অতিৰিক্ত লেখ
ওৰণি লোৱা—কʼত আৰু কিয় প্ৰয়োজন?
এগৰাকী খ্ৰীষ্টান ভনীয়ে উপাসনাৰ লগত জড়িত থকা বিষয়বোৰত কʼত আৰু কিয় ওৰণি লোৱাৰ প্ৰয়োজন? এই বিষয়ে পাঁচনি পৌলে ঈশ্বৰৰ প্ৰেৰণাৰে কি লিখিছিল, আহক আমি তাৰ বিষয়ে অলপ আলোচনা কৰোঁ। তেওঁ আমাক এনে কিছুমান প্ৰয়োজনীয় পৰামৰ্শ দিছে, যাৰ যোগেদি আমি ঈশ্বৰক অসন্মান নকৰাকৈ সঠিক নিৰ্ণয় লʼব পাৰোঁ। (১ কৰিন্থীয়া ১১:৩-১৬) পৌলে তিনিটা বিষয়ৰ ওপৰত গুৰুত্ব দিবলৈ পৰামৰ্শ দিছে: (১) কেনেধৰণৰ কাৰ্য্য কৰাৰ সময়ত এজনী ভনীয়ে মূৰত ওৰণি লোৱাৰ প্ৰয়োজন, (২) কেনে পৰিস্থিতিত তাই ওৰণি লোৱা উচিত আৰু (৩) কি কাৰণৰ বাবে তাই এই সিদ্ধান্ত পালন কৰা উচিত।
কেনেধৰণৰ কাৰ্য্য। পৌলে দুই ধৰণৰ কাৰ্য্যৰ বিষয়ে উল্লেখ কৰিছে: প্ৰাৰ্থনা আৰু ভৱিষ্যবাণী কৰা। (৪, ৫ পদ) প্ৰাৰ্থনাত আমি শ্ৰদ্ধা আৰু ভক্তিৰে যিহোৱা ঈশ্বৰৰ লগত কথা-বতৰা হওঁ। বৰ্তমান সময়ত ভৱিষ্যবাণী কৰাত, এজন খ্ৰীষ্টান সেৱকে বাইবেলৰ ওপৰত আধাৰিত সকলো ধৰণৰ শিক্ষা দিয়া কাৰ্য্য জড়িত আছে। পৌলে কোৱাৰ অৰ্থ এইটো নেকি যে এজনী ভনীয়ে যেতিয়াই প্ৰাৰ্থনা কৰিব বা বাইবেলৰ সত্যতাৰ বিষয়ে আনক শিকাব, তেতিয়াই মূৰত ওৰণি লোৱা উচিত? এনে নহয়। এজনী ভনীয়ে কেনে পৰিস্থিতিত প্ৰাৰ্থনা কৰে বা শিক্ষা দিয়ে, তাৰ ওপৰতো নিৰ্ভৰ কৰিব যে তাইক ওৰণি লোৱাৰ প্ৰয়োজন হʼব নে নহয়।
কেনে পৰিস্থিতিত। পৌলৰ বাক্যৰ পৰা বুজিব পাৰি যে এজনী ভনীয়ে দুটা পৰিস্থিতিত ওৰণি লোৱাৰ প্ৰয়োজন। এটা হৈছে পৰিয়ালত আৰু আনটো হৈছে মণ্ডলীত। পৌলে এইদৰে কৈছে: “পুৰুষ যে তিৰোতাৰ মূৰস্বৰূপ, . . . যি কোনো তিৰোতা মানুহে উদং মূৰে প্ৰাৰ্থনা কৰে, বা ঐশ্বৰিক ভাবোক্তি প্ৰচাৰ কৰে, তেওঁ তেওঁৰ মূৰ অমৰ্য্যাদা কৰে।” (৩, ৫ পদ) পৰিয়াল ব্যৱস্থাত, স্বামীক যিহোৱা ঈশ্বৰে পত্নীৰ মুৰব্বী হিচাপে নিযুক্ত কৰিছে। যদি এগৰাকী পত্নীয়ে, যিহোৱা ঈশ্বৰে স্বামীক দিয়া দায়িত্ব নিজে লʼব বিচাৰে, তেনেহʼলে তাই নিজৰ স্বামীক অসন্মান কৰে। উদাহৰণস্বৰূপে, এগৰাকী স্ত্ৰীক যদি স্বামীৰ উপস্থিতিত বাইবেল অধ্যয়ন কৰিবলগীয়া হয়, তেনেহʼলে তাই মূৰত ওৰণি লোৱাৰ যোগেদি স্বামীৰ অধিকাৰক সন্মান কৰিব। স্বামীৰ বাপ্তিষ্মা হওক বা নহওক, তথাপিও তাই ওৰণি লʼব, কিয়নো স্বামী পৰিয়ালৰ মুৰব্বী হয়।a যদি তাই নিজৰ বাপ্তিষ্মা লোৱা নাবালক পুত্ৰৰ উপস্থিতিত প্ৰাৰ্থনা বা বাইবেল অধ্যয়ন কৰিবলগীয়া হয়, তেনেহʼলে সেই সময়তো তাই মূৰত ওৰণি লʼব। ইয়াৰ অৰ্থ এইটো নহয় যে নাবালক পুত্ৰজন পৰিয়ালৰ মুৰব্বী হয়, কিন্তু ওৰণি লোৱাৰ যোগেদি তাই খ্ৰীষ্টান মণ্ডলীত কেৱল বাপ্তিষ্মা লোৱা সদস্যসকলে শিক্ষা দিয়াৰ যি দায়িত্ব আছে, তাৰ প্ৰতি সন্মান দেখুৱায়।
মণ্ডলীৰ পৰিস্থিতিৰ বিষয়ে উল্লেখ কৰি পৌলে এইদৰে কৈছিল: “কোনোৱে যদি বাদ-বিবাদলৈ মন কৰে, তেন্তে ঈশ্বৰৰ মণ্ডলীবিলাকৰ আৰু আমাৰো এনে দস্তুৰ নাই।” (১৬ পদ) খ্ৰীষ্টান মণ্ডলীত মুৰব্বীৰ দায়িত্ব কেৱল বাপ্তিষ্মা লোৱা ভাইসকলক দিয়া হয়। (১ তীমথিয় ২:১১-১৪; ইব্ৰী ১৩:১৭) ঈশ্বৰৰ সেৱকসকলক চোৱা-চিতা কৰাৰ বাবে কেৱল ভাইসকলক প্ৰাচীন আৰু সহায়ক সেৱক হিচাপে নিযুক্ত কৰা হয়। (পাঁচনিৰ কৰ্ম্ম ২০:২৮) কিন্তু কেতিয়াবা কেতিয়াবা পৰিস্থিতিৰ সাপেক্ষে এজন বাপ্তিষ্মা লোৱা ভাইৰ দায়িত্ব হয়তো এজনী খ্ৰীষ্টান ভনীয়ে পালন কৰিবলগীয়া হʼব পাৰে। উদাহৰণস্বৰূপে, যদি পৰিচৰ্য্যা সভা পৰিচালনা কৰাৰ বাবে কোনো বাপ্তিষ্মা লোৱা উপযুক্ত ভাই উপস্থিত নাথাকে, তেনেহʼলে এজনী ভনীয়ে হয়তো সেই সভা পৰিচালনা কৰিবলগীয়া হʼব পাৰে। অথবা তাইক হয়তো কেতিয়াবা এজন বাপ্তিষ্মা লোৱা ভাইৰ উপস্থিতিত, বাইবেল অধ্যয়ন কৰিবলগীয়া হʼব পাৰে।b এনেধৰণৰ কাৰ্য্যবোৰ হয়তো বেলেগ বেলেগ পৰিস্থিতিত কৰা হৈছে, কিন্তু এই সকলোবোৰ মণ্ডলীৰ কাৰ্য্যৰ ভিতৰত পৰে। সেইবাবে, এই কাৰ্য্যবোৰ কৰাৰ সময়ত ভনীজনীয়ে ওৰণি লোৱাৰ যোগেদি প্ৰকাশ কৰে যে তাই প্ৰকৃততে এজন ভায়ে কৰিবলগীয়া দায়িত্বখিনি পূৰ কৰিছে।
আনহাতে, উপাসনাৰ লগত জড়িত থকা এনে কিছুমান পৰিস্থিতি হʼব পাৰে, যʼত এজনী ভনীয়ে ওৰণি লোৱাৰ প্ৰয়োজন নাই। উদাহৰণস্বৰূপে, খ্ৰীষ্টান সভাবোৰত উত্তৰ দিয়াৰ সময়ত, স্বামী বা অন্য কোনো বাপ্তিষ্মা লোৱা ভাইৰ সৈতে ঘৰে ঘৰে ঘোষণা কাৰ্য্য কৰাৰ সময়ত অথবা বাপ্তিষ্মা নোলোৱা নিজৰ সন্তানৰ লগত অধ্যয়ন কৰা বা প্ৰাৰ্থনা কৰাৰ সময়ত এজনী ভনীয়ে ওৰণি লোৱাৰ প্ৰয়োজন নাই। নিঃসন্দেহ, এই ক্ষেত্ৰত আৰু কিছুমান প্ৰশ্ন উদ্ভৱ হʼব পাৰে। যদি এজনী ভনীয়ে কিছুমান বিষয় স্পষ্টৰূপে বুজিব পৰা নাই, তেনেহʼলে সংগঠনৰ কিতাপ-পত্ৰিকাবোৰত আৰু অধিক অনুসন্ধান কৰা উচিত হʼব।c অনুসন্ধান কৰাৰ পাছতো যদি তাই স্পষ্টৰূপে বুজিব পৰা নাই আৰু তাইৰ বিবেকে যদি ওৰণি লোৱাৰ বাবে পৰিচালিত কৰে, তেনেহʼলে তাই ওৰণি লোৱাটো ভুল বুলি কʼব নোৱাৰি, যেনেকৈ আগৰ পৃষ্ঠাৰ ছবিখনত দেখুৱা হৈছে।
কি কাৰণে। এজনী ভনীয়ে কিয় ওৰণি লোৱাৰ প্ৰয়োজন তাৰ দুটা কাৰণ আমি ১০ পদত দেখিবলৈ পাওঁ: “স্বৰ্গদূতবিলাকৰ নিমিত্তে তিৰোতা মানুহে নিজৰ মূৰত ক্ষমতাৰ [অধীনতাৰ, NW ] চিন ৰখা।” প্ৰথমটো হৈছে ওৰণি লোৱা “অধীনতাৰ চিন” হয়। ওৰণি লোৱাৰ যোগেদি এজনী ভনীয়ে, যিহোৱা ঈশ্বৰে বাপ্তিষ্মা লোৱা মণ্ডলীৰ ভাইসকলক দিয়া অধিকাৰৰ প্ৰতি তাই সন্মান দেখুৱায়। এইদৰে তাই যিহোৱা ঈশ্বৰৰ প্ৰতি থকা নিজৰ প্ৰেম আৰু আনুগত্য প্ৰকাশ কৰে। দ্বিতীয় কাৰণটো এই শব্দবোৰত পোৱা যায়: “স্বৰ্গদূতবিলাকৰ নিমিত্তে।” এজনী ভনীয়ে ওৰণি লোৱাৰ যোগেদি কেনেকৈ শক্তিশালী স্বৰ্গদূতসকলক প্ৰভাৱিত কৰিব পাৰে?
যিহোৱাৰ সংগঠনত, স্বৰ্গতেই হওক বা পৃথিৱীতে হওক ঈশ্বৰৰ অধিকাৰক সন্মান কৰা হৈছে নে নাই, তাৰ বিষয়ে চাবলৈ স্বৰ্গদূতসকল আগ্ৰহী। অসিদ্ধ হোৱাৰ সত্বেও যেতিয়া লোকসকলে যিহোৱাৰ অধিকাৰক সন্মান কৰাৰ ক্ষেত্ৰত ভাল উদাহৰণ ৰাখে, তেতিয়া স্বৰ্গদূতসকলেও উপকৃত হয়। তেওঁলোকৰ বাবেও যিহোৱা ঈশ্বৰৰ ব্যৱস্থাৰ অধীনত থকা অতি প্ৰয়োজন। এইটো এনে এক পৰীক্ষা, যʼত কিছুমান স্বৰ্গদূতে সফল হʼব নোৱাৰিলে। (যিহূদা ৬) স্বৰ্গদূতসকলে হয়তো এনে এজনী ভনীৰ কাৰ্য্যবোৰলৈ লক্ষ্য কৰি থাকে, যিয়ে হয়তো মণ্ডলীৰ এজন বাপ্তিষ্মা লোৱা ভাইতকৈ অধিক অভিজ্ঞ, জ্ঞানী আৰু বুদ্ধিমতী হʼব পাৰে। কিন্তু এই সকলোবোৰ গুণ থকাৰ সত্বেও তাই আনন্দেৰে ভাইজনৰ অধীনত থাকে। কিছুমান ক্ষেত্ৰত সেই ভনী অভিষিক্ত খ্ৰীষ্টান হয় আৰু পাছলৈ তাই খ্ৰীষ্টৰ সহশাসক হিচাপে স্বৰ্গৰপৰা শাসন কৰিব। তেতিয়া তাইৰ স্থান স্বৰ্গদূতকৈয়ো উচ্চ হʼব। বৰ্তমান সময়ত এই ভনীসকলে দেখুৱা অধীনতা স্বৰ্গদূতসকলৰ বাবে কি যে এক উত্তম উদাহৰণ! তেওঁলোকে লাখ লাখ স্বৰ্গদূতৰ আগত নিজৰ ব্যৱহাৰৰ যোগেদি এইটো প্ৰকাশ কৰিব পাৰিব যে তেওঁলোকে যিহোৱা ঈশ্বৰৰ বিশ্বাসী হৈ তেওঁৰ অধীনত আছে আৰু নম্ৰতাৰে তেওঁৰ আজ্ঞা পালন কৰে। সঁচাকৈ, সকলো ভনীৰ বাবে ই কি যে এক মহান সুযোগ!
a এগৰাকী ভনীয়ে তাইৰ বিশ্বাসী স্বামীৰ উপস্থিতিত সাধাৰণতে জুৰকৈ প্ৰাৰ্থনা কৰিব নোৱাৰিব। কিন্তু যদি পৰিস্থিতি অলপ বেলেগ হয় অৰ্থাৎ বেমাৰৰ কাৰণে স্বামীয়ে কথা কʼব নোৱাৰে, তেনেহʼলে তেনে পৰিস্থিতিত স্বামীৰ উপস্থিতিতো পত্নীয়ে জুৰকৈ প্ৰাৰ্থনা কৰিব পাৰিব।
b যদি এগৰাকী ভনীয়ে বাপ্তিষ্মা নোলোৱা কোনো প্ৰচাৰকৰ উপস্থিতিত বাইবেল অধ্যয়ন পৰিচালনা কৰে, যি তাইৰ স্বামী নহয়, তেনেহʼলে ভনীজনীক মূৰত ওৰণি লোৱাৰ প্ৰয়োজন নাই।