ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w21 ফেব্ৰুৱাৰী পৃষ্ঠা ১৪-১৯
  • মণ্ডলীত প্ৰাচীনসকলৰ ভূমিকা কি?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • মণ্ডলীত প্ৰাচীনসকলৰ ভূমিকা কি?
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২১
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • ভনীসকলৰ বিষয়ে আমাৰ কেনে দৃষ্টিভংগী হোৱা উচিত?
  • মণ্ডলীৰ ভাইসকল সকলো ভনীৰ মূৰব্বী হয়নে?
  • পৰিয়ালৰ মূৰব্বী আৰু প্ৰাচীনসকলৰ অধিকাৰৰ মাজত পাৰ্থক্য
  • মণ্ডলীৰ মূৰব্বী যীচুক সন্মান কৰক
  • ‘খ্ৰীষ্ট প্ৰত্যেক পুৰুষৰ মূৰস্বৰূপ’
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২১
  • খ্ৰীষ্টান ভনীসকলক উৎসাহিত কৰক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২০
  • যিহোৱাৰ দৰে হওক, ভনীসকলৰ লগত ভালদৰে ব্যৱহাৰ কৰক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
  • মণ্ডলীৰ সকলোকে সন্মান কৰক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২০
আৰু চাওক
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২১
w21 ফেব্ৰুৱাৰী পৃষ্ঠা ১৪-১৯

অধ্যয়নৰ লেখ ৭

মণ্ডলীত প্ৰাচীনসকলৰ ভূমিকা কি?

‘খ্ৰীষ্ট মণ্ডলীৰ মূৰ আৰু নিজেই শৰীৰৰ ত্ৰাণকৰ্ত্তা।’—ইফি. ৫:২৩.

গীত ১৩৭ বিশ্বাসী তিৰোতা, খ্ৰীষ্টান ভনীসকল

লেখৰ এক আভাসa

১. যিহোৱাৰ পৰিয়ালত কিয় একতা আছে?

আমি যিহোৱাৰ পৰিয়ালৰ সদস্য হোৱাৰ বাবে আনন্দিত। এই পৰিয়ালত শান্তি আৰু একতা আছে। কিন্তু ইয়াৰ কাৰণ কি? এটা কাৰণ হৈছে যিহোৱাই যিসকলক আমাৰ ওপৰত অধিকাৰ দিছে, তেওঁলোকক সন্মান কৰিবলৈ আমি সম্পূৰ্ণৰূপে চেষ্টা কৰোঁ। যিহোৱাই কৰা ব্যৱস্থাক আমি যিমানেই সমৰ্থন কৰিম, সিমানেই আমি একতা বজাই ৰাখিব পাৰিম।

২. এই লেখত আমি কি কি প্ৰশ্নৰ ওপৰত আলোচনা কৰিম?

২ এই লেখত আলোচনা কৰিম যে যিহোৱাই মণ্ডলীত কাক অধিকাৰ দিছে? আমি এই প্ৰশ্নবোৰৰ উত্তৰো জানিম: যিহোৱাই মণ্ডলীত ভনীসকলক কি কাম দিছে? মণ্ডলীৰ ভাইসকল সকলো ভনীৰ মূৰব্বী হয়নে? পৰিয়ালৰ মূৰব্বীৰ যি অধিকাৰ আছে, সেই একে অধিকাৰ মণ্ডলীত প্ৰাচীনসকলৰ আছেনে? প্ৰথমে আহক আমি চাওঁ, ভনীসকলৰ বিষয়ে আমাৰ কেনে দৃষ্টিভংগী হোৱা উচিত।

ভনীসকলৰ বিষয়ে আমাৰ কেনে দৃষ্টিভংগী হোৱা উচিত?

৩. খ্ৰীষ্টান ভনীসকলৰ প্ৰতি আমি নিজৰ কৃতজ্ঞতা কেনেকৈ বঢ়াব পাৰোঁ?

৩ আমাৰ ভনীসকলে নিজৰ পৰিয়ালৰ চোৱা-চিতা কৰিবলৈ, প্ৰচাৰ কৰিবলৈ আৰু মণ্ডলীৰ ভাই-ভনীসকলক সহায় কৰিবলৈ বহুতো পৰিশ্ৰম কৰে। আমি এই ভনীসকলৰ প্ৰতি কৃতজ্ঞ। যদি আমি এই কথাৰ ওপৰত ধ্যান দিওঁ যে যিহোৱা আৰু যীচুৱে এই ভনীসকলৰ প্ৰতি কেনে দৃষ্টিভংগী ৰাখে, তেনেহʼলে ভনীসকলৰ প্ৰতি আমাৰ কৃতজ্ঞতা আৰু বাঢ়িব। আমি পাঁচনি পৌলৰপৰাও শিকিব পাৰোঁ যে ভনীসকলক আমি কেনেদৰে ব্যৱহাৰ কৰা উচিত।

৪. পুৰুষ আৰু তিৰোতাৰ মাজত যিহোৱাই কোনো পাৰ্থক্য নাৰাখে বুলি আমি বাইবেলৰপৰা কেনেকৈ জানিব পাৰোঁ?

৪ বাইবেলৰপৰা জানিব পাৰি যে যিহোৱাই পুৰুষ আৰু তিৰোতাৰ মাজত কোনো পাৰ্থক্য নাৰাখে। বাইবেলত উল্লেখ আছে যে প্ৰথম শতিকাত যিহোৱাই পুৰুষৰ লগতে তিৰোতাসকলকো পবিত্ৰ আত্মা দিছিল। ইয়াৰ বাবে তেওঁলোকে আচৰিত কৰ্ম কৰিব পাৰিলে। যেনে, বেলেগ বেলেগ ভাষা কʼব পাৰিলে। (পাঁচ. ২:১-৪, ১৫-১৮) যিহোৱাই পুৰুষ আৰু তিৰোতাক পবিত্ৰ আত্মাৰে অভিষিক্ত কৰিলে, যাতে তেওঁলোকে যীচুৰ লগত শাসন কৰিব পাৰে। (গালা. ৩:২৬-২৯) তিৰোতাসকলেও পৃথিৱীত অনন্ত জীৱন লাভ কৰিব। (প্ৰকা. ৭:৯, ১০, ১৩-১৫) পুৰুষ আৰু তিৰোতাক প্ৰচাৰ কৰিবলৈ আৰু শিকাবলৈ দায়িত্ব দিয়া হৈছে। (মথি ২৮:১৯, ২০) যদি আমি পাঁচনিৰ কৰ্ম্ম কিতাপখন চাওঁ, তেনহʼলে তাত প্ৰিষ্কিল্লাৰ বিষয়ে উল্লেখ আছে। তাই নিজৰ স্বামী আক্কিল্লাৰ লগত এজন শিক্ষিত ব্যক্তি আপল্লোক সহায় কৰিছিল। তেওঁলোকে আপল্লোক শাস্ত্ৰৰ বিষয়ে ভালদৰে বুজালে।—পাঁচ. ১৮:২৪-২৬.

৫. লূক ১০:৩৮, ৩৯, ৪২ পদৰপৰা কেনেকৈ জানিব পাৰি যে যীচুৱে তিৰোতাসকলক সন্মান কৰিছিল?

৫ যীচুৱে তিৰোতাসকলক সন্মান কৰিছিল। যীচুৰ সময়ত ফৰীচীসকলে তিৰোতাসকলক তুচ্ছ বুলি ভাবিছিল। লোকসকলৰ ওচৰত তেওঁলোকে তিৰোতাসকলৰ লগত কথা নাপাতিছিল আৰু শাস্ত্ৰৰ বিষয়ে তেওঁলোকে তিৰোতাসকলৰ লগত একেবাৰে আলোচনা কৰা নাছিল। কিন্তু যীচু ফৰীচীসকলৰ দৰে নাছিল। তেওঁ শাস্ত্ৰৰ বিষয়ে কেৱল পুৰুষসকলকে নহয়, কিন্তু তিৰোতাসকলকো শিকাইছিল।b (লূক ১০:৩৮, ৩৯, ৪২ পঢ়ক।) যীচুৱে বিভিন্ন ঠাইত প্ৰচাৰ কৰিবলৈ যোৱাৰ সময়ত কিছুমান তিৰোতাও তেওঁৰ লগত আছিল। (লূক ৮:১-৩) যীচুৰ পুনৰুত্থানৰ বিষয়ে নিজৰ শিষ্যসকলক খবৰ দিবলৈ তেওঁ তিৰোতাসকলক সন্মান দিছিল।—যোহ. ২০:১৬-১৮.

৬. পৌলে তিৰোতাসকলক সন্মান কৰিছিল বুলি আমি কেনেকৈ জানিব পাৰোঁ?

৬ তিৰোতাসকলক সন্মান কৰিবলৈ পাঁচনি পৌলে তীমথিয়ক পৰামৰ্শ দিছিল। পৌলে তেওঁক “বৃদ্ধাবিলাকক মাতৃৰ নিচিনাকৈ, আৰু যুৱতীবিলাকক ভনীৰ নিচিনাকৈ” ব্যৱহাৰ কৰিবলৈ কৈছিল। (১ তীম. ৫:১, ২) সঁচাকৈ, সত্যত দৃঢ় হʼবলৈ পৌলে তীমথিয়ক সহায় কৰিছিল। কিন্তু পৌলে স্বীকাৰ কৰিছিল যে ইয়াত তীমথিয়ৰ মাতৃ আৰু আইতাৰো হাত আছে। কিয়নো তেওঁলোকে সৰুৰেপৰা তীমথিয়ক সত্য শিকাইছিল। (২ তীম. ১:৩; ৩:১৪, ১৫) যেতিয়া পৌলে ৰোমৰ মণ্ডলীলৈ চিঠি লিখিছিল, তেতিয়া তেওঁ ভনীসকলৰ নাম লৈ তেওঁলোকক নমস্কাৰ দিছিল। যিহোৱাৰ সেৱাত ভনীসকলে যি পৰিশ্ৰম কৰিছিল, সেইবোৰ পৌলে ধ্যান দিয়াৰ উপৰিও তেওঁলোকক প্ৰশংসাও কৰিছিল।—ৰোম. ১৬:১-৪, ৬, ১২; ফিলি. ৪:৩.

৭. আমি কি কি প্ৰশ্নৰ ওপৰত আলোচনা কৰিম?

৭ আমি জানিলোঁ যে তিৰোতাসকলৰ মৰ্য্যদা পুৰুষসকলতকৈ কম বুলি বাইবেলত কʼতো উল্লেখ নাই। আমাৰ ভনীসকল আমাৰ বাবে এক আশীৰ্বাদ হয়। মণ্ডলীত শান্তি আৰু একতা বজাই ৰাখিবলৈ তেওঁলোকে প্ৰাচীনসকলক সহায় কৰে। কিন্তু কিছুমান প্ৰশ্ন মনলৈ আহে। যেনে, কিছুমান পৰিস্থিতিত ভনীসকলে ওৰণি লোৱাটো যিহোৱাই কিয় বিচাৰে? মণ্ডলীত কেৱল ভাইসকলক প্ৰাচীন আৰু পৰিচাৰক হিচাপে নিযুক্ত কৰা হয়। তেনেহʼলে ইয়াৰ অৰ্থ এয়া নেকি যে মণ্ডলীৰ ভাইসকল সকলো ভনীৰ মূৰব্বী হয়?

মণ্ডলীৰ ভাইসকল সকলো ভনীৰ মূৰব্বী হয়নে?

যীচুৱে নিজৰ স্বৰ্গীয় সিংহাসনত বহি আছে আৰু যিহোৱাৰ উজ্জ্বল ৰশ্মি তেওঁৰ ওপৰত পৰিছে। তেওঁৰ তলত মণ্ডলীত সভা হৈ থকা, পাৰিবাৰিক উপাসনা আৰু এগৰাকী ভনীয়ে বাইবেল অধ্যয়ন কৰা দৃশ্য দেখুৱা হৈছে। এই দৃশ্যবোৰৰ বিষয়ে ৮ আৰু ১১-১৪ অনুচ্ছেদত উল্লেখ কৰা হৈছে।

৮. ইফিচীয়া ৫:২৩ পদৰ অনুসৰি মণ্ডলীৰ ভাইসকল সকলো ভনীৰ মূৰব্বী হয়নে? বুজাওক।

৮ মণ্ডলীৰ ভাইসকল সকলো ভনীৰ মূৰব্বী বুলি কʼব পাৰিনে? নোৱাৰি। কিয়নো তেওঁলোকৰ মূৰব্বী যীচু খ্ৰীষ্ট হয়। (ইফিচীয়া ৫:২৩ পঢ়ক।) পৰিয়ালত স্বামী নিজৰ পত্নীৰ মূৰব্বী হয়। যদি এজন পুত্ৰই বাপ্তিষ্মা লৈছে, তেনেহʼলে তেওঁ নিজৰ মাতৃৰ মূৰব্বী নহয়। (ইফি. ৬:১, ২) মণ্ডলীৰ ভাই-ভনীসকলৰ ওপৰত প্ৰাচীনক কিছুমান অধিকাৰহে দিয়া হৈছে। (১ থিচ. ৫:১২; ইব্ৰী ১৩:১৭) যদি এগৰাকী ভনীৰ বিয়া হোৱা নাই আৰু নিজৰ পিতৃ-মাতৃৰ লগত নাথাকে, তেনেহʼলে তাইৰ মূৰব্বী কোন হয়? যদিও তাই নিজৰ পিতৃ-মাতৃ আৰু প্ৰাচীনসকলক সন্মান কৰে, কিন্তু মণ্ডলীৰ আন ভাইসকলৰ দৰে তাইৰো মূৰব্বী হৈছে যীচু খ্ৰীষ্ট।

এগৰাকী ভনীয়ে বাইবেল অধ্যয়ন কৰিছে।

নিজৰ পিতৃ-মাতৃৰ লগত নথকা ভাই-ভনীসকলৰ মূৰব্বী যীচু খ্ৰীষ্ট হয় (অনুচ্ছেদ ৮ চাওক)

৯. ভনীসকলে কেনে পৰিস্থিতিত ওৰণি লোৱাৰ প্ৰয়োজন?

৯ যিহোৱাই পুৰুষসকলৰ ওপৰত যীচুক মূৰব্বী হিচাপে নিযুক্ত কৰিছে, যাতে মণ্ডলীৰ কাম শৃংখলাবদ্ধভাৱে হয়। ঠিক সেইদৰে, মণ্ডলীৰ চোৱা-চিতা কৰাৰ দায়িত্ব যিহোৱাই সকলোকে দিয়া নাই, কেৱল ভাইসকলকহে দিছে। (১ তীম. ২:১২) এইদৰে মণ্ডলীৰ কাম শৃংখলাবদ্ধভাৱে হয়। কিন্তু কেতিয়াবা কেতিয়াবা ভাইসকলক দিয়া কাম ভনীসকলে কৰিবলগীয়া হʼব পাৰে। সেই কামটো কৰাৰ সময়ত ভনীগৰাকীয়ে মূৰত ওৰণি লোৱাটো যিহোৱাই বিচাৰে।c (১ কৰি. ১১:৪-৭) মূৰত ওৰণি লৈ ভনীগৰাকীয়ে অধিকাৰত থকা ভাইসকলৰ প্ৰতি সন্মান দেখুৱায়। ভনীসকলক অপমান কৰাৰ বাবে যিহোৱাই এই ব্যৱস্থা কৰা নাই। এতিয়া আহক এই প্ৰশ্নটোৰ ওপৰত আলোচনা কৰোঁ, পৰিয়ালৰ মূৰব্বী আৰু প্ৰাচীনসকলক কি অধিকাৰ দিয়া হৈছে?

এগৰাকী ভনীয়ে কেতিয়া মূৰত ওৰণি লোৱা উচিত?

এগৰাকী ভনীয়ে প্ৰচাৰ সমূহৰ সভা পৰিচালনা কৰিছে। তাই বহিছে আৰু মূৰত ওৰণি লৈছে।

এগৰাকী ভনীয়ে কেতিয়া মূৰত ওৰণি লোৱা উচিত? এই বিষয়ে জানিবলৈ তাই তলত দিয়া তিনিটা প্ৰশ্নৰ ওপৰত ধ্যান দিয়া উচিত:

  1. ১. তাইক সকলোৰে আগত প্ৰাৰ্থনা কৰিবলগীয়া হৈছে নেকি বা কোনো বাপ্তিষ্মা লোৱা ভাইৰ উপস্থিতিত বাইবেল অধ্যয়ন কৰিবলগীয়া হৈছে নেকি?—১ কৰি. ১১:৪, ৫.

  2. ২. তাইক এনে কাম কৰিবলগীয়া হৈছে নেকি, যি এজন বাপ্তিষ্মা লোৱা ভায়ে কৰে। কিন্তু এতিয়া তাত কোনো বাপ্তিষ্মা লোৱা ভাই নাই।—১ তীম. ২:১১, ১২; ইব্ৰী ১৩:১৭.

  3. ৩. স্বামীৰ উপস্থিতিত ভনীগৰাকীয়ে আনৰ বাবে জোৰেৰে প্ৰাৰ্থনা কৰিবলগীয়া হৈছে নেকি বা বাইবেলৰপৰা শিকাবলগীয়া হৈছে নেকি?—১ কৰি. ১১:৩.

যদি এই প্ৰশ্নবোৰৰ উত্তৰ “হয়” বুলি কোৱা হয়, তেনেহʼলে এগৰাকী ভনীয়ে মূৰত ওৰণি লোৱা উচিত। কিন্তু যদি ইয়াৰ উত্তৰ “নহয়” বুলি কোৱা হয়, তেনেহʼলে তাইক ওৰণি লোৱাৰ প্ৰয়োজন নাই।e

পৰিয়ালৰ মূৰব্বী আৰু প্ৰাচীনসকলৰ অধিকাৰৰ মাজত পাৰ্থক্য

১০. এজন প্ৰাচীনে হয়তো কি ভাবি মণ্ডলীৰ বাবে নিয়ম বনায়?

১০ প্ৰাচীনসকলে যীচুক প্ৰেম কৰে। তেওঁলোকে সেই ‘মেৰবিলাককো’ প্ৰেম কৰে, যিসকলক চোৱা-চিতা কৰিবলৈ তেওঁলোকক যিহোৱা আৰু যীচুৱে দায়িত্ব দিছে। (যোহ. ২১:১৫-১৭) এজন প্ৰাচীনে নিজৰ মণ্ডলীক ইমানেই প্ৰেম কৰে যে তেওঁ হয়তো এজন পিতৃৰ দৰে নিজৰ ভাই-ভনীসকলক যত্ন লোৱাৰ বিষয়ে চিন্তা কৰে। যিদৰে এজন পৰিয়ালৰ মূৰব্বীয়ে নিজৰ পৰিয়ালক বিপদৰপৰা ৰক্ষা কৰিবলৈ নিয়ম বনায়, ঠিক সেইদৰে প্ৰাচীনজনেও ভাই-ভনীসকলৰ সুৰক্ষাৰ বাবে কিছুমান নিয়ম বনোৱা উচিত বুলি ভাবিব পাৰে। কেতিয়াবা কেতিয়াবা কিছুমান ভাই-ভনীয়ে প্ৰাচীনসকলক তেওঁলোকৰ বাবে নিৰ্ণয় লʼবলৈ কয়। কিন্তু পৰিয়ালৰ মূৰব্বীৰ যি অধিকাৰ আছে, প্ৰাচীনসকলৰো সেই অধিকাৰ আছেনে?

এজন প্ৰাচীনে মণ্ডলীৰ সভাত ভাষণ দিছে।

প্ৰাচীনসকলে যিহোৱাৰ কাষত থাকিবলৈ ভাই-ভনীসকলক সহায় কৰে আৰু তেওঁলোকে নিজৰ আৰু যিহোৱাৰ প্ৰেমৰ আশ্বাস দিয়ে। তেওঁলোকে মণ্ডলীক নৈতিকভাৱেও শুদ্ধ ৰাখে (অনুচ্ছেদ ১১-১২ চাওক)

১১. পৰিয়ালৰ মূৰব্বী আৰু প্ৰাচীনসকলৰ অধিকাৰৰ মাজত কি মিল আছে?

১১ পৌলৰ বাক্যৰপৰা বুজিব পাৰি যে প্ৰাচীন আৰু পৰিয়ালৰ মূৰব্বীৰ অধিকাৰৰ মাজত কিছু পৰিমানে মিল আছে। (১ তীম. ৩:৪, ৫) উদাহৰণস্বৰূপে, পৰিয়ালৰ লোকসকলে নিজৰ মূৰব্বীৰ কথা শুনা আৰু তেওঁৰ অধীনত থকাটো যিহোৱাই বিচাৰে। (কল. ৩:২০) ঠিক সেইদৰে, মণ্ডলীৰ ভাই-ভনীয়ে প্ৰাচীনৰ কথা শুনাটো যিহোৱাই বিচাৰে। পৰিয়ালৰ মূৰব্বীয়ে যিহোৱাৰ লগত এক ভাল সম্পৰ্ক গঢ়ি তুলিবলৈ নিজৰ পৰিয়ালৰ লোকসকলক সহায় কৰে আৰু তেওঁলোকক প্ৰেম কৰোঁ বুলি আশ্বাস দিয়ে। প্ৰাচীনসকলেও মণ্ডলীৰ ভাই-ভনীসকলৰ বাবে এইদৰে কৰে। পৰিয়ালৰ মূৰব্বীৰ দৰে প্ৰাচীনসকলেও সমস্যাৰ সময়ত ভাই-ভনীসকলক সহায় কৰে। (যাকো. ২:১৫-১৭) ইয়াৰ উপৰিও, প্ৰাচীন আৰু পৰিয়ালৰ মূৰব্বীয়ে এই কথাৰ ওপৰত ধ্যান দিয়ে যে তেওঁলোকৰ অধীনত থকা লোকসকলে যাতে ঈশ্বৰৰ মানদণ্ড পালন কৰে। কিন্তু ‘যি লিখা আছে, তেওঁলোকে তাৰ অতিক্ৰম নকৰে।’—১ কৰি. ৪:৬.

এজন ভায়ে পাৰিবাৰিক উপাসনা পৰিচালনা কৰিছে।

পৰিয়ালৰ মূৰব্বীয়ে নিজৰ পৰিয়ালৰ বাবে নিৰ্ণয় লয়। এই অধিকাৰ যিহোৱাই তেওঁক দিছে, কিন্তু নিৰ্ণয় লোৱাৰ আগতে তেওঁ নিজৰ পত্নীৰ লগত আলোচনা কৰে (অনুচ্ছেদ ১৩ চাওক)

১২-১৩. হিতোপদেশ ৬:২০ পদৰ অনুসৰি প্ৰাচীন আৰু পৰিয়ালৰ মূৰব্বীৰ অধিকাৰৰ মাজত কি পাৰ্থক্য আছে?

১২ কিন্তু এজন প্ৰাচীন আৰু পৰিয়ালৰ মূৰব্বীৰ অধিকাৰৰ মাজত পাৰ্থক্যও আছে। উদাহৰণস্বৰূপে, যদি মণ্ডলীত কোনো এজন ব্যক্তিয়ে গম্ভীৰ পাপ কৰে, তেনেহʼলে সেই ক্ষেত্ৰত ন্যায় কৰাৰ দায়িত্ব যিহোৱাই প্ৰাচীনসকলক দিছে, পৰিয়ালৰ মূৰব্বীক নহয়। যদি সেই ব্যক্তিজনে অনুতাপ নকৰে, তেনেহʼলে প্ৰাচীনসকলে তেওঁক মণ্ডলীৰপৰা উলিয়াবও পাৰে।—১ কৰি. ৫:১১-১৩.

১৩ আনহাতে, যিহোৱাই পৰিয়ালৰ মূৰব্বীক এনে কিছুমান দায়িত্ব দিছে, যি প্ৰাচীনসকলক দিয়া নাই। যেনে, পৰিয়ালৰ মূৰব্বীয়ে নিজৰ পৰিয়ালৰ বাবে নিয়ম বনাব পাৰে আৰু এই কথাৰ ওপৰতো ধ্যান দিয়ে যে তেওঁলোকে যাতে সেই নিয়মবোৰ পালন কৰে। (হিতোপদেশ ৬:২০ পঢ়ক।) তেওঁ হয়তো নিজৰ লʼৰা-ছোৱালীৰ বাবে নিয়ম বনায় যে তেওঁলোকে কিমান বজালৈকে ঘৰলৈ উভতি অহা উচিত। যদি লʼৰা-ছোৱালীয়ে তেওঁৰ কথা পালন নকৰে, তেনেহʼলে পৰিয়ালৰ মূৰব্বীয়ে তেওঁলোকক শাস্তি দিয়াৰ সম্পূৰ্ণ অধিকাৰ আছে। (ইফি. ৬:১) এজন ভাল মূৰব্বীয়ে কোনো এটা নিয়ম বনোৱাৰ আগতে নিজৰ পত্নীৰ লগত নিশ্চয় আলোচনা কৰিব। কিয়নো তেওঁলোক “এক-দেহ” হয়।d—মথি ১৯:৬.

মণ্ডলীৰ মূৰব্বী যীচুক সন্মান কৰক

যীচুৱে নিজৰ স্বৰ্গীয় সিংহাসনত বহি আছে আৰু যিহোৱাৰ উজ্জ্বল ৰশ্মি তেওঁৰ ওপৰত পৰিছে।

যীচুৱে যিহোৱাৰ অধীনত থাকি মণ্ডলীবোৰক নিৰ্দেশনা দিয়ে (অনুচ্ছেদ ১৪ চাওক)

১৪. (ক) মাৰ্ক ১০:৪৫ পদৰ অনুসৰি যিহোৱাই মণ্ডলীৰ মূৰব্বী হিচাপে যীচুক কিয় নিযুক্ত কৰিছে? (খ) প্ৰশাসন গোষ্ঠীয়ে কি দায়িত্ব পালন কৰে? (“প্ৰশাসন গোষ্ঠীৰ দায়িত্ব” নামৰ বক্স চাওক।)

১৪ যিহোৱাই মণ্ডলীৰ প্ৰতিজন ব্যক্তিক আৰু গোটেই মানৱজাতিক নিজৰ পুত্ৰৰ তেজৰ মূল্যেৰে কিনি লৈছে। (মাৰ্ক ১০:৪৫ পঢ়ক; পাঁচ. ২০:২৮; ১ কৰি. ১৫:২১, ২২) যীচুৱে আমাক নিজৰ জীৱন বলিদান দিলে। সেইবাবে, যিহোৱাই যীচুক মণ্ডলীৰ মূৰব্বী হিচাপে নিযুক্ত কৰি ভাল কাম কৰিলে। মূৰব্বী হিচাপে যীচুৰ প্ৰতিজন ব্যক্তি, পৰিয়াল আৰু গোটেই মণ্ডলীৰ বাবে নিয়ম বনোৱাৰ অধিকাৰ আছে। সকলোৱে যাতে সেই নিয়মবোৰ পালন কৰে, তাৰ প্ৰতিও তেওঁ ধ্যান দিয়ে। (গালা. ৬:২) কিন্তু যীচুৱে নিয়মবোৰ বনোৱাৰ উপৰিও প্ৰতিজন ব্যক্তিক প্ৰেম কৰে আৰু তেওঁলোকৰ চোৱা-চিতা কৰে।—ইফি. ৫:২৯.

প্ৰশাসন গোষ্ঠীৰ দায়িত্ব

প্ৰশাসন গোষ্ঠীৰ সদস্যসকলে একেলগে সভা কৰিছে।

প্ৰশাসন গোষ্ঠীৰ সদস্যসকল, ভাই-ভনীসকলৰ বিশ্বাসৰ মালিক নহয়। (২ কৰি. ১:২৪) যীচু খ্ৰীষ্ট মণ্ডলীৰ মূৰব্বী হয় বুলি প্ৰশাসন গোষ্ঠীয়ে স্বীকাৰ কৰে। যীচুৱে নিজৰ শিষ্যসকলক কোৱা এই কথাষাৰো তেওঁলোকে স্বীকাৰ কৰে: “তোমালোক সকলো ভাই ভাই।” (মথি ২৩:৮) প্ৰশাসন গোষ্ঠীয়ে নিজৰ ভাই-ভনীসকলক বহুত প্ৰেম কৰে আৰু ভাই-ভনীসকলৰ প্ৰয়োজনীয়তা পূৰ কৰিবলৈ তেওঁলোকে যিমান পাৰে সিমান কৰে। যীচু খ্ৰীষ্টৰ অধীনত থাকি প্ৰশাসন গোষ্ঠীয়ে বিশ্বজুৰি যিহোৱাৰ লোকসকলক সংগঠিত কৰিবলৈ প্ৰয়োজনীয় নিৰ্দেশনা দিয়ে। প্ৰয়োজনীয় নিৰ্দেশনা দিবলৈ তেওঁলোকে শাখা সমিতিৰ সদস্য আৰু চাৰ্কিট ওভাৰচিয়াক নিযুক্ত কৰে। (ইফি. ৪:৭-১৩) আকৌ চাৰ্কিট ওভাৰচিয়াৰে মণ্ডলীৰ প্ৰাচীনসকলক নিযুক্ত কৰে। (পাঁচ. ১৪:২৩; তীত ১:৫) প্ৰশাসন গোষ্ঠীয়ে আন এক গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰে, যেনে যিহোৱাৰ লোকসকলকৰ বাবে আধ্যাত্মিক আহাৰৰ ব্যৱস্থা কৰে আৰু ঈশ্বৰৰ বাক্যৰপৰা নিৰ্দেশনা দিয়ে। প্ৰশাসন গোষ্ঠীয়ে চিঠি, প্ৰকাশন, JW ব্ৰʼডকাষ্টিং, স্কুল, সভা, অধিৱেশন, সন্মিলন আদিৰ যোগেদি আমাক আধ্যাত্মিক আহাৰ দিয়ে। (পাঁচ. ১৫:২২-৩৫) প্ৰশাসন গোষ্ঠীয়ে ভাই-ভনীসকলক বহুত প্ৰেম কৰে। সেইবাবে, প্ৰাকৃতিক দুৰ্যোগ বা কিবা দুৰ্ঘটনা ঘটিলে প্ৰশাসন গোষ্ঠীয়ে শাখা কাৰ্য্যালয়ৰ যোগেদি ভাই-ভনীসকলক প্ৰয়োজনীয় সহায় আগবঢ়ায়।f

১৫-১৬. ভনী মাৰ্লী আৰু ভাই বেঞ্জামিনৰ কথাৰপৰা আপুনি কি শিকিলে?

১৫ যদি ভনীসকলে তেওঁলোকক চোৱা-চিতা কৰিবলৈ অধিকাৰ দিয়া ভাইসকলৰ অধীনত থাকে, তেনেহʼলে তেওঁলোকে যীচুক সন্মান কৰাৰ দৰে হয়। আমেৰিকাৰ মাৰ্লী নামৰ ভনীগৰাকীয়ে এইদৰে কয়, “মই এগৰাকী পত্নী আৰু মণ্ডলীৰ ভনী হিচাপে নিজৰ দায়িত্ব ভালদৰে পালন কৰিবলৈ চেষ্টা কৰোঁ। মই স্বীকাৰ কৰোঁ যে কেতিয়াবা কেতিয়াবা নিজৰ স্বামীক সন্মান কৰা আৰু মণ্ডলীৰ ভাইসকলৰ অধীনত থকাটো মোৰ বাবে কঠিন হয়। কিন্তু মোৰ স্বামী আৰু মণ্ডলীৰ ভাইসকলে যেতিয়া মোৰ লগত সন্মানেৰে ব্যৱহাৰ কৰে, তেতিয়া তেওঁলোকৰ অধীনত থকাটো মোৰ বাবে সহজ হয়।” বেছিভাগ ভনীয়ে এইদৰেই কয়।

১৬ মণ্ডলীৰ ভাইসকলে যেতিয়া ভনীসকলৰ লগত সন্মানেৰে ব্যৱহাৰ কৰে, তেতিয়া যিহোৱাই দিয়া অধিকাৰৰ প্ৰতি তেওঁলোকে সন্মান দেখুৱায়। ইংলেণ্ডৰ বেঞ্জামিন নামৰ ভাইজনে এইদৰে কয়, “সভাত ভনীসকলে ভাল উত্তৰ দিয়ে। প্ৰচাৰ আৰু অধ্যয়ন কেনেকৈ কৰিব লাগে, এই বিষয়ে তেওঁলোকে দিয়া উপায়ৰপৰা মই বহুতো কথা শিকিছোঁ। মই ভাবোঁ মণ্ডলীত তেওঁলোকে যি কৰে, সেয়া অতি গুৰুত্বপূৰ্ণ।”

১৭. অধিকাৰত থকা লোকসকলৰ অধীনত থাকিলে কি লাভ আছে?

১৭ যদি পুৰুষ, তিৰোতা, পৰিয়ালৰ মূৰব্বী আৰু প্ৰাচীনসকলে এই কথা বুজি পায় যে যিহোৱাই তেওঁলোকৰ ওপৰত কাৰোবাক অধিকাৰ দিছে আৰু তেওঁলোকে তেওঁৰ অধীনত থাকে, তেনেহʼলে মণ্ডলীত একতা থাকিব। এই সকলোতকৈ তেওঁলোকে নিজৰ পিতৃ যিহোৱাৰ প্ৰশংসা কৰে।—গীত. ১৫০:৬.

আপুনি কেনেকৈ উত্তৰ দিব?

  • মণ্ডলীৰ ভনীসকলৰ প্ৰতি আমাৰ কেনে দৃষ্টিভংগী হোৱা উচিত?

  • মণ্ডলীৰ ভাইসকল সকলো ভনীৰ মূৰব্বী হয়নে? বুজাওক।

  • পৰিয়ালৰ মূৰব্বী আৰু প্ৰাচীনৰ অধিকাৰৰ মাজত কি পাৰ্থক্য আছে?

গীত ১২৩ ঈশ্বৰৰ সংগঠনৰ নিয়মবোৰ হৃদয়ৰপৰা পালন কৰক

a এই লেখত আমি বাইবেলৰপৰা এই প্ৰশ্নবোৰৰ উত্তৰ চাম: যিহোৱাই মণ্ডলীত ভনীসকলক কি কাম দিছে? মণ্ডলীৰ ভাইসকল সকলো ভনীৰ মূৰব্বী হয়নে? প্ৰাচীন আৰু পৰিয়ালৰ মূৰব্বীসকলক একেধৰণৰ অধিকাৰ দিয়া হৈছেনে?

b চেপ্টেম্বৰ ২০২০ চনৰ প্ৰহৰীদুৰ্গৰ “খ্ৰীষ্টান ভনীসকলক উৎসাহিত কৰক” নামৰ লেখৰ অনুচ্ছেদ ৬ চাওক।

c “এগৰাকী ভনীয়ে কেতিয়া মূৰত ওৰণি লোৱা উচিত?” নামৰ বক্স চাওক।

d আগষ্ট ২০২০ চনৰ প্ৰহৰীদুৰ্গৰ “মণ্ডলীৰ সকলোকে সন্মান কৰক” নামৰ লেখৰ অনুচ্ছেদ ১৭-১৯ চাওক। ইয়াত কোৱা হৈছে যে পৰিয়ালে কোনখন মণ্ডলীলৈ যাব, তাৰ নিৰ্ণয় কোনে লোৱা উচিত।

e ইয়াৰ বিষয়ে বেছিকৈ জানিবলৈ “ঈশ্বৰৰ প্ৰেমত নিজক ৰাখা” কিতাপৰ ২৩৯-২৪২ পৃষ্ঠাত চাওক।

f প্ৰশাসন গোষ্ঠীৰ দায়িত্বৰ বিষয়ে বেছিকৈ জানিবলৈ জুলাই ১৫, ২০১৩ চনৰ প্ৰহৰীদুৰ্গৰ (হিন্দী) ২০-২৫ পৃষ্ঠা চাওক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক