধিছে, তেওঁক এনেদৰে লাগে নে যে আমি আনন্দ ফুৰ্তি নকৰোঁ বা তেওঁৰ মনত এয়া চলি আছেনে যে আমাৰ বাবে কোম্পানীৰ ভাল পৰিৱেশ বেয়া হʼব পাৰে? তেওঁ আনৰ বাবে যি চিন্তা কৰে, তাৰ বাবে আমি তেওঁৰ প্ৰশংসা কৰিব পাৰোঁ আৰু আমিও কোম্পানীত ভাল পৰিৱেশ হৈ থকাটো বিচাৰোঁ বুলি তেওঁক কʼব পাৰোঁ। এইদৰে উত্তৰ দিলে হয়তো তেওঁ আমাৰ কথা শুনিবলৈ সাজু হʼব আৰু আমি তেওঁক বাইবেলৰ পৰা কʼব পাৰিম যে আমি জন্মদিন কিয় পালন নকৰোঁ।

১২ যেতিয়া লোকসকলে এনেধৰণৰ আন বিষয়বোৰত আমাক প্ৰশ্ন সোধে, তেতিয়াও আমি এই উপায়টো ব্যৱহাৰ কৰিব পাৰোঁ। যেনে, স্কুলত কোনোবাই আমাক কয় যে যিহোৱাৰ সাক্ষীসকলে সমকামিতাৰ বিষয়ে নিজৰ চিন্তাধাৰা সলনি কৰিব লাগে। তেতিয়া আমি ভবা উচিত যে তেওঁলোকে এইদৰে কিয় ভাবে। যিহোৱাৰ সাক্ষীসকলে সমকামিতাৰ বিষয়ে যি বিশ্বাস কৰে, তাৰ বিষয়ে তেওঁ ভুল বুজিছে নেকি বা তেওঁৰ কোনো বন্ধু বা সম্বন্ধীয়া সমকামিতা হয় নেকি? অথবা তেওঁক এনেদৰে লাগে নে যে যিহোৱাৰ সাক্ষীসকলে সমকামিতা লোকক ভাল নাপায়? যেতিয়া আমি এইদৰে ভাবিম, তেতিয়া আমি তেওঁক আশ্বাস দিব পাৰোঁ যে আমি সকলোকে প্ৰেম কৰোঁ আৰু আমি এয়াও বিশ্বাস কৰোঁ যে লোকসকলে কেনেদৰে জীৱন-যাপন কৰিব, তাৰ নিৰ্ণয় লোৱাৰ অধিকাৰ সকলোৰে আছে।b (১ পিত. ২:১৭) তাৰ পাছত হয়তো আমি তেওঁক এয়াও জনাব পাৰোঁ যে বাইবেলৰ মানদণ্ডৰ অনুসৰি জীৱন-যাপন কৰিলে আমাৰ কি লাভ হʼব।

১৩. সকলোবোৰ ঈশ্বৰে সৃষ্টি কৰিছে বুলি বিশ্বাস নকৰা ব্যক্তিক আপুনি কেনেকৈ সহায় কৰিব পাৰে?

১৩ যদি কোনোবাই বাইবেলৰ কথাৰ লগত একেবাৰে সন্মত নহয়, তেনেহʼলে আমি এয়া ভবা উচিত নহয় যে আমি জানোঁ তেওঁ কি বিশ্বাস কৰে। (তীত ৩:২) যেনে, স্কুলত যেতিয়া কোনো লʼৰা-ছোৱালীয়ে কয় যে ‘আজি কালি কোনেনো ঈশ্বৰক বিশ্বাস কৰে?’ তেতিয়া আপুনি ভাবিবনে যে তেওঁ বিকাশবাদ বা বিৱৰ্তনক বিশ্বাস কৰে আৰু ইয়াৰ বিষয়ে সকলোখিনি জানে? আচলতে, হয়তো তেওঁ ইয়াৰ বিষয়ে ভবাই নাই। সেইবাবে, বিকাশবাদ সঠিক হয় বা ভুল, এই বিষয়ৰ ওপৰত তৰ্ক কৰাৰ পৰিৱৰ্তে আপুনি তেওঁক এনে সুধিব পাৰে যাৰ বিষয়ে তেওঁ ভাবিব পাৰে। আপুনি যদি বিচাৰে তেওঁক jw.org ৱেবছাইটত সৃষ্টিৰ বিষয়ে দিয়া ভিডিঅʼ আৰু লেখবোৰ দেখুৱাব পাৰে। হয়তো পাছত তেওঁ এই বিষয়ে আপোনাৰ লগত কথা পাতিবলৈ সাজু হʼব পাৰে। এইদৰে আপুনি আনৰ কথাক সন্মান কৰিলে আৰু ভাবি-চিন্তি কথা পাতিলে তেওঁলোকৰ বাইবেলৰ বিষয়ে আৰু বেছিকৈ জানিবলৈ মন যাব।

১৪. নীলে আমাৰ ৱেবছাইটৰ কেনেকৈ ভালদৰে ব্যৱহাৰ কৰিলে?

১৪ যিহোৱাৰ সাক্ষীসকলৰ বিষয়ে যি ভুল ধাৰণা আছে, তাক দূৰ কৰিবলৈ নীল নামৰ এজন ডেকাই আমাৰ ৱেবছাইট ব্যৱহাৰ কৰিলে। তেওঁ এইদৰে কয়, “মোৰ ক্লাচৰ এজন লʼৰাই প্ৰায় মোক কৈছিল যে মই প্ৰমাণৰ ওপৰত নহয়, কথা-কাহিনীৰ (বাইবেল) ওপৰত বিশ্বাস কৰোঁ। সেইবাবে, মই বিজ্ঞানৰ ওপৰত বিশ্বাস নকৰোঁ।” নীল যেতিয়া তেওঁক এয়া বুজাবলৈ চেষ্টা কৰিছিল, তেতিয়া তেওঁ শুনা নাছিল। তাৰ পাছত নীলে jw.org-ত “বাইবেল আৰু বিজ্ঞান” (হিন্দী) ভাগৰ বিষয়ে তেওঁক কʼলে। পাছত নীলে অনুভৱ কৰিলে যে তেওঁ হয়তো আমাৰ ৱেবছাইটত দিয়া তথ্যবোৰ পঢ়িছে। সেইবাবে, জীৱনৰ আৰম্ভণিৰ বিষয়ে তেওঁৰ লগত কথা পাতিব পাৰিলে। আপোনাৰো হয়তো এনে ভাল অনুভৱ আছে।

একেলগে মিলি তৈয়াৰী কৰক

১৫. মা-দেউতাই নিজৰ লʼৰা-ছোৱালীক কেনেকৈ নম্ৰতাৰে উত্তৰ দিবলৈ শিকাব পাৰে?

১৫ মা-দেউতাই নিজৰ লʼৰা-ছোৱালীক শিকাব পাৰে যে যেতিয়া তেওঁলোকৰ ওচৰত এনেধৰণৰ পৰিস্থিতি আহিব, তেতিয়া তেওঁলোকে কেনেকৈ কোমলতাৰে উত্তৰ দিব পাৰে। (যাকো. ৩:১৩) কিছুমান মা-দেউতাই তেওঁলোকৰ পাৰিবাৰিক উপাসনাত নিজৰ লʼৰা-ছোৱালীক এইদৰে কৰিবলৈ শিকায়। প্ৰথমে চিন্তা কৰে যে তেওঁলোকৰ লʼৰা-ছোৱালীক স্কুলত কেনেধৰণৰ প্ৰশ্ন সোধা হʼব, তাৰ পাছত তেওঁলোকে সেই বিষয়ে আলোচনা কৰে। তেওঁলোকে ইয়াৰ বিষয়েও কথা পাতে যে সেই সময়ত লʼৰা-ছোৱালীয়ে কি কʼব পাৰে আৰু কেনেকৈ নম্ৰতাৰে আৰু প্ৰেমেৰে উত্তৰ দিব পাৰে, তাৰ পাছত তেওঁলোকে নিজৰ লʼৰা-ছোৱালীৰ লগত এইবোৰ প্ৰেক্টিচ কৰে।—“প্ৰেক্টিচ কৰা ভাল” নামৰ বক্স চাওক।

পাৰিবাৰিক উপাসনাৰ সময়ত এজন সৰু লʼৰাই নিজৰ দেউতাকৰ লগত আনক কেনেকৈ উত্তৰ দিব পাৰে তাৰ প্ৰেক্টিচ কৰি আছে।

প্ৰেক্টিচ কৰাটো ভাল

বহুতো পৰিয়ালে পাৰিবাৰিক উপাসনাত এনে বিষয়বোৰৰ ওপৰত আলোচনা কৰে, যাৰ বিষয়ে স্কুলত বা কামৰ ঠাইত লোকসকলে তেওঁলোকক প্ৰশ্ন সুধিব পাৰে। ইয়াৰ পৰা তেওঁলোকৰ বহুত লাভ হয়। (হিতো. ৯:৯) চিন্তা কৰক আপুনি কেনেকৈ উত্তৰ দিব, যদি কোনোবাই আপোনাক কয়:c

  • “তুমি ৰাষ্ট্ৰ গান নোগোৱা, দেশৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছা।”

  • “বিকাশবাদ বা বিবৰ্তনহে সঁচা।”

  • “যদি সকলোবোৰ ঈশ্বৰে সৃষ্টি কৰিছে, তেন্তে ঈশ্বৰক কোনে সৃষ্টি কৰিছে?”

  • “যিহোৱাৰ সাক্ষীসকলে সমকামিতা লোকসকলক বেয়া পায়।”

  • “যিহোৱাৰ সাক্ষীসকলে আন লোকসকলক ধৰ্ম পৰিৱৰ্তন কৰিবলৈ কিয় কয়?”

  • “তোমালোকে নিজৰ মতে বাইবেলখন সলনি কৰিছা।”

১৬-১৭. কিশোৰ-কিশোৰীসকলৰ লগত প্ৰেক্টিচ কৰিলে তেওঁলোকে কেনেকৈ সহায় পাব পাৰে?

১৬ লʼৰা-ছোৱালীৰ লগত প্ৰেক্টিচ কৰিলে কি লাভ হয়? প্ৰথম, লʼৰা-ছোৱালীৰ বিশ্বাস বাঢ়িব যে তেওঁলোকে যি বিশ্বাস কৰে, সেয়া কিয় বিশ্বাস কৰে। দ্বিতীয়, তেওঁলোকে ইয়াৰ বিষয়ে সম্পূৰ্ণ বিশ্বাসেৰে আনক কʼব পাৰিব। jw.org ৱেবছাইটত “কিশোৰ-কিশোৰীসকলে সোধা প্ৰশ্ন” (হিন্দী) ধাৰাবাহিক আৰু কিশোৰ-কিশোৰীসকলৰ বাবে প্ৰেক্টিচৰ ভাগো দিয়া হৈছে। এয়া কিশোৰ-কিশোৰীসকলৰ বিশ্বাস বঢ়াবলৈ তৈয়াৰ কৰা হৈছে। ইয়াৰ সহায়ত তেওঁলোকে নিজৰ শব্দত উত্তৰ দিব পাৰে। যদি গোটেই পৰিয়ালে মিলি ইয়াৰ অধ্যয়ন কৰে, তেতিয়া সকলোৱে শিকিব পাৰিব যে তেওঁলোকে যি বিশ্বাস কৰে, তাৰ বিষয়ে কেনেকৈ প্ৰেমেৰে আৰু কোমলতাৰে উত্তৰ দিব পাৰে।

১৭ মেথিও নামৰ এজন ডেকাই তাৰ বিষয়ে কয় যে প্ৰক্টিচ কৰাৰ বাবে তেওঁ কেনেকৈ সহায় পালে। তেওঁৰ মা-দেউতাই প্ৰায়ে পাৰিবাৰিক উপাসনাত এনে বিষয়বোৰ অনুসন্ধান কৰিছিল যাৰ বিষয়ে স্কুলত লোকসকলে প্ৰশ্ন কৰিব পাৰে। তেওঁ এইদৰে কয়, “আমি ভাবিছিলোঁ যে লোকসকলে স্কুলত কি কি প্ৰশ্ন সুধিব পাৰে। তাৰ পাছত আমি প্ৰেক্টিচ কৰিছিলোঁ যে আমি যি অনুসন্ধান কৰিলোঁ, তাক মনত ৰাখি আমি কেনেকৈ উত্তৰ দিব পাৰোঁ। যেতিয়া মই বুজি পাওঁ যে মই যি বিশ্বাস কৰোঁ, সেয়া কিয় কৰোঁ, তেতিয়া মোক ভয় নালাগে আৰু আনক মই কোমলতাৰে উত্তৰ দিব পাৰোঁ।”

১৮. কলচীয়া ৪:৬ পদৰ পৰা কি কথাৰ গুৰুত্বতা বুজিব পৰা যায়?

১৮ আমি লোকসকলক যিমানেই ভালদৰে বা বিশ্বাসেৰে নুবুজাওঁ কিয়, তথাপি সকলোৱে নুশুনিব। কিন্তু আমি ভাবি-চিন্তি আৰু কোমলতাৰে তেওঁলোকক উত্তৰ দিলে ভাল পৰিণাম হয়। (কলচীয়া ৪:৬ পঢ়ক।) আমি যি বিশ্বাস কৰোঁ, সেয়া লোকসকলক জনোৱাটো বল খেলাৰ দৰে হয়। আমি ওচৰত থকা ব্যক্তিৰ ফালে বল লাহেকৈ বা জোৰেৰে পেলাব পাৰোঁ। যদি আমি বল লাহেকৈ পেলাওঁ, তেনেহʼলে হয়তো ওচৰত থকা ব্যক্তিয়ে ইয়াক ধৰিব পাৰে আৰু এইদৰে আমাৰ মাজত খেল চলি থাকিব পাৰে। ঠিক সেইদৰে, যদি আমি ভাবি-চিন্তি আৰু কোমলতাৰে লোকসকলক কথা কওঁ, তেনেহʼলে হয়তো লোকসকলে আমাৰ কথা শুনিবলৈ সাজু হʼব আৰু আমি তেওঁলোকৰ লগত কথা পাতি থাকিব পাৰোঁ। হয়তো কিছুমান লোকে আমাৰ লগত তৰ্ক কৰি থাকিব বিচাৰে বা আমাক ঠাট্টা কৰি থাকিব বিচাৰে। এনে লোকসকলৰ লগত কথা পাতি থকা উচিত নহয়। (হিতো. ২৬:৪) কিন্তু সকলোৱে তেওঁলোকৰ দৰে নহয়। হয়তো বেছিভাগ লোকেই আমাৰ কথা শুনিবলৈ সাজু হʼব পাৰে।

১৯. কি কথা মনত ৰাখিলে আমি সদায় নম্ৰতাৰে ব্যৱহাৰ কৰিব পাৰিম?

১৯ আমি শিকিলোঁ যে কোমল স্বভাৱৰ হʼলে আমাৰ বহুতো লাভ হয়। কোমলতাৰে আনৰ লগত ব্যৱহাৰ কৰিবলৈ সহায় বিচাৰি যিহোৱালৈ প্ৰাৰ্থনা কৰক, যাতে কোনোবাই আপোনাৰ বিশ্বাসৰ ওপৰত প্ৰশ্ন তুলিলে বা আপোনাক ঠাট্টা কৰিলে আপুনি কোমলতাৰে উত্তৰ দিব পাৰিব। মনত ৰাখক, আপোনাৰ চিন্তাধাৰা তেওঁলোকৰ চিন্তাধাৰাৰ লগত নিমিলে। সেইবাবে, আপুনি কোমলতাৰে তেওঁলোকক উত্তৰ দিলে কথা বেয়ালৈ ঢাল নাখাব। ইয়াৰ উপৰিও, আনক সন্মান কৰিলে আৰু কোমলতাৰে উত্তৰ দিলে হয়তো কিছুমান লোকে আমাৰ বিষয়ে আৰু বাইবেলৰ শিক্ষাৰ বিষয়ে নিজৰ চিন্তাধাৰা সলনি কৰিব। গতিকে আপুনি যি বিশ্বাস কৰে, তাৰ “পক্ষে উত্তৰ দিবলৈ” সাজু থাকক, কিন্তু “নম্ৰতাৰে আৰু ভয়েৰে।” (১ পিত. ৩:১৫) মনত ৰাখক, কোমল স্বভাৱ আপোনাৰ দুৰ্বলতা নহয়, এয়া আপোনাৰ শক্তিহে।

আপুনি কেনেকৈ উত্তৰ দিব?

  • আমি কেনেকৈ কোমল স্বভাৱৰ হʼব পাৰোঁ?

  • গভীৰ বুজা শক্তি থাকিলে আপুনি কেনেকৈ কোমলতাৰে ব্যৱহাৰ কৰিব পাৰিব?

  • মা-দেউতাই নিজৰ লʼৰা-ছোৱালীক কোমলতাৰে নিজৰ বিশ্বাসৰ বিষয়ে সাক্ষ্য দিবলৈ কেনেকৈ শিকাব পাৰে?

গীত ৮৮ তোমাৰ পথ আমাক শিকোৱা

a যেতিয়া কোনোবাই আমাৰ বিশ্বাসৰ বিষয়ে সোধে বা আমাৰ লগত বেয়া ব্যৱহাৰ কৰে, তেতিয়া আমি কেনেকৈ কোমলতাৰে তেওঁলোকক উত্তৰ দিব পাৰোঁ, ইয়াৰ বিষয়ে এই লেখত আমাক ভাল পৰামৰ্শ দিয়া হৈছে।

b বেছিকৈ জানিবলৈ সচেতন থাকক! ২০১৬ চনৰ নং ৩-ত দিয়া লেখ “পবিত্ৰ শাস্ত্ৰই সমকামিতাৰ বিষয়ে কি কয়?” চাওক।

c jw.org-ত “কিশোৰ-কিশোৰীসকলে সোধা প্ৰশ্ন” নামৰ ধাৰাবাহিক আৰু “যিহোৱাৰ সাক্ষীসকলৰ বিষয়ে সঘনাই সোধা প্ৰশ্ন” নামৰ ভাগত আপুনি আৰু ভাল ভাল পৰামৰ্শ পাব পাৰে।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক